সতী বেউলা (চলচ্চিত্ৰ)
এই প্ৰবন্ধটো ১৯৫৪ত মুক্তি পোৱা নিৰ্মিত অসমীয়া চলচ্চিত্ৰখনৰ বিষয়ে। মনসা কাব্যৰ অন্যতম চৰিত্ৰৰ বাবে বেউলা চাওক।
সতী বেউলা | |
---|---|
![]() সতী বেউলা ছবিৰ এটা দৃশ্য | |
পৰিচালক | সুনীল গাঙ্গুলী |
ৰচনা | প্ৰবীন ফুকন |
কাহিনী | পদ্মপুৰাণৰ বেহুলা-লক্ষীন্দৰৰ আখ্যানৰ আধাৰত |
প্ৰযোজক | ৰামনিকলাল প্ৰডাকচন |
অভিনয়ত | ফণী শৰ্মা |
সংগীত পৰিচালক | ভূপেন হাজৰিকা |
মুক্তি |
১৯৫৪ |
দেশ | ভাৰত ![]() |
ভাষা | অসমীয়া |
সতী বেউলা ১৯৫৪ চনত মুক্তি পোৱা[1] দশম অসমীয়া অসমীয়া কথাছবি, পৌৰাণিক কাহিনীৰে নিৰ্মিত প্ৰথম কথাছবি। কলকাতাৰ ৰামনিকলাল প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল সুনীল গাঙ্গুলীয়ে। সতী বেউলা বঙালী আৰু অসমীয়া দুটা ভাষাত নিৰ্মাণ কৰা হৈছিল।[2] বঙালী ছবিখনো ১৯৫৪ চনতে[1] মুক্তি পাইছিল আৰু ইয়াৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল ছবি বিশ্বাসে।[3] সতী বেউলা মূলতঃ বঙালী সংস্কৰণটোৰ অসমীয়া ৰূপান্তৰহে আছিল। সেয়েহে ইয়াৰ পটভূমিও বঙ্গ আছিল।[2]
সতী বেউলাৰ অসমীয়া সংস্কৰণটোৰ সংলাপ লিখিছিল প্ৰবীন ফুকনে। চান্দ সদাগৰৰ ভূমিকাত অভিনয় কৰিছিল ফণী শৰ্মাই।[2]
ছবিখনৰ বিষয়ে অতুলচন্দ্ৰ হাজৰিকাই মঞ্চলেখাত লিখিছে:
"দৰাচলতে কাহিনীটো মূল বঙলা কাহিনীৰ অসমীয়া ৰূপান্তৰহে আছিল। সেই কাৰণে ছবিখনিত বেউলাই নিজৰ ৰূপত অসম জীয়ৰী হৈ আত্মপ্ৰকাশ কৰিবলৈ সুযোগ নাপালে, কামৰূপৰ চান্দো সাওদেও নিজা ৰূপ প্ৰতিপন্ন কৰিব নোৱাৰিলে। কীৰ্তিমান অভিনেতা ফণী শৰ্মায়ো এই ছবিত নিজৰ বৈশিষ্ট্য দেখুৱাব নোৱাৰিলে। অসমীয়া চান্দ সদাগৰ আৰু বেউলাৰ প্ৰকৃত ৰূপত নাট্যকাৰে দাঙি ধৰিব নোৱাৰাৰ বাবেই ছবিখন অসমীয়া ৰাইজৰ বাবে আকৰ্ষণীয় নহ'ল বুলিয়ে ক'ব পাৰি।"
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ 1.0 1.1 "2nd National Film Award Catalogue". Directorate of Film Festivals. December 21, 1955. পৃষ্ঠাসমূহ: 9. https://www.dff.nic.in/Archive.aspx?ID=6। আহৰণ কৰা হৈছে: 6 June 2021.
- ↑ 2.0 2.1 2.2 মঞ্চলেখা, পৃষ্ঠা ৩১১, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭.
- ↑ "SATI BEHULA". https://www.cinestaan.com/movies/sati-behula-35770.
|