ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০১৫/সম্পাদকীয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সম্পাদকীয়

২০০২ চনত জন্ম হোৱা অসমীয়া ৱিকিপিডিয়াই বৰ্তমান ত্ৰয়োদশ বৰ্ষত খোজ পেলাইছে৷ অাৰম্ভণিতে অসমীয়া টাইপিং সঁজুলিৰ অসুবিধাবশত: এই প্ৰকল্পৰ গতি কিছু মন্থৰ আছিল যদিও ২০১১ চনৰ পৰা অসমীয়া ৱিকিপিডিয়াত সক্ৰিয়তা বৃদ্ধি পায়৷ আৰম্ভণিৰ পৰা ২০১৪ ৰ আগষ্ট মাহলৈকে অসমীয়া ৱিকিৰ সক্ৰিয় সম্পাদক আৰু প্ৰবন্ধ সংখ্যাৰ বঢ়া-টুটা লক্ষ্য কৰিলে দেখা যায়, যোৱা তিনিবছৰত অসমীয়া ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য তথা প্ৰবন্ধ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে৷ ৱিকিৰ মুঠ প্ৰবন্ধ সংখ্যাই ২০১২ চনৰ ৭ জানুৱাৰীত ১০০০ অতিক্ৰম কৰিবলৈ সক্ষম হয়৷ তাৰে ঠিক দুবছৰ পিছতে ২০১৩ চনৰ ১৩ জানুৱাৰীত এই সংখ্যা ২০০০ আৰু বৰ্তমান ৩০০৬ হৈছেগৈ৷ এইক্ষেত্ৰত ২০১২-১৩ সময়ছোৱা বিশেষভাৱে উল্লেখযোগ্য, যি সময়ত মাহৰ অন্তত সংযোজিত নতুন প্ৰবন্ধৰ সংখ্যা সৰ্বাধিক ২৫০ টা পৰ্যন্ত হৈছিল৷ এই সময়তে সক্ৰিয় সম্পাদকৰ সংখ্যাও সৰ্বাধিক (৩০ জনতকৈ অধিক) আছিল৷ ২০১২ চনৰ পৰা বৰ্তমানলৈকে ৱিকিপিডিয়াৰ পৃষ্ঠা দৰ্শনৰ সংখ্যাও দিনক-দিনে বৃদ্ধি পাইছে, যি সকলোৰে বাবে নিশ্চয় আশাব্যঞ্জক৷

অসমীয়া ৱিকিপিডিয়া সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ অৰ্থে ইতিমধ্যে অসমৰ গুৱাহাটী, তেজপুৰ,শিলচৰ, যোৰহাটকে ধৰি বেংগালুৰুতো ৱিকি কৰ্মশালা তথা ৱিকিমেল অনুষ্ঠিত হৈছে৷ তাৰোপৰি ২০১৪ চনৰ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত ৱিকিমিডিয়াৰ ভৱিষ্যত কৰ্মপন্থা নিৰ্ণায়ক সভাত সক্ৰিয় সম্পাদক বিষ্ণু শইকীয়াই অসমীয়া ৱিকিপিডিয়াক প্ৰতিনিধিত্ব কৰিছে৷ নতুন বছৰটোত অসমীয়া ৱিকিৰ খৰতকীয়া উৎকৰ্ষ সাধনৰ বাবে ন-পুৰণি সকলো সদস্যই সক্ৰিয়ভাৱে অৱদান আগবঢ়াব বুলি আশা ৰাখিলোঁ৷ সকলো ৱিকিপিডিয়ানলৈ নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাইছোঁ৷

-জলি ৰুমী বৰা