বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

২০২১ চনৰ ৩১ জানুৱাৰী তাৰিখে স্কুলৰ ডেৰশ বছৰীয়া জয়ন্তী আদৰণী অনুষ্ঠানত উঠা ফটো
স্থাপিত ১৮৭১
ধৰণ চৰকাৰী বিদ্যালয়
স্থান বৰপেটা, অসম,  ভাৰত
চৌহদ চহৰীয়া
ভুক্তি অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী: Barpeta Govt. Higher Secondary School) বৰপেটাৰ মৰানদীৰ পাৰত অৱস্থিত  এখন বিদ্যালয়। ব্ৰিটিছৰ ৰাজত্বৰ কালত মহকুমাধিপতি শৰৎচন্দ্ৰ বেনাৰ্জী আৰু পেচকাৰ কালীচৰণ মুখাৰ্জীৰ প্ৰচেষ্টাত ১৮৭১ চনত এই বিদ্যালয় স্থাপন হয়। বিদ্যালয়খনত পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদানৰ ব্যৱস্থা আছে। শিক্ষাৰ মাধ্যম হৈছে অসমীয়া। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।

ইতিহাস[সম্পাদনা কৰক]

১৮৬৫ চনত বৰপেটাৰ কেইজন মান সচেতন দুৰদৰ্শী মানুহৰ প্ৰচেষ্টাত এখন বেচৰকাৰী মধ্য ইংৰাজী স্কুল বৰপেটাত স্থাপিত হৈছিল। আৰম্ভণীতে অৰ্থৰ অভাৱত স্কুলৰ অৱস্থা তথৈবচ আছিল যদিও তেতিয়াৰ মহকুমাধিপতি শৰৎচন্দ্ৰ বেনাৰ্জী আৰু পেচকাৰ কালীচৰণ মুখাৰ্জীৰ প্ৰচেষ্টাত ১৮৭১ চনত ই নিয়মীয়া হাইস্কুল হিচাপে চলিবলৈ আৰম্ভ কৰে। সেয়ে এই হাইস্কুল ১৮৭১ চনত প্ৰতিষ্ঠা হোৱা বুলি ধৰা হয়। স্কুলৰ প্ৰথমচোৱাত প্ৰধান শিক্ষক হিচাপে আছিল যোগেন সান্যাল, ৰামচৰণ সিং আৰু ৰাজকুমাৰ সুৰেশ্বৰ গোঁহাই। ১৯০৩ চনৰ পৰা ১৯২৬ চনলৈ ২৪ বছৰ কাল হেড মাষ্টৰ হিচাপে থাকে কালীমোহন সেনগুপ্তই। তেওঁৰ দিনতে স্কুলখনলৈ বৰপেটা নগৰৰ বাহিৰেও বৰবিলা, কেওটকুচি, হাউলী, বজালী ইত্যাদি অঞ্চলৰ পৰা ছাত্ৰবোৰে পঢ়িবলৈ আহে। ইয়াৰ পিছত কেবাবছৰ হেড মাষ্টৰৰ পদত থাকে গিৰিশচন্দ্ৰ ৰায়চৌধুৰীয়ে।

অৱস্থান[সম্পাদনা কৰক]

স্কুলখন বৰপেটাৰ মাজমজিয়াত মৰানদীৰ পাৰত অৱস্থিত। স্কুলৰ মুঠ মাটিকালি ১৫ বিঘা, ১ কঠা, ৪ লেচা। স্কুলৰ বৰ্তমানৰ মুল ভৱনটো ১৯৫৮ চনত নিৰ্মাণ কৰা। চৰকাৰে এই স্কুলখনক ’হেৰিটেজ স্কুল’ হিচাপে বিবেচনা কৰিছে।

শিক্ষা[সম্পাদনা কৰক]

বিদ্যালয়খনত পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদানৰ ব্যৱস্থা আছে। শিক্ষাৰ মাধ্যম হৈছে অসমীয়া। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। যদিও স্কুলৰ জন্মলগ্নৰ পৰা ছাত্ৰীৰ নামভৰ্ত্তি হোৱা নাছিল, ২০০৫ চন মানৰ পৰা সকলো শ্ৰেণীত ছাত্ৰীৰ নামভৰ্তি আৰম্ভ কৰা হয় আৰু বৰ্তমান মুঠ শিক্ষাৰ্থীৰ ৩৫ শতাংশই ছাত্ৰী। স্কুলৰ বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৭০০ৰ ওপৰত।

নামভৰ্তি[সম্পাদনা কৰক]

পঞ্চম শ্ৰেণীত নামভৰ্তিৰ ব্যৱস্থা কৰা হয়। একাদশ শ্ৰেণীৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ নামভৰ্তি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি কৰা হয়।

উল্লেখযোগ্য ছাত্ৰসমূহ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]