মায়'ডিয়া গিৰিপথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মায়'ডিয়া গিৰিপথ
Mayodia pass.jpg
মায়'ডিয়া গিৰিপথত ভাৰত-চীনা সীমান্ত
উচ্চতা ২৬৫৫ মিটাৰ(৮,৭১১ ফুট)
অৱস্থান অৰুণাচল প্ৰদেশ, ভাৰত
পৰ্বতমালা হিমালয়
মায়'ডিয়া গিৰিপথ
মায়'ডিয়া গিৰিপথৰ পৰা তোলা সমুখৰ পাহাৰৰ ছবি
Country  ভাৰত
State অৰুণাচল প্ৰদেশ
District নামনি দিবাং উপত্যকা জিলা
Head Quarter ৰয়িং
সময় অঞ্চল Indian Standard Time (গ্ৰী.মা.স.+5:30)
Postal Index Code (India) ৭৯২১১০
Indian Telephone Prefix ০৩৮০৩
আই এচ অ’ ৩১৬৬ কোড IN-AR

মায়'ডিয়া গিৰিপথ[1] হৈছে অৰুণাচল প্ৰদেশৰ এটা উল্লেখযোগ্য গিৰিপথ আৰু ভাৰত-চীন সীমান্তৰ প্ৰৱেশদ্বাৰ[2]। এই পথটো অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ পৰা প্ৰায় ৫৬ কিলোমিটাৰ নিলগত।[1] এই পথটো সাগৰপৃষ্ঠৰ পৰা প্ৰায় ২,৬৫৫ মিটাৰ(৮,৭১১) উচ্চতাত অৱস্থিত।[1] শীতকালত হোৱা প্ৰবল তুষাৰপাতৰ বাবে মায়'ডিয়ালৈ অনেক পৰ্যটকৰ আগমন ঘটে। ইয়াৰ নিকটৱৰ্তী চহৰ হৈছে ৰয়িং(৫৬ কিঃমিঃ)।[3]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

শুনিবলৈ পোৱা যায়, এই ঠাইৰে বৰফৰ মাজতে মায়া নামৰ এগৰাকী নেপালী ছোৱালী হেৰাই গৈছিল। মায়াক আৰু কাহিনীও বিচাৰি পোৱা নগ'ল। পাহাৰৰ মাজত হেৰাই যোৱা মায়াৰ নাম অনুসৰিয়েই এই ঠাইখণ্ডৰ নাম মায়'ডিয়া ৰখা হ'ল।[2]

তুষাৰপাত[সম্পাদনা কৰক]

বৰফেৰে আবৃত হৈ থকা মায়'ডিয়াৰ পথ

সাধাৰণতে নৱেম্বৰ মাহত আৰম্ভ হোৱা মায়'ডিয়াৰ তুষাৰপাত মাৰ্চ মাহলৈকে বৰ্তি থাকে। প্ৰবল তুষাৰপাত দেখিবলৈ পোৱা যায় জানুৱাৰী-ফেব্ৰুৱাৰী মাহত।[1]

যাতায়াত[সম্পাদনা কৰক]

পৰ্যটকসকলে বাহন ভাড়া কৰি নাইবা অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিবহণৰ বাছেৰে যাত্ৰা কৰি ৰাষ্ট্ৰীয় ঘাঁইপথেৰে মায়'ডিয়ালৈ যাব পাৰে। নিকটৱৰ্তী ৰে'লৱে জংছন হৈছে তিনিচুকীয়া জংছন। আৰু নিকটৱৰ্তী বিমানবন্দৰ হৈছে ডিব্ৰুগড়ত অৱস্থিত।[2][4]

পৰ্যটন[সম্পাদনা কৰক]

মায়'ডিয়া

মায়'ডিয়া গিৰিপথৰ সৌন্দৰ্য সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে লেখত ল'বলগীয়া। বৰফেৰে ঢাক খাই থকা পাহাৰবোৰে গোটেই পৰিৱেশটোকে নৈসৰ্গিক নান্দনিকতাৰে পূৰ্ণ কৰি তোলে। ৰয়িঙৰ পৰা মায়'ডিয়ামুখী পথটোৰ যাত্ৰাই পৰ্যটকসকলক এক অভিযানসদৃশ শিহৰণ আনি দিয়ে। বাটতে অতিক্ৰম কৰা ঘূৰণীয়া বাৰ গোলাই(Twelve-Necked Point)-য়েও যাত্ৰীসকলক মায়'ডিয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত পৰিচয় কৰাই দিয়ে।[5]

অভিযানপ্ৰিয় ব্যক্তিসকলৰ বাবে মায়'ডিয়া এখন ভ্ৰমণ কৰিবলগীয়া ঠাই। অৱশ্যে পৰ্যটকৰ বাবে সকলো জৰুৰীকালীন সুবিধা আৰু যাৱতীয় ব্যৱস্থা এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই। সেয়েহে প্ৰচণ্ড শীতপ্ৰৱাহৰ সময়ত মায়'ডিয়ালৈ গ'লে পৰ্যটকসকলক নিত্য-ব্যৱহাৰ্য সামগ্ৰী লগতে লৈ যাবলৈ পৰামৰ্শ দিয়া হয়। যেনে-খুৱাবস্তু, পানী, প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী আদি। মায়'ডিয়াক এক আদৰ্শ পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ অৰুণাচল চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাই আছে।[2]

চিত্ৰ-ভঁৰাল[সম্পাদনা কৰক]

তুষাৰপাতৰ পাছত গিৰিপথৰ দৃশ্য
গিৰিপথেৰে গৈ থকা অৱস্থাত এখন গাড়ী
মায়'ডিয়াত কেইগৰাকীমান পৰ্যটক

তথ্যসূত্ৰ[সম্পাদনা কৰক]