উট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উট
এটা এটা কুঁজৰ উট
এটা এটা কুঁজৰ উট, Camelus dromedarius
A shaggy two-humped camel with some melted snow underfoot
এটা দুটা কুঁজৰ উট, Camelus bactrianus
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Artiodactyla
পৰিয়াল: Camelidae
গোত্ৰ: Camelini
গণ: Camelus
লিনিয়াছ, ১৭৫৮
প্ৰজাতিসমূহ

Camelus bactrianus
Camelus dromedarius
Camelus ferus
Camelus gigas (জীৱাশ্ম)[1]
Camelus hesternus (জীৱাশ্ম)
Camelus sivalensis (জীৱাশ্ম)[2]
Camelus moreli (জীৱাশ্ম)

এটা কুঁজযুক্ত উটৰ ভৌগোলিক বিতৰণ

উট (ইংৰাজী: camel) হৈছে Camelus গণৰ অন্তৰ্গত স্তন্যপায়ী প্ৰাণী। ইহঁকৰ পিঠিত এটা বা একাধিক কুঁজ থাকে। এই কুঁজবোৰত চৰ্বী জমা হৈ থাকে। উটৰ দুটা জীৱিত প্ৰজাতি হৈছে, dromedary, বা এটা কুঁজৰ উট (C. dromedarius), মধ্য পূৱ আৰু আফ্ৰিকাত বসবাস কৰে; আৰু bactrian, বা দুটা কুঁজৰ উট (C. bactrianus), মধ্য এছিয়াত বসবাস কৰে। দুয়োটাই পোহনীয়া প্ৰজাতি; ইহঁতৰ পৰা গাখীৰ, মাংস, নোম আহৰণ কৰাৰ লগতে ইহঁতক শ্ৰম কাৰ্যতো ব্যৱহাৰ কৰা হয়।

উটৰ ইংৰাজী প্ৰতিশব্দ "Camel", সাধাৰণতে উট সদৃশ Camelidae পৰিয়ালৰ স্তন্যপায়ীক বুজাবলৈ ব্যৱহাৰ কৰা হয়: দুটা প্ৰকৃত উট আৰু চাৰিটা নতুন যুগৰ camelids: দক্ষিণ আমেৰিকাৰ লামা, আল্পাকা, গোৱানাক, আৰু ভিকুনা[3][4]

শৰীৰৰ গঠন[সম্পাদনা কৰক]

উটৰ শাৰীৰিক গঠন মৰুভূমিত তিষ্ঠি থাকিবৰ বাবে উপযুক্ত। শৰীৰৰ নিমজ নোমে উটৰ তাপৰোধক হিচাপে কাম কৰে। ছালখন ডাঠ হোৱা হেতুকে পানী কমকৈ বাষ্পীভূত হয় যাৰ ফলত শৰীৰৰ পৰা কম পানী খৰচ হয়। ইয়াৰ পিঠিত থকা কুঁজটোৱে চৰ্বীজাতীয় উপাদান সঞ্চিত কৰি ৰাখে যাৰ ফলত উটে বহু সময়লৈ নোখোৱাকৈ থাকিব পাৰে। উটে সুযোগ পালেই যথেষ্ট পৰিমাণে পানী খাই লয় আৰু সেয়া শৰীৰত জমা হৈ থাকে। উটৰ চকুৰ ওপৰৰ ছালখন ভাঁজ হৈ চকুৰ ওপৰত ওলমি থাকে আৰু চকুত দীঘল নোম থাকে যিয়ে বালিৰ ধুমুহাৰ পৰা চকুযুৰি ৰক্ষা কৰে। তদুপৰি কাণ দুখনতো দীঘল নোম থাকে। ইহঁতে ইচ্ছাকৃতভাৱে নাক দুটা বন্ধ কৰি ৰাখিব পাৰে। ওঁঠত ডাঠ ছাল থকা বাবে কাঁইটীয়া গছৰ পাত খোৱাত অসুবিধা নাপায়। ভৰিৰ খুৰাবোৰ ডাঠ হয় যাৰ ফলত গৰম আৰু পিছল বালিত খোজ কাঢ়িব পাৰে।[5]

প্ৰজনন[সম্পাদনা কৰক]

মাইকী উটবোৰ তিনিৰ পৰা চাৰি বছৰৰ ভিতৰত যৌনভাৱে পূৰ্ণতাপ্ৰাপ্ত(Sexually mature) হয় আৰু সংগমৰ বাবে উপযুক্ত হয়। সাধাৰণতে মাইকী উটে ২০ বছৰ বয়সলৈ পোৱালি দিব পাৰে। এজনী মাইকী উটৰ গড়ে ২৩ দিনৰ মূৰে মূৰে ঋতুচক্ৰৰ পুনৰাবৃত্তি ঘটে। ঠাণ্ডাৰ দিনত ঋতুচক্ৰ নিয়মীয়া হয় যদিও গৰমৰ দিনত অস্পষ্টভাৱেহে ঋতুচক্ৰ হোৱা দেখা যায়। অৰ্থাৎ উটে অকল ঠাণ্ডাৰ দিনতহে সংগম কৰিব পাৰে। ঊটৰ গৰ্ভধান সময় ৩৬৫ৰ পৰা ৪০০ দিন ॥[6]

উপযোগিতা[সম্পাদনা কৰক]

মৰুভূমি অঞ্চলত যাতায়তৰ বাহন হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও গাড়ী টনা ,ওজন কঢ়িওৱা আদি কামত ব্যৱহাৰ কৰা হয়। ৰাজস্থানৰ মৰু অঞ্চলত সীমা সুৰক্ষা বল আৰু সৈন্য বাহিনীয়ে উট যাতায়তৰ ব্যৱস্থা হিচাপে ব্যৱহাৰ কৰে। ডোগলা নামৰ বৰ্ণসংকৰ জাতৰ উটৰ দ্বাৰা সৈন্যবাহিনীয়ে কেমেল ক'ৰ(Camel Core) গঠন কৰি ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত বিশেষ ভূমিকা পালন কৰিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Camelus gigas". ZipcodeZoo. BayScience Foundation, Inc. http://zipcodezoo.com/Animals/C/Camelus_gigas/। আহৰণ কৰা হৈছে: 7 December 2012. 
  2. Falconer, Hugh (1868). Palæontological Memoirs and Notes of the Late Hugh Falconer: Fauna antiqua sivalensis. R. Hardwicke. পৃষ্ঠা. 231. http://books.google.com/books?id=hb4wAQAAMAAJ&pg=PA231. 
  3. "llama". Century Dictionary and Cyclopedia. wordnik. Retrieved 28 November 2012. 
  4. Bornstein, Set (2010). "Important ectoparasites of Alpaca (Vicugna pacos)". Acta Veterinaria Scandinavica খণ্ড 52 (Suppl 1): S17. doi:10.1186/1751-0147-52-S1-S17. ISSN 1751-0147. http://www.actavetscand.com/content/52/S1/S17। আহৰণ কৰা হৈছে: 28 November 2012. 
  5. Livestock Production Management, Thomas and Sastry
  6. A Textbook of Animal Husbandry, G.C.Benerjee, 8th edition