সমললৈ যাওক

ইবন বটুতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইবন বটুতা

ইজিপ্টত ইবন বটুতা, ১৮৭৮ চনত প্ৰকাশিত জুল ভাৰ্ণ গ্ৰন্থত লিয়ন বেনেটৰ দ্বাৰা অংকিত এখন চিত্ৰ
স্থানীয় নাম أبو عبد الله محمد بن عبد الله اللواتي الطنجي بن بطوطة
জন্ম ২৪ ফেব্ৰুৱাৰী, ১৩০৪
তাঞ্জিয়াৰ, মৰক্কো
মৃত্যু ১৩৬৯ (বয়স ৬৪–৬৫)
মৰক্কো
পেচা ভূগোলবিদ, আইনজ্ঞ (কাজী), অভিযাত্ৰী
ধৰ্ম ইছলাম

ইবন বটুতা (ইংৰাজী: Ibn Battuta) এজন চুন্নী মুছলিম পৰ্যটক, চিন্তাবিদ আৰু ধৰ্মতাত্ত্বিক। তেখেতক সৰ্বকালৰ এজন মহান পৰিব্ৰাজক হিচাপে জনা যায়।[1][2] তেখেত মূলতঃ পৃথিৱী ভ্ৰমণৰ বাবেই বিখ্যাত। একৈশ বছৰ বয়সৰ পৰা আৰম্ভ কৰি জীৱনৰ পৰৱৰ্তী ত্ৰিশ বছৰ ৭৫০০০ মাইল[3] (১২০০০০ কিঃমিঃ) ভ্ৰমণ কৰিছিল। তেৱেই একমাত্ৰ পৰিব্ৰাজক যিয়ে তেওঁৰ সময়ৰ সমগ্ৰ মুছলিম বিশ্ব ভ্ৰমণ কৰিছিল আৰু চুলতান সকলক সাক্ষাৎ কৰিছিল। তেখেতে বৰ্তমানৰ পশ্চিম আফ্ৰিকাৰ পৰা আৰম্ভ কৰি মিচৰ, চৌদি আৰৱ, চিৰিয়া, ইৰাণ, ইৰাক, কাজাখাস্তান, আফগানিস্তান, পাকিস্তান, মালদ্বীপ, ভাৰত, বাংলাদেশ, শ্ৰীলংকা, দক্ষিণ পূব এছিয়া আৰু চীন ভ্ৰমণ কৰিছিল। নিজৰ ভ্ৰমণ সম্পূৰ্ণ কৰি তেখেতে ৰিহলা নামৰ এখন গ্ৰন্থত এই কাহিনীবোৰ লিপিবদ্ধ কৰে।

প্ৰথম জীৱন

[সম্পাদনা কৰক]

ইবন বটুতাই নিজৰ সম্পৰ্কে যিমানখিনি লিখি গৈছে তাৰ পৰা বেছি কথা জনা নাযায়। তেখেতৰ ১৩০৪ চনৰ ২৪ ফেব্ৰুৱাৰীত মৰক্কোৰ তাঞ্জিয়াৰ নামৰ ঠাইত এখন সম্ভ্ৰান্ত মুছলিম পৰিয়ালৰ ঘৰত জন্ম হৈছিল।[4] তেখেতৰ দেউতাক আছিল এজন কাজী। সৰু কালত তেখেতে চুন্নী মালিকি মাধহাৱ (Sunni Maliki Madh’hab) স্কুলত ইছলামিক আইন প্ৰণালী অধ্যয়ন কৰে যি আছিল সেই সময়ৰ শিক্ষাৰ মুখ্য বিষয়।[5] ১৩২৫ চনত ২১ বছৰ বয়সত তেখেতে হজৰ উদ্দেশ্যে মক্কালৈ যাত্ৰা আৰম্ভ কৰিলে। সেই সময়ত মৰক্কোৰ পৰা হজ কৰি ঘূৰি আহোঁতে ১৫ৰ পৰা ১৬ মাহ লাগে যদিও এই মহান পৰিব্ৰাজকজনে অৰ্ধেক পৃথিৱী ভ্ৰমণ কৰি তিনিবাৰ হজ সম্পন্ন কৰি চল্লিশ বছৰৰ মূৰত ঘৰলৈ উভতিছিল।

মক্কালৈ যাত্ৰা

[সম্পাদনা কৰক]

১৩২৫ চনৰ ১৪ জুনত ২১ বছৰ চাৰিমাহ বয়সত ইবন বটুটাই হজ পালনৰ বাবে জন্মভূমি ত্যাগ কৰিলে। উত্তৰ আমেৰিকাৰ উপকূল খোজ কাঢ়ি পাৰ হৈ আব্দ-আল-ওয়াদিদ, হাফছিদ সাম্ৰাজ্য, তিমসান, বিজাইয়া আৰু টিউনিছ অতিক্ৰম কৰি মক্কাত তেখেত উপস্থিত হৈছিল। যাত্ৰা পথত তেওঁ টিউনিছত দুমাহ ৰ’ব লগা হৈছিল।[6] আৰবৰ বেদুইনৰ পৰা নিৰাপদে থাকিবলৈ আৰু অন্যান্য সুৰক্ষাৰ বাবে তেওঁ বিভিন্ন ভ্ৰমণকাৰী গোট (কাৰাভান)ৰ লগত এই পথছোৱা অতিক্ৰম কৰিছিল। ১৩২৫ চনৰ নৱেম্বৰ মাহত উপকূলীয় পথেৰে ছাফিক্স অতিক্ৰম কৰি কাবিছ চহৰত উপস্থিত হ’ল। এই কাবিছ চহৰতে তেওঁ এজন উকীলৰ জীয়েকক বিয়া কৰালে।[7] কিন্তু তাৰ পৰা ত্ৰিপলীলৈ অহাৰ পিছত উকীলৰ লগত তেওঁৰ সম্পৰ্ক বেয়া হোৱাত সেই বিয়া বেছিদিন নিটিকিল। অৱশ্যে ত্ৰিপলীৰ পিছত আন এখন চহৰত তেওঁ নিজৰ এজন ছাত্ৰৰ জীয়েকক বিয়া কৰালে। ১৩২৬ চনৰ ৫ এপ্ৰিলত ইবন বটুটা আলেকজেন্দ্ৰিয়াত উপস্থিত হ’ল। আলেকজেন্দ্ৰিয়াত তেওঁ দুজন ধাৰ্মিক তপস্বীক দেখা কৰিলে। তাৰে এজন তপস্বী শেখ বোৰহানুদ্দিনে ইবন বটুটাক ভৱিষ্যৎবাণী কৰি কলে যে, “মোৰ এনেকুৱা লাগিছে তুমি বিদেশ ভ্ৰমণ পছন্দ কৰা। তুমি ভাৰতত থকা মোৰ ভাই ফৰিদুদ্দিন, সিন্ধু প্ৰদেশৰ ৰুকনুদ্দিন আৰু চীনত থকা বুৰহানুদ্দিনক লগ কৰি মোৰ শুভেচ্ছা জনাবা।” ইয়াৰ আগতে ইবন বটুটাৰ দূৰ দেশ ভ্ৰমণৰ পৰিকল্পনা নাছিল। কিন্তু তপস্বীৰ অনুপ্ৰেৰণাত তেওঁ বিশ্ব ভ্ৰমণৰ কথা বহলকৈ ভাবিলে।[8][9] ইয়াৰ পিছত তেওঁ কাইৰ’ হৈ মক্কা অভিমুখে যাত্ৰা কৰে। কাইৰ’ পাৰ হৈ তেওঁ নীল নদী পাৰ হৈ আইদাব বন্দৰ হৈ মক্কা যোৱাৰ কথা চিন্তা কৰে। কিন্তু বন্দৰৰ ওচৰৰ স্থানীয় অধিবাসী সকলে তেওঁক পুনৰ কাইৰ’লৈ ঘূৰাই পঠিয়ায়। কাইৰ’ত এজন চুফীয়ে ইবন বটুটাক ছিৰিয়া হৈ যাবলৈ উপদেশ দিয়ে। সেইমতে ছিৰিয়াডামাস্কাছ পাৰ হৈ তেওঁ মদিনা অভিমুখী এটা ভ্ৰমণকাৰী গোটত যোগ দিলে। মদিনা পোৱাৰ পিছত চাৰি দিন ৰৈ পুনৰ মক্কা অভিমুখী যাত্ৰা আৰম্ভ হ’ল। মক্কাত হজ পালন কৰাৰ পাছত তেখেতে তাঞ্জিয়াৰলৈ ঘূৰি নগৈ মধ্য এছিয়ালৈ যোৱাৰ সিদ্ধান্ত ললে।

মক্কাত একমাহ কটাই ১৩২৬ চনৰ ১৭ নৱেম্বৰ তাৰিখে আৰব উপসাগৰ পাৰ হৈ ইবন বটুটাই ইৰাকমুখী এটা ভ্ৰমণকাৰী গোটত যোগ দিলে।[10]কিন্তু আদবাটত তেওঁলোকৰ সংগ এৰি টাইগ্ৰিছ নদী পাৰ হৈ বছৰা চহৰলৈ গ’ল। তাৰ পৰা ইস্পাহান চহৰ হৈ ছিৰাজ চহৰলৈ গ’ল। এইবাৰ তেওঁ বাগদাদ অভিমুখে যাত্ৰা কৰিলে আৰু ১৩২৭ চনৰ জুন মাহত বাগদাদত উপস্থিত হ’ল। বাগদাদত তেওঁৰ শেষ মঙ্গোল সম্ৰাট আবু চাইদৰ লগত দেখা হ’ল। তেওঁৰ উপদেশমতে ইবন বটুটাই ৰাজকীয় ভ্ৰমণকাৰী গোটৰ লগত তাৰবিজ চহৰ ভ্ৰমণ কৰি পুনৰ বাগদাদলৈ ঘূৰি আহিল। ইয়াৰ পিছত তেওঁ মছুল (Mosul), মাৰদিন (Mardin), চিজৰা (Cizre) আদি ভ্ৰমণ কৰি পুনৰ আৰবলৈ ঘূৰি আহি দ্বিতীয়বাৰৰ কাৰণে হজ কৰিলে আৰু তাতেই তিনি বছৰ কটালে।[11]

হজৰ পিছত ১৩২৮ বা ১৩৩০ চনত (বিতৰ্কিত) ইবন বটুটাই লোহিত সাগৰৰ উপকূলৰ জেদ্দাহ বন্দৰলৈ যাত্ৰা কৰিলে। তাৰ পৰা এখন সৰু নাঁৱত উঠি য়েমেনলৈ আহিল। য়েমেনৰ তাইজ্জ (Ta`izz) চহৰত য়েমেনৰ চুলতান মুজাহিদ নূৰ আল-দিন আলীক লগ কৰি তাতেই চাৰিদিন কটালে। ১৩২৯ৰ পৰা ১৩৩১ চনৰ ভিতৰৰ কোনো এটা সময়ত তেওঁ তাইজ্জৰ পৰা আহি এডেন বন্দৰত উপস্থিত হ’ল।[12]

ছোমালিয়া আৰু স্বাহিলি

[সম্পাদনা কৰক]

এডেন বন্দৰৰ পৰা জাহাজত চাৰিদিন যাত্ৰা কৰি ইবন বটুতা ছোমালিয়াৰ জেইলা (Zeila) চহৰত উপস্থিত হ’ল। তাৰ পৰা পোন্ধৰ দিনৰ যাত্ৰাৰ অন্তত মোগাদিছু (Mogadishu) চহৰ পালে। তেওঁৰ বৰ্ণনা মতে মোগাদিছু আছিল সেই সময়ৰ ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰ। তাৰ পৰা উচ্চমানৰ কাপোৰ মিছৰ, ছিৰিয়া আদিলৈ ৰপ্তানি হৈছিল।[13] মোগাদিছুৰ সেই সময়ৰ চুলতান আছিল আবু বকৰ।[14][15] চলতানৰ আতিথ্যত চাৰিদিন কটাই ইবন বটুতা স্বাহিলি চহৰলৈ ৰাওনা হ’ল। স্বাহিলি ভ্ৰমণৰ মূল কাৰণ আছিল কিলৱা চহৰ প্ৰদৰ্শন কৰা যিখন চহৰক তেওঁ অত্যন্ত সুন্দৰ চহৰ হিচাপে আখ্যা দিছিল। সেই অঞ্চলটোত ভাল জাঁতৰ ঘোঁৰা পোৱা গৈছিল। তাৰ পৰা প্ৰশিক্ষিত ঘোঁৰা ভাৰতলৈ ৰপ্তানি হৈছিল। ১৩৩০ চনত তেখেতে ওমান আৰু হৰমুজ প্ৰণালী পাৰ হৈ পুনৰ হজ পালনৰ বাবে মক্কালৈ ৰাওনা হয়।

মধ্য এছিয়া

[সম্পাদনা কৰক]

মক্কাত আৰু এবছৰ কটাই ইবন বটুটাই ভাৰতৰ সম্ৰাট মহম্মদ বিন টোঘলকৰ অধীনত চাকৰি কৰাৰ সিদ্ধান্ত লয়। ১৩৩০ (বা ১৩৩২) চনত তেওঁ ভাৰতলৈ যোৱাৰ স্থলপথ বিচাৰি আনাতোলিয়ালৈ গ’ল।[16] তেওঁ লোহিত সাগৰ আৰু পূব মৰুভূমি পাৰ হৈ নীল (Nile) উপত্যকাত উপস্থিত হ’ল। আৰু তাৰ পৰা কাইৰ’ৰ উত্তৰ পিনে যাত্ৰা কৰিলে। এইদৰে তেওঁ চিনাই উপদ্বীপ অতিক্ৰমি পেলেষ্টাইন আৰু পুনৰ উত্তৰে গতি কৰিলে। তাৰ পিছত ছিৰিয়াৰ লাতাকিয়া (Latakia) বন্দৰৰ পৰা জাহাজত উঠি আলান্যালৈ (আধুনিক তুৰস্কৰ দক্ষিণে) আৰু পিছত আন্তাল্যা (Antalya)লৈ গ’ল। আনাতোলিয়াত পোৱা আতিথ্যি তেওঁক মুগ্ধ কৰিছিল।

ইবন বটুতাই ইয়াৰ পিছত মিলাছ (Milus), কোন্যা (Konya), আৰ্জুৰাম (Erzuram), বিৰ্গি (Birgi) আদি ঠাই ভ্ৰমণ কৰিলে। এইক্ষেত্ৰত তেওঁ দিয়া বৰ্ণনাৰ লগত আধুনিক ইতিহাসবিদৰ মতভেদ দেখা যায়।

চিনোপ পাৰ হৈ আজভ (Azov) নামৰ চহৰখনত ইবন বটুতাই খানসকলৰ আমিৰক লগ কৰিলে। তাৰ পৰা ধনী আৰু বৃহৎ চহৰ মাজাৰ (Majar)লৈ গ’ল। তাৰ পিছত বেস্তউ (Beshtau) পৰ্বতৰ ওচৰত থকা আমিৰ উজবেক খানক তেওঁৰ ভ্ৰাম্যমাণ আদালতত লগ পোৱাৰ আশাৰে মাজাৰ ত্যাগ কৰিলে। উজবেক খানক লগ কৰি বোলঘাৰ নামৰ চহৰখন ভ্ৰমণ কৰিলে আৰু পিছত আমিৰ উজবেক খানৰ ভ্ৰাম্যমাণ আদালতৰ লগত অস্ত্ৰাখান (Astrakhan) চহৰলৈ ঘূৰি আহিল। সেই সময়ত উজবেক খানৰ তৃতীয় পত্নী বায়ালুন () আছিল ৰোমান সম্ৰাট আন্দ্ৰোনিকাছ তৃতীয়ৰ জীয়েক। সেই সময়ত বায়ালুন অন্তঃসত্ত্বা আছিল আৰু নিজৰ পিতৃগৃহত সন্তান প্ৰসৱ কৰাব বিচাৰিছিল। উজবেক খানৰ আদেশত ইবন বটুতাই বায়ালুনৰ লগত কনষ্টাণ্টিপ’ললৈ গ’ল। এইয়াই আছিল তেখেতৰ ইছলামিক সাম্ৰাজ্যৰ বাহিৰত প্ৰথম পদাৰ্পণ। Dunn 2005, pp. 169–171তাতে একমাহ থাকি তেওঁ পুনৰ অস্ত্ৰাখানলৈ ঘূৰি গ’ল। তাৰ পিছত ৰাজধানী চাৰাই-আল-জাডিদত উপস্থিত হৈ উজবেক খানক ভ্ৰমণ বৃত্তান্ত বিৱৰি ক’লে

ভাৰতবৰ্ষ

[সম্পাদনা কৰক]

চাৰাই-আল-জাডিদৰ পৰা তিনিমাহ যাত্ৰা কৰি হিন্দুকুশ পাৰ হৈ ইবন বটুতা গজনীত উপস্থিত হ’ল। যাত্ৰাৰ মাজত তেওঁ চমৰখণ্ডতো কেইদিনমানৰ বাবে থাকি আহিছিল। ১৩৩৩ চনৰ ১২ ছেপ্তেম্বৰত তেওঁ পঞ্জাবত উপস্থিত হ’ল। তেতিয়া দিল্লীৰ চুলতান আছিল মহম্মদ বিন টোঘলক। সেই সময়ত বাহিৰৰ পৰা অহা বিদেশী ভ্ৰমণকাৰীক চুলতানৰ অনুমতি নোপোৱালৈকে ভাৰতত সোমাবলৈ দিয়া হোৱা নাছিল। ইবন বটুতাইয়ো চুলতানৰ অনুমতিৰ বাবে অপেক্ষা কৰিবলগীয়া হ’ল।

কিছুদিন পিছত চুলতানৰ অনুমতি লাভ কৰি তেওঁ ভাৰতত প্ৰৱেশ কৰিলে। চুলতানে তেওঁক কাজী হিচাপে নিয়োগ কৰিলে।[17] লগত দুখন সৰু গাওঁ প্ৰদান কৰিলে যাতে তাৰ পৰা পোৱা ৰাজহেৰে তেওঁ নিজৰ খৰচ চলাব পাৰে। কিন্তু ভাৰতত ইছলামিক প্ৰভাৱ কম হোৱা হেতুকে তেওঁ কঠোৰ ইছলামিক আইন প্ৰৱৰ্তন কৰিব নোৱাৰিলে।[18] তেওঁ হান্সি চহৰ ভ্ৰমণ কৰি সুন্দৰ, সুগঠিত আৰু জনবহুল চহৰ বুলি বৰ্ণনা কৰি গৈছে। তেওঁ লগতে কৈছিল যে চহৰখনৰ কেউপিনে শক্তিশালী দেৱালেৰে আৱৰা। তেওঁ সিন্ধু নদীৰ পাৰৰ এটা খড়্গৰ গড়ৰ কথাও লিখি গৈছে।[19]

কিন্তু ইবন বটুতাই চৰকাৰী ধনেৰে বিলাসী জীৱন যাপন কৰাটো চুলতানৰ চকুত ধৰা পৰে। ইবন বটুতাইয়ো চুলতানে তেওঁক সন্দেহ কৰা বুলি জানি ভাৰত এৰি যোৱাৰ কথা চিন্তা কৰিলে। অৱশেষত ভাৰতত সাত বছৰ কটোৱাৰ পিছত চুলতানে তেওঁক চীনৰ মংগোল সম্ৰাট মহম্মদ ইবন টোঘলকৰ ওচৰলৈ দূত হিচাপে প্ৰেৰণ কৰিব বিচাৰিলে। চুলতানে তেওঁৰ ভ্ৰমণৰ বাবে দুখন জাহাজ, কৰ্মচাৰী আৰু ক্ৰীতদাসৰ ব্যৱস্থা কৰি দিলে।

কিন্তু ভাৰত পাৰ হোৱাৰ আগতেই প্ৰথমে ডকাইতৰ হাতত আৰু পিছত সাগৰীয় ঢৌৰ দ্বাৰা আক্ৰান্ত হৈ নিজৰ বস্তুবাহানিৰ লগতে চুলতানে চীনলৈ পঠিওৱা উপঢৌকন সমূহো হেৰুৱালে। উপায়বিহীন হৈ তেওঁ দক্ষিণ ভাৰতৰ কিছু অংশৰ শাসনকৰ্তা জামাল-উদ-দিনৰ নিৰাপত্তাত কিছুদিন কটাই মালদ্বীপলৈ ৰাওনা হ’ল।

মালদ্বীপ

[সম্পাদনা কৰক]

ইবন বটুতা অলপ দিনৰ বাবে মালদ্বীপলৈ অহা পৰিকল্পনা কৰিছিল। যদিও তেওঁ তাতে নমাহ কটালে। মালদ্বীপ এটা সময়ত বৌদ্ধধৰ্ম অধ্যুষিত এলেকা আছিল আৰু বহুতো মানুহ নতুনকৈ ইছলামলৈ ধৰ্মান্তৰিত হৈছিল। সেইবাবে তাতে দক্ষ কাজী নাছিল। গতিকে তেওঁক কাজী হিচাপে নিযুক্তি দিয়া হয়। মালদ্বীপত তেওঁ চাৰিবাৰ বিয়া কৰাইছিল আৰু এখন বিয়া ৰাজপৰিয়ালৰ লগত হৈছিল।[20] তেওঁ বৰ্ণনা কৰা মতে তাৰে মানুহ বিলাকে খালী ভৰিৰে খোজ কাঢ়ে। ছোৱালীবোৰ নিম্নাংশত এডোখৰ সৰু কাপোৰ থাকে আৰু ঊৰ্ধাংশ অনাবৃত হৈ থাকে। ইয়াৰ বিৰুদ্ধে তেওঁ অভিযোগ আনিছিল যদিও কোনেও তেওঁৰ কথা কাণসাৰ কৰা নাছিল।[21]

ইয়াৰ পিছত তেওঁ জাহাজত উঠি শ্ৰীলংকালৈ আহিল।

শ্ৰীলংকা

[সম্পাদনা কৰক]

শ্ৰীলংকাত তেওঁ শ্ৰীপাদ আৰু তেনাৱৰম (Tenavaram) মন্দিৰ দৰ্শন কৰিলে। মাদুৰাই উপকূল পোৱাৰ সময়ত সাগৰৰ ঢৌত জাহাজ প্ৰায় ডুবি গৈছিল। এদল হিন্দুৱে তেওঁক উদ্ধাৰ কৰি চুলতানৰ ওচৰলৈ যোৱাৰ সুবিধা কৰি দিলে। চুলতান গিয়াছ-উদ-দীন আছিল ভাৰতৰ চুলতানৰ দ্বাৰা নিয়োজিত মাদুৰাইৰ সাময়িক গৱৰ্ণৰ।[22] চুলতানক দেখা কৰি তেওঁ চীনত যাবৰ বাবে এখন বাণিজ্য জাহাজত উঠি তিৰাল্লিশ দিনৰ যাত্ৰাৰ অন্তত বাংলাদেশৰ চট্টগামত উপস্থিত হ’ল।

বাংলাদেশ

[সম্পাদনা কৰক]

ইবন বটুতাৰ বৰ্ণনামতে বাংলাদেশত সেই সময়ত বস্তু বাহানিৰ দাম খুব কম আছিল। এক দিৰহামত আঠটা মুৰ্গী বা পোন্ধৰটা পাৰ চৰাই, দুই দিৰহামত এটা ভেড়া, আৰু এক স্বৰ্ণমুদ্ৰাৰো কম দামত দাস-দাসী পোৱা গৈছিল। বাংলাদেশত অহাৰ মূল উদ্দেশ্য আছিল মহান শ্বেখ জালাল-উদ-দীন বা শ্বাহ জালালৰ লগত দেখা কৰে। বাংলাদেশত উপস্থিত হৈ তেওঁ দুজন শ্বাহ জালালৰ শিষ্যক লগ পালে। তেওঁলোকৰ সহযোগত ইবন বটুতাই শ্বাহ জালালক সাক্ষাৎ কৰিলে। শ্বাহ জালালে তেওঁক এটা ছাগলীৰ ছালৰ চোলা উপহাৰ দিলে। ইবন বটুতাৰ বৰ্ণনামতে শ্বাহ জালাল এটা পাহাৰৰ গুহাত বাস কৰে আৰু গাখীৰ-মাখনৰ বাবে ছাগলী পোহে। তেওঁৰ সহযোগীবোৰ সুঠাম দেহৰ অধিকাৰী আছিল। ইয়াৰ পিছত ইবন বটুতাই আৰু উত্তৰে গৈ অসমত উপস্থিত হ’ল আৰু যাত্ৰা অব্যাহত ৰাখিলে।

১৩৪৫ চনত ইবন বটুতাই সুমাত্ৰালৈ ৰাওনা হ’ল। তাতে চুলতান আল-মালিক আজ জাহিৰৰ আতিথ্যত প্ৰায় দুই সপ্তাহ পিছত চুলতানে চীনত যাবলৈ প্ৰয়োজনীয় সা-সৰঞ্জামৰ সৈতে এখন সৰু চীনা জাহাজৰ ব্যৱস্থা কৰি দিলে।[23] এইদৰে চল্লিশ দিনৰ যাত্ৰাৰ অন্তত সেই একে বছৰতে বৰ্তমান চীনৰ ফুজিয়ান প্ৰদেশৰ কুঁৱানঝৌ (Quanzhou) বন্দৰত উপস্থিত হ’ল।[24] সেই চহৰত তেওঁক কাজী শ্বেখ আল-ইছলামৰ লগতে আন মুছলিম ব্যৱসায়ীৰ নেতা সকলে ঢোলে ডগৰে সম্ভাষণ জনালে। কুঁৱানঝৌ চহৰৰ বাসিন্দাসকল মানুহৰ প্ৰতিকৃতি অংকন কৰাত পাৰ্গত আছিল। চহৰলৈ কোনোবা নতুন মানুহ আহিলে তেওঁৰ প্ৰতিকৃতি অংকন কৰি কেউপিনে আঁৰি দিয়া হৈছিল। যাতে তেওঁ কোনো অপকৰ্ম কৰি পলাই যাব নোৱাৰে। ইয়াৰ পিছত তেওঁ চীনৰ বেইজিং, গ্ৰাণ্ড কেনেল (Grand Canal), য়াজুজ (Yajuj), মাজুজ (majuj) আদি থাই ভ্ৰমণ কৰিলে। চীনত তেওঁ শামস-উদ-দীন নামেৰে পৰিচিত হৈছিল।

স্বদেশলৈ প্ৰত্যাৱৰ্তন আৰু ক’লাজ্বৰ

[সম্পাদনা কৰক]

১৩৪৬ চনত ইবন বটুতাই কুঁৱানঝৌৰ পৰা মৰক্কোলৈ যাত্ৰা আৰম্ভ কৰিলে।[25] ১৩৪৬ চনৰ এপ্ৰিল মাহৰ শেষৰ পিনে তেওঁ ভাৰতত উপস্থিত হ’ল। ভাৰতৰ পৰা ঘূৰি যোৱাৰ পথত তেওঁ পুনৰ এবাৰ হজ কৰিবলৈ মক্কালৈ যোৱাৰ মন মেলিলে। ১৩৪৮ চনৰ শেষৰ পিনে তেওঁ ছিৰিয়াৰ ডামাস্কাছত উপস্থিত হ’ল। তাত তেওঁ মৰক্কোৰ তাঞ্জিয়াৰ পৰা অহা এজন শ্বেখৰ লগত সাক্ষাৎ হ’ল। শ্বেখজনৰ পৰা ইবন বটুতাই জানিব পাৰিলে যে তেওঁৰ দেউতাকৰ পোন্ধৰ বছৰ আগতেই মৃত্যু হৈছে। কিন্ত মাক জীয়াই আছে।[26] সেই সময়ত ছিৰিয়া আৰ গাজাত ক’লাজ্বৰৰ মহামাৰীয়ে ছানি ধৰিছিল। ইবন বটুতাই স্থানীয় কাজীৰ পৰা জানিব পাৰিলে যে প্ৰতিদিনে ২৪০০ জনৰো অধিক লোকে মৃত্যুমুখত পৰিছে। তেওঁ কাইৰ’লৈ আহি দেখিলে যে ইতিমধ্যে মৃতকৰ সংখ্যাই ২১০০০ পাৰ হৈ গৈছে।[27] কাইৰ’ৰ পৰা মিছৰ পাৰ হৈ ১৩৪৮ চনৰ ১৬ নৱেম্বৰত তেওঁ মক্কাত উপস্থিত হ’ল। হজ সম্পন্ন কৰি ১৩৪৯ চনৰ ফেজ চহৰ পাৰ হৈ গৃহভূমি তাঞ্জিয়াৰলৈ যাত্ৰা কৰিলে। গৈ দেখিলে যে কেইমাহমান আগতে মাকৰো মৃত্যু হৈছে।[28]

আল-আন্দুলাছিয়া আৰু স্পেইন

[সম্পাদনা কৰক]

ইবন বটুতাই তাঞ্জিয়াৰত উপস্থিত হোৱাৰ পিছত তেওঁ অসুস্থ হৈ পৰিল। প্ৰায় তিনিমাহ শয্যাশায়ী হৈ থকাৰ অন্তত তেওঁ চুলতানৰ অনুৰোধত যুদ্ধত অংশগ্ৰহণ কৰিবলৈ সৈন্যবাহিনীত যোগ দিলে আৰু জাহাজত উঠি আল-আন্দুলাছিয়ালৈ গ’ল।[29] স্পেইনখ্ৰীষ্টান শাসক একাদশ আলফনছ’ই দহ মাহ ধৰি জিব্ৰাল্টৰ প্ৰণালী অৱৰোধ কৰি ৰাখিছিল। কিন্তু একাদশ আলফনছ’ নিজেই ক’লাজ্বৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাত যুদ্ধৰ প্ৰয়োজনীয়তা নোহোৱা হৈ পৰিল। তেতিয়া ইবন বটুতাই স্পেইনৰ ভেলেন্সিয়া (Valencia), গ্ৰানাডা (Granada) আদি ঠাই ভ্ৰমণ কৰিলে।[30]

ইয়াৰ পিছত তেওঁ গৃহ চহৰ তাঞ্জিয়াৰলৈ ওভতাৰ সিদ্ধান্ত লয়। ওভতনি যাত্ৰাত মাৰাকেচ্ছ চহৰখনো চাই যায় যিখন চহৰ মহামাৰীৰ ফলত জনশূন্য হৈ পৰিছিল আৰু তাৰ পৰা ফেজ চহৰলৈ ৰাজধানী স্থানান্তৰ কৰা হৈছিল।[31]

চাহাৰা মৰুভূমি আৰু মালি

[সম্পাদনা কৰক]

১৩৫১ চনৰ বসন্ত কালত ইবন বটুতাই চাহাৰা মৰুভূমিৰ উত্তৰে চিজিলছামা (Sijilmasa)ৰ উদ্দেশ্যে যাত্ৰা কৰিলে। তাতে কেইটামান উট কিনি প্ৰায় চাৰিমাহ কটালে। তাৰ পৰা ১৩৫২ চনৰ ১৮ ফেব্ৰুৱাৰীত লোণৰ খনিৰ চহৰ তাঘাজা (Taghaza)ৰ পিনে ৰাওনা হ’ল। প্ৰায় পঁচিশ দিনৰ মূৰত তেওঁ সেই ঠাইত উপস্থিত হ’ল। তাঘাজাত গছ-বন খুব কম আছিল আৰু পানীও বহুত লুণীয়া আছিল। ইতিমধ্যে ইবন বটুতাই এটা ভ্ৰমণকাৰীগোটৰ লগত যোগ দিছিল। তাঘাজাত ১০দিন কটাই তেওঁলোক তাছাৰাহ্লা (Tasharahla) মৰূদ্যানলৈ গ’ল।[32] আৰু তাতে তিনিদিন ৰখি যাত্ৰাৰ বাবে সাজু হ’ল। লগতে ওৱালাতা (Oualata) নামৰ মৰূদ্যানত মৰুভূমি যাত্ৰাৰ বাবে প্ৰয়োজনীয় পানী আৰু ৰছদ সামগ্ৰী সংগ্ৰহ কৰিলে। ওৱালাতা বৰ্তমান মালি দেশৰ অন্তৰ্ভুক্ত। ভ্ৰমণকাৰীগোটটোৱে ১৬০০কিঃমিঃ দূৰত্ব অতিক্ৰম কৰি চাহাৰা মৰুভূমি পাৰ হ’ল।[33] তাৰ পৰা তেওঁ নাইজাৰ নদীৰে উত্তৰা পশ্চিমাকৈ ভ্ৰমণ কৰি মালি সাম্ৰাজ্যৰ ৰাজধানীত উপস্থিত হ’ল। তাতে তেওঁ চুলতানক লগ কৰিলে। সেইসময়ত মালি দেশৰ চুলতান আছিল মাঞ্চা চুলেইমান (Mansa Suleyman)।[34] নাইজাৰ নদীৰ পাৰৰ গাওঁ সমূহ ভ্ৰমণ কৰি থাকোঁতেই তেওঁ আব ইমান্ ফাৰিজৰ পৰা এখন পত্ৰ পালে য’ত তেওঁক মৰক্কোলৈ ঘূৰি যোৱাৰ আদেশ দিয়া হৈছিল। পত্ৰখন পোৱাৰ পিছত ১৩৫৩ চনৰ ছেপ্তেম্বৰ মাহত মৰক্কোৰ উদ্দেশ্যে যাত্ৰা কৰিলে আৰু ১৩৫৪ চনৰ আৰম্ভণিত নিজৰ জন্মভূমিত পদাৰ্পণ কৰিলে।

ৰিহলা (Rihla)

[সম্পাদনা কৰক]

মৰক্কোৰ ৰাজধানীত ইবন বটুতাই চুলতান আবু ইনান ফাৰিজ আৰু তেওঁৰ সভাসদসকলক নিজৰ সমস্ত ভ্ৰমণ বৃত্তান্ত বিৱৰি ক’লে। চুলতানৰ আদেশত ইবন জুযেই (Ibn Juzayy) নামৰ পণ্ডিতজনে সেই ভ্ৰমণ কাহিনী লিপিবদ্ধ কৰিলে। সেই ভ্ৰমণ কাহিনীৰ গ্ৰন্থখনেই হ’ল ৰিহলা।[35]

ইবন বটুতাই নিজৰ ভ্ৰমণৰ সময়ত কথাবোৰ লিখি যোৱা নাছিল। তেওঁ ৰিহলা গ্ৰন্থখনত নিজৰ স্মৃতিৰ পৰাহে কথাবোৰ কৈছিল। মক্কা, মদিনা, ডামাস্কাছ আৰু মধ্য এছিয়াৰ ঠাইবোৰ বৰ্ণনা দিওঁতে আন্দালুছিয়ান ইবন জুবেইৰ নামৰ এজন পৰিব্ৰাজকৰ ১৫০ বছৰ আগৰ ভ্ৰমণ কাহিনী সাঙুৰি দিয়া হৈছিল।[36] সেইদৰে পেলেষ্টাইনৰ ভ্ৰমণ কাহিনীও ত্ৰয়োদশ শতিকাৰ ভ্ৰমণকাৰী মহম্মদ আল-আবদাৰিৰ ভ্ৰমণ কাহিনীৰ পৰা নকল কৰা হৈছিল। এইবোৰ কাৰণত বিজ্ঞলোকসকলে ৰিহলা গ্ৰন্থখন নিৰ্ভৰযোগ্য নহয় বুলি কব খোজে[37]

শেষ জীৱন

[সম্পাদনা কৰক]

১৩৫৫ চনত ৰিহলাখন সম্পূৰ্ণ হোৱাৰ পিছত ইবন বটুতাৰ শেষ জীৱনৰ বিষয়ে বহুত কম কথা জনা যায়। তেওঁক মৰক্কোত এজন কাজী হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ১৩৬৮ চনৰ পৰা ১৩৬৯ চনৰ ভিতৰত তেখেতৰ মৃত্যু হৈছিল।[38]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Nehru, Jawaharlal (1989). Glimpses of World History. Oxford University Press. p. 752. ISBN 0-19-561323-6. After outlining the extensive route of Ibn Battuta's Journey, Nehru notes: "This is a record of travel which is rare enough today with our many conveniences.... In any event, Ibn Battuta must be amongst the great travellers of all time."
  2. Dunn 2005, p. 20.
  3. http://www.teachislam.com/dmdocuments/scholars_ibn_battuta_the_great_traveller.pdf
  4. Dunn 2005, পৃ. 19
  5. Dunn 2005, p. 22
  6. Dunn 2005, পৃ. 37; Defrémery ও Sanguinetti 1853, পৃ. 21 Vol. 1
  7. Dunn 2005, পৃ. 39; Defrémery ও Sanguinetti 1853, পৃ. 26 Vol. 1
  8. Travels of Ibne Batutah translated by H.A.R Gibb
  9. Defrémery ও Sanguinetti 1853, পৃ. 27 Vol. 1
  10. Dunn 2005, পৃ. 88–89; Defrémery ও Sanguinetti 1853, পৃ. 404 Vol. 1
  11. Dunn 2005, পৃ. 102–103; Defrémery ও Sanguinetti 1854, পৃ. 149 Vol. 2
  12. Gibb 1962, পৃ. 373 Vol. 2
  13. Helen Chapin Metz (১৯৯২)। Somalia: A Country Study। US: Federal Research Division, Library of Congress। আইএসবিএন 0-8444-0775-5।
  14. Versteegh, Kees (২০০৮)। Encyclopedia of Arabic language and linguistics, Volume 4। Brill। পৃ: ২৭৬। আইএসবিএন 9004144765।
  15. David D. Laitin, Said S. Samatar, Somalia: Nation in Search of a State, (Westview Press: 1987), p. 15.
  16. Dunn 2005, pp. 137-139.
  17. Aiya 1906, p. 328.
  18. Jerry Bently, Old World Encounters: Cross-Cultural Contacts and Exchanges in Pre-Modern Times (New York: Oxford University Press, 1993), 121.
  19. Gibb 1971, p. 596 Vol. 3; Defrémery & Sanguinetti 1855, p. 100 Vol. 3
  20. Dunn 2005, পৃ. 115–116, 134
  21. Jerry Bently, Old World Encounters: Cross-Cultural Contacts and Exchanges in Pre-Modern Times (New York: Oxford University Press, 1993), 126.
  22. Dunn 2005, p. 245.
  23. "Ibn Battuta's Trip: Chapter 9 Through the Straits of Malacca to China 1345 - 1346". The Travels of Ibn Battuta A Virtual Tour with the 14th Century Traveler. Berkeley.edu. Retrieved 14 June 2013.
  24. "আৰ্কাইভ কপি". Archived from the original on 2013-03-17. https://web.archive.org/web/20130317035650/http://ibnbattuta.berkeley.edu/9china.html। আহৰণ কৰা হৈছে: 2015-09-12. 
  25. Dunn 2005, p. 261
  26. পৃষ্টা নম্বৰঃ ২৫৪, ট্ৰাভেলস অব ইবন বতুতা। আৰবীৰ পৰা ইংৰাজীলৈ অনুবাদ এইচ.এ.আৰ. গিব, ইংৰাজীৰ পৰা বঙালীলৈ অনুবাদ ইফতেখাৰ আমিন। ISBN 948-776-287-2
  27. পৃষ্টা নম্বৰঃ ২৫৫, ট্ৰাভেলস অব ইবন বতুতা। আৰবীৰ পৰা ইংৰাজীলৈ অনুবাদ এইচ.এ.আৰ. গিব, ইংৰাজীৰ পৰা বঙালীলৈ অনুবাদ ইফতেখাৰ আমিন। ISBN 948-776-287-2
  28. Dunn 2005, p. 278
  29. "আৰ্কাইভ কপি". Archived from the original on 2013-04-23. https://web.archive.org/web/20130423233526/http://ibnbattuta.berkeley.edu/11andalusia.html। আহৰণ কৰা হৈছে: 2015-09-12. 
  30. Dunn 2005, pp. 283–284
  31. Dunn 2005, pp. 286–287
  32. Levtzion & Hopkins 2000, p. 457.
  33. Defrémery & Sanguinetti 1858, p. 385 Vol. 4; Levtzion & Hopkins 2000, p. 284; Dunn 2005, p. 298
  34. "আৰ্কাইভ কপি". Archived from the original on 2012-12-04. https://web.archive.org/web/20121204070933/http://people.hofstra.edu/alan_j_singer/teaching_global_history/5.6.pdf। আহৰণ কৰা হৈছে: 2015-09-12. 
  35. Dunn 2005, pp. 310–311; Defrémery & Sanguinetti 1853, pp. 9–10 Vol. 1
  36. Dunn 2005, pp. 313–314; Mattock 1981
  37. Dunn 2005, pp. 63–64; Elad 1987
  38. Gibb 1958, pp. ix-x Vol. 1; Dunn 2005, p. 318