মানসিক বিসংগতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মানসিক বিসংগতি
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

Eight women representing prominent mental diagnoses in the 19th century at the Salpêtrière (Paris). (fr. Armand Gautier)
আই.চি.ডি.-10 F99
আই.চি.ডি.-9 290-319
ডিজিজেছ ডে'টাবে'ছ 28852
MeSH D001523

মানসিক বিসংগতি (ইংৰাজী: mental disorder; mental illness, psychological disorder বা psychiatric disorder বুলিও কোৱা হয়।) হৈছে একপ্ৰকাৰৰ, মানসিক অথবা আচৰণগত সমস্যা। মানসিক বিসংগতি থকা ব্যক্তিয়ে সাধাৰণ জীৱন যাপন কৰিব নোৱাৰে নাইবা সাধাৰণ জীৱন যাপনৰ ক্ষমতা হেৰুৱাই পেলায়। বিভিন্ন ধৰণৰ মানসিক বিসংগতি দেখা পোৱা যায়,[1] আৰু এনে বিসংগতিৰ লক্ষণো বিভিন্ন ধৰণৰ হয়।[1]

মানসিক বিসংগতিৰ কাৰণবোৰ স্পষ্ট নহয়। এজন ব্যক্তিৰ অনুভৱ, কাৰ্য, চিন্তাধাৰা, আদিৰ ভিত্তিত এনে বিসংগতিৰ বৰ্ণনা কৰা হয়।[1] ই মানুহৰ মগজুৰ লগত জড়িত আৰু মানসিক স্বাস্থ্যৰ লগত সম্পৰ্কৃত। মানসিক বিসংগতিৰ বৈজ্ঞানিক অধ্যয়নক মনোৰোগ বিজ্ঞান বোলে।

মানসিক ৰোগৰ চিকিৎসালয় ভিত্তিক সেৱা, অথবা সামাজিক অনুষ্ঠান, আৰু মনোৰোগ বিশেষজ্ঞ, মনোবিজ্ঞানী আৰু সামাজিক চিকিৎসা কৰ্মীৰ বিভিন্ন অভীক্ষাৰ দ্বাৰা মানসিক বিসংগতিৰ চিকিৎসা কৰা হয়। ইয়াৰ বাবে প্ৰায়ে নিৰীক্ষণ আৰু প্ৰশ্নকৰণৰ সহায় লোৱা হয়। বিভিন্ন মানসিক স্বাস্থ্য কৰ্মীৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হয়। এনে দুটা প্ৰধান উপায় হৈছে Psychotherapy আৰু psychiatric medication। অন্যান্য চিকিৎসা পদ্ধতিবোৰ হৈছে সামাজিক বাৰ্তালাপ, দলীয় সেৱা আৰু আত্ম সহায়। কিছুক্ষেত্ৰত অনৈচ্ছিক কাৰাবাস অথবা চিকিৎসাৰো ব্যৱহাৰ কৰা হয়। অৱসাদ প্ৰতিৰোধ কৰিবলৈ বিভিন্ন ধৰণৰ আঁচনি কাৰ্যকৰী কৰা হৈছে।[1]

সাধাৰণ মানসিক বিসংগতিত, অৱসাদ (যাৰ দ্বাৰা বিশ্বজুৰি প্ৰায় ৪০০ নিযুত লোক প্ৰভাৱিত), dementia ( বিশ্বজুৰি প্ৰায় ৩৫ নিযুত লোক প্ৰভাৱিত), আৰু schizophreniaক, (বিশ্বজুৰি দ্বাৰা প্ৰায় ২১ নিযুত লোক প্ৰভাৱিত) অন্তৰ্ভুক্ত কৰা হৈছে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 "Mental disorders Fact sheet N°396". World Health Organisation. October 2014. http://www.who.int/mediacentre/factsheets/fs396/en/। আহৰণ কৰা হৈছে: 13 May 2015.