ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২২/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দ্য টাইমছ অৱ ইণ্ডিয়া (ইয়াৰ সংক্ষিপ্ত ৰূপ টয়/TOI নামেৰেও জনাজাত) হৈছে দ্য টাইমছ গ্ৰুপৰ মালিকানাধীন আৰু পৰিচালিত ইংৰাজী ভাষাৰ এখন ভাৰতীয় দৈনিক বাতৰি কাকত আৰু ডিজিটেল সংবাদ মাধ্যম। প্ৰচলনৰ হিচাপত ই ভাৰতৰ তৃতীয় বৃহত্তম কাকত আৰু বিশ্বৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা ইংৰাজী ভাষাৰ দৈনিক কাকত। ই ভাৰতৰ আটাইতকৈ পুৰণি ইংৰাজী ভাষাৰ কাকত, আৰু এতিয়াও প্ৰচলিত দ্বিতীয় পুৰণি ভাৰতীয় কাকত। ইয়াৰ প্ৰথম সংস্কৰণ ১৮৩৮ চনত প্ৰকাশ পাইছিল। ইয়াক "বৰি বন্দৰৰ বৃদ্ধ ভদ্ৰমহিলা" উপনামেৰে জনা যায় আৰু ই এখন ভাৰতীয় "অভিলেখৰ বাতৰি কাকত।"

কুৰি শতিকাৰ আৰম্ভণিৰ ওচৰত ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জনে টাইমছ অৱ ইণ্ডিয়াক "এছিয়াৰ আগশাৰীৰ সংবাদ পত্ৰ" বুলি অভিহিত কৰিছিল। ১৯৯১ চনত বিবিচিয়ে ইয়াক বিশ্বৰ ছখন শ্ৰেষ্ঠ বাতৰি কাকতৰ ভিতৰত স্থান দিয়ে। ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ আধাৰৰ বিষয়ে ইয়াত পঢ়ক...