পাৰপত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
নেডাৰলেণ্ডচৰ সাধাৰণ পাৰপত্ৰ, নেপালৰ কূটনৈতিক পাৰপত্ৰ, পোলেণ্ডৰ সাধাৰণ পাৰপত্ৰ, চীনৰ সেৱা পাৰপত্ৰ

পাৰপত্ৰ বা পাচপোৰ্ট (ইংৰাজী: Passport) হ'ল এক ভ্ৰমণৰ নথি, যিখনক সাধাৰণতে এখন দেশৰ চৰকাৰে ইয়াৰ নাগৰিকসকলৰ বাবে জাৰি কৰে, যাক মূলতঃ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ উদ্দেশ্যে ইয়াৰ ধাৰকজনৰ পৰিচয় আৰু ৰাষ্ট্ৰীয়তা প্ৰমাণ কৰে।[1] সাধাৰণ পাৰপত্ৰত ধাৰকজনৰ নাম, জন্মৰ স্থান আৰু তাৰিখ, ফটোগ্ৰাফ, স্বাক্ষৰ আৰু অন্য প্ৰাসঙ্গিক চিনাক্তকৰণ সম্পৰ্কিয় তথ্য থাকিব পাৰে।

বৰ্তমানে বহুতো দেশে এমবেডেড্ মাইক্ৰোচিপযুক্ত বায়'মেট্ৰিক পাৰপত্ৰ জাৰি কৰা আৰম্ভ কৰিছে বা জাৰি কৰাৰ পৰিকল্পনা কৰিছে, এনেবোৰ পাৰপত্ৰক মেছিনৰ দ্বাৰা পঢ়িব পাৰি আৰু নকল কৰা কঠিন।[1] জানুৱাৰী ২০১৯ পৰ্যন্ত, এনে ই-পাৰপত্ৰ জাৰি কৰা দেশৰ সংখ্যা ১৫০ খনৰো অধিক। পূৰ্বে জাৰি কৰা বিনা-বায়'মেট্ৰিক মেছিন-পঠনযোগ্য পাৰপত্ৰসমূহ সাধাৰণত তাৰ ম্যাদ উকলাৰ তাৰিখলৈ বৈধ থাকিব।

এক বিমানবন্দৰত পাৰপত্ৰ নিয়ন্ত্ৰণ

পাৰপত্ৰৰ ধাৰকজনৰ সাধাৰণতে পাৰপত্ৰ জাৰি কৰা দেশেখনত প্ৰৱেশৰ অধিকাৰ থাকে, যদিও কিছু পাৰপত্ৰৰ ধাৰক সেই দেশখনৰ পূৰ্ণ নাগৰিক নহ'বও পাৰে।

বহুতো দেশ সাধাৰণতে অন্য দেশৰ পাৰপত্ৰধাৰীক প্ৰৱেশৰ অনুমতি দিয়ে, যদিও বহুক্ষেত্ৰত পাৰপত্ৰখনৰ লগতে ভিছা আহৰণ কৰাটো প্ৰয়োজন। কিন্তু এই প্ৰৱেশৰ অধিকাৰ কোনো স্বয়ংক্ৰিয় অধিকাৰ নহয়। অন্যান্য কিছু অতিৰিক্ত চৰ্ত যেনে ধাৰকজন আৰ্থিক বা অন্য কাৰণত ৰাজহুৱা দোষাৰোপী অথবা কোন অপৰাধত দোষী সাব্যস্ত হ'ব নালাগিব।[2] যেতিয়া কোন দেশে অন্য এখন দেশক স্বীকৃতি প্ৰদান নকৰে, বা পৰস্পৰৰ মাজত কোনো বিবাদ চলি থাকে, তেতিয়া সেই দেশখনে তেওঁলোকৰ পাৰপত্ৰধাৰীসকলক সেই আনখন দেশলৈ ভ্ৰমণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে, বা আনখন দেশৰ পাৰপত্ৰধাৰীক নিজৰ দেশত প্ৰৱেশাধিকাৰ নিষিদ্ধ কৰিব পাৰে, নতুবা অন্য দেশৰ পাৰপত্ৰধাৰী, উদাহৰণস্বৰূপ যিসকলে সেই আনখন দেশ ভ্ৰমণ কৰিছে, তেওঁলোকক দেশখনত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে। কিছু ব্যক্তিৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হয় যিয়ে তেওঁলোকক কোনো নিৰ্দিষ্ট দেশত প্ৰৱেশ কৰিব নিদিয়ে।

কিছু দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাই ভ্ৰমণৰ বাবে নথিপত্ৰ জাৰি কৰে যিবোৰ মানক পাৰপত্ৰ নহয়, কিন্তু এনে নথিসমূহক স্বীকৃতি দিয়া দেশলৈ ইয়াৰ ধাৰকে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিব পাৰে। উদাহৰণস্বৰূপ, ৰাষ্ট্ৰবিহীন ব্যক্তিসকলক সাধাৰণতে ৰাষ্ট্ৰীয় পাৰপত্ৰ জাৰি কৰা নহয়, কিন্তু তেওঁলোকে শৰণাৰ্থীৰ ভ্ৰমণৰ নথি বা পূৰ্বতে "নানচেন পাৰপত্ৰ" নামে জনাজত নথি লাভ কৰিব পাৰে যাৰ ফলত তেনে নথি স্বীকৃতি দিয়া দেশলৈ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সক্ষম হয়। তেনেক্ষেত্ৰত কেতিয়াবা তেওঁলোকে ভ্ৰমণৰ পাছত জাৰি কৰা দেশখনলৈ উভতিও যাব পাৰে।

পাৰপত্ৰসমূহ অন্য পৰিস্থিতিত যেনে হোটেলত চেক্‌-ইন কৰাৰ সময়ত বা স্থানীয় মুদ্ৰাত অৰ্থ পৰিবৰ্তন কৰাৰ সময়ত চিনাক্তকৰণ নিশ্চিত কৰিবৰ বাবে ব্যৱহাৰ হ'ব পাৰে।

ভাৰতীয় পাৰপত্ৰ[সম্পাদনা কৰক]

আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ উদ্দেশ্যে ভাৰতীয় নাগৰিকৰ বাবে ভাৰত চৰকাৰৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰণালয়ে ভাৰতীয় পাৰপত্ৰ জাৰি কৰে। ই ইয়াৰ ধাৰকক আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰাত সক্ষম কৰে আৰু পাৰপত্ৰ আইন (১৯৬৭)-ৰ অধিনিয়মত ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ হিচাপে কাম কৰে। বৈদেশীক পৰিক্ৰমা মন্ত্ৰণালয়ৰ কনচুলাৰ, পাৰপত্ৰ আৰু ভিছা বিভাগৰ 'পাচপোৰ্ট সেৱা' নামৰ ইউনিটোৱে ভাৰতৰ কেন্দ্ৰীয় পাৰপত্ৰ সংস্থা হিচাপে কাম কৰে আৰু সকলো যোগ্য ভাৰতীয় নাগৰিকক প্ৰয়োজন অনুসৰি পাৰপত্ৰ প্ৰদান কৰাৰ বাবে দায়বদ্ধ। সমগ্ৰ ভাৰতজুৰি অৱস্থিত ৯৩ টা পাৰপত্ৰৰ কাৰ্যালয় আৰু বিদেশৰ ১৬২ টা ভাৰতীয় কূটনৈতিক মিছনত ভাৰতীয় পাৰপত্ৰ জাৰি কৰা হয়।[3] অসমত ১৯৭৯ চনৰ জুন মাহত গুৱাহাটীত পাৰপত্ৰৰ কাৰ্যালয়ৰ শুভাৰম্ভ কৰা হয়। এই বিভাগৰ ক্ষেত্ৰাধিকাৰ অসমৰ লগতে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ আন ৫ খন ৰাজ্য, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ মুঠ ৯৬ খন জিলালৈকে বিস্তৃত্ব।[4]

২০১৫ চনৰ ভাৰতে প্ৰায় ১.২ কোটি পাৰপত্ৰ জাৰি কৰিছে, যিটো চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে পৃথিৱীৰ ভিতৰতে তৃতীয়।[5] ২০১৫ চনৰ শেষৰ ফাললৈ প্ৰায় ৬.৫ কোটি বৈধ ভাৰতীয় পাৰপত্ৰ আছিল।[5]

ভাৰতীয় পাৰপত্ৰ প্ৰকাৰ[সম্পাদনা কৰক]

ভাৰত চৰকাৰে তিনি প্ৰকাৰৰ পাৰপত্ৰ জাৰি কৰে। প্ৰকাৰ অনুসৰি ভাৰতীয় পাৰপত্ৰৰ বকলাৰ ৰং ভিন্ন হয়।

তিনি প্ৰকাৰৰ ভাৰতীয় পাৰপত্ৰ
  •      সাধাৰণ পাৰপত্ৰ (গাঢ় নীলা বকলা) ভাৰতৰ সাধাৰণ নাগৰিকক সাধাৰণ ভ্ৰমণ, যেনে অৱকাশ, অধ্যয়ন আৰু ব্যৱসায়িক ভ্ৰমণৰৰ বাবে (৩৬ বা ৬০ পৃষ্ঠাৰ) জাৰি কৰা হয়। এয়া "টাইপ পি" পাৰপত্ৰ, যাৰ অৰ্থ পাৰ্চনেল বা ব্যক্তিগত।
  •      বিভাগীয় পাৰপত্ৰ (বগা বকলা) ভাৰত চৰকাৰক চৰকাৰী কামত প্ৰতিনিধিত্বকাৰী ব্যক্তিক জাৰি কৰা হয়। এয়া "টাইপ এচ" পাৰপত্ৰ, যাৰ অৰ্থ চাৰ্ভিচ বা সেৱা।
  •      কূটনৈতিক পাৰপত্ৰ (গাঢ় ৰঙা বকলা) ভাৰতীয় কূটনীতি বিষয়া, শীৰ্ষস্থানীয় চৰকাৰী কৰ্মকৰ্তা আৰু কূটনৈতিক কুৰিয়াৰসকলৰ বাবে জাৰি কৰা হয়। এয়া "টাইপ ডি" পাৰপত্ৰ, যাৰ অৰ্থ ডিপ্লোমেটিক বা কূটনৈতিক।

ইয়াৰোপৰি, ভাৰতৰ কিছু নিৰ্বাচিত পাৰপত্ৰৰ কাৰ্যালয় আৰু বিদেশৰ ১৬২ টা ভাৰতীয় কূটনৈতিক মিছনে পশ্চিমবঙ্গ, উত্তৰ-পূব ভাৰত, তামিলনাডু আৰু পুডুছেৰীৰ নিবাসী ভাৰতীয় নাগৰিকক 'ইণ্ডো-বাংলাদেশ' পাৰপত্ৰ আৰু 'ইণ্ডো-শ্ৰীলংকা' পাৰপত্ৰ জাৰি কৰিব পাৰে। এই দুখন পাৰপত্ৰই যথাক্ৰমে কেৱল বাংলাদেশ আৰু শ্ৰীলংকা ভ্ৰমণৰ অনুমতি দিয়ে আৰু অন্য কোনো বিদেশীৰ ৰাষ্ট্ৰ ভ্ৰমণৰ বাবে বৈধ নহয়। ভাৰতে ২০১৩ চনত ইণ্ডো-বাংলাদেশ পাৰপত্ৰ প্ৰদান বন্ধ কৰে।[6] উল্লেখযোগ্য যে ভাৰতৰ কিছু সুৰক্ষিত অঞ্চলত অভ্যন্তৰীণ ভ্ৰমণৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ কৰ্তৃপক্ষই আন্তঃৰাজ্যিক পাৰপত্ৰ নামৰ এখন নথিও জাৰি কৰে।[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]