সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দশম বৰ্ষ | মাৰ্চ | ২০২১ | তৃতীয় সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

 এজন ৱিকিমিডিয়ান হিচাপে মই সেইখিনি সময়ত ভূমুকি মাৰিছিলোঁ যিখিনি সময়ত ক’ৰ’নাৰ ভয়াবহতাত সমগ্ৰ দেশত ল’কডাউনে ভৰপক ৰূপ লৈছিল। এই সময়খিনিত বহু কথাই নতুনকৈ ভাবি চোৱাৰ সুবিধা পাইছিলোঁ আৰু তাৰ মাজতে ৱিকিৰ সক্ৰিয় সদস্য অনামিকা বড়া বাৰ কাণ পকোৱা(!) ৱিকিৰ কথাবোৰ ভালকৈ ভাবি চাবলৈ প্ৰয়াস কৰিছিলোঁ। বহুদিন আগতে তেখেতে মোক ৱিকিৰ বিষয়ে অৱগত কৰাইছিল। প্ৰথমাৱস্থাত একো বুজা নাছিলোঁ, কথাবোৰ আওকাণো কৰিছিলোঁ। কিন্তু অনামিকা বাৰ নেৰানেপেৰা বুজনি আৰু ঢমকনিৰ ভয়ত ৱিকিত এটা একাউণ্ট খুলি সদস্যভুক্ত হ’বলৈ বাধ্য হৈছিলোঁ। মই সদস্য ভৰ্তিৰ এসপ্তাহ পিছতে ৱিকিউৎসত ১৫ দিনযোৰা সৰ্বভাৰতীয় পৰ্যায়ত ‘প্ৰুফৰিডাথন’ নামৰ অনলাইন প্ৰতিযোগিতা এটা অনুষ্ঠিত হৈছিল, য’ত অনামিকা বাৰ তাগিদাতে ময়ো অংশগ্ৰহণ কৰিব লগাত পৰিছিলোঁ। প্ৰতিযোগিতা বুলিয়ে হওক বা নতুনকৈ শিকাৰ হেঁপাহকণৰ বাবেই হওক ৱিকিউৎসৰ প্ৰুফৰিড আৰু সম্পাদনাৰ বিষয়ে শিকিবলৈ উঠি পৰি লাগিছিলোঁ। মৃদুল দা, চানক্য, নয়ন, অজয় দা, দিব্য দা সকলোৰে বন্ধুসুলভ সহযোগত ৱিকিউৎসৰ ভিতৰভাগত প্ৰৱেশ কৰিবলৈ যত্ন কৰিছিলোঁ। সেই প্ৰতিযোগিতাখন চলি থকাৰ সময়তে খুব ক’ম দিনৰ ভিতৰত শিকি-বুজি (শিকোৱা-বুজোৱাৰ ফলত) সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাত অসমীয়া ভাষাই সৰ্বভাৰতীয় পৰ্যায়ত তৃতীয় স্থান পাবলৈ সক্ষম হৈছিল, য’ত মোৰো ক্ষুদ্ৰ বৰঙণি আছিল। এই কথাই মোক খুব আনন্দ দিছিল আৰু ৱিকিৰ প্ৰতি আসক্তি বঢ়াই তুলিছিল। তাৰ পিছতো বহুকেইখন ৱিকিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু খুব আমোদ পাইছিলোঁ।

 ইয়াৰ পিছত মই ৱিকিপিডিয়াৰ জগতখনত খোজ পেলাইছিলোঁ, য’ত মোৰ সহায়ক আছিল ৱিকিমিডিয়ান ডা. নয়নজ্যোতি শৰ্মা দা। তেখেতৰ সহায়ত ৱিকিপিডিয়াত মই প্ৰথম প্ৰবন্ধ লিখিছিলোঁ- ‘সোণাৰ বৰণ পাখি’। প্ৰবন্ধটো লিখা হোৱাৰ পিছত খুব সন্তোষ অনুভৱ কৰিছিলোঁ, যি অনুভৱ এই সময়ত বুজাবলৈ মই সম্পূৰ্ণ অপাৰগ। প্ৰবন্ধটো বাৰে বাৰে পঢ়ি চাইছিলোঁ; আনকি গুগ’লত চাৰ্চ কৰাৰ লগে লগে অসমীয়া ৱিকিপিডিয়া পেজটোত প্ৰবন্ধটো ওলাই পৰা দেখি খুব গৰ্ব অনুভৱ কৰিছিলোঁ। সকলোৰে প্ৰথম প্ৰবন্ধটোৰ প্ৰতি থকা মৰমখিনি অত্যন্ত সুকীয়া, অনুভৱ কৰিছিলোঁ। নিজৰ বৰঙণিত গৈ বহুদিনলৈ সেই প্ৰবন্ধটোত নতুন কি কি যোগ হ’ল চাই ৰৈছিলোঁ। তাৰ পিছত খুব ক’ম দিনৰ ভিতৰতে দুই, তিনিটা প্ৰবন্ধ লিখি পেলাইছিলোঁ। নজনাবোৰ বেছিভাগ ফোনতে নয়নদাৰ পৰা শিকি লৈছিলোঁ।

 যেতিয়া অনামিকা বায়ে প্ৰথম মোক ৱিকিৰ কথা কৈছিল, অন্য বহুজনৰ দৰে ময়ো সুধিছিলোঁ,‘ৱিকিত কাম কৰিলে কি পায়?’ তেখেতে সেই সময়ত কি বুজাইছিল মোৰ মনত নাই, কিন্তু এতিয়া যদি সেই একেটা প্ৰশ্নই মোক কোনোবাই সোধে মোৰ হাতত এটাই উত্তৰ থাকে- নিজৰ ঘৰখনত কাম কৰাৰ বাবদ কোনোবাই কিবা বিচাৰেনে? ঘৰখনৰ বাবে কৰা প্ৰতিটো কামতেই যিদৰে আমি সন্তোষ ল’ভো, ঠিক সেইদৰে ৱিকিৰ কামতো সেই একে সন্তোষেই লাভ কৰোঁ। সেয়া কোনো মূল্যৰে বা শব্দৰে প্ৰকাশ কৰা নাযায়। নিজৰ ভাষাটো যদি আমাৰ ঘৰখন বুলি গণ্য কৰোঁ, তেতিয়া ৱিকিমিডিয়া হ’ব সেই ঘৰখনৰ চালি। ৱিকিমিডিয়াৰ প্ৰতিটো কামেই ঘৰখনৰ কাম আৰু চালিখন আমাৰ সুৰক্ষাদাতা। এয়া বুজি উঠিছোঁ। তাৰ বাবে অনামিকা বাৰ কাণ পকোৱা কথাবোৰ ধন্যবাদৰ পাত্ৰ।

 আমি অসমীয়া বুলি গৌৰৱ কৰোঁ। আমি ভাষাটোৰ সুৰক্ষাৰ বাবে ৰাজপথত নামো। আমি শংকিত হৈ পৰোঁ, আৱেগিক হৈ পৰোঁ ভাষাটোৰ সংকটত। আজিৰ পৰিপ্ৰেক্ষিতত আৱেগিক হোৱাতকৈয়ো প্ৰেক্টিকেল হোৱা বেছি প্ৰয়োজন। এতিয়া ডিজিটালাইজেশ্যনৰ যুগ। ডিজিটেল জগতখনত ভাষাটোৰ সমল কিমান তাৰ পৰাই এটা ভাষাৰ উত্থানৰ স্থিতি স্পষ্ট হৈ পৰে। আমি আমাৰ মাজতেই অসমীয়া ভাষাটো কোৱা নোকোৱাক লৈ ব্যস্ত হৈ থাকোঁ। আমাৰ ল’ৰাই অসমীয়া লিখিব নেজানে, ক’ব নেজানে বুলি দম্ভালি মৰা এচাম মানুহক ডাঙৰ ডাঙৰ বক্তৃতা, টিভিৰ ট’ক শ্বো অথবা বাতৰি কাকতত ডাঠ আখৰৰ হেড লাইনে কিবা প্ৰভাৱ পেলাব বুলি মোৰ মনে নধৰে। এই মনোভাৱ সলনিৰ একমাত্ৰ পন্থা হিচাপে অসমীয়া ভাষাৰ ডিজিটালাইজেশ্যনক গ্ৰহণ কৰিব পাৰোঁ। এই ক্ষেত্ৰত ৱিকিপিডিয়া বা ৱিকিউৎসই বিশেষ ভূমিকা ল’ব পাৰে। ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধিয়ে ভাষাটোৰ প্ৰতি মানুহৰ আৱেগ বৃদ্ধি কৰিব পাৰে। গুগ’লত অসমীয়াত চাৰ্চ কৰিলে প্ৰথম শাৰীতে বাংলাৰ পৰিৱৰ্তে অসমীয়াত তথ্যসমূহ উপলব্ধ হৈ পৰিলে, অসমীয়া পঢ়িব নাজানে বুলি মৰা দাম্ভিকতা পুৰি ছাৰ-খাৰ হৈ যাব পাৰে। নিজৰ মাজত হৈ-হাল্লা কৰি থকাতকৈ ভাষাটোক বিশ্বৰ মানচিত্ৰত তুলি ধৰিবলৈ আমি উঠি-পৰি লাগিব পাৰোঁ। আপুনি ফেইচবুক, হোৱাটছএপ্পত বহু কথাই লিখে, তাৰে অলপ কথা উপযোগী হোৱাকৈ ৱিকিপিডিয়াৰ মজিয়াতো আপুনি লিখিব পাৰে। আপোনাৰ ফেইচবুকৰ ষ্টেটাচ এশজন বা হাজাৰজনে পঢ়িব। কিন্তু ৱিকিত লিখা যিকোনো কথাই গোটেই বিশ্বৰ বাবে মুকলি হৈ থাকিব।

 মোৰ বোধেৰে হঠাৎ কামবোৰ আৰম্ভ কৰি দিব লাগে। ভাবি গুণি কেলেণ্ডাৰৰ পাতত নিৰ্দ্দিষ্ট কৰি লোৱা তাৰিখটোৰ বাবে ৰৈ থাকিলে সেয়া হৈ নুঠেগৈ। বহুতে ভাবে- ৱিকিত অৱদান আগবঢ়োৱাৰ কথা, ৱিকিত লিখাৰ আগ্ৰহ্টোৰ কথা; কিন্তু সময়ৰ তাগিদাত হওক, ব্যস্ততাৰ বাবে হওক অথবা অজুহাতৰ হাজাৰটা কাৰণেই হওক সেয়া বীজ ফুটি নুঠেগৈ। আপোনাৰ যদি এবাৰ হ’লেও ৱিকিৰ কথা মনলৈ আহিছে, তেন্তে মুঠেও পলম নকৰি সেই মুহূৰ্ততে সদস্যভুক্ত হওক আৰু শিকিবলৈ আগবাঢ়ি আহক। একেবাৰে সৰুতকৈয়ো সৰু কথাটোলৈকে আপোনাক শিকাবলৈ নিৰালস্যভাৱে লাগি থকা বহু ৱিকিমিডিয়ান সদা প্ৰস্তুত হৈ আছে। মাথোঁ লাগে আপোনাৰ নিজৰ ভাষাটোৰ প্ৰতি নিঃস্বাৰ্থ প্ৰেম, মুক্ত মন এটা আৰু শিকাৰ আগ্ৰহকণ।

 এদিন বন্ধু এজনে ক’লে- আজিকালি ইণ্টাৰনেটত সকলো কথাই অসমীয়াতে পঢ়িবলৈ পোৱা যায়। মই ক’লোঁ এয়া আৰম্ভণি। আৰু বহু দূৰ বাকী। এটা সময় আহিব যেতিয়া ইণ্টাৰনেটত অসমীয়াৰ সমল আন বহু ভাষাতকৈ বহুগুণ বৃদ্ধি হ’ব। আন ভাষীৰ মানুহে অসমীয়াৰ প্ৰতি আকৃষ্ট হ’ব; অসমীয়া শিকিবলৈ আগবাঢ়ি আহিব। অসমীয়াই সুকীয়া স্থান পাব।

আমি আশাবাদী।

সদৌ শেষত, ৱিকিৰ জগতখনৰ লগত মোক পৰিচয় কৰাই দিয়া আটাইজনলৈ ধন্যবাদ।

বিশ্বজিৎ বৈশ্য (বাৰ্তা) 17:13, 1 March 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

মৈত্ৰেয়ী প্ৰাচীন ভাৰতৰ বৈদিক যুগৰ এগৰাকী হিন্দু দাৰ্শনিক। বৃহদাৰণ্যক উপনিষদ অনুসৰি তেওঁ বৈদিক ঋষি যাজ্ঞবল্ক্যেৰ দুই পত্নীৰ অন্যতম আছিল। ঋষি যাজ্ঞবল্ক্য আনুমানিক খ্ৰীষ্টপূৰ্ব ৮ম শতাব্দীৰ আছিল। হিন্দু মহাকাব্য মহাভাৰত আৰু গৃহ্যসূত্ৰত অৱশ্য তেওঁক ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰা চিৰকুমাৰী অদ্বৈতবাদী দাৰ্শনিক হিচাপে বৰ্ণনা কৰা হৈছে। প্ৰাচীন সংস্কৃত সাহিত্যত তেওঁক "ব্ৰহ্মবাদিনী" বা বেদৰ ব্যাখ্যাকাৰী হিচাপে পৰিচিত।

একাধিক প্ৰাচীন ভাৰতীয় গ্ৰন্থত মৈত্ৰেয়ীৰ উল্লেখ পোৱা যায়। বৃহদাৰণ্যক উপনিষদ গ্ৰন্থত যাজ্ঞবল্ক্যেৰ সৈতে কথোপকথনেৰ মাধ্যমত তেওঁ হিন্দু দৰ্শনৰ আত্মা সংক্ৰান্তিয় ধাৰণাৰ পৰ্যালোচনা কৰিছিল। এই কথোপকথন অনুসৰি ব্যক্তিৰ আত্মাৰ পৰা প্ৰেম নিঃসৰিত হয়। মৈত্ৰেয়ী আত্মা আৰু ব্ৰহ্মৰ প্ৰকৃতি আৰু সেই দুয়োৰে একতা আলোচনা কৰিছিল। এই ধাৰণা অদ্বৈত বেদান্ত দৰ্শনৰ মূল কথা। বৃহদাৰণ্যক উপনিষদ গ্ৰন্থৰ এই মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদ সুৰেশ্বৰৰ বাৰ্ত্তিক টীকাৰ মূল বিষয়বস্তু।

বৈদিক যুগত নাৰীসকলে শিক্ষাৰ সুযোগ লাভ কৰিছিল আৰু দাৰ্শনিক সমাজত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল তাৰে উদাহৰণ হিচাপে মৈত্ৰেয়ীৰ নাম উল্লেখ কৰা হয়। তেওঁক ভাৰতীয় বিদুষীসমূহৰ প্ৰতীক বুলি গণ্য কৰা হয়। নতুন দিল্লীত মৈত্ৰেয়ীৰ সন্মানাৰ্থে এখন শিক্ষানুষ্ঠানৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ “উদ্বিগ্নতা”ৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ফেব্ৰুৱাৰী-২০২১ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ৩২৭

বিশ্বৰ প্ৰেক্ষাপট

[সম্পাদনা কৰক]

ব্যক্তি বিষয়ক

[সম্পাদনা কৰক]
  1. ৰোচন আৰা বেগম
  2. ফিয়েৰলেচ নাদিয়া
  3. মমতাজ বেগম
  4. পেচেন্‌চ কুপাৰ
  5. হেৰিছ জং
  6. মীনা শোৰী
  7. খালেদা জিয়া
  8. দীপা মেহতা
  9. জেৎচুন পেমা
  10. ৰুপি কৌৰ

ভাৰতীয় পটভূমি

[সম্পাদনা কৰক]

ব্যক্তি বিষয়ক

[সম্পাদনা কৰক]
  1. গীতা ভেংকটৰমণ
  2. যুথিকা ৰায়
  3. ‎প্ৰতিমা বন্দোপাধ্যায়
  4. জানকী দেৱী বাজাজ
  5. ‎পদ্মজা নাইডু
  6. স্বৰণ লতা (কণ্ঠশিল্পী)
  7. জগজিৎ কৌৰ
  8. হিৰা দেৱী ৱাইবা
  9. গাৰ্গী
  10. মাধুৰী চট্টোপাধ্যায়
  11. নীতা সেন
  12. মীনা ৰাণা
  13. সুপ্ৰিয়া দেৱী
  14. মৈত্ৰেয়ী
  15. অমৃতা সুৰেশ
  16. সৰলা ঠকৰাল
  17. অংশুলা কান্ত
  18. জ্যোৎস্না শ্ৰীকান্ত
  19. অপৰ্ণা সেন
  20. হেলেন (অভিনেত্ৰী)
  21. প্ৰেমলতা অগ্ৰৱাল
  22. গীতা দত্ত
  23. নোৰা পোলী
  24. কাঞ্চন চৌধুৰী ভট্টাচাৰ্য
  25. শীলা মেহতা
  26. নূতন
  27. স্মিতা মাধৱ
  28. ডলী গুলেৰীয়া
  29. মিনু ঠাকুৰ
  30. মণিকা বাত্ৰা
  31. আৰুচি নিশাংক
  32. বৈশালী মহান্তি
  33. বীণা ৰায়
  34. টুন টুন
  35. গংগা দেৱী (চিত্ৰশিল্পী)
  36. নৰ্তকী নটৰাজ
  37. মাঞ্জাম্মা জগতী
  38. চিল্ক স্মিতা
  39. মৈত্ৰেয়ী পাটৰ
  40. ভাৰতী শিৱাজী
  41. ই. গায়ত্ৰী
  42. অবলা বসু
  43. মুমতাজ (অভিনেত্ৰী)
  44. প্ৰতিষ্ঠা শৰ্মা
  45. সবিতা শাস্ত্ৰী
  46. বেগম হজৰত মহল
  47. পদ্মা সুব্ৰামনিয়াম
  48. তাৰাবাই ভোঁচলে
  49. লিচিপ্ৰিয়া কাংগুজাম
  50. আল্পনা বন্দোপাধ্যায়
  51. কৃষ্ণা দাশগুপ্ত
  52. য়ামিন হাজৰিকা
  53. শশীকলা দানী
  54. বেগম আখটাৰ
  55. দীপিকা পাডুকন
  56. ৰুক্মিনী বিজয়াকুমাৰ
  57. উমা শৰ্মা
  58. সুৰাইয়া
  59. ফাটিমা বেগম
  60. জুবেইদা
  61. বনী ঠনী
  62. অদিতি গুপ্তা
  63. ৰেশমা পাঠান
  64. সৰস্বতী দেৱী (সঙ্গীত পৰিচালক)
  65. জদ্দনবাঈ
  66. গৌহৰ জান
  67. সুকন্যা ৰহমান
  68. ৰাণী দুৰ্গাৱতী
  69. চেহনাজ হুছেইন
  70. সীমা ৰাও
  71. পালি চন্দ্ৰা
  72. তাপ্‌সী পন্নু
  73. ভূৰী বাঈ
  74. নিদুমোলু সুমথি
  75. কংকনা সেন শৰ্মা
  76. সিন্ধুতাঈ সপকাল
  77. শিৱানী বৰ্মা
  78. কুমুদিনী লাখিয়া
  79. শশী ৱাধৱা
  80. মঞ্জু শৰ্মা
  81. শশী দেশপাণ্ডে
  82. মালবিকা চাৰুক্কাই
  83. মালবিকা ৱেলছ
  84. মায়া ৰাও
  85. অনিতা নায়াৰ
  86. মিনাক্ষী শ্ৰীনিবাসন
  87. পাপ্পাম্মাল
  88. নয়নতৰা চেহগল
  89. অনুৰাধা আচাৰ্য
  90. মিনতি মিশ্ৰ
  91. কমল ৰণদিৱে
  92. চি এচ লক্ষ্মী
  93. ভাৰতী মুখাৰ্জী
  94. কস্তুৰী পট্টানাইক
  95. অশ্বিনী ভিড়ে-দেশপাণ্ডে
  96. বিনোদিনী দাসী
  97. প্ৰভাৱতী দেৱী সৰস্বতী
  98. প্ৰভাৱতী দেৱী
  99. গংগুবাঈ হংগল
  100. বেগম ৰোকেয়া
  101. মালিনী অৱস্তী
  102. দময়ন্তী যোশী
  103. শেফালী শ্বাহ
  104. ৰামায়া কৃষ্ণন
  105. গায়ত্ৰী দেৱী
  106. কমলা নেহৰু
  107. ছাই পল্লৱী
  108. ৰাণী ৰাসমণি
  109. কৃষ্ণা সোব্‌তি
  110. পণ্ডিতা ৰমাবাঈ
  111. ললিতা পাৱাৰ
  112. ৰুবি মায়াৰ্ছ
  113. ৰাণী ৰাসমণি
  114. ৰাধিকা শৰৎকুমাৰ
  115. গৌৰী লংকেশ
  116. কানন দেৱী
  117. অনুজা চৌহান
  118. সীমা ভাটনাগৰ
  119. ৰাধিকা ৰয়
  120. সাৰদা (অভিনেত্ৰী)
  121. ভানুপ্ৰিয়া
  122. দাৰোজী এৰাম্মা
  123. শ্ৰীলক্ষ্মী গোৱৰ্ধনন
  124. টানিয়া শচদেৱ
  125. শীলা শ্ৰী প্ৰকাশ
  126. উষা যাদৱ
  127. লক্ষ্মী (অভিনেত্ৰী)
  128. স্মিতা পাটিল
  129. শোভা (অভিনেত্ৰী)
  130. কে আৰ মীৰা
  131. চুলতানা (অভিনেত্ৰী)
  132. তৰু দত্ত
  133. ৰোশনী নাদাৰ
  134. মীনা আলেকজেণ্ডাৰ
  135. ৰেখা (অভিনেত্ৰী)
  136. লীলা শেঠ
  137. সাৰন্য পোনভান্নন
  138. মাধুৰী কানিটকৰ
  139. অনন্যা চট্টোপাধ্যায়
  140. লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী
  141. মনিষা উন্নি
  142. অনুৰাধা ৰায়
  143. গীতা হৰিহৰণ
  144. সুৰভি লক্ষ্মী
  145. হংসা জীৱৰাজ মেহতা
  146. তাৰা (কন্নড় অভিনেত্ৰী)
  147. নুৰান চিষ্টাৰ্চ
  148. মমতা চন্দ্ৰকৰ
  149. য়ুমলেম্বম গম্ভিনী দেৱী
  150. নৱনীতা দেৱ সেন
  151. নিগাৰ চুলতানা
  152. বিশাখা হৰি
  153. ৰূপমতী
  154. বৌৱা দেৱী
  155. ঋতুপৰ্ণা সেনগুপ্ত
  156. মহাসুন্দৰী দেৱী
  157. ইন্দ্ৰানী হালদাৰ
  158. গোদাৱৰী দত্ত
  159. সাবিত্ৰী চট্টোপাধ্যায়
  160. উৰ্বশী বুটালিয়া
  161. ৰমিলা থাপাৰ
  162. শাবানা আজমী
  163. আমিনা আহমেদ আহুজা
  164. এলম ইন্দিৰা দেৱী
  165. সাৱিত্ৰী হেইচনাম
  166. উমা ডগ্ৰা
  167. আশা পাৰেখ
  168. বানু জাহাংগীৰ কয়াজী
  169. অৰুণা ইৰানী
  170. নীলম ক্লেৰ
  171. মধুলিকা লিড্ডল
  172. মাধুৰী দীক্ষিত
  173. টবু
  174. মেৰী ক্লাৱৱালা যাদৱ
  175. এম. সাৰদা মেনন
  176. উৰ্মিলা পাৱাৰ
  177. ৰেৱতী
  178. ইলিয়ানা ডি'ক্ৰুজ
  179. চোহা আলী খান
  180. কমলা ভাচিন
  181. মুনাৱৰ চুলতানা
  182. নলিনী জয়ৱন্ত
  183. সুহাসিনী মণিৰত্নম
  184. অংশু জামচেংপা
  185. বিন্নী য়াংগা
  186. পাওলি দাম
  187. ভাগ্যশ্ৰী
  188. কাজল
  189. এম. কে. বিনোদিনী দেৱী
  190. তনুজা
  191. দেৱকী জৈন
  192. ঊষা মেহতা
  193. নীলমণি দেৱী
  194. পূৰ্ণিমা অৰবিন্দ পাকভাসা
  195. বিমলাক্কা
  196. সঞ্জনা কাপুৰ
  197. কল্পনা সৰোজ
  198. বিন্দু (অভিনেত্ৰী)
  199. কবিতা কেইন

পৌৰাণিক ভাৰতীয় আখ্যান

[সম্পাদনা কৰক]
  1. ‎প্ৰহস্ত
  2. ‎মহাদেৱী
  3. ভূদেৱী
  4. ‎মহাকালী
  5. ভূতমাতা
  6. হিড়িম্বী
  7. সত্যভামা
  8. বগলামুখী
  9. কামধেনু
  10. স্বাহা
  11. ভদ্ৰা
  12. পুতনা
  13. লজ্জা গৌৰী
  14. ৰতি
  15. মাতৃকা
  16. শচী
  17. শৈলপুত্ৰী
  18. চামুণ্ডা
  19. দময়ন্তী
  20. কুষ্মাণ্ডা
  21. মন্থৰা
  22. শীতলা
  23. কাত্যায়নী
  24. কামাখ্যা দেৱী
  25. কালৰাত্ৰি

অন্যান্য

[সম্পাদনা কৰক]
  1. লিংগ বৈষম্য আৰু ভাৰতীয় নাৰী
  2. তানা আৰু ৰিৰি
  3. প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা
  4. দুৰ্গা অষ্টমী
  5. নিৰ্ভয়া নিধি
  6. পাৰ্চী থিয়েটাৰ
  7. আল্পনা
  8. আলতা
  9. মণিপুৰী সংকীৰ্তন
  10. ঘুগুৰা
  11. ঘুমৰ নৃত্য
  12. দাণ্ডিয়া ৰাস
  13. হোজাগিৰি নৃত্য
  14. মিম কুট
  15. কʼলাট্টম নৃত্য
  16. ধালো নৃত্য
  17. কন্যাৰকালি
  18. লাস্য
  19. পুলি কালি
  20. কস্তুৰবা গান্ধী বালিকা বিদ্যালয়
  21. ফুগডি
  22. গৰবা
  23. ভাল্লাম কালি
  24. ৰুদালী
  25. চান্নাপাটনা খেলনা
  26. কোণ্ডাপল্লী খেলনা
  27. ৱাংখেই ফি
  28. নৌটংকী
  29. বঙালী থিয়েটাৰ
  30. ভাৰতীয় গণনাট্য সংঘ
  31. চম্বা ৰুমাল
  32. খুৰ্জা মৃৎশিল্প
  33. গুজৰাটী থিয়েটাৰ
  34. ভৱাই
  35. থাবাল চোংগবা
  36. মাৰাঠী থিয়েটাৰ
  37. আখ্যান
  38. মংগল সূত্ৰ
  39. বৰমালা
  40. সঙ্গীত নাটক
  41. নাচিয়াৰকইল চাকি
  42. কোল্‌হাপুৰী চেণ্ডেল
  43. ৰামলীলা

অসম বিষয়ক

[সম্পাদনা কৰক]

ব্যক্তি বিষয়ক

[সম্পাদনা কৰক]
  1. সবিতা গোস্বামী
  2. যোগেশ্বৰ বৰুৱা
  3. গৰিমা হাজৰিকা
  4. দীপিকা ডেকা
  5. প্ৰণিতা তালুকদাৰ
  6. প্ৰিয়ংকা দাস ৰাজকাকতি
  7. কুল বৰুৱা
  8. বিনীতা বৰুৱা
  9. ডালিমী
  10. ৰিচাৰ্ড বৰ্মন

গ্ৰন্থ বিষয়ক

[সম্পাদনা কৰক]
  1. আধুনিক অসমীয়া কবিতা-মঞ্জৰী (গ্ৰন্থ)


অন্যান্য

[সম্পাদনা কৰক]
  1. বাথৌ ধৰ্ম
  2. টোকাৰী গীত
  3. মহো-হো গীত
  4. জোনবিৰি (অলংকাৰ)
  5. ঢোলবিৰি
  6. দুগদুগী
  7. ৰিহা
  8. দখনা
  9. অসমৰ সংস্কৃতিত অন্ধবিশ্বাস
  10. অসমৰ কুঁহিলা শিল্প
  11. বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  12. তুলা আৰু তেজা
  13. চ'ৰে পূজাৰ গীত
  14. অসমৰ ঠাইৰ নামকৰণ
  15. চুলাই

সানমিহলি

[সম্পাদনা কৰক]
  1. আলু পিটিকা
  2. লুকা-ভাকু
  3. বাঘ বন্দী
  4. ৰজা চোৰ মন্ত্ৰী সৈনিক
  5. পূৰ্ণতাবাদ
  6. মীনা
  7. ঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী
  8. ৰছী টনা খেল
  9. কিটি পাৰ্টি
  10. ড্ৰেগ
  11. আত্মসহায়ক গোট
  12. লিঙ্গ ভিত্তিক গৰ্ভপাত
  13. গিদ্ধা
  14. লিপুতা
  15. বিঝু নৃত্য
  16. আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস
  17. মানৱ দুগ্ধ বেংক
  18. অনুকাহিনী
  19. জাতক
  20. বুৰ্খা
  21. মোমো
  22. কংগো দেশৰ ৰন্ধনশৈলী
  23. হাড়ৰ জায়েণ্ট-চেল টিউমাৰ
  24. চি এছ এছ
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
আহোম যুগৰ বৰটোপৰ দুটা গুলি আৰু খনিয়া কাপোৰ।
আলোকচিত্ৰ শিল্পী: ভাৰ্গৱ বুঢ়াগোহাঁই
উল্লেখনীয় ৱিকিমিডিয়ান

জলি বৰা: ২০১১ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। কানাডা নিবাসী লখিমপুৰৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত এতিয়ালৈকে ৪১৬৩টা আৰু অসমীয়া ৱিকিউৎসত ৩৯৩১টা সম্পাদনা কৰিছে। অসমীয়া ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা প্ৰবন্ধৰ সংখ্যা ৫৩০। অসমীয়া ৱিকিমিডিয়ালৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “The Working Woman's Barnstar”, "The Fauna Barnstar", "The Barnstar of Diligence", "পক্ষীকুল পদক", "ৱিকিপিডিয়াৰ প্ৰবন্ধকাৰ পদক", "ৱিকিপিডিয়াৰ অনুপ্ৰেৰণা বঁ‌টা", "অমূল্য অৱদান পদক" আদিৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ সফলতা কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
বাবুল বৈশ্য
অমূল্য অৱদান পদক
কুলধৰ ৰাভা
ফটোগ্ৰাফাৰ পদক
ইন্দ্ৰনীল গায়ন,

গীতাৰ্থ বৰদলৈ,

বিকাশ দিহিঙ্গীয়া,

অৰ্ণৱ জ্যোতি আৰ্য্য,

অনিন্দিতা হাজৰিকা,

চন্দন চিৰিং ফুকন,

দেৱাশিস বুঢ়াগোহাঁই,

বেবী দেৱী,

কৌশিকা বৰদলৈ,

অজয় দাস

বুলেট ট্ৰেইন পদক
অজয় দাস
সুলেখিত প্ৰবন্ধকাৰ পদক
ঈশান জ্যোতি বৰা,

বাবুল বৈশ্য,

চন্দন চিৰিং ফুকন

ফিনিক্স বঁটা
প্ৰণৱ জ্যোতি ভূঞা
নাৰী গৌৰৱ পদক
জোনালী বৰুৱা,
The Special Barnster Jury Award
ৰংগন দত্ত,

বিক্ৰমজিৎ কাকতি,

নেজিব আহমেদ




উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৮,০৮৩ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩১১ খনলৈ বৃদ্ধি পালে।



পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
অসমীয়া ৱিকিপিডিয়া আলোকচিত্ৰ প্ৰতিযোগিতা ২০২১ৰ ফলাফল
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অম্লান বসুমতাৰী৯১৬-১৪১৪৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য৮১৪-২৬৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অজয় দাস৬২৩--১১১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা৩৯৯১৫-১২২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জোনালী বৰুৱা৩৯৭--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণজ্যোতি নাথ২৮৮--২০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা২৯৯--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ১০৮-১৪৮(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰণৱ জ্যোতি ভূঞা২৪১--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০গীতাশ্ৰী গগৈ আপ্তে৯২১০৫- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ৰুমী বৰা-১৭৫-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২দিব্য দত্ত৬৮৬৫১৩(আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩প্ৰণামিকা অধিকাৰী-১৪৭-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪পল্লবী দত্তবৰুৱা-১৩৭-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫চন্দন চিৰিং ফুকন৯৬--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬মৃদুল কুমাৰ শৰ্মা-৭৯-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল ভাস্কৰজ্যোতি ভূঞা, হানিফ আলী

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।