মীনা শোৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মীনা শোৰী
জন্ম খুৰচিদ জাহান
১৩ ছেপ্টেম্বৰ, ১৯২৬[1]
ৰাইৱিন্দ, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমান পাকিস্তানত)
মৃত্যু ৩ ছেপ্টেম্বৰ, ১৯৮৯ (৬২ বছৰ)
লাহোৰ, পাকিস্তান
সমাধিস্থল লাহোৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৪১-১৯৭৯
দাম্পত্যসঙ্গী জহুৰ ৰাজা
অল নাচিৰ
ৰূপ কুমাৰ শোৰী
ৰাজা মীৰ
আচাদ বোখাৰি

মীনা শোৰী (ইংৰাজী: Meena Shorey ; ১৩ চেপ্তেম্বৰ ১৯২৬- ৩ চেপ্তেম্বৰ ১৯৮৯) হিন্দী-উৰ্দু আৰু পঞ্জাবী ভাষাৰ চলচ্চিত্ৰ অভিনেত্ৰী। পৰ্দাত তেওঁৰ নাম মীনা যদিও প্ৰকৃত নাম হ’ল- খুৰচিদ জাহান। চোহৰাব মোডীৰ ছিকন্দৰ ছবিত পাৰ্শ্ব চৰিত্ৰত অভিনয়ৰ ষোগে তেওঁ চলচ্চিত্ৰ জগতত প্ৰবেশ কৰে। তেওঁৰ এক থী লড়কী (১৯৪৯) ছবিখন চুপাৰ-ডুপাৰ হিট হৈছিল আৰু আধুনিক মুক্তমনা যুৱতীসকলৰ ‘আইকন’ ৰূপে পৰিগণিত হৈছিল।[2] ভাৰতীয় চলচ্চিত্ৰত তেওঁক প্ৰথম কৌতুকৰ দক্ষতা থকা অভিনেত্ৰীৰূপে স্বীকৃতি দিয়া হয়।[3] ১৯২১ চনতৰ ১৭ নৱেম্বৰত ব্ৰিটিছ ভাৰতৰ পঞ্জাব প্ৰদেশৰ ৰাইৱিণ্ডত (বৰ্তমান পাকিস্তানত) তেওঁৰ জন্ম হৈছিল। মাক-দেউতাকৰ চাৰিটা সন্তানৰ ভিতৰত তেওঁ দ্বিতীয় আছিল। ঘৰৰ অৱস্থা অতি শোচনীয় হোৱাত বোম্বেত থকা বিবাহিতা বায়েকৰ ঘৰলৈ পঠিয়াই দিছিল। এনেকৈয়ে এদিন চিনেমাৰ শ্বুটিং চাবলৈ যোৱাত তেওঁ চলচ্চিত্ৰ নিৰ্মাতা চোহৰাব মোডীৰ চকুত পৰে।[4]

কৰ্মজীৱন[সম্পাদনা কৰক]

ভাৰতত[সম্পাদনা কৰক]

এটা সৰু চৰিত্ৰৰে ভূমুকি মৰা ‘ছিকন্দৰ’ (১৯৪১) মীনাৰ জীৱনৰ প্ৰথম ছবি। ইয়াত তেওঁ তক্ষশীলাৰ ৰজাৰ ভনীয়েকৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।[3] এইখন আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণৰ পটভূমিত নিৰ্মিত এখন ঐতিহাসিক ছবি আছিল। চোহৰাব মোডী পৰিচালিত এই ছবিখনে প্ৰভুত জনপ্ৰিয়তা পাইছিল। ইয়াৰ পিছতে মোডীৰ মিনাৰ্ভা মোভীটোনৰ বেনাৰত তেওঁ আৰু তিনিখন ছবিত দ্বিতীয় নায়িকাৰ অভিনয় কৰাৰ সুযোগ পাইছিল- ‘ফিৰ মিলেঙ্গে’ (১৯৪২), ‘পৃথ্বী বল্লভ’ (১৯৪৩) আৰু ‘পত্থৰো কা সৌদাগৰ’ (১৯৪৩)।[5]

ৰুপ কুমাৰ শোৰীয়ে লাহোৰৰ পৰা মুম্বাইলৈ স্থানান্তৰ হৈছিল আৰু তেওঁৰ ছবি ‘শালিমাৰ’ৰ (১৯৪৬) বাবে মীনাক লব বিচাৰিছিল। কিন্তু তেওঁ চোহৰাব মোডীৰ সৈতে চুক্তিবদ্ধ হৈ থকা বাবে ‘শালিমাৰ’ত কাম কৰিব নোৱাৰিলে। লাহোৰলৈ এটা ভ্ৰমণত যাওঁতে প্ৰযোজক দিলসুখ পাঞ্চলীয়ে তেওঁক দুখন ছবি-‘শহৰ সে দূৰ’ (১৯৪৬) আৰু ‘আৰ্চি’ৰ (১৯৪৭) বাবে চহী কৰায়। অৱশেষত চোহৰাব মোডীৰ সৈতে থকা চুক্তিৰ বান্ধোনৰ পৰা তেওঁৰ পত্নী মেহতাবৰ সহায়ত মীনাই মুক্তি পায়।[4]

১৯৪৮ চনত মীনাই ৰূপ কুমাৰ শোৰী পৰিচালিত পঞ্জাবী চলচ্চিত্ৰ ‘চমন’ত অভিনয় কৰে। পৰিচালক ৰূপ কুমাৰ দেশ বিভাজনৰ পৰিণতিত ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈ লাহোৰৰ পৰা মুম্বাইলৈ প্ৰব্ৰজন কৰে আৰু পত্নীৰ অৰ্থ সাহায্য ‘শোৰী ফিল্মচ’ বুলি ফিল্ম প্ৰডাকচন হাউচ এটা খোলে।[2] ছবিখন যথেষ্ট হিট হৈছিল। বিনোদে পৰিচালনা কৰা ছবিৰ গীতবোৰেও যথেষ্ট জনপ্ৰিয় পাইছিল।[6] পুষ্পা হংস আৰু সঙ্গীবৃন্দই গোৱা ছবিখনৰ এটা জনপ্ৰিয় গীত- ‘চান কিথন গুজাৰী আই ৰাত ওয়ে’।[7]

১৯৪৯ চনত ৰূপ কুমাৰ শোৰীয়ে পৰিচালনা আৰু প্ৰযোজনা কৰা, আই. এচ. জোহৰৰ কাহিনী আৰু বিনোদে সঙ্গীত দিয়া ‘এক থী লড়কী’ মুক্তি পায়। এই ছবিখনৰ ‘লাৰা লাপ্পা লাৰা লাপ্পা লায়ি ৰখদি’ শীৰ্ষক গীতটো কেইবা বছৰ জুৰি জনপ্ৰিয় হৈ আছিল আৰু মীনাৰ ওঠত দিয়া এই গীতটোৰ বাবে পিছলৈ তেওঁ ‘লাৰা লাপ্পা গাৰ্ল’ বুলি জনাজাত হৈছিল। লতা মংগেশকাৰে গোৱা এই গীতটো তেওঁৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এটা জনপ্ৰিয় গীত বুলি গণ্য কৰা হয়।[8][9]

১৯৫০ চনত তেওঁ কৰন দেৱান প্ৰডাকচনৰ ‘অনমোল ৰতন’ত অভিনয় কৰে। শোৰে ফিল্মচে প্ৰযোজনা কৰা আৰু ৰূপ কুমাৰ শোৰীয়ে পৰিচালনা কৰা ‘ঢোলক’ৰ (১৯৫১) মূল ভূমিকাত আছিল অজিত খান আৰু মীনা। সঙ্গীত পৰিচালনা আছিল শ্যাম সুন্দৰৰ। শ্যাম সুন্দৰক এই ছবিকে ধৰি আৰু কিছু ছবিত দিয়া ‘অবিস্মৰণীয় সুৰ’ৰ বাবে উল্লেখনীয় হৈ থাকিব। ভাৰতত মুক্তি পোৱা তেওঁৰ শেষৰ দুখন ছবি হ'ল- জি.পি.চিপ্পিৰ 'শ্ৰীমতী ৪২০' আৰু মঞ্জু পৰিচালিত 'চদ্দু' (১৯৫৮)[10][2]

পাকিস্তানত[সম্পাদনা কৰক]

পাকিস্তানী চলচ্চিত্ৰ প্ৰযোজক জে.চি. আনন্দে ‘মিচ ১৯৫৬’ নামৰ ছবি এখন নিৰ্মাণ কৰিবলৈ ৰূপ কুমাৰ শোৰে আৰু মীনাক লাহোৰলৈ আমন্ত্ৰণ জনায়; যিখন ছবি গুৰু দত্তৰ চুপাৰ হিট ‘মিষ্টাৰ এণ্ড মিচেচ ৫৫’ৰ (১৯৫৫) অনুকৰণ আছিল। মিচ ১৯৫৬ত অভিনয় কৰে মীনা আৰু চৈয়দ মুচা ৰাজা, শামীন আৰা আৰু নুৰ মহম্মদ চাৰ্লিয়ে।[11] ছবিৰ সঙ্গীত আছিল জি.এ. চিষ্টিৰ। তেওঁৰ স্বামী ৰূপ কুমাৰ শোৰী ভাৰতলৈ উভতি আহে যদিও লাহোৰত ভাল সঁহাৰি পাই মীনাই তাতে থাকি যাবলৈ সিদ্ধান্ত লয়। তেৱেঁ লাক্সৰ পাকিস্তানৰ প্ৰথম মডেল আৰু ‘লাক্স লেডী অফ পাকিস্তান’ বুলি পিছলৈ প্ৰখ্যাত হৈ পৰে।[4]

তেওঁৰ প্ৰথম প্ৰখ্যাত ছবি ‘চৰফৰোচ’ (১৯৫৬), য’ত তেওঁ এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছিল আৰু দুটা জনপ্ৰিয় গীত তেওঁৰ ওপৰত চিত্ৰায়িত কৰা হৈছিল। তেওঁক মুখ্য চৰিত্ৰত লোৱাৰ কথা আছিল যদিও শেহত তেওঁৰ দ্বাৰা স্পাৰ্শ চৰিত্ৰত অভিনয় কৰোৱা হৈছিল। আনোৱাৰ কামাল পাচাই পৰিচালনা কৰা ছবিখনৰ মুখ্য ভূমিকাত আছিল চাবিহা খানম আৰু চৈয়দ মুচা ৰাজা। সঙ্গীত ৰচিদ আত্ৰেৰ। চৰফৰোচে প্ৰভুত জনপ্ৰিয়তা লাভ কৰিছিল।[12]

তেওঁ অভিনয় কৰা কেইখনমান ছবি হ’ল- হুমায়ুন মিৰ্জা পৰিচালিত ‘বড়া আদমী’ (১৯৫৭), এম.এইচ. মহিব পৰিচালিত ‘চিতাৰো কা দুনীয়া’ (১৯৫৮), সাকলিন ৰিজৱি পৰিচালিত ‘জগ্গা’ (১৯৫৮ পঞ্জাবী চলচ্চিত্ৰ) আৰু আচলাম ইৰাণী পৰিচালিত ‘বহুৰুপীয়া’ (১৯৬০ পঞ্জাবী চলচ্চিত্ৰ)।[13] তেওঁৰ উল্লেখনীয় ছবিৰ ভিতৰত কেইখনমান হ'ল- 'মৌচিকৰ' (১৯৬২), 'অন্ধী মোহব্বত' (১৯৬৪) আৰু 'খামোচ ৰহো' (১৯৬৪)।[4]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

কোৱা হয় যে মীনাই পাচবাৰ বিয়াত বহিছিল।[14] প্ৰথম বিবাহ হৈছিল অভিনেতা, প্ৰযোজক, পৰিচালক জহুৰ ৰাজাৰ সৈতে ১৯৪২ চনৰ এপ্ৰিলত[15]; দ্বিতীয় বিবাহ অভিনেতা আৰু সহ-তাৰকা অল নাচিৰৰ সৈতে[16]; তৃতীয় বিবাহ ৰূপ কুমাৰ শোৰেৰ সৈতে। এইখন বিয়া ১৯৫৬ চনলৈ সাত-আঠ বছৰমান টিকিছিল। উল্লেখনীয় যে মীনাই অভিনয় জীৱনৰ সফলতা এই সময়চোৱাতে পাইছিল আৰু এইজন স্বামীৰ উপাধিৰে তেওঁ পৰিচিত হৈ পৰিছিল। চলচ্চিত্ৰৰ কামত পাকিস্তাননলৈ গৈ মীনা উভতি আহিব নিবিচৰা বাবে দুয়োৰো এৰা-এৰি হৈছিল। তেওঁৰ চতুৰ্থ স্বামী আছিল এজন পাকিস্তানী নাগৰিক ৰাজা মীৰ আৰু পঞ্চমবাৰৰ বাবে তেওঁৰ বিয়া হৈছিল অভিনেতা আচাদ বুখাৰীৰ সৈতে।[4] শেষৰ ফালে তেওঁ এক দৰিদ্ৰ জীৱন-যাপন কৰিবলগীয়া হৈছিল আৰু ১৯৭৪-৭৫ চনৰ পিছত জীয়াই থাকিবলৈ কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল।[17] ১৯৮৯ চনৰ ৩ চেপ্তেম্বৰত লাহোৰত তেওঁৰ মৃত্যু হৈছিল আৰু শেষকৃত্যৰ কাম-কাজখিনি দাতব্য অনুষ্ঠানৰ ধনেৰে সমাপন কৰা হৈছিল।[4]

তথ্য উৎস[সম্পাদনা কৰক]

  1. https://cineplot.com/meena-shorey-interview-1952/
  2. 2.0 2.1 2.2 Sanjit Narwekar (12 December 2012). "13-The Image Manipulators". Eena Meena Deeka: The Story of Hindi Film Comedy. Rupa Publications. পৃষ্ঠা. 182–. ISBN 978-81-291-2625-2. https://books.google.com/books?id=KbSbAwAAQBAJ&pg=PT182। আহৰণ কৰা হৈছে: 25 September 2019. 
  3. 3.0 3.1 Sanjit Narwekar (12 December 2012). "14-The Female Of The Species". Eena Meena Deeka: The Story of Hindi Film Comedy. Rupa Publications. পৃষ্ঠা. 182–. ISBN 978-81-291-2625-2. https://books.google.com/books?id=KbSbAwAAQBAJ&pg=PT182। আহৰণ কৰা হৈছে: 25 September 2019. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 Bali, Karan. "Profile: Meena Shorey". Upperstallupperstall.com. http://upperstall.com/profile/meena-shorey/। আহৰণ কৰা হৈছে: 25 September 2019. 
  5. Patel, Sushila Rani (1952). Stars Of The Indian Screen. প্ৰকাশক Bombay, India: Parker & Sons Ltd.. পৃষ্ঠা. 33. 
  6. K. Moti Gokulsing; Wimal Dissanayake (17 April 2013). Routledge Handbook of Indian Cinemas. Routledge. পৃষ্ঠা. 166–. ISBN 978-1-136-77284-9. https://books.google.com/books?id=djUFmlFbzFkC&pg=PA166। আহৰণ কৰা হৈছে: 25 September 2019. 
  7. J.K. Bajaj (26 March 2014). "95. Pushpa Hans". On & Behind the Indian Cinema. Diamond Pocket Books Pvt Ltd. পৃষ্ঠা. 2008–. ISBN 978-93-5083-621-7. https://books.google.com/books?id=_1UqAwAAQBAJ&pg=PA2008-IA27। আহৰণ কৰা হৈছে: 25 September 2019. 
  8. Richard Dyer (3 July 2013). "Introduction-All musicals: Hindi cinema". In The Space Of A Song: The Uses of Song in Film. Routledge. পৃষ্ঠা. 44–. ISBN 978-1-136-64193-0. https://books.google.com/books?id=zhupAgAAQBAJ&pg=PA44। আহৰণ কৰা হৈছে: 25 September 2019. 
  9. Tilak Rishi (5 June 2012). "22. Ek Thi Ladki (Roop K. Shorey)". Bless You Bollywood! : A tribute to Hindi Cinema on completing 100 years. Trafford Publishing. পৃষ্ঠা. 195–. ISBN 978-1-4669-3962-2. https://books.google.com/books?id=NWlYAAAAQBAJ&pg=PT195। আহৰণ কৰা হৈছে: 25 September 2019. 
  10. Sangeet Natak. 99-102. Sangeet Natak Akademi. 1991. https://books.google.com/books?id=p46fAAAAMAAJ। আহৰণ কৰা হৈছে: 25 September 2019. 
  11. Mushtāq Gazdar (1997). Pakistan Cinema, 1947-1997. Oxford University Press. ISBN 978-0-19-577817-5. https://books.google.com/books?id=sOdkAAAAMAAJ। আহৰণ কৰা হৈছে: 25 September 2019. 
  12. Pakistan Quarterly. 12-13. Pakistan Publications. 1964. https://books.google.com/books?id=ZepRAQAAIAAJ। আহৰণ কৰা হৈছে: 25 September 2019. 
  13. Qureshi, Mohammed Ayub. "Meena Shori actress". livetv.pk website. http://www.livetv.pk/actress/meena_shori.html। আহৰণ কৰা হৈছে: 25 September 2019. 
  14. Illustrated Weekly of Pakistan. 51-52. 21. Pakistan Herald Publications.. 1969. https://books.google.com/books?id=yogcAQAAMAAJ। আহৰণ কৰা হৈছে: 25 September 2019. 
  15. Patel, Baburao (April 1942). "Zahur Raja –A Rough-Neck Guy!". Filmindia খণ্ড 8 (4): 49. https://archive.org/stream/filmindia194208unse#page/n307/mode/2up। আহৰণ কৰা হৈছে: 25 September 2019. 
  16. Patel, Baburao (August 1946). "At Home And Abroad". Filmindia খণ্ড 12 (8): 58. https://archive.org/stream/filmindia194814unse#page/n613/mode/2up/search/Meena। আহৰণ কৰা হৈছে: 25 September 2019. 
  17. From circa late-1970s till 1987, late Pakistani film director/producer Anwar Kamal Pasha was a loyal friend and often helped her out financially as much as he could, but after his death she was left utterly destitute.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]