উৰ্মিলা পাৱাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
উৰ্মিলা পাৱাৰ

২০১৭ চনত পাৱাৰ
জন্ম ১৯৪৫ চন
আদগাঁও, ৰত্নগিৰি জিলা, বম্বে প্ৰেচিডেন্সী, মহাৰাষ্ট্ৰ, ভাৰত
পেছা লেখক
ভাষা মাৰাঠী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ কল্পকাহিনী

উৰ্মিলা পাৱাৰ (ইংৰাজী: Urmila Pawar; জন্ম: ১৯৪৫ চন) হ'ল এগৰাকী ভাৰতীয় লেখক আৰু সমাজকৰ্মী। তেওঁ ভাৰতৰ দলিত আৰু নাৰীবাদী আন্দোলনৰ এগৰাকী মুখ্য ব্যক্তি। তেওঁৰ সমূহ ৰচনা, যিবোৰ মাৰাঠী ভাষাত ৰচিত, সামাজিক ভেদভাৱ আৰু ধৰ্মীয় শোষণৰ সমালোচনা ৰূপে সমালোচক আৰু সংবাদ মাধ্যমৰ দ্বাৰা উচ্চ প্ৰশংসিত হৈছে।[1]

পাৱাৰৰ চুটি-গল্প 'কৱচ' আৰু 'আ চাইল্ডহুড টেল' বহুপঠিত আৰু কেইবাখনো ভাৰতীয় বিশ্ববিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰমৰ অন্তৰ্গত। দলিত মহিলাৰ অংশগ্ৰহণৰ ওপৰত মীনাক্ষী মুনৰ সৈতে তেওঁ কৰা ডকুমেণ্টেচন নাৰীবাদী দৃষ্টিকোণৰ পৰা ভাৰতত দলিত ইতিহাস নিৰ্মাণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৱদান।

পাৱাৰৰ আত্মজীৱনী 'আইডন' (ৱিভ) দলিত মহিলাৰ দ্বাৰা লিখিত প্ৰথমখন কিতাপ, যি আলোচক আৰু পঢ়ুৱৈৰ ভূয়সী প্ৰশংসা লাভ কৰিছে। কিতাপখন পিছত 'দ্য ৱিভ অৱ মাই লাইফ: আ দলিত ৱমেনচ্‌ মেম'ৰচ্‌' নাম দি মায়া পণ্ডিতে ইংৰাজীলৈ অনুবাদ কৰিছে। ৱন্দনা চোনালকাৰে কিতাপখনৰ আগকথা লিখিছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

বম্বে প্ৰেচিডেন্সী (বৰ্তমানৰ মহাৰাষ্ট্ৰ)ৰ কংকন জিলাত অৱস্থিত, ৰত্নগিৰি জিলাৰ আদগাঁৱত, ১৯৪৫ চনত পাৱাৰৰ জন্ম হয়।[2] বি আৰ আম্বেদকাৰে দলিত সম্প্ৰদায়ক হিন্দু ধৰ্ম ত্যাগ কৰিবলৈ আহ্বান জনোৱাৰ পিছত, পাৱাৰৰ বাৰ বছৰ বয়সত তেওঁ আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ সম্প্ৰদায়ৰ আন সদস্যসকলৰ সৈতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে।[3]

বিদ্যালয় আৰু অন্যান্য স্থানত বাৰে বাৰে সম্মুখীন হোৱা বৈষম্যমূলক আৰু অপমানজনক ঘটনাৰ বাবে পাৱাৰ শিশু হিচাপেও তেওঁৰ জাতিগত পৰিচয়ৰ বিষয়ে তীব্ৰভাৱে সজাগ আছিল। তেওঁ বিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁৰ সৈতে সংঘটিত হোৱা বৈষম্যমূলক ঘটনা এটি সুঁৱৰি কৈছে যে, 'পটলাক লাঞ্চ' (সকলোৰে ঘৰৰপৰা অহা খোৱা বস্তু মিলাই দুপৰীয়া খোৱা আহাৰ) কৰিবলৈ সহপাঠীয়ে পাৱাৰক আমন্ত্ৰণ কৰোঁতে তেওঁৰ ঘৰৰপৰা খোৱা-বস্তু নানিবলৈ কৈছিল। আহাৰ কৰা শেষ হোৱাৰ পাছতো বেছি আহাৰ গ্ৰহণ কৰিছে বুলি সহপাঠীসকলে তেওঁক লৈ বু বু বা বা কৰিছিল। অন্য এটা ঘটনাৰ কথা কৈ তেওঁ কৈছিল যে তেওঁৰ ইংৰাজী ভাষা জ্ঞানক কটাক্ষ কৰি তেওঁৰ ইংৰাজীৰ শিক্ষকে তেওঁক ইতিকিং কৰিছিল। তেওঁ বৰ্ণনা কৰিছে যে তেওঁৰ সম্প্ৰদায়ে কেনেকৈ গাওঁখনৰ কেন্দ্ৰত বাস কৰিছিল, প্ৰেচিডেন্সিৰ আন ঠাইত দলিত সম্প্ৰদায়ৰ বিপৰীতে যিবোৰ সাধাৰণতে পৰিধিত বাস কৰিব বুলি আশা কৰা হৈছিল।[2] তেওঁৰ দেউতাকে এখন অস্পৃশ্য শিশুৰ বিদ্যালয়ত শিক্ষকতা কৰিছিল। পাৱাৰে ইয়াকো উল্লেখ কৰিছে যে তেওঁৰ দেউতাকে আম্বেদকাৰৰ দ্বাৰা আয়োজিত মহাদ সত্যাগ্ৰহত অংশগ্ৰহণ কৰা নাছিল বা বিনায়ক দামোদৰ সাৱৰকাৰৰ দ্বাৰা আয়োজন কৰা আন্তঃ-খোৱাতো অংশগ্ৰহণ কৰা নাছিল, কিন্তু তেওঁৰ বায়েক শান্তিক্কাই তাত পৰিৱেশন কৰা মিঠা সুস্বাদু খাদ্যৰ লোভত আন্তঃ-খোৱাত অংশগ্ৰহণ কৰিবলৈ প্ৰায়ে স্কুল খতি কৰিছিল।[4]

পাৱাৰ মাৰাঠী সাহিত্যত স্নাতকোত্তৰ। মহাৰাষ্ট্ৰৰ গড়কপ্টানি বিভাগৰ চাকৰিয়াল হিচাপে তেওঁ চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে।

বঁটা আৰু প্ৰশংসা[সম্পাদনা কৰক]

পাৱাৰলৈ তেওঁৰ আত্মজীৱনী 'আইডন'ৰ বাবে মহাৰাষ্ট্ৰ সাহিত্য পৰিষদৰ তৰফৰপৰা 'সৰ্বোশ্ৰেষ্ঠ আত্মজীৱনী' বঁটা আগবঢ়োৱা হৈছিল।[4] কিন্তু পাৱাৰে এই বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে কাৰণ বঁটা প্ৰদানৰ অনুষ্ঠানটো আৰম্ভ হয় সৰস্বতী দেৱী বন্দনাৰে, যি এগৰাকী হিন্দু দেৱী।[5]

সাহিত্য আৰু সামাজিক ক্ষেত্ৰত আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে পাৱাৰক ২০০৪ চনত সম্বোধি প্ৰতিষ্ঠানৰ দ্বাৰা 'মাতোশ্ৰী ভীমাবাই আম্বেদকাৰ বঁটা' প্ৰদান কৰা হৈছিল।[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]