সমললৈ যাওক

কৃষ্ণা দাশগুপ্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৃষ্ণা দাশগুপ্ত
পৃষ্ঠভূমি
জন্ম নাম কৃষ্ণা গঙ্গোপাধ্যায়
জন্ম ২৯ ডিচেম্বৰ, ১৯৩৭
জানাই, হুগলি, পশ্চিমবঙ্গ
মৃত্যুৰ তাৰিখ ২০১৩ (বয়স ৭৫৭৬)
সংগীতৰ ধৰণ নেপথ্য কণ্ঠশিল্পী
পেচা গায়িকা

কৃষ্ণা দাশগুপ্ত (ইংৰাজী: Krishna Dasgupta, জন্ম: কৃষ্ণা গঙ্গোপাধ্যায়, ১৯ ডিচেম্বৰ ১৯৩৭-২০১৩) পশ্চিমবঙ্গ, ভাৰতৰ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী। তেওঁ বঙালী ভাষাত অসংখ্য চলচ্চিত্ৰীয় আৰু অনা-চলচ্চিত্ৰীয় গীত গাইছে, বিশেষকৈ ১৯৫০, ১৯৬০ আৰু ১৯৭০ৰ দশকত।[1] মহালয়াৰ দিনা পুৱা দোকমোকালিতে আকাশবাণীৰ কলকাতা কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত মহিষমৰ্দ্দিনী কাৰ্যক্ৰমত কণ্ঠদানৰ বাবে তেওঁক বহুলভাবে জনা যায়। ১৯৩১ চনত আৰম্ভ হোৱা এই কাৰ্যক্ৰম আজিও সমানে জনপ্ৰিয়।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

কৃষ্ণা দাশগুপ্তৰ জন্ম পশ্চিমবঙ্গৰ হুগলিৰ জানাইত হৈছিল। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ নমস্য কণ্ঠশিল্পী তাৰাপদ চক্ৰৱৰ্তী আৰু ওস্তাদ আমিৰ খানৰ শিষ্যা আছিল।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

দাশগুপ্ত বহুমুখী দক্ষতাসম্পন্ন কণ্ঠশিল্পী আছিল। তেওঁ খেয়াল, ভজন, থুমৰিৰ লগতে বঙালী আধুনিক গীততো সমানে পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁ ‘অসমাপ্ত’ (১৯৫৭), ‘ৰাজলক্ষ্মী ও শ্ৰীকান্ত’ (১৯৫৮) আদি ছবিত পণ্ডিত জ্ঞান প্ৰকাশ ঘোষ ৰচিত গীতত কণ্ঠ দিছিল।[4] তেওঁ গীত গোৱা আন কেইখনমান ছবি হ’ল- ‘ভ্ৰান্তি’, ‘নদেৰ নিমাই’ (১৯৬০), বাসু ভট্টাচাৰ্য পৰিচালিত হিন্দী ছবি 'তুমহাৰে কাল্লু' (১৯৭৫)। বিভিন্ন সঙ্গীত সন্মিলনবোৰতো তেওঁ অংশগ্ৰহণ কৰিছিল।[1][3]

আকাশবাণীৰ জনপ্ৰিয় কাৰ্যক্ৰম, মহালয়াৰ দিনা সম্প্ৰচাৰ কৰা মহিষমৰ্দিনী কাৰ্যক্ৰমৰ ‘অখিল বিমানে তবু জয়গানে’ শীৰ্ষক গীতটোত তেওঁ কণ্ঠদান কৰিছিল। মহিষাসুৰ বধক কেন্দ্ৰ কৰি ৰচনা কৰা গীতি-আলেখ্যখন ১৯৩৩ চনৰ ১৯ চেপ্তেম্বৰত আকাশবাণীত (তেতিয়াৰ অল ইণ্ডিয়া ৰেডিঅ’) প্ৰথম প্ৰচাৰ হয়। কিছু ব্যতিক্ৰম বাদ দি অতি জনপ্ৰিয় এই অনুষ্ঠানটো প্ৰতি বছৰে মহালয়াৰ প্ৰত্যুষতে প্ৰচাৰ হৈ আহিছে। গীতি-আলেখ্যখনৰ ৰচনা বাণী কুমাৰৰ, সঙ্গীত পৰিচালনা পঙ্কজ মল্লিকৰ, আবৃত্তি আৰু শ্লোকপাঠ বীৰেন্দ্ৰকৃষ্ণ ভদ্ৰৰ। কৃষ্ণা দাশগুপ্তকে ধৰি পশ্চিমবঙ্গৰ সঙ্গীত জগতৰ বহু তাৰকা কণ্ঠশিল্পী অনুষ্ঠানটো্ত জড়িত হৈ আছিল।[5][6] গীতি-আলেখ্যখনৰ সঙ্গীত পৰিচালনা পঙ্কজ মল্লিক হ’লেও ইয়াৰ ‘আলোকেৰ গানে’ আৰু দাশগুপ্তই গোৱা ‘অখিল বিমানে’ গীত দুটাত সুৰ দিয়ে হৰিশ্চন্দ্ৰ বালীয়ে। ‘শান্তি দিলে ভৰি’ গীতটোত সুৰ দিয়ে সাগিৰ খাঁই।[7]

দাশগুপ্তৰ ২০১৩ চনত মৃত্যু হৈছিল। তেওঁৰ শিষ্যা চিনেমেটোগ্ৰাফাৰ ৰমানন্দ সেনগুপ্তৰ জীয়াৰী নন্দিনী চক্ৰৱৰ্তীয়ে কৃষ্ণা দাশগুপ্ত জীৱনৰ আধাৰত ‘হাৰানো সুৰ’ (হেৰুওৱা সুৰ) নামেৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। তেতিয়া ১৯৭৭ চন। নন্দিনীহঁতৰ পৰিয়ালটো আৰু কৃষ্ণা দাশগুপ্ত একেটা অঞ্চলতে বাস কৰিছিল। শৈশৱত নন্দিনীয়ে তেওঁৰ পৰা পৰা কণ্ঠ-সঙ্গীত শিকিছিল। পিছলৈ যেতিয়া নন্দিনীয়ে আকৌ দেউতাকৰ ঘৰখনত থাকিব আহিছিল, পুনৰ দুয়োৰো যোগাযোগ হৈছিল।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 "Harano Sur is a tribute to my guru, Krishna Ganguly Dasgupta". https://timesofindia.indiatimes.com/entertainment/bengali/music/harano-sur-is-a-tribute-to-my-guru-krishna-ganguly-dasgupta/articleshow/72305585.cms আহৰণ কৰা হৈছে: 2020-09-17.
  2. "Mahalaya Know the brains behind Mahishasuramardini recital — a timeless classic". https://www.thestatesman.com/india/mahalaya-2018-know-brains-behind-timeless-classic-composition-mahishasuramardini-1502694063.html আহৰণ কৰা হৈছে: 2020-09-20.
  3. 1 2 "Esha Bandyopadhyay Biography". Archived from the original on 2021-05-08. https://web.archive.org/web/20210508134113/http://eshavocal.com/about.php.
  4. "Youtube - Film: Rajlakhsmi & Srikanta--Aaji E Shrabone Eso Phire--Krishna Gangopadhyay (Dasgupta) (1958)". https://www.youtube.com/watch?v=KXI8J38Ghhw.
  5. "Youtube - Akhilo Bimane Tabo Jayoi Gane by Krishna Dasgupta". https://www.youtube.com/watch?v=8wK3bUb-tyw.
  6. "Youtube - Akhilo Bimane Tabo Jayoi Gane Cover by Chandrima Banerjee Sarkar". https://www.youtube.com/watch?v=gXKQjhaXLhY.
  7. "মহিষাসুৰমৰ্দ্দিনীː বাঙালিৰ মহালয়া". আনন্দবাজাৰ পত্ৰিকা অনলাইন. ২৯ চেপ্তেম্বৰ ২০১৯. https://www.anandabazar.com/editorial/a-short-history-of-birendra-krishna-bhadra-s-mahisasura-mardini-in-all-india-radio-kolkata-1.1052232 আহৰণ কৰা হৈছে: 12 February 2021.