আনোৱাৰুদ্দিন চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আনোৱাৰুদ্দিন চৌধুৰী
জন্ম ১৯৫৯
মেঘালয়, ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ পক্ষী বিজ্ঞান, স্তন্যপায়ী বিজ্ঞান
শিক্ষানুষ্ঠান গৌহাটী বিশ্ববিদ্যালয়

আনোৱাৰুদ্দিন চৌধুৰী এগৰাকী ভাৰতীয় প্ৰকৃতিবিদ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণী বিশেষজ্ঞ।[1] তেওঁ এগৰাকী পক্ষীবিদ, স্তন্যপায়ীবিদ, অসামৰিক সেৱা বিষয়া, ফটোগ্ৰাফাৰ আৰু লেখক। তেওঁ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বন্যপ্ৰাণী সমূহৰ অধ্যয়ন কৰাৰ বাবে বিখ্যাত।[1][2][3][4][5][6] তেওঁ উত্তৰ পূব ভাৰতৰ ৰাইন ফাউণ্ডেচনৰ সন্মানীয় মুখ্য কাৰ্যবাহী বিষয়া।[4][6] তেওঁ অসমৰ লখিমপুৰ জিলা আৰু বাক্সা জিলাৰ উপায়ুক্ত আৰু অসম চৰকাৰৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান তেওঁ বৰাক উপত্যকা সংমণ্ডলৰ ডিভিছনেল কমিছনাৰ। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ চৰাইকুলৰ ওপৰত গৱেষণা কৰি পোন প্ৰথমবাৰৰ বাবে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ৰ পক্ষীৰ বিষয়ে গ্ৰন্থ ৰচনা কৰিছিল। তেওঁক অসমৰ পক্ষী মানৱ বুলি অভিহিত কৰা হয়।[7][8][9][10][11][12] তেওঁৰ গৱেষণা আৰু অধ্যয়নে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণীসমূহৰ সংৰক্ষণ আৰু সচেতনতা বৃদ্ধিত সহায়ক হৈছে। তেওঁ বৰ্তমানলৈকে ২৬ খন গ্ৰন্থ ৰচনা কৰিছে আৰু তেওঁৰ ৬৮৬ টা প্ৰবন্ধ আৰু গৱেষণা পত্ৰ প্ৰকাশিত হৈছে।[6]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৫৯ চনত মেঘালয়ত আনোৱাৰুদ্দিন চৌধুৰীৰ জন্ম হৈছিল। তেওঁ গুৱাহাটীৰ বি.বৰুৱা মহাবিদ্যালয়ৰ পৰা ১৯৮১ চনত ভূগোল বিষয়ত সন্মানসহ কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ ১৯৮৫ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ গৌহাটী বিশ্ববিদ্যালয়ৰ পৰায়ে ১৯৮৯ চনত প্ৰাইমেট প্ৰাণীৰ ওপৰত গৱেষণা কৰি পিএইছডি ডিগ্ৰী লাভ কৰিছিল।[3][4] ২০০৮ চনত তেওঁ স্তন্যপায়ী প্ৰাণীৰ ওপৰত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডিএছচি ডিগ্ৰী লাভ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডিএছচি ডিগ্ৰী লাভ তেওঁ দ্বিতীয় গৰাকী ব্যক্তি।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৯৪ চনত তেওঁ বিলকিছ বেগম মজুমদাৰৰ লগত বিবাহ হয়। ১৯৯৭ চনত তেওঁলোকৰ কন্যা ডনাৰ জন্ম হয়। ২০০৫ চনত তেওঁলোকৰ পুত্ৰ ডিন'ৰ জন্ম হয়।

কৰ্মজীৱন[সম্পাদনা কৰক]

সৰুৰে পৰা চৌধুৰীয়ে বন্যপ্ৰাণীৰ সংৰক্ষণৰ প্ৰতি আকৰ্ষিত হৈছিল। ১৯৮৩ চনত তেওঁ অসম অসামৰিক সেৱাৰ বিষয়া হিচাপে নিযুক্ত হয়। পিছলৈ তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱালৈ পদোন্নতি লাভ কৰিছিল। প্ৰশাসনিক বিষয়া হিচাপে তেওঁ বহুতো গুৰুত্বপূৰ্ণ পদবী যেনে কাৰ্যবাহী দণ্ডাধীশ, গৱেষণা বিষয়া, মহকুমাধিপতি, গ্ৰামোন্নয়নৰ প্ৰকল্প নিৰ্দেশক,ঝুম খেতি নিয়ন্ত্ৰণ প্ৰকল্পৰ সহ-ব্যৱস্থাপক, পৰিৱেশ আৰু বন আৰু পৰ্যটন বিভাগৰ যুটীয়া সচিব, চাহৰ নিৰ্দেশক, উপযুক্ত আৰু জিলা দণ্ডাধীশ আৰু সচিব আদিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

আনোৱাৰুদ্দিন চৌধুৰীয়ে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তেওঁক অসমৰ পক্ষী মানৱ বুলি কোৱা হয়। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদক লাভ কৰিছিল। তেওঁৰ অৱদানৰ বাবে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক সমাজে পদক আগবঢ়াইছিল। তেওঁ অৰিয়েণ্টেল বাৰ্ড ক্লাৱৰ ফোৰ্কটেইল-লেইকা এৱাৰ্ড ফৰ মিছেছ হিউমছ পিচেণ্ট ষ্টাডি লাভ কৰিছিল। তেওঁ নাগালেণ্ডত কৰা সংৰক্ষণমূলক কামৰ স্বীকৃতি স্বৰূপে যুক্তৰাজ্যৰ অ'বিচি-উৱাইল্ডউইংছ কনজাৰ্ভেছন বঁটা লাভ কৰিছিল। তেওঁ ইআৰডি ফাউণ্ডেচনৰ পৰিৱেশৰ ক্ষেত্ৰত কমিউনিটি লিডাৰশ্বিপ বঁটা লাভ কৰিছিল। তদুপৰি তেওঁ বালিপাৰা ফাউণ্ডেচনৰ পূৱ হিমালয় সংৰক্ষণ বঁটা আৰু টেলিগ্ৰাফ গ্ৰুপৰ ট্ৰু লেজেণ্ড বঁটা লাভ কৰিছিল।

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 BBC News on sighting of Manipur bush-quail, June 2006
  2. Dictionary of International Biography (1987). "Choudhury, Anwaruddin" International Biographical Centre, Cambridge, UK.
  3. 3.0 3.1 Reference Asia (1991). ""Choudhury, Anwar Uddin". Rifacimento International, New Delhi, India.
  4. 4.0 4.1 4.2 The Sentinel Mélange (2006). "Among the woods (Interview of Anwaruddin Choudhury)". The Sentinel, February 6, 2006. Guwahati, India.
  5. BirdLife International (2006). "Bush-quail makes unexpected reappearance". BirdLife International, Cambridge, UK. http://www.birdlife.org/nes/news/2006/06/manipur.html. Retrieved in 2007.
  6. 6.0 6.1 6.2 Teresa Rehman (2001). "The Jungle file: Away from his desk, a bureaucrat documents the Northeast’s wildlife". The India Today. http://www.indiatoday.com/itoday/20010820/offtrack.shtml Archived 2015-09-24 at the Wayback Machine. Retrieved on 2009-06-09.
  7. Choudhury, Anwaruddin (1990). Checklist of the Birds of Assam. Guwahati: Sofia Pub. p. 72 pages.
  8. Choudhury, Anwaruddin (2000). The Birds of Assam. Guwahati: Gibbon Books & WWF. p. 240 pages . আই.এচ.বি.এন. 81-900866-1-8.
  9. Choudhury, Anwaruddin (2003). A Pocket Guide to the Birds of Nagaland. Guwahati : Gibbon Books & Rhino Foundation. p. 48 pages . আই.এচ.বি.এন. 81-900866-4-2.
  10. Choudhury, Anwaruddin (2006). A Pocket Guide to the Birds of Arunachal Pradesh. Guwahati : Gibbon Books & Rhino Foundation. p. 109 pages . আই.এচ.বি.এন. 81-900866-5-0.
  11. Choudhury, Anwaruddin (2008). A Pocket Guide to the Birds of Mizoram. Guwahati : Gibbon Books & Rhino Foundation. p. 122 pages . আই.এচ.বি.এন. 81-900866-7-7.
  12. A Pocket Guide to the Birds of Meghalaya. Guwahati : Gibbon Books & Rhino Foundation. p. 160 pages . আই.এচ.বি.এন. 978-93-80652-03-0.