মৈত্ৰেয়ী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

মৈত্ৰেয়ী (ইংৰাজী: Maitreyi, নামৰ অৰ্থ: "বন্ধুসুলভ"[1]) প্ৰাচীন ভাৰতৰ বৈদিক যুগৰ এগৰাকী হিন্দু দাৰ্শনিক। বৃহদাৰণ্যক উপনিষদ অনুসৰি[2] তেওঁ বৈদিক ঋষি যাজ্ঞবল্ক্যেৰ দুই পত্নীৰ অন্যতম আছিল। ঋষি যাজ্ঞবল্ক্য আনুমানিক খ্ৰীষ্টপূৰ্ব ৮ম শতাব্দীৰ আছিল। হিন্দু মহাকাব্য মহাভাৰত আৰু গৃহ্যসূত্ৰত অৱশ্য তেওঁক ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰা চিৰকুমাৰী অদ্বৈতবাদী দাৰ্শনিক হিচাপে বৰ্ণনা কৰা হৈছে। প্ৰাচীন সংস্কৃত সাহিত্যত তেওঁক "ব্ৰহ্মবাদিনী" বা বেদৰ ব্যাখ্যাকাৰী হিচাপে পৰিচিত।

একাধিক প্ৰাচীন ভাৰতীয় গ্ৰন্থত মৈত্ৰেয়ীৰ উল্লেখ পোৱা যায়। বৃহদাৰণ্যক উপনিষদ গ্ৰন্থত যাজ্ঞবল্ক্যেৰ সৈতে কথোপকথনেৰ মাধ্যমত তেওঁ হিন্দু দৰ্শনৰ আত্মা সংক্ৰান্তিয় ধাৰণাৰ পৰ্যালোচনা কৰিছিল। এই কথোপকথন অনুসৰি ব্যক্তিৰ আত্মাৰ পৰা প্ৰেম নিঃসৰিত হয়। মৈত্ৰেয়ী আত্মা আৰু ব্ৰহ্মৰ প্ৰকৃতি আৰু সেই দুয়োৰে একতা আলোচনা কৰিছিল। এই ধাৰণা অদ্বৈত বেদান্ত দৰ্শনৰ মূল কথা। বৃহদাৰণ্যক উপনিষদ গ্ৰন্থৰ এই মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদ সুৰেশ্বৰৰ বাৰ্ত্তিক টীকাৰ মূল বিষয়বস্তু।

বৈদিক যুগত নাৰীসকলে শিক্ষাৰ সুযোগ লাভ কৰিছিল আৰু দাৰ্শনিক সমাজত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল তাৰে উদাহৰণ হিচাপে মৈত্ৰেয়ীৰ নাম উল্লেখ কৰা হয়। তেওঁক ভাৰতীয় বিদুষীসমূহৰ প্ৰতীক বুলি গণ্য কৰা হয়। নতুন দিল্লীত মৈত্ৰেয়ীৰ সন্মানাৰ্থে এখন শিক্ষানুষ্ঠানৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

Physical map of late Vedic India
বৈদিক গ্ৰন্থসমূহত উল্লিখিত মৈত্ৰেয়ীক পূব ভাৰতৰ মিথিলা অঞ্চলৰ অধিবাসী হিচাপে গণ্য কৰা হয়

অশ্বলায়ন গৃহ্যসূত্ৰ গ্ৰন্থৰ বৰ্ণনা অনুসাৰি মৈত্ৰেয়ী ঋষি মৈত্ৰীৰ কন্যা আছিল আৰু তেওঁৰ সম্পূৰ্ণ নাম সুলভা মৈত্ৰেয়ী।[3] গৃহ্যসূত্ৰত বৈদিক যুগৰ অন্যান্য বিদুষী নাৰীসকলৰ সৈতে তেওঁৰ নাম উল্লেখ পোৱা গৈছে।[3] ঋষি মৈত্ৰী মিথিলাৰ বিদেহ ৰাজ্যত বসবাস কৰিছিল। তেওঁ ৰজা জনকৰ ৰাজসভাৰ এগৰাকী মন্ত্ৰী আছিল।[3]

প্ৰাচীন ভাৰতত মৈত্ৰেয়ীক[4] অদ্বৈতবাদী দাৰ্শনিক[2] আৰু বৃহদাৰণ্যক উপনিষদ গ্ৰন্থত তেওঁক জনক ৰজাৰ সমসাময়িক আৰু ঋষি যাজ্ঞবল্ক্যৰ পত্নী হিচাপে বৰ্ণনা কৰা হলেও মহাভাৰতৰ মতে সুলভা মৈত্ৰেয়ীক চিৰকুমাৰী পৰমা সুন্দৰী নাৰী বোলা হৈছে।[3] এই গ্ৰন্থৰ বিৱৰণ অনুযায়ী মৈত্ৰেয়ী বাল-ব্ৰহ্মচাৰিণী আছিল আৰু তেওঁ ৰাজা জনকক অদ্বৈত দৰ্শন ব্যাখ্যা কৰিছিল।[3] প্ৰাচীন সংস্কৃত সাহিত্যত তেওঁক "ব্ৰহ্মবাদিনী" বা বেদ ব্যাখ্যাকাৰিণী) নামে অভিহিত কৰা হৈছে। [5][6] মৈত্ৰেয়ী আৰু যাজ্ঞবল্ক্য আনুমানিক খ্ৰীষ্টপূৰ্ব ৮ম শতিকাত বসবাস কৰিছিল।[7]

বৃহদাৰণ্যক উপনিষদত মৈত্ৰেয়ীক যাজ্ঞবল্ক্যেৰ বিদুষী স্ত্ৰী আৰু তেওঁৰ আন গৰাকী পত্নী কাত্যায়নীক গৃহবধূ বোলা হৈছে। [8] যাজ্ঞবল্ক্য আৰু কাত্যায়নী সাধাৰণ গৃহস্থৰ জীৱন-যাপন কৰিছিল। আনহাতে মৈত্ৰেয়ীয়ে বিদ্যাৰ চৰ্চা কৰিছিল আৰু "আত্মজ্ঞান অৰ্জন" কৰাৰ লগতে স্বামীৰ সৈতে ধৰ্মতত্ত্ব আলোচনা কৰিছিল। [8][9]

মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদ[সম্পাদনা কৰক]

ঋকবেদৰ প্ৰায় দহটা স্তোত্ৰৰ মন্ত্ৰদ্ৰষ্টা হিচাপে মৈত্ৰেয়ীৰ নাম পোৱা যায়।[10] বৃহদাৰণ্যক উপনিষদৰ এক কথোপকথনত তেওঁ হিন্দু দৰ্শনৰ আত্মা সংক্ৰান্তিয় ধাৰণাৰ পৰ্যালোচনা কৰিছিল।"মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদ" নামে পৰিচিত এই কথোপকথন অনুসৰি ব্যক্তিৰ আত্মাৰ প্ৰায়ে প্ৰেমৰ নিঃসৰণ হয়। তদুপৰি এই কথোপকথনৰ মাধ্যমেৰে আত্মা আৰু ব্ৰহ্মৰ প্ৰকৃতি আৰু উভয়ৰ একত্বৰ কথা আলোচিত হৈছে। এই ধাৰণা অদ্বৈত বেদান্ত দৰ্শনৰ মূল ভিত্তি। [11][12]

একাধিক হিন্দু ধৰ্মগ্ৰন্থত এই কথোপকথন লিপিবদ্ধ কৰা হৈছে। এইসমূহৰ ভিতৰত সৰ্বপ্ৰাচীন উল্লেখ বৃহদাৰণ্যক উপনিষদ নামৰ অন্যতম প্ৰধান তথা প্ৰাচীনতম উপনিষদৰ দ্বিতীয় অধ্যায়ৰ চতুৰ্থ ব্ৰাহ্মণত পোৱা যায়। উক্ত গ্ৰন্থৰ চতুৰ্থ অধ্যায়ৰ পঞ্চম ব্ৰাহ্মণত এই কথোপকথনৰ পৰিৱৰ্তিত ৰূপ পোৱা যায়। এই উপনিষদৰ ৰচনাকাল আনুমানিক খ্ৰীষ্টপূৰ্ব ৭০০। [13][14] বেদৰ মধ্যন্দিন আৰু কান্ব শাখাৰ দুখন পুথিত এই কথোপকথন পোৱা যায়। দুখন পুথিৰ বিৱৰণত সাহিত্য-সংক্ৰান্তিয় কেইবাটাও গুৰুত্বপূৰ্ণ পাৰ্থক্য থাকিলেও দুয়ো ক্ষেত্ৰ একে দাৰ্শনিক বিষয়বস্তু লৈ আলোচনা কৰা হৈছে। [15]

জীৱনৰ প্ৰথম তিনি আশ্ৰম ব্ৰহ্মচৰ্য (ছাত্ৰজীৱন), গাৰ্হ্যস্থ (গৃহজীৱন) আৰু বাণপ্ৰস্থ (অৱসৰজীৱন) অতিবাহিত কৰাৰ পিছত বাৰ্ধক্যত উপনীত হৈ যাজ্ঞবল্ক্য ঋষিয়ে চতুৰ্থ আশ্ৰম প্ৰৱেশ কৰি সন্ন্যাসী (সৰ্বত্যাগী) হোৱাৰ ইচ্ছা প্ৰকাশ কৰে।[9][11] তেওঁ মৈত্ৰেয়ীৰ অনুমতি বিচাৰি জনালে যে তেওঁৰ বিষয় সম্পত্তি তেওঁ মৈত্ৰেয়ী আৰু কাত্যায়নীৰ মাজত ভাগ কৰিবলৈ বিচাৰে। [16] মৈত্ৰেয়ীয়ে কলে যে তেওঁ ধন-সম্পদৰ প্ৰতি আগ্ৰহী নহয়। কাৰণ ধনসম্পত্তিয়ে তেওঁক "অমৰত্ব" প্ৰদান কৰিব নোৱাৰে। তেওঁ অমৰত্ব সম্পৰ্কে জানিবলৈ আগ্ৰহী:[16]

মৈত্ৰেয়ীয়ে কলে, "হে ভগৱান, যদি ধনপৰিপূৰ্ণা এই সমগ্ৰা বসুন্ধৰা মোৰ হয়, মই কি তেতিয়া অমৰ হব পাৰিম?"
যাজ্ঞবল্ক্যয়ে কলে, "নহয়। সম্পদশালী ব্যক্তিসকলৰ জীৱন যেনে (ভোগপৰায়ণ), তোমাৰ জীৱন ঠিক তেনে হব। বিত্তেৰ দ্বাৰা অমৰত্বেৰ আশা নাই।"
মৈত্ৰেয়ীয়ে কলে, "যদি মই অমৰ হব নোৱাৰো, তেন্তে মই কি কৰিম? আপোনাৰ অমৰত্বৰ সাধনৰ বিষয়ে যি জ্ঞাত আছে, কেৱল সেয়া মোক কওক"
যাজ্ঞবল্ক্যয়ে কলে, "হে প্ৰিয়ে, তুমি মোৰ আদৰণীয়া আছিলা; এতিয়াও চিত্তানুকূল কথাই কৈছা। আহা, বহা। মই তোমাক ব্যাখ্যা কৰিম। কিন্তু মই যেতিয়া ব্যাখ্যা কৰি থাকিম তেতিয়া তুমি সেইসমূহৰ অৰ্থ নিশ্চিতৰূপে ধ্যান কৰি যত্ন কৰিবা।"

—বৃহদাৰণ্যক উপনিষদ; দ্বিতীয় অধ্যায়, চতুৰ্থ ব্ৰাহ্মণ, ২-৪[17][16]

তাৰপিছত মৈত্ৰেয়ীৰ সৈতে কথাপাতি যাজ্ঞবল্ক্য আত্মাৰ অমৰত্ব, ব্ৰহ্ম (পৰম সত্য) আৰু ব্ৰহ্ম আৰু আত্মাৰ একত্ব প্ৰসঙ্গত তেওঁৰ মতামত ব্যাখ্যা কৰে। [18] যাজ্ঞবল্ক্যেৰ ব্যাখ্যা চলি থকা সময়ত মাজে মাজে মৈত্ৰেয়ীয়ে আপত্তি উত্থাপন কৰিছিল আৰু বিষয়সমূহ স্পষ্টীকৰণৰ অনুৰোধ জনাইছিল। [14]

Painting of a sage and four disciples, sitting near water
সুৰেশ্বৰসহ চাৰি প্ৰধান শিষ্যেৰ সৈতে আদি শংকৰ। দুয়োয়ে বৃহদাৰণ্যক উপনিষদ গ্ৰন্থেৰ মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদৰ টীকা ৰচনা কৰিছিল।

প্ৰাচীন বৈদিক প্ৰথা মতে আধ্যাত্মিক আলোচনাত নাৰীৰ সক্ৰিয় অংশগ্ৰহণ আৰু ব্ৰহ্মবিদ্যাত তেওঁলোকৰ অধিকাৰৰ প্ৰমাণ হিচাপে এই কথোপকথনক গ্ৰহণ কৰা যায় নে নাযায় তাকে লৈ গৱেষকসমূহৰ মাজত মতানৈক্য বিদ্যমান। [19][13] আমেৰিকান ভাৰততত্ত্ববিদ অথা ধৰ্মীয় ইতিহাসৰ অধ্যাপক ওয়েণ্ডি ডনিগাৰৰ মতে, এই কথোপকথনত মৈত্ৰেয়ীক লেখিকা হিচাপে উপস্থাপন কৰা হোৱা নাই। ই উপনিষদত উল্লিখিত এক ব্ৰাহ্মণৰ কাহিনী মাত্ৰ যে ব্ৰাহ্মণৰ দুই পত্নী বুদ্ধিবৃত্তিৰ নিৰিখে ভিন্ন প্ৰকৃতিৰ। [20] আনহাতে আন এগৰাকী ভাৰততত্ত্ববিদ তথা তুলনামূলক ধৰ্মৰ অধ্যাপক কাৰেন পেশেলিছৰ মতে মৈত্ৰেয়ীক ধৰ্মতত্ত্ব-জিজ্ঞাসু হিচাপে উপস্থাপন কৰা হৈছে। কাৰণ এই কথোপকথন চলা চলি থকা সময়ত তেওঁ যাজ্ঞবল্ক্যেৰ বক্তব্যত আপত্তি উত্থাপন কৰিছিল আৰু একাধিক সঠিক প্ৰশ্নৰ অৱতাৰণা কৰিছিল।[21]

সুৰেশ্বৰ (সুৰেশ্বৰাচাৰ্য, আনুমানিক ৭৫০ খ্ৰীষ্টাব্দ) সহ প্ৰথম সহস্ৰাব্দৰ পণ্ডিতসকলে এগৰাকী নাৰী আৰু এজন পুৰুষৰ এই কথোপকথনক দুয়ো পক্ষৰ ক্ষেত্ৰতে গভীৰ তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে; মৈত্ৰেয়ী ধনসম্পত্তি প্ৰত্যাখ্যান কৰি তেওঁৰ স্বামীৰ আধ্যাত্মিক জ্ঞানৰ অংশীদাৰ হবলৈ বিচাৰিছিল আৰু ঔপনিষদিক কাহিনীটোৰ প্ৰাপ্ত চাৰ পাঠান্তৰ প্ৰত্যেকতে দেখা যায় যে তেওঁ যাজ্ঞবল্ক্যেৰ আত্মতত্ত্ব-ব্যাখ্যত আপত্তি উত্থাপন কৰিছিল। [15][22] যাজ্ঞবল্ক্যও তেওঁৰ উৎসাহী প্ৰশ্নসমূহৰ বাস্তৱতা স্বীকাৰ কৰে আৰু মৈত্ৰেয়ীৰ প্ৰশ্নসমূহে প্ৰমাণ কৰে যে তেওঁ ব্ৰহ্মজ্ঞান-অনুসন্ধিৎসু আৰু আত্মপ্ৰেমী আছিল। [23]

বৃহদাৰণ্যক উপনিষদত উল্লিখিত মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদ লিঙ্গভিত্তিক সম্পৰ্ক-সংক্ৰান্তিয় তৰ্কৰ বাদেও গুৰুত্বপূৰ্ণ। হিন্দু দৰ্শনৰ প্ৰভাৱশালী অদ্বৈত বেদান্ত শাখাৰ প্ৰৱক্তা আদি শংকৰ উক্ত উপনিষদৰ ভাষ্যে লিখিছিল যে, এই কথোপকথনৰ উদ্দেশ্য হ'ল আত্মজ্ঞান আৰু ব্ৰহ্মজ্ঞানৰ গুৰুত্বৰ আলোকপাত কৰা আৰু উভয়ৰ একত্বৰ বিষয়ে সহজবোধ্য কৰি তোলা। [24][25] তেওঁৰ মতে এই কথোপকথনে প্ৰমাণ কৰে যে শ্ৰুতি বা (বৈদিক ধৰ্মশাস্ত্ৰত ব্ৰহ্মজ্ঞান আৰু আত্মজ্ঞান লাভৰ উপায় হিচাপে সন্ন্যাসৰ বিধান দিয়া হৈছে। [26] ইয়াৰ লগতে তেওঁ আকৌ কৈছে যে, শ্ৰুতি গ্ৰন্থত আত্মজ্ঞান অৰ্জনক বিশেষ গুৰুত্বপূৰ্ণ বিষয় হিচাপে গণ্য কৰা হয়। কাৰণ এই উপনিষদত দ্বিতীয় অধ্যায়ৰ পিছত চতুৰ্থ অধ্যায়তো ব্ৰহ্মবিদ্যা আলোচনাৰ যৌক্তিক পৰিসমাপ্তি হিচাপে যাজ্ঞবল্ক্য-মৈত্ৰেয়ীৰ কথোপকথনৰ পুনৰাবৃত্তি কৰা হৈছে। [27]

প্ৰেমৰ প্ৰকৃতি[সম্পাদনা কৰক]

মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদত প্ৰেম আৰু প্ৰেমাস্পদৰ নিৰ্যাস লৈ এক আলোচনা পোৱা যায়। এই আলোচনাৰ প্ৰতিপাদ্য বিষয়টো হল যে প্ৰেম ব্যক্তিৰ আত্মা আৰু সেই আত্মাৰ সৈতে সম্পৰ্কযুক্ত বিশ্বাত্মাৰ সংযোগসূত্ৰ:[28][29]

হে প্ৰিয়ে, পতিৰ বাবে যে পত্নীৰ প্ৰেম প্ৰিয় হয় তেনে নহয়; নিজৰ প্ৰয়োজনেই পতিৰ প্ৰিয় হয়।
হে প্ৰিয়ে, পত্নীৰ বাবে যে পতিৰ প্ৰেম প্ৰিয় হয়
তেনে নহয়; নিজৰ প্ৰয়োজনেই পত্নীৰ প্ৰিয় হয়।

—বৃহদাৰণ্যক উপনিষদ, দ্বিতীয় অধ্যায়, চতুৰ্থ ব্ৰাহ্মণ, ৫[30][14]

ধৰ্মতত্ত্ব-লেখক তথা সম্পাদক ৰবাৰ্ট ফন দে ওয়েয়াৰেৰ মতে, এই বক্তব্যয়ে দৃঢ়ভাৱে ঘোষণা কৰে যে প্ৰেম ব্যক্তিত্ব নিজস্ব আত্মাৰ প্ৰতিফলন: সেয়া সন্তানৰ প্ৰতি পিতামাতাৰ প্ৰেম বা ধৰ্মৰ প্ৰতি অথবা সমগ্ৰ জগতৰ প্ৰতি প্ৰেম। [31] জাৰ্মান ভাৰততত্ত্ববিদ তথা অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক মেক্স মুলাৰৰ মতে, বৃহদাৰণ্যক উপনিষদ গ্ৰন্থত মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদত যি প্ৰেমৰ উল্লেখ কৰা হৈছে সেয়া ব্যক্তি জীৱন আৰু তাৰ বাহিৰে সকলো ক্ষেত্ৰতে পৰিব্যাপ্ত; দ্বিতীয় অধ্যায়ৰ চতুৰ্থ ব্ৰাহ্মণৰ অন্তৰ্গত পঞ্চম পংক্তিত বোলা হৈছে যে, "…দেৱগণৰ বাবে যি দেৱগণ (যাজ্ঞিকাদিৰ) প্ৰিয় হয় তেনে নহয়; (যাজ্ঞিকাদিৰ) আত্মপ্ৰয়োজনেই দেৱগণৰ প্ৰিয় হয়।"[32][33] এই কথোপকথনৰ পৰা জনা যায় যে "এই ব্ৰাহ্মণজাতি, এই ক্ষত্ৰিয়জাতি, এই লোকসমূহ, এই দেৱবৃন্দ, এই ভূতবৰ্গ আৰু এই সকলো বস্তু সকলোৱে এই আত্মা" আৰু "আত্মা দৃষ্ট, শ্ৰুত, বিচাৰিত, আৰু বিজ্ঞাত হলে এই সমস্ত জ্ঞাত হয়।"[34][14][33]

"আত্মা"-সংক্ৰান্ত এই কথোপকথনেৰ শেষে যাজ্ঞবল্ক্য মৈত্ৰেয়ীকে বললেন:[13]

হে প্ৰিয়ে মৈত্ৰেয়ি, আত্মাই দ্ৰষ্টব্য, শ্ৰোতব্য, মন্তব্য ও নিশ্চিতৰূপে ধ্যেয়।
হে প্ৰিয়ে, শ্ৰবণ, মনন ও নিদিধ্যাসনেৰ দ্বাৰা আত্মাৰ দৰ্শন হইলে তদ্দ্বাৰাই এই সমস্ত বিদিত হয়।

বৃহদাৰণ্যকোপনিষদ্‌, দ্বিতীয় অধ্যায়, চতুৰ্থ ব্ৰাহ্মণ, ৫[32][35]

যাজ্ঞবল্ক্য সংসাৰ ত্যাগ কৰি সন্ন্যাস অৱলম্বন কৰে আৰু মৈত্ৰেয়ীও সন্ন্যাসিনী হয়। তেওঁ পৰিব্ৰাজকৰ বৃত্তি গ্ৰহণ কৰি ত্যাগীৰ জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছিল।[36]

উত্তৰাধিকাৰ[সম্পাদনা কৰক]

একাধিক পুৰাণত মৈত্ৰেয়ীৰ উল্লেখ পোৱা যায়। মৈত্ৰেয়ীক "প্ৰাচীন ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বিদুষী আৰু সদাচাৰী চৰিত্ৰ নাৰী"[37] বুলি গণ্য কৰা হয়। তেওঁ ভাৰতৰ বিদুষী নাৰীসমাজৰ প্ৰতীক। [20] নতুন দিল্লীত তেওঁৰ নামেৰে এখন মহাবিদ্যালয়ৰ নামকৰণ কৰা হৈছে। [5] তামিলনাডু ৰাজ্যত মৈত্ৰেয়ী বৈদিক গ্ৰাম নামৰে এক আশ্ৰম আছে।[38]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Staal 2008, পৃষ্ঠা. 3.
  2. 2.0 2.1 Olivelle 2008, পৃষ্ঠা. 140.
  3. 3.0 3.1 3.2 3.3 3.4 John Muir, Metrical Translations from Sanskrit Writers, p. 251, গুগুল বুকচ্‌ত, page 251–253
  4. Bowen 1998, পৃষ্ঠা. 59.
  5. 5.0 5.1 Ahuja 2011, পৃষ্ঠা. 39.
  6. মনিয়াৰ-উইলিয়ামছৰ সংস্কৃত-ইংৰাজি অভিধান অনুযায়ী "ব্ৰহ্মবাদিনী" শব্দেৰ অৰ্থ হৈছে "যিয়ে ধৰ্মগ্ৰন্থ আলোচনাকালত বেদৰ পক্ষ অৱলম্বন কৰে অথবা বেদ ব্যাখ্যা কৰে আৰু যিয়ে সকলো বস্তুৰ সৈতে ব্ৰহ্ম বা পৰম সত্যৰ একত্ব প্ৰতিপাদন কৰে।"
  7. Ben-Ami Scharfstein (1998). A Comparative History of World Philosophy: From the Upanishads to Kant. State University of New York Press. পৃষ্ঠা. 56–57. ISBN 978-0-7914-3683-7. https://books.google.com/books?id=iZQy2lu70bwC&pg=PA56. 
  8. 8.0 8.1 Pechilis 2004, পৃষ্ঠা. 11–15.
  9. 9.0 9.1 John Muir, Metrical Translations from Sanskrit Writers, p. 251, গুগুল বুকচ্‌ত, page 246–251
  10. Devika Rangachari (2011). Swami Vivekananda: A Man with a Vision. Penguin Books. পৃষ্ঠা. 139. ISBN 978-81-8475-563-3. https://books.google.com/books?id=Ia0CSSnDwUkC. 
  11. 11.0 11.1 Hino 1991, পৃষ্ঠা. 94–95.
  12. Brereton 2006, পৃষ্ঠা. 323–345.
  13. 13.0 13.1 13.2 Marvelly 2011, পৃষ্ঠা. 43.
  14. 14.0 14.1 14.2 14.3 Hume 1967, পৃষ্ঠা. 98–102, 146–48.
  15. 15.0 15.1 Brereton 2006, পৃষ্ঠা. 323–45.
  16. 16.0 16.1 16.2 Hume 1967, পৃষ্ঠা. 98–99.
  17. উপনিষদ গ্ৰন্থাৱলী, ৩য় খণ্ড, স্বামী গম্ভীৰানন্দ সম্পাদিত, উদ্বোধন কাৰ্যালয়, কলকাতা, পৃ. ১৫৭-৫৮
  18. Hume 1967, পৃষ্ঠা. 98–102, 146–148.
  19. Majumdar 1977, পৃষ্ঠা. 90.
  20. 20.0 20.1 Doniger 2010, পৃষ্ঠা. 187.
  21. Karen Pechilis (2004). The Graceful Guru: Hindu Female Gurus in India and the United States. Oxford University Press. পৃষ্ঠা. 14–15. ISBN 978-0-19-514537-3. https://books.google.com/books?id=c25pFbnQc18C. 
  22. Hino 1991, পৃষ্ঠা. 99–107.
  23. Hino 1991, পৃষ্ঠা. 4–5, 8, 104–107,
    (উদ্ধৃতি: [Maitreyi:] If you wish to favour me or you want to be compassionate on me, then share with me that which you know [...]; give me only that wealth, through the knowledge of which you, having renounced the entire wealth and means, wish to obtain the domain of light." – Brihadaranyakopanishad bhashya varttika 60–61;
    [Yajnavalkya:] "Unable to endure separation from me, as it were, owing to your great love for me, you wish to follow me even in liberation with the full desire of being one with me. Carried away by great love, Uma occupied half of Shiva body. But you, on your part, wish to secure the whole of me, the Atman, by your whole self." – Brihadaranyakopanishad bhashya varttika 68–69.
  24. Hino 1991, পৃষ্ঠা. 5–6, 94.
  25. Paul Deussen (2015). KB Classics Reprint. পৃষ্ঠা. 173–174. ISBN 978-1-5191-1778-6. https://books.google.com/books?id=DI7cCgAAQBAJ. 
  26. Hino 1991, পৃষ্ঠা. 54–59, 94–95, 145–149.
  27. Hino 1991, পৃষ্ঠা. 5.
  28. Majumdar 1977, পৃষ্ঠা. 204.
  29. Candrakīrti & Lang 2003, পৃষ্ঠা. 52.
  30. উপনিষদ গ্ৰন্থাৱলী, ৩য় ভাগ, স্বামী গম্ভীৰানন্দ সম্পাদিত, উদ্বোধন কাৰ্যালয়, কলকাতা, পৃ. ১৫৯-৬০
  31. Weyer 2013, পৃষ্ঠা. 60.
  32. 32.0 32.1 উপনিষদ গ্ৰন্থাৱলী, তৃতীয় ভাগ, স্বামী গম্ভীৰানন্দ সম্পাদিত, উদ্বোধন কাৰ্যালয়, কলকাতা, পৃ. ১৬০ (অনুবাদ)
  33. 33.0 33.1 Brihadaranyaka Upanishad Max Muller (Translator), Oxford University Press, page 110; Quote:"The Devas (gods) are not dear to one out of love for gods, but because one may love the Self (Atman) that the gods are dear"
  34. উপনিষদ গ্ৰন্থাৱলী, তৃতীয় ভাগ, স্বামী গম্ভীৰানন্দ সম্পাদিত, উদ্বোধন কাৰ্যালয়, কলকাতা, পৃ. ১৬২ অৰু ৩৫২ (অনুবাদ)
  35. Deussen 2010, পৃষ্ঠা. 435.
  36. "Yajnavalkya's Marriages and His Later Life". Shukla Yajurveda. Shuklayajurveda Organization. http://shuklayajurveda.org/yagnavalkya-chapter7.html. 
  37. Geaves 2009, পৃষ্ঠা. 484.
  38. "An Eco-Spiritual Retreat". Maitreyi - The Vedic Village. http://maitreyivedic.in/। আহৰণ কৰা হৈছে: 11 December 2015. 

গ্ৰন্থৰাজি[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]