মুনাৱৰ চুলতানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুনাৱৰা চুলতানা
জন্ম মুনাৱৰ চুলতানা
৮ নৱেম্বৰ, ১৯২৪
লাহোৰ, ব্ৰিটিছ ভাৰত
মৃত্যু ১৫ ছেপ্টেম্বৰ, ২০০৭ (৮২ বছৰ)
মুম্বাই
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৪৫-১৯৫৬
দাম্পত্যসঙ্গী শৰফ আলি
সন্তান ৪জন পুত্ৰ, ৩জনী জীয়ৰী

মুনাৱৰ চুলতানা (ইংৰাজী: Munawar Sultana; ১৯২৪-২০০৭) হিন্দী-উৰ্দু চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। ১৯৪০ আৰু ১৯৫০ৰ দশকৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী হিচাপে নুৰজাহান, স্বৰণ লতা, ৰাগিনী আদিৰ সৈতে তেওঁকো উল্লেখ কৰা হয়।[1][2][3][4]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৪৫ চনত অভিনেতা পৰিচালক মজহৰ খানে তেওঁক মাহে ৪০০০ টকা মাননি আৰু এটা ফ্লেটৰ বিনিময়ত চুক্তিবদ্ধ কৰে আৰু বোম্বেলৈ লৈ আহে। মুনাৱৰে অভিনয় কৰা মজহৰৰ প্ৰথম ছবি পেহলী নজৰ। ইয়াত তেওঁ নায়ক মতিলালৰ বিপৰীতে অভিনয় কৰিছিল। মতিলালৰ বাবে মুকেশে গোৱা দিল ‘জ্বলতা হ্যায় তো জ্বলনে দো’ শীৰ্ষক গীতো চিত্ৰায়ণৰ সময়ত পৰিচালকে মুনাৱৰৰ ক্লোজ-আপ শ্বটৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। এই ছবিখনৰ পিছতে ১৯৪৭ চনৰ পৰা ১৯৪৯ চনলৈ তেওঁ বহুতো ছবিৰ কামত ব্যস্ত থাকে। বাবু ৰাও পেটেলে ১৯৪৯ চনৰ ফিল্মইণ্ডিয়া পত্ৰিকাত সুৰাইয়া আৰু নাৰ্গিছৰ সৈতে তেওঁকো এগৰাকী অতিব্যস্ত অভিনেত্ৰী বুলি লিখি থৈ গৈছে।[4]

১৯৪৭ চনত মুনাৱৰে চাৰিখন ছবিত অভিনয় কৰে- ‘দৰ্দ’, ‘এলান’, ‘অন্ধো কী দুনীয়া’ আৰু ‘নৈয়া’। কৰদাৰ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু আব্দুল ৰচিদ কৰদাৰ পৰিচালিত দৰ্দত কোনো ডাঙৰ তাৰকা নথকা সত্ত্বেও ছবিখন বক্স-অফিচত মিউজিকেল হিট ৰূপে প্ৰতিপন্ন হৈছিল।[5] ছবিৰ নায়ক আছিল কৰদাৰৰ ভায়েক নুচৰত কৰদাৰ।[6][7] নৌশাদৰ আৱিষ্কাৰ উমা দেৱীয়ে গোৱা তিনিটা গীত মুনাৱৰৰ ওঁঠত দিয়া হৈছে। ‘আফচানা লিখ ৰহী হুঁ’ গীতটো প্ৰভুত জনপ্ৰিয় হৈছিল।[8] এলানে (১৯৪৭) মনুৱাৰৰ বাবে ইতিবাচক সমীক্ষা কঢ়িয়াই আনিছিল। এখন মুছলমান সমাজত শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে ছবিখনত দাঙি ধৰা প্ৰগতিশীল দৃষ্টিভঙ্গী প্ৰশংসিত হৈছিল। মেহবুবে পৰিচালনা কৰা ছবিখনৰ মূল পুৰুষ চৰিত্ৰত অভিনয় কৰিছিল সুৰেন্দ্ৰই।[9]

১৯৪৮ চনতো মুনাৱৰে চাৰিখন ছবিত কাম কৰাৰ সুযোগ পায়। গ্ৰেট ইণ্ডিয়া পিকচাৰছৰ ‘পৰায় আগ’ পৰিচালনা কৰিছিল নজাম নকভীয়ে। ইয়াত মুনাৱৰৰ সৈতে কাম কৰিছিল মধুবালা আৰু উলহাসে। ‘সোণা’ আন এখন ছবি; মজহৰ আৰ্ট প্ৰডাকচনৰ হৈ ছবিখন পৰিচালনা কৰিছে মজহৰ খানে। মুনাৱৰৰ বিপৰীতে অভিনয় কৰিছিল শ্যামে। হিমাংশু ৰয়ৰ মৃত্যুৰ পিছত বোম্বে টকীজত বহুতো পৰিবৰ্তন অনা হয়। এচ. মুখাৰ্জীৰ সৈতে অংশীদাৰীত্বৰে দেৱিকা ৰাণীয়ে বহুকেইখন বক্স-অফিচত সফলতা লাভ কৰা ছবি উপহাৰ দিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ প্ৰথম ছবি আছিল মজবুৰ। ছবিৰ কাহিনী আছিল এজন মুছলমান ল’ৰাই এজনী হিন্দু ছোৱালীক ভাল পোৱাৰ বিষয়ে; এক আন্তঃসাম্প্ৰদায়িক প্ৰেমকাহিনী।[10] মুনাৱৰে এই ছবিতে শ্যামৰ সৈতে এক জনপ্ৰিয় জুটি গঠন তৈয়াৰ কৰিছিল আৰু অন্যহাতে গুলাম হায়দাৰৰ সঙ্গীত পৰিচালনাত লতা মংগেশকাৰে কণ্ঠেৰে প্ৰাধ্যন্য বিস্তাৰ কৰিছিল।[11] চুপাৰ টীম ফেডাৰেল প্ৰডাকচনৰ (বোম্বে) বেনাৰত শৰফে প্ৰযোজনা কৰা ‘মেৰী কহানী’ পৰিচালনা কৰিছিল কেমেৰামেন কেকী মিস্ত্ৰীয়ে। ইয়াত মুনাৱৰৰ সৈতে আছিল মধুবালা আৰু সুৰেন্দ্ৰ। তেওঁৰ আন কেইখনমান সফল ছবি ‘কানীজ’ (১৯৪৯) আৰু ‘বাবুল’ (১৯৫০)।[12]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

মুনাৱৰৰ জন্ম এটা পঞ্জাবী মুছলমান পৰিয়ালত ৮ নবেম্বৰ ১৯২৪ত ব্ৰিটিছ ভাৰতৰ লাহোৰত, যি বৰ্তমান লাহোৰৰ অন্তৰ্গত।[3] দেউতাক এখন অনাতাঁৰ কেন্দ্ৰৰ ঘোষক আছিল। এগৰাকী চিকিৎসক হব বিচৰা মুনাৱৰে ১৯৪১ চনত মুক্তি পোৱা দিলসুখ পাঞ্চলীৰ খাজাঞ্চী ছবিত এটা সৰু চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পায়।[3]

১৯৫০ চনৰ পৰা তেওঁৰ অভিনয় জীৱনৰ ভাটা পৰি আহে। তেওঁ স্বামী ব্যৱসায়ী শৰফ আলি ভগতক এখন চলচ্চিত্ৰৰ চেটত লগ পায়, য’ত তেওঁ আচবাব যোগান ধৰিছিল। শৰফে পত্নী মুনাৱৰক মূল ভূমিকাত লৈ মেৰী কহানী আৰু প্যাৰ কী মঞ্জিল প্ৰযোজনা কৰিছিল।[3]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Patel, Baburao (June 1949). "Munnawar Sultana image". Filmindia খণ্ড 15 (6): 38. https://archive.org/stream/filmindia194915unse#page/n353/mode/2up। আহৰণ কৰা হৈছে: 4 November 2020. 
  2. Pran Nevile (2006). Lahore : A Sentimental Journey. Penguin Books India. পৃষ্ঠা. 89–. ISBN 978-0-14-306197-7. https://books.google.com/books?id=0fvNDBqOOToC&pg=PA89। আহৰণ কৰা হৈছে: 4 November 2020. 
  3. 3.0 3.1 3.2 3.3 Piroj Wadia. "Munawwar Sultana-Interview (from 1978)". Cineplot.com website. http://cineplot.com/munawwar-sultana-interview/। আহৰণ কৰা হৈছে: 4 November 2020. 
  4. 4.0 4.1 Baburao, Patel (March 1949). "Bombay Calling". Filmindia খণ্ড 15 (3): 13. 
  5. Chandra, Balachandran, Pali, Vijay Kumar. "Dard 1947". Invis Multimedia Pvt. Ltd.indiavideo.org. http://www.indiavideo.org/cinema/dard-hindi-film-7611.php। আহৰণ কৰা হৈছে: 9 November 2016. 
  6. "Nusrat Kardar". Cineplotcineplot.com. http://cineplot.com/encyclopedia/nusrat-kardar/। আহৰণ কৰা হৈছে: 9 November 2016. 
  7. Bhaichand Patel (2012). "Suraiya". Bollywood's Top 20: Superstars of Indian Cinema. Penguin Books India. পৃষ্ঠা. 61–. ISBN 978-0-670-08572-9. https://books.google.com/books?id=RQL4dkVAnPIC&pg=PA61। আহৰণ কৰা হৈছে: 9 November 2016. 
  8. Tilak Rishi (2012). Bless You Bollywood! : A Tribute to Hindi Cinema on Completing 100 Years. Trafford Publishing. পৃষ্ঠা. 143–. ISBN 978-1-4669-3963-9. https://books.google.com/books?id=r623sWyGm0sC&pg=PA143। আহৰণ কৰা হৈছে: 10 November 2016. 
  9. Patel, Baburao (April 1948). "Elan-Review". Filmindia খণ্ড 14 (4): 51. https://archive.org/stream/filmindia194612unse#page/n291/mode/2up/search/Munawar+Sultana। আহৰণ কৰা হৈছে: 9 November 2016. 
  10. Patel, Baburao (April 1948). "Majboor-Review". Filmindia খণ্ড 14 (6): 45. https://archive.org/stream/filmindia194612unse#page/n439/mode/2up/search/Munawar+Sultana। আহৰণ কৰা হৈছে: 9 November 2016. 
  11. NFDC (14 August 1998). INDIAN CINEMA A VISUAL VOYAGE. Publications Division Ministry of Information and Broadcasting Government of India. পৃষ্ঠা. 238–. ISBN 978-81-230-2192-8. https://books.google.com/books?id=O1L2DAAAQBAJ&pg=PT238। আহৰণ কৰা হৈছে: 10 November 2016. 
  12. Patel, Baburao (October 1948). "Meri Kahani-Review". Filmindia খণ্ড 14 (10): 53. https://archive.org/stream/filmindia194612unse#page/n439/mode/2up/search/Munawar+Sultana। আহৰণ কৰা হৈছে: 9 November 2016. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]