ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০১৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জানুৱাৰী ২০১৫ত সৃষ্টি কৰা প্ৰবন্ধসমূহ



পদকৰ তালিকা
পদক
পাওঁতাৰ নাম
ডিচেম্বৰ (২০১৪) মাহৰ ৱিকিপিডিয়ান
হীৰক নয়ন ভূঞা
বিশেষ পদক
ঈশান কাশ্যপ হাজৰিকা
অক্লান্ত কৰ্মী পদক
সুব্ৰত গোস্বামী

উল্লেখনীয় কাম

  • অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১১৮৪ টালৈ বৃদ্ধি পালে।
  • 'প্ৰতিমাৰ খনিকৰ' চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ 'বীণ-বৰাগী' কবিতা পুথিখন অসমীয়া ৱিকিউৎসত উপলব্ধ কৰা হয়৷ অৱদানকাৰী: অনিমেষ বৰা, বিষ্ণু শইকীয়া, জলি বৰা, দিব্য দত্ত, প্ৰভাকৰ শৰ্মা নেওগ আৰু গীতাৰ্থ বৰদলৈ

পৰিসংখ্যা

মিডিয়াৱিকি প্ৰকল্পৰ অন্তৰ্গত সকলো ৱেবচাইটৰ বিভিন্ন পৰিসংখ্যা "ৱিকিমিডিয়া ষ্টেটিষ্টিক্স" ৱেবচাইটত সঞ্চিত কৰি ৰখা হয়। অসমীয়া ৱিকিপিডিয়াৰ পৰিসংখ্যাও ইয়াতে চাব পাৰি। সংশ্লিষ্ট কেইটামান লিংক তলত দিয়া হ'ল।

ভাল প্ৰবন্ধ

মদন মোহন মালৱীয় (ইংৰাজী: Madan Mohan Malaviya; হিন্দী: मदन मोहन मालवीय) (এই শব্দটোৰ বিষয়ে pronunciation (১৮৬১-৪৬) এগৰাকী শিক্ষাবিদ আৰু ভাৰতীয় স্বাধীনতা আন্দোলন আৰু হিন্দু জাতীয়তাবাদৰ উত্থানৰ বাবে বিশিষ্ট্য ভূমিকা লোৱা এগৰাকী ৰাজনৈতিক নেতা আছিল। তেখেতক সন্মানেৰে পণ্ডিত মদনমোহন মালৱীয় আৰু 'মহামনা' বুলি সম্বোধন কৰা হৈছিল। মালবীয়ক কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰাৰ বাবে সৰ্বাধিক স্মৰণ কৰা হয়; যিখন বিশ্ববিদ্যালয় বাৰণসীত ১৯১৬ চনত স্থাপন কৰা হৈছিল। এইখন এচিয়াৰ ভিতৰত সবাতোকৈ ডাঙৰ আৱাসিক বিশ্ববিদ্যালয় আৰু বিশ্বৰ অন্যতম বৃহৎ বিশ্ববিদ্যালয়, য’ত কলা, বিজ্ঞান, অভিযান্ত্ৰিকী আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন বিভাগত ১২০০তকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। মালৱীয় ১৯১৯ৰ পৰা ১৯৩৮লৈ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল।

মালৱীয় ১৯০৯, ১৯১৩, ১৯১৯ আৰু ১৯৩২ত চাৰিবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হয়। ১৯৩৪ চনত তেখেতে কংগ্ৰেছ ত্যাগ কৰে। তেখেত হিন্দু মহাসভাৰ এগৰাকী প্ৰাৰম্ভিক কালৰ নেতা আছিল। মালৱীয় ভাৰত স্কাউট আৰু গাইডৰো প্ৰতিস্থাপক আছিল। তেখেতে এখন অতিকৈ প্ৰভাৱশালী ইংৰাজী বাতৰিকাকত দ্য লিডাৰ প্ৰতিষ্ঠা কৰে। এই কাকতখন ১৯০৯ত এলাহাবাদৰ পৰা প্ৰকাশ হৈছিল। তেখেত ১৯২৪ৰ পৰা ১৯৪১লৈ হিন্দুস্তান টাইমচৰো চেয়াৰমেনৰ দায়িত্বত আছিল। তেখেতৰ প্ৰচেষ্টাতে ১৯৩৬ৰ পৰা এই কাকতখনৰ হিন্দী সংস্কৰণ প্ৰকাশ হৈছিল। তেখেতক ১৫৩তম জন্মদিৱসৰ এদিন আগত, ১৯১৪ৰ ২৪ ডিচেম্বৰ দিনা মৰণোত্তৰভাৱে ভাৰতৰ আটাইতকৈ সন্মানীয় অসমাৰিক বঁটা ভাৰতৰত্নৰে বিভূষিত কৰা হব বুলি ঘোষণা কৰা হয়। বিতংকৈ পঢ়ক...

নিৰ্বাচিত চিত্ৰ

গহপুৰ মহকুমাৰ অন্তৰ্গত এখন মিচিং গাঁৱৰ এটি চাংঘৰ।
গহপুৰ মহকুমাৰ অন্তৰ্গত এখন মিচিং গাঁৱৰ এটি চাংঘৰ।
অসমগহপুৰ মহকুমাৰ অন্তৰ্গত এখন মিচিং গাঁৱৰ এটি চাংঘৰ।
আলোকচিত্ৰশিল্পী: দ্বিজেন মহন্ত

সম্পাদকীয়

২০০২ চনত জন্ম হোৱা অসমীয়া ৱিকিপিডিয়াই বৰ্তমান ত্ৰয়োদশ বৰ্ষত খোজ পেলাইছে৷ অাৰম্ভণিতে অসমীয়া টাইপিং সঁজুলিৰ অসুবিধাবশত: এই প্ৰকল্পৰ গতি কিছু মন্থৰ আছিল যদিও ২০১১ চনৰ পৰা অসমীয়া ৱিকিপিডিয়াত সক্ৰিয়তা বৃদ্ধি পায়৷ আৰম্ভণিৰ পৰা ২০১৪ ৰ আগষ্ট মাহলৈকে অসমীয়া ৱিকিৰ সক্ৰিয় সম্পাদক আৰু প্ৰবন্ধ সংখ্যাৰ বঢ়া-টুটা লক্ষ্য কৰিলে দেখা যায়, যোৱা তিনিবছৰত অসমীয়া ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য তথা প্ৰবন্ধ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে৷ ৱিকিৰ মুঠ প্ৰবন্ধ সংখ্যাই ২০১২ চনৰ ৭ জানুৱাৰীত ১০০০ অতিক্ৰম কৰিবলৈ সক্ষম হয়৷ তাৰে ঠিক দুবছৰ পিছতে ২০১৩ চনৰ ১৩ জানুৱাৰীত এই সংখ্যা ২০০০ আৰু বৰ্তমান ৩০০৬ হৈছেগৈ৷ এইক্ষেত্ৰত ২০১২-১৩ সময়ছোৱা বিশেষভাৱে উল্লেখযোগ্য, যি সময়ত মাহৰ অন্তত সংযোজিত নতুন প্ৰবন্ধৰ সংখ্যা সৰ্বাধিক ২৫০ টা পৰ্যন্ত হৈছিল৷ এই সময়তে সক্ৰিয় সম্পাদকৰ সংখ্যাও সৰ্বাধিক (৩০ জনতকৈ অধিক) আছিল৷ ২০১২ চনৰ পৰা বৰ্তমানলৈকে ৱিকিপিডিয়াৰ পৃষ্ঠা দৰ্শনৰ সংখ্যাও দিনক-দিনে বৃদ্ধি পাইছে, যি সকলোৰে বাবে নিশ্চয় আশাব্যঞ্জক৷

অসমীয়া ৱিকিপিডিয়া সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ অৰ্থে ইতিমধ্যে অসমৰ গুৱাহাটী, তেজপুৰ,শিলচৰ, যোৰহাটকে ধৰি বেংগালুৰুতো ৱিকি কৰ্মশালা তথা ৱিকিমেল অনুষ্ঠিত হৈছে৷ তাৰোপৰি ২০১৪ চনৰ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত ৱিকিমিডিয়াৰ ভৱিষ্যত কৰ্মপন্থা নিৰ্ণায়ক সভাত সক্ৰিয় সম্পাদক বিষ্ণু শইকীয়াই অসমীয়া ৱিকিপিডিয়াক প্ৰতিনিধিত্ব কৰিছে৷ নতুন বছৰটোত অসমীয়া ৱিকিৰ খৰতকীয়া উৎকৰ্ষ সাধনৰ বাবে ন-পুৰণি সকলো সদস্যই সক্ৰিয়ভাৱে অৱদান আগবঢ়াব বুলি আশা ৰাখিলোঁ৷ সকলো ৱিকিপিডিয়ানলৈ নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাইছোঁ৷

-জলি ৰুমী বৰা

সক্ৰিয় সদস্যসকল

এই পৃষ্ঠাখন শেহতীয়াভাৱে ৫ জানুৱাৰী, ২০১৫ তাৰিখে নৱীকৰণ কৰা হৈছে। বিগত মাহত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি উক্ত সংযোগটো পৰীক্ষা কৰিব পাৰে।

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
বিষ্ণু শইকীয়া(প্ৰশাসক) ২২৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰভাকৰ শৰ্মা নেওগ (প্ৰশাসক) ৯২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
হীৰক নয়ন ভূঞা ৬৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ(প্ৰশাসক) ৬০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য ৫৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান কাশ্যপ হাজৰিকা ৫৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
সুব্ৰত গোস্বামী ৫১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ৪৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
উদ্দীপ তালুকদাৰ ৪২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ জলি ৰুমী বৰা ১৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ অনিমেষ বৰা ১৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ বিদ্যুৎ জ্যোতি শৰ্মা ১০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )