সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০১৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়ানৰ মনৰ কথা

যোৱা ফেব্ৰুৱাৰী মাহৰ শেহৰ ফালৰ এটা দিন। মই তেতিয়া তেজপুৰৰ জি আই এম টি ৰ ছাত্ৰ। শ্ৰেণীত ফাৰুক আজিজ ছাৰ আহি ক'লে অসমীয়া ৱিকিপিডিয়াৰ এটা কৰ্মশালা হ'ব। অসমীয়া ৱিকিপিডিয়াৰ কাম কৰাৰ কথা বহুত দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু নাজানিছিলোঁ কি দৰে কৰিম, শিকাবলৈও মানুহ নাই।

২৮ ফেব্ৰুৱাৰী,২০১৫। মহাবিদ্যালয়ত অনুষ্ঠিত কৰ্মশালালৈ আগ্ৰহেৰে গ'লোঁ। শ্ৰীযুত বিষ্ণু শইকীয়া ডাঙৰীয়া আৰু শ্ৰীযুত নিতুল বৰা ডাঙৰীয়া আহিল সমল ব্যক্তি হিচাবে। আগ্ৰহবোৰ বাঢ়ি গ'ল। মহাবিদ্যালয়ৰ পৰা গৈ হোষ্টেল পাই ৰ'ব নোৱাৰিলোঁ। অপৰিপক্ক জ্ঞানেৰে আৰম্ভ কৰিলোঁ এটি প্ৰবন্ধ, নকছাৰি। কৰাৰ পাছত নিতুল বৰা ডাঙৰীয়াই শুধৰাই দিলে, শিকাই দিলে কিছুমান কথা। তেনেকৈয়ে আৰম্ভণি। ফে'চবুকৰ নিচা আঁতৰিল, ৱিকিপিডিয়াত নিচা লাগিল। আবেলিৰ কলেজৰ পৰা অহাৰ পাছত শোৱাৰ সময়খিনি লেপটপটো খুলি ৱিকিপিডিয়াৰ কামত লাগোঁ, ৰুমমেটে ভাবে কি হ'ল ইয়াৰ। উধাই-মুধাই যি মনলে আহে তাকে লিখোঁ। ইঞ্জিনিয়াৰিং বিষয়ৰ কিবা কিবিও লিখিব চেষ্টা কৰিলোঁ (অনুবাদ আচলতে)। লগৰখিনিকো আগ্ৰহী কৰিবলৈ চেষ্টা কৰিলোঁ, দুই এজনে লিখিলে। তাৰ মাজতে মাৰ্চ মাহত "প্ৰতিভাবান ন-সম্পাদকৰ পদক" পালো, আৰু আগ্ৰহ বাঢ়িল।

মাজতে পৰীক্ষা আদিৰ কাৰণে কাম কমি গ'ল। তাৰ পিছত আকৌ আৰম্ভ। লগতে আৰু এটা কাম কৰিম বুলি ল'লোঁ, আন দহজনকো ৱিকিপিডিয়ান হিচাপে অনা। দুই এজনক ক'লোঁ, আগ্ৰহ দেখুৱালে। এনেদৰে আগবাঢ়িল এই যুদ্ধ, অসমীয়া ভাষা প্ৰযুক্তিকৰণৰ এই যুদ্ধ। ডাঙৰ সকলে শিকাই গ'ল, কামত আগ্ৰহ বাঢ়ি গ'ল। দিব্য দত্ত দা, মঞ্জিল কোঁৱৰ দা, জলি বা, প্ৰভাকৰ শৰ্মা নেওগ ছাৰ, ফাৰুক ছাৰ আদিয়ে শিকাই গ'ল, অনুপ্ৰেৰণা দিলে, কাম কৰি গ'লোঁ। নিজৰ কামৰ বাবে অসমৰ বাহিৰত থাকিব লগা হ'ল, তথাপি আজৰিত ফে'চবুকৰ সলনি ৱিকিপিডিয়াতহে নিচাটো বাঢ়িল। এই যুঁজ অব্যাহত থাকিল, অন্য এক ভাষা আন্দোলনৰ বাবে।

জয়তু অসমী। জয় আই অসম।

ৰাম কিংকৰ মহন্ত



ছেপ্তেম্বৰ ২০১৫ ত সৃষ্টি কৰা প্ৰবন্ধসমূহ

  1. ‎‎আদি শংকৰ
  2. ‎ৰাধা
  3. ‎‎কহিনুৰ থিয়েটাৰ
  4. ‎মানসিক বিসংগতি
  5. ‎এষ্ট্ৰ'ছেট
  6. মাৰ্ক’ প’ল’
  7. ‎১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ
  8. ‎অন্ধত্ব
  9. ‎অক্ষমতা
  10. আলজেমাৰ ৰোগ
  11. ‎বেদ
  12. ‎আসক্তি
  13. ‎ইণ্ডোনেছিয়া
  14. ‎দন্ত চিকিৎসা
  15. ‎পানী
  16. ‎ইথান'ল
  17. ‎পানীলগা জ্বৰ
  18. ‎মূৰৰ বিষ
  19. ‎মাইগ্ৰেণ
  20. ‎চৌদি আৰৱ
  21. ‎প্ৰতিজৈৱিক
  22. ‎নিউম'নিয়া
  23. ‎‎গ্ৰহাণু
  24. ‎মেচ'পটেমিয়া
  25. ‎১৯৮০ মোৰাদাবাদ সংঘৰ্ষ
  26. ‎অৰ্থনীতি বিজ্ঞান
  27. আৰ্য্যভট্ট (কৃত্ৰিম উপগ্ৰহ)
  28. ‎যৌন সংক্ৰামক ৰোগ
  29. ‎অভিজিত মুখাৰ্জী
  30. শৰ্মিষ্ঠা মুখাৰ্জী
  31. ষ্ট্ৰ'ক
  32. ‎পুৰী
  33. ‎দৈনিক অসম
  34. ‎অনুজ ধৰ
  35. ‎যক্ষ্মা
  36. ‎জীপ কেলেংকাৰী, ভাৰত
  37. ‎নৈৰাজ্যবাদ
  38. ‎ইনফ্লুৱেঞ্জা
  39. ‎প্ৰাচীন ইজিপ্ট
  40. নিয়মীয়া বাৰ্তা‎
  41. ইজিপ্ত
  42. ‎হান ৰাজবংশ
  43. ‎পেনিচিলিন
  44. ‎ব্ৰজাৱলী ভাষা
  45. ‎গুৱাহাটী ৰেল ষ্টেচন
  46. ‎অসম চৰকাৰ
  47. ‎হৰলিক্স
  48. ‎বিচনা
  49. ‎কলম
  50. ‎অপৰাজেয় (চলচ্চিত্ৰ)
  51. স্বাস্থ্য
  52. ‎অপুষ্টি
  53. ‎ঔষধ
  54. ‎ৰোগ
  55. ‎গণতন্ত্ৰ
  56. ‎অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ
  57. ‎হবি
  58. ‎চকী
  59. ‎বৃক্ক
  60. শ্বীনা বৰা হত্যাকাণ্ড
  61. জ’হাৰি ৱিনড’
  62. ‎সৰু আই
  63. ‎মেদবহুলতা
  64. ইবন বটুতা
  65. জিগ্‌শ্ব (শিক্ষণ পদ্ধতি)
  66. ‎বিশাল কৃষ্ণ
  67. ‎ৰোমান সাম্ৰাজ্য
  68. মাংসভোজী উদ্ভিদ
  69. ‎কুকুৰ
  70. ডাইন’চৰ
  71. ‎ভেড়া
  72. ‎‎ঘোঁৰা
  73. ‎‎গাহৰি
  74. ‎সিংহ
  75. ‎কন্যাদান (চলচ্চিত্ৰ)
  76. ‎‎গৰু
  77. ‎‎মেকুৰী
  78. ‎আন্তৰ্জাতিক সাক্ষৰতা দিৱস
  79. ‎‎গোলাঘাট
  80. ‎‎নগাঁও কাগজ কল
  81. ‎‎উট
  82. ‎‎সৰ্বেশ্বৰ চহৰীয়া
  83. ‎শ্বাৰ্ক
  84. ‎‎প্ৰাচীন গ্ৰীচ
  85. ‎নেচাৰ্চ বেকন
  86. ‎‎যন্ত্ৰ শিক্ষণ
  87. ‎‎অসম ক্ৰিকেট দল
  88. ‎‎প্ৰাইমেট
  89. ‎‎টীয়ক
  90. ‎‎ভাৰতীয় দন্ত পৰিষদ
  91. তিমি
  92. ‎মাছ
  93. ‎‎ক্ৰিষ্টোফাৰ কলম্বাছ
  94. ‎‎লৌহ যুগ‎‎
  95. আদেশ শ্ৰীবাস্তৱ
  96. ‎কুকুৰা
  97. ‎‎ভেকুলী
  98. ‎‎‎জন্মাষ্টমী
  99. ‎‎‎খাৰখোৱা
  100. ‎‎‎মকৰা
  101. ‎মহ
  102. ‎‎‎ময়ূখ হাজৰিকা
  103. চিহ্ন লিপি
  104. কৃষ্ণাদেৱৰায়া দন্তচিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
  105. মানুহ
  106. ব্ৰঞ্জ যুগ
  107. মনসা
  108. আলোক-বৰ্ষ

নিৰ্বাচিত প্ৰবন্ধ

ক্ৰিষ্টোফাৰ কলম্বাছৰ এখন প্ৰতিচ্ছবি
ক্ৰিষ্টোফাৰ কলম্বাছৰ এখন প্ৰতিচ্ছবি

ক্ৰিষ্টোফাৰ কলম্বাছ (ইংৰাজী: Christopher Columbus) আছিল এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী৷ তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়৷ যদিও তেখেত আমেৰিকাত উপস্থিত হোৱা প্ৰথমগৰাকী ব্যক্তি নাছিল (একাদশ শতিকাতে লেইফ এৰিকছনে আমেৰিকাত উপস্থিত হৈছিল) তথাপি তেখেতৰ অভিযানে ইউৰোপ আৰু আমেৰিকাৰ মাজত নতুন সংযোগ স্থাপন কৰিছিল, যাৰ ফলত আমেৰিকাত ইউৰোপীয় ঔপনিৱেশবাদৰ নতুন অধ্যায় স্থাপন হৈছিল৷

ইউৰোপীয়সকলে বহুবছৰ ধৰি ঐতিহাসিক ছিল্কৰোডৰ সহায়ত ভাৰতীয় উপমহাদেশ আৰু চীন দেশৰ লগত বেপাৰ বাণিজ্য চলাই আহিছিল৷ কিন্ত ১৪৫৩ চনত তুৰ্কীৰ শাসনকৰ্তাৰ হাতত কনষ্টাণ্টিপলৰ পতন হোৱাত ছিল্কৰোড বহুত কঠিন আৰু ভয়াবহ হৈ পৰে৷ ফলত ইউৰোপীয়সকলে বিকল্প পথৰ সন্ধান কৰিবলৈ বাধ্য হয়৷ কেইবাজনো পতুৰ্গীজে এই ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখে৷ ১৪৮৮ চনত বাৰ্টল’মিউ ডায়াছ নামৰ অনুসন্ধানকাৰীজনে দক্ষিণ আফ্ৰিকাত পদাৰ্পণৰ যোগেদি এই ক্ষেত্ৰত সাফল্য লাভ কৰে৷ সেই সময়তে কলম্বাছেও ১৪৮০ চনৰ পৰাই ভায়েকৰ সৈতে মিলি ভাৰতীয় উপমহাদেশত যোৱাৰ বিকল্প পথৰ সন্ধানত আছিল৷ তেখেতে পশ্চিম দিশেৰে গৈ আটলাণ্টিক মহাসাগৰ অতিক্ৰমি ভাৰতত উপস্থিত হোৱাৰ কথা চিন্তা কৰিছিল।

কলম্বাছে আৰবীয় জ্যোতিৰ্বিদ আফ্ৰাগেনিছৰ তথ্যৰ পৰা শিকিছিল যে অক্ষৰেখা বা দ্ৰাঘিমাৰেখাই এক ডিগ্ৰী ব্যৱধানত ৫৬.৬৭ মাইল অতিক্ৰম কৰে৷ কিন্তু কিল’মিটাৰলৈ পৰিৱৰ্তন কৰোতে তেওঁ ভুল কৰি পেলাইছিল৷ কাৰণ জ্যোতিৰ্বিদ আফ্ৰাগেনিছৰ তথ্যত আৰবীয় পদ্ধতি ব্যৱহাৰ কৰি মাইলৰ হিচাপ দেখুওৱা হৈছিল৷ কিন্তু কলম্বাছে ৰোমান পদ্ধতি ব্যৱহাৰ কৰি মাইলৰ পৰা কিল’মিটাৰলৈ পৰিৱৰ্তন কৰিছিল৷ ৰোমান পদ্ধতিত মাইলৰ হিচাপ আৰবীয় পদ্ধতিতকৈ সৰু৷ এইদৰে কলম্বাছৰ হিচাপত পৃথিৱীৰ পৰিধি ৩০,২০০ কিল’মিটাৰ ওলাইছিল যিটো আছিল প্ৰকৃততে ৪০০০০ কিল’মিটাৰ৷

তদুপৰি কলম্বাছে অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ ক্ষেত্ৰত সেইসময়ত প্ৰচলিত কিছু ভুল ধাৰণাৰ বাবে কেনাৰী দ্বীপৰ পৰা জাপানৰ দূৰত্ব ৩৭০০ কিল’মিটাৰ বুলি ভাবিছিল৷ কিন্তু আধুনিক বিশেষজ্ঞৰ মতে প্ৰকৃত দূৰত্ব ১২,৫০০ কিল’মিটাৰ।

বিতংকৈ পঢ়ক...

নিৰ্বাচিত চিত্ৰ

অসমনগাঁও জিলাৰ পূব-দক্ষিণ দিশত ডবকা-ডিমাপুৰ পথত অৱস্থিত জলপ্ৰপাত আকাশী গংগা

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


উল্লেখনীয় কাম

পদক

পদক
পাওঁতাৰ নাম

প্ৰতিভাবান ন সম্পাদক

কূলদীপ ফুকন

প্ৰতিভাবান ন সম্পাদক

ছাজিৰ আহমেদ
বিশেষ বঁটা
ভাৰ্গৱ বৰঠাকুৰ
বিশেষ বঁটা
বিদ্যুৎ শৰ্মা
ক্ৰমিক নং সদস্য ৱিকিপিডিয়াৰ সম্পাদনা সংখ্যা ৱিকিউৎসৰ সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
দিব্য দত্ত২২০-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ (কাৰিকৰী সহায়ক)২০৬১৫৭(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কূলদীপ ফুকন১৪১-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন (নিয়ৰপৰশ)১৩২-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অংশুমান দত্ত১২০-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য৭১(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি বৰা৫২-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ছাজিৰ আহমেদ৩১-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিপাংকৰ চেতিয়া৩০-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০বিষ্ণু শইকীয়া (কাৰিকৰী সহায়ক)৩০-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১বিদ্যুৎ শৰ্মা২৭-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২হীৰক নয়ন ভূঞা২৭-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩JBDVIJASDVI১৯-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ভাৰ্গৱ বৰঠাকুৰ১৫-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫মঞ্জিল কোঁৱৰ১২-(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )