ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০১৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা বেনাৰ জুন ২০১৫.jpg

ভাল প্ৰবন্ধ

ShashiKapoor.jpg

শশী কাপুৰৰ ১৯৩৮ চনৰ ১৮ মাৰ্চত জন্ম হয়। জন্মৰ সময়ত তেখেতৰ নাম আছিল বলবীৰ ৰাজ পৃথ্বীৰাজ কাপুৰ। শশী কাপুৰ ভাৰতৰ চলচ্চিত্ৰ সাম্ৰাজ্য বলিউদৰ বিখ্যাত কাপুৰ পৰিয়ালৰ এগৰাকী সদস্য। তেখেত এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক আৰু দাদা চাহেব বঁটা বিজেতা। তেখেতে হিন্দী ছবিৰ উপৰিও ইংৰাজী ছবিতো অভিনয় কৰিছে। তেখেতে বহুকেইখন চলচ্চিত্ৰৰ পৰিচালক আৰু সহকাৰী পৰিচালক আছিল। ২০১১ চনত কলাত্মক চলচ্চিত্ৰলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে তেখেতক ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰে সন্মানিত কৰে। ২০১৫ চনৰ ৯ মে'ৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীয়ে তেখেতক মুম্বাইত ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ২০১৪ চনৰ দাদা চাহেব বঁটা প্ৰদান কৰে। এই বঁটা লাভ কৰা কাপুৰ পৰিয়ালৰ তেখেত তৃতীয় সদস্য। ইয়াৰ আগতে পৃথ্বীৰাজ কাপুৰ আৰু ৰাজ কাপুৰে এই বঁটা লাভ কৰিছিল। (বিতংকৈ পঢ়ক...)

নিৰ্বাচিত চিত্ৰ

মাজুলীৰ আউনিআটী সত্ৰৰ সিংহাসন ভাগৰ আলোকচিত্ৰ।.jpeg
সত্ৰনগৰী মাজুলীৰ বিখ্যাত আউনিআটী সত্ৰৰ সিংহাসন ভাগৰ আলোকচিত্ৰ। সিংহাসন ভাগত সুন্দৰকৈ সজাই থোৱা পিতলৰ শঁৰাই, গছা, ফুল কাপোৰ, বৰবিচনী, ঠপনা, ঠগা, আদি পৰিলক্ষিত হৈছে।

নিতুল বৰা
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...

উল্লেখনীয় কাম

শ্ৰদ্ধাঞ্জলি

  • প্ৰসেন বৰা: ২০১৫ চনৰ ২১ মে' তাৰিখে অসমৰ এগৰাকী প্ৰসিদ্ধ ঢুলীয়া প্ৰসেন বৰাৰ মৃত্যু হয়। তেখেতে অসমৰ উপৰি ভাৰতৰ বিভিন্ন ঠাইৰ আৰু বিদেশৰো বিভিন্ন অনুষ্ঠানত ঢোলবাদন কৰি খ্যাতি লাভ কৰিছিল। বহুকেইখন অসমীয়া শ্ৰব্য এলবামত তেওঁ ঢোলবাদন কৰাৰ লগতে দুখন ভিডিঅ' ছবিতো তেওঁ অভিনয় কৰিছিল। ঢোলৰ উপৰিও তেওঁ খোল, তাল, নাগাৰা আদি থলুৱা বাদ্যযন্ত্ৰ বজোৱাতো তেওঁ পাকৈত আছিল।
    (বিতংকৈ পঢ়ক...)

পদক তালিকা

পদক
পাওঁতাৰ নাম
Barnstar mex gold.pngএই মাহৰ ৱিকিপিডিয়ান
বাবুল বৈশ্য

মে' ২০১৫ত সৃষ্টি কৰা প্ৰবন্ধসমূহৰ তালিকা

ক্ৰমিক নং সদস্য ৱিকিপিডিয়াৰ সম্পাদনা সংখ্যা ৱিকিউৎসৰ সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
মঞ্জিল কোঁৱৰ ৮২ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ (কাৰিকৰী সহায়ক) ৩৭ ১৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য ৪৬ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰভাকৰ শৰ্মা নেওগ (কাৰিকৰী সহায়ক) ৩৩ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশাণ কাশ্যপ হাজৰিকা ২৫ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
উদ্দীপ তালুকদাৰ ২১ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ১৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
হীৰক নয়ন ভূঞা ১৩ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি বৰা (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
New-Bouncywikilogo.gif