নিদুমোলু সুমথি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
নিদুমোলু সুমথি
আন নাম দণ্ডমুদি সুমথি ৰাম মোহন ৰাও
জন্ম ১৬ অক্টোবৰ, ১৯৫০ (৭০ বছৰ)
এলেৰু, অন্ধ্ৰ প্ৰদেশ, ভাৰত
পেচা সংগীতজ্ঞ
বাদ্যযন্ত্ৰ মৃদংগ

নিদুমোলু সুমথি (ইংৰাজী: Nidumolu Sumathi, জন্ম: ১৬ অক্টোবৰ ১৯৫০) বা দণ্ডমুদি সুমথি ৰাম মোহন ৰাও এগৰাকী ভাৰতীয় আনদ্ধ[স্পষ্টীকৰণৰ প্ৰয়োজন] বাদ্যযন্ত্ৰ বাদক। তেওঁ মৃদংগ বাদক হিচাপে বিশেষ পাৰদৰ্শিতা অৰ্জন কৰিছে।[1] তেওঁ মৃদংগ গুৰু শ্ৰী দণ্ডমুদি ৰাম মোহন ৰাওৰ পত্নী। তেওঁ ভাৰতৰ প্ৰথম মহিলা মৃদংগবাদকসমূহৰ ভিতৰত এগৰাকী আৰু প্ৰথম মহিলা লয় বিন্যাসৰ শিল্পী। তেওঁ ভাৰতৰ প্ৰথম এ-টপ গ্ৰেড মহিলা মৃদংগ বাদক শিল্পী। সুমথিয়ে ২০২১ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল।[2]

জীৱনী[সম্পাদনা কৰক]

১৯৫০ চনৰ ১৬ অক্টোবৰ তাৰিখে অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ এলুৰুত দণ্ডমুদি সুমথি ৰাম মোহন ৰাওৰ জন্ম হৈছিল। তেওঁৰ পিতৃ শ্ৰী নিদুমোলু ৰাঘৱাইয়া আৰু শ্ৰীমতী নিদুমোলু ভেঙ্কটৰত্নম্মালৈ হৈছিল। মাত্ৰ ৬ বছৰ বয়সতে সুমথিয়ে তেওঁৰ দেউতাকৰ পৰা মৃদংগ বাদন শিকিছিল। তেওঁৰ পিতৃ এজন মৃদংগ বিদ্বান আছিল।[3] তেওঁ প্ৰায়ে কন্যাক কনচাৰ্টলৈ লৈ গৈছিল আৰু আনদ্ব বাদ্যৰ প্ৰতি সুমথিৰ আগ্ৰহক সমৰ্থন কৰিছিল।[3] সুমথিয়ে ১০ বছৰ বয়সত তেওঁৰ প্ৰথম প্ৰদৰ্শনেৰে আশ্চৰ্যজনক পৰিপক্বতা প্ৰদৰ্শন কৰিছিল। ১৯৬৪ চনত মৃদংগৰ প্ৰমাণপত্ৰ আৰু ডিপ্লোমা পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত তেওঁ প্ৰসিদ্ধ মৃদংগ বিদ্বান শ্ৰী দণ্ডমুদি ৰাম মোহন ৰাওৰ গুৰুকুলত প্ৰৱেশ লাভ কৰে। তেওঁ "পুদুক্কট্টাই সম্প্ৰদয়"ৰ আকাশবাণীৰ "এ-টপ" গ্ৰেড শিল্পী হিচাপে সমৃদ্ধি লাভ কৰিছিল।[3] সুমথিয়ে তেওঁৰ গুৰুৰ পৰা বহুতো জটিল কৌশল শিকিছিল আৰু ভাৰতৰ বহুতো সন্মানীয় সভাত কলা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছিল।

তেওঁ ২০০৩ চনত তেওঁৰ গুৰু শ্ৰী দণ্ডমুদি ৰাম মোহনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। সুমথিয়ে স্বামীৰ দৰে আকাশবাণীৰ "এ-টপ" গ্ৰেড শিল্পী হিচাপে পৰিগণিত হয়। তেওঁ শ্ৰেণীত অন্তৰ্ভুক্ত হোৱা তেওঁ প্ৰথম মহিলা মৃদংগ বাদক আছিল। এনেদৰে তেওঁলোক ভাৰতৰ একমাত্ৰ এ-টপ গ্ৰেড মৃদংগ বাদক দম্পতী হৈ পৰিছিল। তেওঁলোকে ভাৰত আৰু বিদেশত পৃথক পৰিচয়ৰ সৈতে মঞ্চত লয় বিন্যাসৰ কনচাৰ্টত প্ৰদৰ্শন আৰম্ভ কৰিছিল। সুমথিয়ে স্বামীৰ সৈতে একেলগে বহুতো কাৰ্যসূচী সম্প্ৰচাৰ কৰা হৈছিল। বাঁও আৰু সোঁফালে তেওঁ শ্ৰুতি আৰু লয়ত উৎকৃষ্ট ভাৰসাম্যৰ সৈতে শ্ৰুতিমধুৰ সংগীত বাদন কৰে।

তেওঁ এম এছ চুব্বালক্ষ্মী, চিত্তুৰ সুব্ৰহ্মণ্যম পিল্লাই, ভোলেটি ভেঙ্কটেশ্বৰলু, ড॰ এম বালামুৰালী কৃষ্ণ, ভীমসেন যোশী, এম. চন্দ্ৰশেখৰন, ই.শংকৰ শাস্ত্ৰী, চিট্টি বাবু, এন. ৰমণি, মাণ্ডোলিন ইউ. শ্ৰীনিবাস আদিৰ দৰে বহুতো প্ৰতিষ্ঠিত শিল্পীৰ সৈতে মৃদংগত সংগত কৰিছিল।

২০০০ চনত তেওঁ আনদ্ব বাদ্য মৃদংগ প্ৰচাৰৰ বাবে "লয় বেদিকা" নামৰ এটা সংগঠন স্থাপন কৰে আৰু শিক্ষাৰ্থীসকলৰ বাবে প্ৰতিযোগিতা পৰিচালনা কৰিছিল আৰু বহুতো প্ৰখ্যাত বিদ্বানক "লয় প্ৰবীন" উপাধি প্ৰদান কৰিছিল।[3]

তেওঁ বহুতো পুৰস্কাৰ লাভ কৰিছে আৰু বহুতো সন্মানীয় সভাত সম্বৰ্ধনা লাভ কৰিছে। তেওঁ ২০১০ চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত হৈছিল আৰু এই সন্মানীয় বঁটা লাভ কৰা একমাত্ৰ মহিলা মৃদংগ শিল্পীত পৰিগণিত হয়। তেওঁক ২০১৫ চনত অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ পৰা "উগাদি পুৰস্কাৰম"ৰে সন্মানিত কৰা হৈছিল।

সংগীতৰ ক্ষেত্ৰত তেওঁৰ অসামান্য অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০২১ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

বিজয়ৱাড়াত লগ পোৱাৰ পিছত সুমথিয়ে দণ্ডমুদি ৰাম মোহন ৰাওক বিয়া কৰায়।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ১৯৭৪ আৰু ১৯৭৬ চনত দুবাৰকৈ মাদ্ৰাজ সংগীত একাডেমীৰ পৰা শ্ৰেষ্ঠ মৃদংগ বাদক বঁটা
  • ১৯৮৫ চনত সংগীত একাডেমীৰ পৰা পালানি সুব্ৰহ্মণ্য পিল্লাই স্মাৰক পুৰস্কাৰ
  • ২০০৫ চনত চেন্নাইৰ ভাৰতীয় ফাইন আৰ্টছ চচাইটিৰ পৰা শ্ৰেষ্ঠ মৃদংগ বাদক বঁটা
  • ২০০৮ চনত আন্তৰ্জাতিক প্ৰকাশন গৃহ, নতুন দিল্লীৰ পৰা ভাৰতৰ শ্ৰেষ্ঠ নাগৰিক বঁটা
  • ২০০৯ চনৰ বাবে সংগীত নাটক একাডেমী বঁটা
  • ২০১৩ চনত চেন্নাইৰ গুৰুভায়ুৰ ডোৰাই ট্ৰাষ্টৰ পৰা গুৰুভায়ুৰ ডোৰাই ট্ৰাষ্ট বঁটা
  • ২০১৫ চনত অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ পৰা উগাদি পুৰস্কাৰম
  • ২০১৬ চনত বাংগালোৰৰ পাৰকুচিভ আৰ্টছ চেণ্টাৰৰ পৰা পালানি সুব্ৰহ্মণ্য পিল্লাই স্মাৰক বঁটা[4]
  • ২০২১ চনত পদ্মশ্ৰী[2]

সন্মানীয় উপাধিসমূহ[সম্পাদনা কৰক]

  • মৃদংগ শিৰোমণি
  • মৃদংগ মহাৰাণী
  • নধ ভগীৰথ
  • মৃদংগলয় বিদ্যাসাগৰ
  • মৃদংগ বিন্যাস কলাভাৰতী
  • সুনাদ সুধানিধি
  • শ্ৰীমুখ মৃদংগ বিদ্যামণি

তথ্য উৎস[সম্পাদনা কৰক]