সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০১৬

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়ানৰ মনৰ কথা

২০০২ চনৰ ২ জুনত জন্মলাভ কৰা অসমীয়া ৱিকিপিডিয়াই আজি ১৩টা বৰ্ষ গৰকিলে। এই সমগ্ৰ সময়চোৱাত বিভিন্ন স্বেচ্ছাসেৱকৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত বৰ্তমান এই বিশ্বকোষখনি প্ৰায় ৩৯০০টা প্ৰবন্ধৰে সমৃদ্ধ হৈছে। অসমীয়া ৱিকিপিডিয়াতকৈ বহু পিছত জন্ম লাভ কৰা বহুকেইখন ৱিকিপিডিয়াৰ আকাৰ আজি অসমীয়া ৱিকিপিডিয়াতকৈ ডাঙৰ। ইয়াৰ প্ৰধান কাৰণ হৈছে, অসমীয়া ৱিকিপিডিয়াৰ সক্ৰিয় সম্পাদকৰ সংখ্যা নিচেই তাকৰ। এজন ৱিকিপিডিয়ান হিচাপে অসমীয়া ৱিকিপিডিয়া সম্বন্ধে মনত উদয় হোৱা ভাবসমূহৰ ভিতৰত ই হৈছে অন্যতম; কিদৰে ৱিকিপিডিয়ানৰ সংখ্যা বঢ়াব পাৰি!

বছৰ অনুসৰি অসমীয়া ৱিকিপিডিয়াই যদিও ১৩টা বছৰ অতিক্ৰম কৰিলে, তথাপি অসমীয়া সমাজৰ বাবে আজিও ৱিকিপিডিয়া অচিনাকী হৈয়ে আছে। বহুলোকে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ লোকে আজিও ৱিকিপিডিয়া কি গম নেপায়। প্ৰচাৰৰ অভাৱ হৈছে অসমীয়া ৱিকিপিডিয়াৰ প্ৰসাৰহীনতাৰ আন এটা কাৰণ। বিভিন্ন "ৱিকি মেল"সমূহৰ জৰিয়তে প্ৰচাৰ কাৰ্য চলাই থকা হৈছে যদিও, এয়াই হয়তো যথেষ্ট নহয়! বাতৰি কাকত, দূৰদৰ্শন আদিৰ যোগেদিও প্ৰচাৰ কাৰ্য চলাব পৰা হলে হয়তো অধিক সহায়ক হ'লহেঁতেন। ইয়াৰোপৰি গ্ৰাম্যাঞ্চলত প্ৰচাৰৰ নতুন ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়া প্ৰয়োজন অনুভূত হয়।

আন এটি মনৰ কথা হৈছে, অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহৰ সন্দৰ্ভত। ইয়াৰ প্ৰৱন্ধবোৰ যথেষ্ট চুটি। অৱশ্য দীঘল প্ৰবন্ধ নথকা নহয়, আছে, কিন্তু চুটি প্ৰবন্ধৰ সংখ্যাই সৰহ। গতিকে ইয়াৰ প্ৰবন্ধবোৰ দীঘল কৰাৰ ভাব এটাইও মাজে মাজে ভুমুকি মাৰি থাকে।

অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত ছাত্ৰ সমাজে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ্থীসকলে তেঁওলোকৰ পাঠ্যবিষয় সমূহ, যেনে- বিজ্ঞান, গণিত, অৰ্থনীতি, ৰাজনীতি, সাহিত্য আদিৰ বিষয়সমূহ ৱিকিপিডিয়াত লিখিব পাৰে। ই দুই প্ৰকাৰৰ লাভ প্ৰদান কৰিব, প্ৰথমতে শিক্ষাৰ্থীসকলৰ নিজৰ অধ্যয়ন হ'ব লগতে ৱিকিপিডিয়াও জ্ঞানবৰ্ধক লিখনিৰে সমৃদ্ধিশালী হ'ব। 'ফেচবুক'ৰ দৰে সামাজিক ৱেবছাইটত আজিৰ যুৱ-সমাজে যিমান সময় খৰছ কৰে তাৰ আধা সময়ো যদি ৱিকিপিডিয়াত খৰছ কৰে, তেতিয়া তেঁওলোকৰ লগতে সমাজৰো বহু উপকাৰ সাধন কৰা হ'ব বুলি ভাব হয়। সেইবাবে অসমৰ শিক্ষাৰ্থী তথা যুৱ-সমাজক ৱিকিপিডিয়াত বৰঙণি আগবঢ়াবলৈ আহ্বান জনালোঁ।

যিকি নহওক, ইণ্টাৰনেটৰ বহুভাষিতাৰ বিপ্লৱৰ এটা অংশ হিচাপে অসমীয়া ভাষাৰ বিশ্বযাত্ৰাৰ সহযাত্ৰীস্বৰূপ অসমীয়া ৱিকিপিডিয়াৰ উত্তৰোত্তৰ কামনাৰে…

দিব্য দত্ত ৩০ ডিচেম্বৰ, ২০১৫

নিৰ্বাচিত চিত্ৰ

ডিচেম্বৰ ২০১৫ ত সৃষ্টি কৰা প্ৰবন্ধসমূহ

  1. ‎শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা
  2. ‎হাৰ্হি মহাবিদ্যালয়
  3. ‎শ্ৰেয়া ঘোষাল
  4. ‎শকুন্তলা দেৱী
  5. ‎সৰণ প্ৰৱাহ
  6. বিশ্ব এইড্‌ছ দিৱস
  7. ন'বেল বঁটা (১৯৮৮)
  8. প্ৰৱেশ্যতা
  9. ‎পুৰণিগুদাম
  10. ত্ৰিপিটক
  11. ‎গুৰু গ্ৰন্থ চাহিব
  12. ৱাই-ফাই
  13. প্লাষ্টিক
  14. ‎জহা চাউল
  15. ‎লাই-ফাই
  16. ‎জামাতিয়া সম্প্ৰদায়
  17. ভৌগোলিক স্বীকৃতি
  18. গোৰাক্ষাট্টাৰী
  19. ‎বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়
  20. ‎হিন্দু সৃষ্টিতত্ত্ব
  21. উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ‎
  22. জেমছ কুক
  23. কুইন হাজৰিকা
  24. অজয় ঘটক
  25. হৰিশ চন্দ্ৰ বাৰ্মা
  26. ফাৰ্ডিনেণ্ড মেগালান
  27. গেইম্‌ল'ফ্ট
  28. জইণ্ট এড্‌মিছন টে'ষ্ট
  29. জয়া আখটাৰ
  30. জাভেদ আখটাৰ
  31. ‎ফাৰহান আখটাৰ
  32. ‎ইমেইল
  33. দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন
  34. মৈদাম
  35. বিশ্ব বেংক
  36. কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান , কোকৰাঝাৰ
  37. গৌহাটী বাণিজ্য মহাবিদ্যালয়
  38. লুটৱিস ফান বিটহ'ফন
  39. বৰা (চাউল)
  40. ‎সেন্দুৰ
  41. কলিতা জনগোষ্ঠী
  42. সংশয় ব্যৱস্থাপনা
  43. বিবেক দেবৰয়
  44. ইউৰোপিয়ান ইউনিয়ন
  45. টেঙামৰা
  46. কৃষ্ণ কান্ত বৰা
  47. ‎বৈৰাগীমঠ
  48. ‎প্লাজমা অৱস্থা
  49. নীতি আয়োগ
  50. ‎চেৰাউ নৃত্য
  51. ‎য়শ ৰাজ ফিল্মছ
  52. ‎হিন্দু সৃষ্টিতত্ত্ব

নিৰ্বাচিত প্ৰবন্ধ

সবাহন গণেশ, কৰ্ণাটকৰ তালাকাডুৰ বৈদ্যেশ্বৰ মন্দিৰৰ দেৱালচিত্ৰ
সবাহন গণেশ, কৰ্ণাটকৰ তালাকাডুৰ বৈদ্যেশ্বৰ মন্দিৰৰ দেৱালচিত্ৰ

গণেশ পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম। ভাৰতৰ সকলো ঠাইতে গণেশ-মূৰ্তি দেখা যায়। সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। জৈনধৰ্ম, বৌদ্ধধৰ্ম আৰু ভাৰতৰ বাহিৰতো গণেশৰ আৰাধনা ব্যাপকভাৱে প্ৰচলিত। পুৰাণৰ বিৱৰণ অনুসৰি শিৱ আৰু পাৰ্বতীৰ জেষ্ঠ্য পুত্ৰ গণেশ আৰু কণিষ্ঠ পুত্ৰ কাৰ্তিক।

পুৰাণত উল্লেখ কৰা অনুসৰি গণেশ হৰ-পাৰ্বতীৰ পুত্ৰ। তেখেতৰ ৰূপ বিভিন্ন শাস্ত্ৰসমূহত বিভিন্ন প্ৰকাৰৰ; তথাপিও সকলোতে তেওঁ গজমুণ্ড মনুষ্যাকাৰ দেৱতা। তেখেতৰ বাহন মূষিক বা এন্দুৰ; অথবা কোনো কোনো ঠাইত সিংহ। গণেশক সৰ্ববিঘ্নহন্তা বুলি বিশ্বাস কৰা হয়। তেওঁ সাধাৰণভাবে প্ৰাৰম্ভৰ দেৱতা, বিঘ্নৰ দেৱতা (বিঘ্নেশ বা বিঘ্নেশ্বৰ),গণেশ মূলত: শিল্পকলা, বিজ্ঞানৰ পৃষ্ঠপোষক, মহাবল, মেধা আৰু বুদ্ধিৰ দেৱতা। পূজা আৰু অন্যান্য অনুষ্ঠানৰ সময়ত গণেশৰ পূজা সবাতোকৈ আগত কৰা কৰ্তব্য বুলি বিবেচিত হয়। লিখাৰ সময়তো তেওঁক আখৰৰ পৃষ্ঠপোষকৰূপে আৱাহন কৰাৰ ৰীতি আছে। একাধিক পৌৰাণিক সূত্ৰৰ পৰা তেখেতৰ জন্ম, কীৰ্তিকলাপ আৰু মূৰ্তিতত্ত্বৰ ব্যাখ্যা পোৱা যায়। গণেশৰ অন্যান্য নামসমূহ হ’ল গণপতি, বিনায়ক, মহাগণপতি, বিৰিগণপতি, শক্তিগণপতি, বিদ্যাগণপতি, হৰিদ্ৰাগণপতি, উচ্ছিষ্টগণপতি, লক্ষ্মীবিনায়ক, হেৰম্ব, বক্ৰতুণ্ড, একদন্ত, মহোদৰ, গজানন, লম্বোদৰ, বিকট আৰু বিঘ্নৰাজ। দুৰ্গা (অম্বিকা) আৰু চামুণ্ডা, এই দুজনাই গণেশক পালন কৰিছিল বাবে তেওঁ দ্বৈমাতুৰ নামেও অভিহিত।

পৃথক দেৱতা ৰূপে গণেশৰ উদ্ভৱ খ্ৰীষ্টিয় চতুৰ্থ আৰু পঞ্চম শতাব্দীৰ গুপ্তযুগত হৈছিল। যদিও একাধিক বৈদিক আৰু প্ৰাক-বৈদিক উৎসৰ পৰাও গণেশৰ উল্লেখ পোৱা যায়। তেখেতৰ জনপ্ৰিয়তা দ্ৰুতভাবে বৃদ্ধি পায় আৰু নৱম শতাব্দীত। পাঁচজন প্ৰধান দেৱতাৰ অন্যতম দেৱতা ৰূপে গণ্য কৰা হয়। এই সময়ত গণেশক সৰ্বোচ্চ দেৱতা স্বীকাৰ কৰি গাণপত্য সম্প্ৰদায়ৰ উদ্ভৱ ঘটে। বিতংকৈ পঢ়ক...

উল্লেখনীয় কাম

ডিচেম্বৰ মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৩৮৯৯ টালৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১২১৯ টালৈ বৃদ্ধি পালে।

পদক

পদক
পাওঁতাৰ নাম
বিশেষ বঁটা
প্ৰাণকৃষ্ণ বৰগোহাঞি








অন্যান্য

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
১দিব্য দত্ত১৭৮০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২চন্দন চিৰিং ফুকন৮৪০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৩গীতাৰ্থ বৰদলৈ (কাৰিকৰী সহায়ক)৮১০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৪প্ৰাণকৃষ্ণ বৰগোহাঞি৩৬০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৫অজয় দাস৩৫০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৬অংশুমান দত্ত২৮০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৭হীৰক নয়ন ভূঞা২৫০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৮এম আবু সাঈদ২২০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
৯ঈশাণ জ্যোতি বৰা২১০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ভৃগু কুমাৰ বড়া১৩০০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )