ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
নৱম বৰ্ষ | ফেব্ৰুৱাৰী | ২০২০ | দ্বিতীয় সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
তথ্য সম্ভাৰৰ জগতখনত ৱিকিপিডিয়া এটা অতি চিনাকি নাম। বিশ্বৰ প্ৰায় সকলো ভাষাতেই উপলব্ধ এই অনলাইন তথ্য সম্ভাৰৰ ব্যৱহাৰ জ্ঞাতে−অজ্ঞাতে প্ৰায় সকলোৱেই ব্যৱহাৰ কৰে। ময়ো প্ৰথমতে অজানিতে এই জগতখনত ভৰি দিছিলোঁ। যেতিয়া প্ৰথম ম’বাইলত অসমীয়া লিখিবলৈ শিকিলোঁ, এতিয়াও মনত আছে, প্ৰথমেই গুগলত শংকৰদেৱ লিখি সন্ধান কৰিছিলোঁ আৰু আচৰিত হৈছিলোঁ! শংকৰদেৱৰ বিষয়ে সকলো সমলেই উপলব্ধ। তাতেই কীৰ্ত্তনখনো পালো! সেইবোৰ চাই থাকোতেই কেনেবাকৈ সম্পাদনা বুটামত টিপি দিলোঁ, হয়তো কেইটামান আখৰ মোহাৰ খাই গ’ল। ভয় খাই একেৰাহে বেক বুটাম টিপিলোঁ কেইবাবাৰো! পিছত সম্পাদনা বুটাম নিটিপা হলোঁ। তাৰ বহু দিনৰ পিছতহে ৱিকিপিডিয়াৰ প্ৰকৃত পৰিচয় পালোঁ, একাউণ্ট সৃষ্টি কৰিলোঁ, ফটো আপলোড কৰিলোঁ, সম্পাদনা কৰিলোঁ, আৰু বৰ্তমান নিজেই অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত হৈ পৰিলোঁ। ৱিকিউৎসৰ সৈতেও জড়িত হলোঁ।

ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ বৰ সহজ, নিজে জনা কথাটো লিখি গলেই হ’ল। যদি মই লিখা তথ্যৰ কিবা বিসংগতি আছে, আন এজনে তাক শুধৰাই দিব নাইবা নতুন তথ্য যোগ কৰিব, মুঠতে লিখিলেই হ’ল! ময়ো প্ৰথমতে ৱিকিপিডিয়াত লিখিবলৈ সংকোচ কৰিছিলোঁ। লাহে লাহে ৱিকিপিডিয়া সমাজৰ সৈতে জড়িত হোৱাৰ পিছত সাহস বাঢ়িলে। বাংলা নাইবা ইংৰাজীৰ পৰা মই বিভিন্ন প্ৰবন্ধ অনুবাদ কৰিবলৈ ধৰিলোঁ। বহুকেইজন প্ৰবীন ৱিকিমিডিয়ান, বিশেষকৈ গীতাৰ্থ বৰদলৈৰ সহায়ত কাৰিকৰী কথাবোৰো কিছু শিকিলোঁ। এতিয়াও শিকি আছোঁ! শেহতীয়া সালসলনিত নতুন একাউণ্ট সৃষ্টিৰ জাননী পালে বহুত ভাল লাগে! কিন্তু দেখা যায় প্ৰায়বিলাক একাউণ্ট কেৱল সৃষ্টিহে কৰা হয়, একাউণ্টসমূহৰ পৰা বিশেষ বৰঙণি আগবঢ়োৱা দেখা নাযায়।

পূৰ্বৰ তুলনাত বৰ্তমান অসমীয়া ৱিকিপিডিয়া যথেষ্ট সমৃদ্ধিশালী হৈছে। যদিও এই গতি অতি মন্থৰ, তথাপি আশা কৰিছোঁ অনাগত দিনত এই গতি ক্ষীপ্ৰতৰ হওক! শেষত অসমীয়া ৱিকিপিডিয়াৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। জয় আই অসম।। − দিব্য দত্ত (বাৰ্তা) 16:02, 23 January 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
চে গোৱেৰা

আৰ্নেষ্ট' "চে" গোৱেৰা (ইংৰাজী: Ernesto "Che" Guevara; ১৪ জুন ১৯২৮ – ৯ অক্টোবৰ ১৯৬৭) আছিল এজন আৰ্জেণ্টেনীয় মাৰ্ক্সবাদী, বিপ্লৱী, চিকিৎসক, গ্ৰন্থকাৰ, গেৰিলা নেতা, কূটনীতিজ্ঞ, আৰু সামৰিক তত্ত্ববিদ। কিউবাৰ বিপ্লৱৰ এক অগ্ৰগণ্য নেতা।

চিকিৎসা বিভাগৰ ছাত্ৰ হৈ থকা সময়ত গোৱেৰাই সমগ্ৰ দক্ষিণ আমেৰিকা ভ্ৰমণ কৰিছিল আৰু জনতাৰ দৰিদ্ৰতা, ক্ষুধা আৰু যন্ত্ৰণা দেখি অত্যন্ত পীড়িত হৈছিল।

গোৱেৰাই ৰাউল আৰু ফিডেল কাষ্ট্ৰ'ৰ সাক্ষাৎ লভি তেওঁলোকে ২৬ জুলাইৰ আন্দোলনত সহযোগ কৰিছিল আৰু কিউবালৈ গৈ আমেৰিকা-সমৰ্থিত একনায়ত্ববাদী কিউবাৰ শাসক ফালগেনচিঅ' বাটিষ্টাক উৎখাত কৰিবলৈ চেষ্টা কৰিছিল। বিদ্ৰোহৰ কালছোৱাত খুব কম সময়ৰ ভিতৰতে গোৱেৰাৰ উত্থান হৈ সহকাৰী অধিনায়কৰ পদত অধিষ্ঠিত হয় আৰু দুবছৰজোৰা সফল গেৰিলা অভিযানৰ নেতৃত্ব দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উল্লেখ্য যে, এই বিদ্ৰোহৰ অন্তত বাটিষ্টা-সাম্ৰাজ্য সিংহাসনচ্যুত হয়।

বিতংকৈ পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জানুৱাৰী-২০২০ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
  1. এডাম স্মিথ
  2. স্বইচ্ছা
  3. কাৰ্বি ভাষা
  4. চে গোৱেৰা
  5. পাৰপত্ৰ
  6. ইনাৰ লাইন পাৰ্মিট
  7. মানস ৰবীন
  8. ভিছা
  9. ‎চহৰ
  10. অৰণ্য
  11. কল্যাণ অৰ্থনীতিৰ মৌলিক উপপাদ্য
  12. ‎শব্দ (ব্যাকৰণ)
  13. ষ্টেনলি কুবৰিক
  14. ‎টাও টে চিং
  15. ৱালৰাছৰ বিধান
  16. নাশ্ব সাম্যাৱস্থা
  17. ডেকা চাং
  18. মাৰ্চেলিয়ান চাহিদা ফলন
  19. ‎সতী বেউলা (চলচ্চিত্ৰ)
  20. পোৱামক্কা
  21. বগা বাবাৰ মাজাৰ
  22. ভটিমা
  23. আম আদমী পাৰ্টি
  24. নাগিব মাহফুজ
  25. ‎কাৱঁড় যাত্ৰা
  26. আনোৱাৰুদ্দিন চৌধুৰী
  27. বোৱাৰী (চলচ্চিত্ৰ)
  28. সৰাপাত (চলচ্চিত্ৰ)
  29. আমিষ (চলচ্চিত্ৰ)
  30. ‎বিপ্লৱী (চলচ্চিত্ৰ)
  31. সমপ্ৰেমী নাটকৰ তালিকা
  32. হৰিনাৰায়ণ দত্তবৰুৱা
  33. ৰাভা ভাষা
  34. প্ৰেম
  35. ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়
  36. ব্ৰিটিছ
  37. কুমুদেশ্বৰ বৰঠাকুৰ
  38. ভুবনেশ্বৰ বৰুৱা
  39. যৌৱনে আমনি কৰে (চলচ্চিত্ৰ)
  40. দীৰ্ঘেশ্বৰী দেৱালয়
  41. পাৰঘাট (চলচ্চিত্ৰ)
  42. ‎ৰুদ্ৰেশ্বৰ দেৱালয়
  43. মিচিমি জনগোষ্ঠী
  44. মায়'ডিয়া গিৰিপথ
  45. বদন বৰফুকন (চলচ্চিত্ৰ)
  46. খিলঞ্জীয়া লোক
  47. আদিবাসী
  48. দলিত
  49. সাৰথি (চলচ্চিত্ৰ)
  50. ‎যুঁজ (চলচ্চিত্ৰ)
  51. ‎চুতণফা
  52. ৰেলৰ আলিৰ দুবৰি বন
  53. আহমেদাবাদ‎
  54. অথেলো (চলচ্চিত্ৰ)‎
  55. শ্ৰী নিবাস একাডেমী ৰাজগাওঁ
  56. ‎জেৰেমী লালৰিন্নুংগা
  57. ২০২০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা‎
  58. এড'বি ইন্‌ক.
  59. ‎বন্তি শেনচোৱা‎
  60. ‎লটিঘটি
  61. কথানদী
  62. ‎অৰণ্য (চলচ্চিত্ৰ)
  63. লীল বাহাদুৰ চেত্ৰী‎
  64. প্ৰাগ চিনে বঁটা
  65. ‎জুনহেব'ট'‎
  66. ৰাজেশ খৈতান
Camera font awesome.svg
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
Magha Bihu megi 1.jpg
অসমমাঘ বিহুৰ দিনা মেজিত অগ্নিসংযোগ কৰাৰ দৃশ্য৷
আলোকচিত্ৰশিল্পী: ভাস্কৰজ্যোতি ভূঞা
Trophy font awesome.svg
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
Barnstar mex gold.pngএই মাহৰ ৱিকিমিডিয়ান
অম্লান বসুমতাৰী
Emoji u1f42f.svgটাইগাৰ প্ৰবন্ধকাৰ পদক
অজয় দাস, নয়ন জ্যোতি নাথ, আৰু দিব্য দত্ত







উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৬২৬৬ টালৈ বৃদ্ধি পালে।
  • এই মাহৰ পৰা আৰম্ভ হৈছে অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০৷ ইয়াৰ উদেশ্য হৈছে ৱিকিপিডিয়াত লৈংগিক ব্যৱধানৰ উন্নতি কৰা আৰু দক্ষিণ এছিয়াৰ নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰা। সময়সীমা: ১ ফেব্ৰুৱাৰী ২০২০ - ৩১ মাৰ্চ ২০২০
  • ৱিকিকমন্স আৰু অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২২৩ খনলৈ বৃদ্ধি পালে।


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • Instagram logo 2022.svg ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


Bullhorn font awesome.svg ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অম্লান বসুমতাৰী ৫৭৯ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা(চুমু) বড়া - ৪৯৬ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য ১৬৭ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ১৩৪ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অজয় দাস ১০৬ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
Jks01021965 ৭৪ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
Mohsin274 ৭৩ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ ৬১ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি ৰুমী বৰা ৩৪ ৩৮ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ ভাস্কৰজ্যোতি ভূঞা ২২ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।