সদস্য:Jks01021965

অসমীয়া ৱিকিপিডিয়াৰ পৰা

Jks01021965 (talk) 15:56, 21 January 2020 (ইউ.টি.চি.) জয়ন্ত কুমাৰ শৰ্মা, পদাৰ্থবিজ্ঞান বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়, নপাম ৭৮৪০২৮, অসম

Jks01021965 (talk) 15:56, 21 January 2020 (ইউ.টি.চি.) মুখ্যতঃ অসমীয়া ৱিকিপিডিয়াত লিখা হ'ব।

বাওঁকাষে থকা ছবি
বাওঁকাষে থকা ছবি

Jks01021965 (talk) 18:18, 14 February 2020 (ইউ.টি.চি.) কুমুদেশ্বৰ বৰঠাকুৰ আৰু গোলাই ছিৰিজ প্ৰৱন্ধ দুটা মোটামুটি শেষ হ'ল।

Jks01021965 (talk) 18:04, 16 February 2020 (ইউ.টি.চি.) অসমীয়া মণিকূট ই-আলোচনীৰ পৃষ্ঠা সাজিবলৈ আৰম্ভ কৰিছোঁ।


মণিকূট অসমীয়া ভাষাইউনিকোডত প্ৰকাশিত এখন মাহেকীয়া মাল্টিমিডিয়া ই-আলোচনী। ২০১৮ চনৰ ১৫ আগষ্টত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ কৰা হয়। প্ৰথম দুবছৰ আলোচনীখন দুমহীয়া আছিল আৰু প্ৰতি দুমাহৰ মূৰত ১৬ তাৰিখে আলোচনীখন প্ৰকাশ পাইছিল। কিন্তু ২০২০ চনৰ আগষ্ট মাহৰপৰা ইয়াক মাহেকীয়া হিচাপে প্ৰকাশ কৰিবলৈ সিদ্ধান্ত লোৱা হয় আৰু সেই হিচাপে ২০২০ চনৰ ১ আগষ্ট তাৰিখে মাহেকীয়া হিচাপে ইয়াৰ ১ম সংখ্যাটো (৩য় বছৰ ১ম সংখ্যা) প্ৰকাশ পায়। ফেচবুকত মণিকূটৰ এখন নিজৰ পৃষ্ঠা আৰু চাৰিটা নিজৰ গোট আছে। এই আলোচনীখনত গল্প, প্ৰৱন্ধ, কবিতা, উপন্যাসিকা, ৰস ৰচনা, কুইজ, ৰন্ধাবঢ়া, সাক্ষাৎকাৰ, গান, সংগীত, আবৃত্তি ইত্যাদি নানা বিষয় প্ৰকাশ পায়। ইয়াত প্ৰকাশিত লেখাসমূহ ভাষা, সাহিত্য, সংস্কৃতি, বিজ্ঞান, সমাজবিজ্ঞান, শিক্ষা, চিনেমা, খেল-ধেমালি, ৰাজনীতি, অৰ্থনীতি, বাণিজ্য আদি বিভিন্ন বিষয়বস্তুৰ হ'ব পাৰে।

মণিকূট
চিত্ৰ:Monikut1.jpg
মণিকূট
মণিকূটৰ মুখ্যপৃষ্ঠাৰ এটা অংশ
সম্পাদক মৃণাল কুমাৰ মিশ্ৰ
প্ৰকাৰ সাহিত্য, কলা-সংস্কৃতি, বিজ্ঞান সাহিত্য, শিক্ষা, বাতৰি পৰ্য্যালোচনা
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক মণিকূট গোট
প্ৰতিষ্ঠাপক আমি বজেইলা ফেচবুক গোট
প্ৰতিষ্ঠা ২০১৮
প্ৰথম সংখ্যা ১৫ আগষ্ট, ২০১৮
দেশ ভাৰত
ভিত্তি মথুৰানগৰ, দিশপুৰ, গুৱাহাটী-৭৮১০০৬
ভাষা অসমীয়া
ৱেবচাইট monikut.com

মণিকূটৰ বুৰঞ্জী[সম্পাদনা কৰক]

২০১৮ চনৰ জানুৱাৰী মাহত বজালী অঞ্চলৰ কেইজনমান বন্ধুৰ বজালীৰ কথিত ভাষাত কৰা ধেমালিৰ আঁত ধৰি আমি বজেইলা নামৰ এটি ফেচবুক গোট গঢ়ি উঠিছিল। আমি বজেইলাৰ বিভিন্ন কাম চলি থকাৰ মাজতে ২০১৮ চনৰ ৫ মে তাৰিখে এখন ই-আলোচনী প্ৰকাশ কৰাৰ এটা প্ৰস্তাৱ গোটত উত্থাপিত হয়। প্ৰস্তাৱটো বহুতে সমৰ্থন কৰাত আলোচনীখন প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হয়। প্ৰথমে ইয়াৰ নাম ই-বজেইলা দিয়া হৈছিল যদিও বহু আলোচনাৰ অন্তত ইয়াৰ নাম দিয়া হ’ল মণিকূট। ইয়াৰ কাৰণে বিশেষভাৱে কাম কৰা ব্যক্তিসকলৰ ভিতৰত উল্লেখযোগ্য আছিল ড৹জয়ন্ত কুমাৰ শৰ্মা, উৎপল শৰ্মা, মৃণাল কুমাৰ মিশ্ৰ, ড৹ৰিদিপ দেৱ চৌধুৰী, প্ৰাণজিৎ বৰুৱা, নগেন চৌধুৰী, মনোজ কুমাৰ চৌধুৰী আৰু হিৰণজিৎ দাস। প্ৰথমে আলোচনীখন ১ আগষ্টত মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও শেষত আলোচনীখন ২০১৮ চনৰ ১৫ আগষ্ট তাৰিখে ৭২তম স্বাধীনতা দিৱসৰ দিনাহে মুকলি কৰিব পৰা হয়। সেইদিনা চৰকাৰী কাৰ্য্যসূচীৰ লগতে ৰাতিপুৱা ১০ বজাত মণিকূটৰ শুভ উদ্বোধন কৰে বজালীৰ তদানীন্তন মহকুমাধিপতি পি বিজয় ভাস্কৰ ৰেড্ডীয়ে, আৰু লগে লগে monikut.comত সমগ্র পৃথিৱীয়ে ইয়াক চাব পৰা হয়। প্ৰথম দুবছৰ আলোচনীখন দুমহীয়া আছিল আৰু প্ৰতি দুমাহৰ মূৰত ১৬ তাৰিখে আলোচনীখন প্ৰকাশ পাইছিল। দুমহীয়া হোৱাৰ কাৰণে বছৰৰ মুঠ ছয়টা সংখ্যাৰ প্ৰতিটোৱেই একোটা বিশেষ সংখ্যা ৰূপে প্ৰকাশ কৰি অহা হৈছিল আৰু সেই সংখ্যাকেইটাৰ আছিল একাদিক্ৰমে স্বাধীনতা দিৱস সংখ্যা, শাৰদীয় সংখ্যা, নৱবৰ্ষ সংখ্যা, বসন্ত সংখ্যা, ৰঙালী বিহু সংখ্যা আৰু বৰষা সংখ্যা। কিন্তু ২০২০ চনৰ আগষ্ট মাহৰপৰা ইয়াক মাহেকীয়া হিচাপে প্ৰকাশ কৰিবলৈ সিদ্ধান্ত লোৱা হয় আৰু সেই হিচাপে ২০২০ চনৰ ১ আগষ্ট তাৰিখে মাহেকীয়া হিচাপে ইয়াৰ ১ম সংখ্যাটো (৩য় বছৰ ১ম সংখ্যা) প্ৰকাশ পায়।

ফেচবুকত মণিকূটৰ গোট আৰু পৃষ্ঠা[সম্পাদনা কৰক]

কাম কৰাৰ সুবিধাৰ্থে মণিকূটে জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত কেইটামান গোট আৰু পৃষ্ঠা মুকলি কৰিছে। এইকেইটা স্বতন্ত্ৰ যদিও সকলোৱে মণিকূটৰ লগত সম্পৰ্ক ৰাখিহে ইয়াৰ কাম-কাজ পৰিচালনা কৰে। গোটসমূহত প্ৰকাশিত উৎকৃষ্ট লেখাসমূহ মণিকূটত প্ৰকাশৰ বাবে বিবেচনা কৰা হয়।

Monikut.com[সম্পাদনা কৰক]

মণিকূটখন আৰম্ভ হোৱাৰ প্ৰায় লগেলগেই ২০১৮ চনৰ আগষ্ট মাহত ইয়াৰ Monikut.com ফেচবুক পৃষ্ঠাখন মুকলি কৰা হয়। মণিকূটত ইতিমধ্যে প্ৰকাশিত লেখাসমূহৰ লিংক ইয়াত আপলোড কৰা হয়। লগতে ইয়াত ভৱিষ্যতে প্ৰকাশ হ'বলগীয়া প্ৰৱন্ধ-পাতিৰ ঘোষণা বা আন ঘোষণাও পৃষ্ঠাখনত নিয়মিতভাৱে কৰা হয়। ১২০০ জনতকৈও অধিকে বৰ্তমান পৃষ্ঠাখন অনুসৰণ কৰি আছে।

মণিকূট মুকলি মঞ্চ[সম্পাদনা কৰক]

ই-আলোচনী মণিকূটৰ সহায়ক ৰূপে মণিকূট মুকলি মঞ্চ নামেৰে এটা ফেচবুক গোট ২০১৯ চনৰ মাৰ্চ মাহত আৰম্ভ কৰা হৈছিল। অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু ইয়াৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰাই এই গোটৰ লক্ষ্য আৰু উদ্দেশ্য। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা ডিজিটেল মাধ্যমত আগবঢ়াই নিয়াৰ বাবে এই গোটে আৰম্ভণিৰপৰাই প্ৰচেষ্টা হাতত লৈ আহিছে। ইয়াত এতিয়ালৈ বহুখিনি মৌলিক আৰু অনূদিত কবিতা, গল্প, প্ৰৱন্ধ বা আন আলোচনা প্ৰকাশ হোৱাৰ উপৰিও দুই-এখন উপন্যাসিকাও ধাৰাবাহিকভাৱে প্ৰকাশ পাইছে। 'মণিকূট মুকলি মঞ্চৰ বৰ্তমান সদস্য প্ৰায় ১৯০০ জন।

ৰহস্য সাহিত্য[সম্পাদনা কৰক]

অসমীয়া ৰহস্য সাহিত্যৰ ধাৰাটোক জনপ্ৰিয় কৰাৰ এক অভিলাষী লক্ষ্য আগত লৈ জন্ম দিয়া হৈছিল মণিকূটৰ আন এক ফেচবুক গোট ৰহস্য সাহিত্য। ২০১৯ চনৰ জুলাই মাহত আৰম্ভ হোৱা এই গোটটো বৰ্তমানলৈ অসমীয়াত ৰহস্য সাহিত্যৰ একমাত্ৰ ফেচবুক গোট। বহুতো নতুন লিখকৰ ৰহস্য সাহিত্য এই গোটত প্ৰকাশ কৰা হৈছে। এই গোটৰ আন এক উল্লেখযোগ্য অৱদান হৈছে পৃথিৱীৰ বিখ্যাত ৰহস্য সাহিত্যসমূহৰ অসমীয়া অনুবাদ প্ৰকাশ। ইতিমধ্যে কেবাখনো উৎকৃষ্ট ৰচনাৰ অনুবাদ এই গোটত প্ৰকাশ হৈছে আৰু কেইবাখনো ধাৰাবাহিকভাৱে প্ৰকাশ হৈ আছে। ৰহস্য সাহিত্য গোটৰ বৰ্তমান সদস্য প্ৰায় ২৭০০ জন।

প্ৰতিধ্বনি কবিতা মঞ্চ[সম্পাদনা কৰক]

মণিকূটৰ সহায়ক ৰূপে আৰু অকল কবিতা সম্পৰ্কীয় আলোচনাৰ বাবে প্ৰতিধ্বনি কবিতা মঞ্চ নামেৰে আন এটা গোট আৰম্ভ কৰা হয় ২০২০ চনৰ এপ্ৰিল মাহৰপৰা। মূলতঃ কবিতা আৰু আবৃত্তি সম্পৰ্কীয় সকলো দিশ সামৰি, ন-পুৰণি সকলো কবিৰেই নিজৰ নিজৰ সৃষ্টিসমূহক এখন উপযুক্ত মঞ্চ প্ৰদানৰ উদ্দেশ্যে এই গোটৰ জন্ম। প্ৰতিধ্বনি কবিতা মঞ্চৰ বৰ্তমান সদস্য প্ৰায় ১১০০ জন।

বজালী মুকলি মঞ্চ[সম্পাদনা কৰক]

নামনি অসমৰ, বিশেষকৈ বজালী অঞ্চলৰ ভাষা, সাহিত্য, সংস্কৃতি আদি সকলো দিশৰ মুকলি আলোচনা তথা এই অঞ্চলৰ সাহিত্য-সংস্কৃতিৰ বাৰেৰহণীয়া সম্ভাৰসমূহৰ যথোপযুক্ত প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি মণিকূটৰ সহযোগী ৰূপে আন এটা ফেচবুক গোট, বজালী মুকলি মঞ্চৰ আৰম্ভণি কৰা হয় ২০২০ চনৰ জুন মাহত। চালুকীয়া অৱস্থাত থাকিলেও এই গোটে ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বজালী মুকলি মঞ্চৰ বৰ্তমান সদস্য প্ৰায় ৬০০ জন।

মণিকূটৰ লক্ষ্য আৰু উদ্দেশ্য[সম্পাদনা কৰক]

প্ৰধানকৈ ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰাটোৱেই মণিকূটৰ মূল লক্ষ্য আৰু উদ্দেশ্য। বিভিন্ন সামাজিক সংকটত ছপা মাধ্যমে সকলো সময়তে ভিন ভিন সমস্যাৰ সন্মুখীন হৈ আহিছে। এনে অৱস্থাতো যাতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা অব্যাহত থাকে সেইটো নিশ্চিত কৰিবলৈ মণিকূটে প্ৰচেষ্টা চলাব। বিভিন্ন সামাজিক মাধ্যমৰ যোগেদি উৎকৃষ্ট সাহিত্য সৃষ্টি হৈ থকা আমি দেখিছোঁ। তেনেবোৰ সাহিত্যক আনুষ্ঠানিক স্বীকৃতি দিবলৈ আৰু তাক চৰ্চাৰ বাবে এখন মঞ্চ দিবলৈকো মণিকূটে প্ৰচেষ্টা চলাব। পুৰণিচাম সাহিত্য-সংস্কৃতিৰ সেৱকসকলক নতুন ডিজিটেল মাধ্যমৰ প্ৰতি মণিকূটে উৎসাহিত কৰি তুলিব। ইয়াৰ উপৰিও আমাৰ সাহিত্য-সংস্কৃতিৰ উৎকৃষ্ট সম্পদবোৰ ডিজিটেল মাধ্যমত সংৰক্ষণ কৰি ৰখাটো মণিকূটৰ কৰ্তব্য বুলি গণ্য কৰিব।

মণিকূটৰ বিভিন্ন শিতানসমূহ[সম্পাদনা কৰক]

মণিকূটৰ বিভিন্ন শিতানসমূহ হ'লঃ

  • মুখ্যপৃষ্ঠা
  • সম্পাদকীয়
  • কাব্যশিল্প
  • গল্পগুচ্ছ
  • অণুগল্প
  • উপন্যাসিকা
  • প্ৰৱন্ধ বিতান
  • অণুলেখা
  • গ্ৰন্থ পৰিচয়
  • শব্দকোষ
  • বিজ্ঞানপ্ৰভা
  • অসমৰ উদ্ভিদ পৰিচয়
  • সাংস্কৃতিকী
  • কিশোৰ জগত
  • দেওবৰীয়া চ'ৰা
  • কুইজ

মণিকূটৰ পৰিচালনা সমিতি[সম্পাদনা কৰক]

উপদেষ্টাঃ জয়ন্ত কুমাৰ শৰ্মা

সম্পাদকঃ মৃণাল কুমাৰ মিশ্ৰ

সহযোগী সম্পাদকঃ গৌতম চৌধুৰী অচিন্ত শংকৰ

সহকাৰী সম্পাদকঃ অংশুমালা দেৱী

কাৰিকৰী সচিবঃ ৰিদিপ দেৱ চৌধুৰী প্ৰাণজিৎ বৰুৱা

সহযোগী কাৰিকৰী সচিবঃ হিৰণজিৎ দাস

বিজ্ঞাপন সচিবঃ প্ৰাণজিৎ বৰুৱা

মণিকূটলৈ লেখা পঠিওৱাৰ ঠিকনাঃ ই-মেইলঃ monikut.editor@gmail.com হোৱাটছএপঃ ৯৪৩৫০০০২৬৬, ৯৪৩৫৩২৯০০০, ৮০১১০৫১৬৭৬ (মণিকূটৰ পৰিচালনা সমিতিৰ সকলো সদস্য অবৈতনিক।)

ভৱিষ্যতৰ পৰিকল্পনা[সম্পাদনা কৰক]

ভৱিষ্যতে মণিকূটখনত প্ৰতিটো সংখ্যাত অধিক লেখা সংযোগ কৰাৰ প্ৰচেষ্টা চলোৱা হ'ব। লগতে নতুন শিতান--- বিশেষভাৱে চিনেমা আৰু খেলৰ শিতান সংযোগ কৰাৰ পৰিকল্পনা আছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. https://monikut.com/
  2. https://m.facebook.com/groups/178026529624388/?ref=group_browse
  3. বজালীত ৱেব আলোচনী মণিকূট উন্মোচন (বাতৰি), নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট, ২০১৮, গুৱাহাটী
  4. https://m.facebook.com/groups/178026529624388?view=permalink&id=299866994107007
  5. https://m.facebook.com/groups/178026529624388?view=permalink&id=298563770903996
  6. মণিকূটৰ গল্প-প্ৰৱন্ধ প্ৰতিযোগিতা (বিজ্ঞাপন), প্ৰান্তিক, ১-১৫ অক্টোবৰ, ২০১৮, গুৱাহাটী
  7. ই-আলোচনী আৰু কিছু কথা, সত্যজিৎ কাকতি, সত্যজিৎ কাকতিৰ ব্লগ, http://jitsatya.blogspot.com/2015/11/e-alusoni-aru-kisu-klotha.html?m=1

Jks01021965 (talk) 09:35, 12 August 2020 (ইউ.টি.চি.) মণিকূট (ই-আলোচনী)ৰ পৃষ্ঠা সজা শেষ হ'ল।