লিঙ্গ ভিত্তিক গৰ্ভপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

লিঙ্গ ভিত্তিক গৰ্ভপাত বা লিঙ্গ নিৰ্বাচিত গৰ্ভপাত (ইংৰাজী: Sex-selective abortion) হৈছে শিশুৰ লিঙ্গৰ ওপৰত আধাৰিত কৰি গৰ্ভধাৰণ সমাপ্ত কৰাৰ অনুশীলন। মহিলা ভ্ৰূণৰ বাছনিমূলক গৰ্ভপাত পৃথিৱীৰ কিছুমান ঠাইত হয় য'ত লʼৰা শিশুক ছোৱালী শিশুতকৈ বেছি মূল্য দিয়া হয়, বিশেষকৈ পূৱ এছিয়া আৰু দক্ষিণ এছিয়াৰ কিছু অংশত (যেনে চীন, ভাৰত আৰু পাকিস্তানৰ দৰে দেশত), লগতে ককেঁচাছ আৰু পশ্চিম বালকান অঞ্চলত।[1][2][3]

লিঙ্গ নিৰ্বাচিত গৰ্ভপাত প্ৰথমে ১৯৭৫ চনত নথিভুক্ত হৈছিল,[4] আৰু ১৯৮০ চনৰ শেষৰ ফালে দক্ষিণ কোৰিয়া আৰু চীনত দেখা গৈছিল আৰু ইয়াৰ পাছতেই ভাৰতত দেখা পোৱা গৈছিল। লিঙ্গ নিৰ্বাচিত গৰ্ভপাতে পুৰুষৰ পৰা মহিলাৰ আপেক্ষিক সংখ্যাৰ অনুপাতক প্ৰভাৱিত কৰে, [5][6] যাৰ ফলত চীন আৰু ভাৰতৰ দৰে উচ্চ জনসংখ্যাৰ দেশবোৰত অসন্তুলিত লিংগ অনুপাত দেখা গৈছে।

লিঙ্গ-নিৰ্বাচিত গৰ্ভপাতৰ ওপৰত প্ৰকাশিত অধ্যয়ন আৰু প্ৰতিবেদনবোৰ মুখ্যতঃ পৰিসংখ্যাৰ ওপৰত নিৰ্ভৰশীল। পৰিসংখ্যাবিধসকলে অনুমান কৰে যে জন্ম লিঙ্গ অনুপাত,যাক জন্মৰ সময়ত ল'ৰা আৰু ছোৱালীৰ (আঞ্চলিক জনসংখ্যাৰ আধাৰত) সামগ্ৰিক অনুপাত বোজোৱা হয়, ই এক লিঙ্গ-নিৰ্বাচিত গৰ্ভপাতৰ সূচক। অবশ্যে এই সংজ্ঞাৰ বৈধতাৰ বিষয়ে কিছুমান পণ্ডিতে প্ৰশ্ন কৰে। [7]

ব্যাপকতা[সম্পাদনা কৰক]

লিঙ্গ-নিৰ্বাচিত গৰ্ভপাতৰ সঠিক প্ৰবলতা অনিশ্চিত,যদিও কিছুমান সমাজত এই অনুশীলন ব্যাপকভাৱে দেখা যায়। কিছুমান লেখকে যুক্তি দিয়ে যে এই অনুশীলনটো কিছুমান সমাজত কিয় হয় সেয়া বৰ্ণনা কৰাটো যথেষ্ট কঠিন, আৰু ইয়াক কেৱল পিতৃতান্ত্ৰিক সামাজিক নিয়মৰ দ্বাৰা ব্যাখ্যা কৰিব নোৱাৰি। বেছিভাগ সমাজত পুৰুষৰ আধিপত্য, কিন্তু কেৱল কিছু সংখ্যালঘু সমাজতহে এই অনুশীলন দেখা যায়।[8]

আফ্ৰিকা আৰু মধ্য প্ৰাচ্য[সম্পাদনা কৰক]

উত্তৰ আফ্ৰিকা আৰু মধ্য প্ৰাচ্যত ল'ৰাৰ পক্ষপাতত যৌন নিৰ্বাচিত গৰ্ভপাত গুৰুত্বপূৰ্ণভাৱে প্ৰচলিত।[9][10][11] কিছুমান আফ্ৰিকাৰ দেশ যেনে নাইজেৰিয়াত ল'ৰাৰ আশাত কৰা যৌন-নিৰ্বাচিত গৰ্ভপাত এটা সাধাৰণ অনুশীলন।[12][13]

এছিয়া[সম্পাদনা কৰক]

২০১৯ চনৰ এক অধ্যয়ন অনুসৰি বিশ্বব্যাপী ২৩ নিযুতৰ ভিতৰত ১১.৯ নিযুত চীন আৰু ১০.৬ নিযুত ভাৰতত যৌন নিৰ্বাচিত গৰ্ভপাত হোৱাৰ প্ৰমাণ পোৱা গৈছে।[14]

চীন[সম্পাদনা কৰক]

এক-শিশু নীতিৰ ৰূপায়ণৰ পিছৰ পৰা চীনত জন্ম লিঙ্গ অনুপাত নাটকীয়ভাৱে সলনি হৈছে

যেতিয়া ১৯৬০ চনত চীনত লিঙ্গ অনুপাত অধ্যয়ন কৰা আৰম্ভ হৈছিল, ই তেতিয়াও স্বাভাৱিক পৰিসৰৰ ভিতৰত আছিল।[15] অৱশ্যে, ই ১৯৯০ চনৰ ভিতৰত ১.৯ লৈ বৃদ্ধি পাইছিল আৰু ২০১০ চনৰ ভিতৰত ইয়াৰ চৰকাৰী লোকপিয়লত ১১৮ লৈ উঠিছিল।[16][17] গৱেষকসকলে বিশ্বাস কৰে যে এই লিঙ্গ অনুপাতৰ ভাৰসাম্যহীনতাৰ কাৰণ হৈছে ছোৱালী শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি, ছোৱালী জন্মৰ কম প্ৰতিবেদন আৰু লিঙ্গ নিৰ্বাচিত গৰ্ভপাত। আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ হৈছে সম্ভৱতঃ যৌন-নিৰ্বাচিত গৰ্ভপাত, কিন্তু এইটো প্ৰমাণ কৰা কঠিন কিয়নো তথ্য বহুত গোপন কৰিও ৰখা হয়।[18]

ভাৰত[সম্পাদনা কৰক]

১৯৪১ চনৰ পৰা ২০১১ লৈ ভাৰতত পুৰুষ আৰু মহিলা লিঙ্গ অনুপাত, ইয়াৰ আনুষ্ঠানিক লোকপিয়লৰ তথ্যৰ ওপৰত আধাৰিত কৰি। তথ্যবোৰে ভাৰতত আলট্ৰাচাউণ্ড আধাৰিত প্ৰসৱ-ভিত্তিক যৌন স্ক্ৰীণিং প্ৰযুক্তিৰ আগমনৰ আগতে আৰু পিছত উচ্চ লিঙ্গ অনুপাতৰ অস্তিত্বৰ পৰামৰ্শ দিয়ে।

ভাৰতৰ ২০০১ চনৰ লোকপিয়লত ০-৬ বছৰ বয়সৰ শিশু লিঙ্গ অনুপাত প্ৰকাশ পাইছিল যʼত এই অনুপাত ১০৮ (প্ৰতি ১০০০ ল'ৰাত ক্ৰমান্বয়ে ৯২৭ ছোৱালী)আছিল। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই অনুপাত ১০৮ৰ পৰা ১০৯লৈ (প্ৰতি ১০০০ ল'ৰাত ৯১৯ ছোৱালী) হৈছিল। স্বাভাৱিক অনুপাত হʼব লাগে প্ৰতি ১০০০ ল'ৰাত ৯৪৩ ছোৱালী।[19] ভাৰতৰ নগৰাঞ্চলত ১৯৮০ ৰ পৰা যৌন স্ক্ৰীণিং প্ৰযুক্তিৰ উপলব্ধতা বৃদ্ধি হোৱাৰ লগেলগে ইয়াৰ অপব্যৱহাৰো আৰম্ভ হʼল। ভাৰত চৰকাৰে ১৯৯৪ চনত প্ৰসৱ-পূৰ্ব ডায়গনিষ্টিক কৌশল আইন স্থাপন কৰে। প্ৰসৱপূৰ্ব যৌন স্ক্ৰীণিং আৰু যৌন নিৰ্বাচিত গৰ্ভপাত প্ৰতিহত আৰু শাস্তি দিবলৈ এই আইন প্ৰনয়ন কৰা হৈছিল। [20]

পাকিস্তান[সম্পাদনা কৰক]

তিনিটা পৃথক গৱেষণা অধ্যয়ন, ক্লাউছেন আৰু উইঙ্কৰ মতে, মন কৰক যে পাকিস্তানত বিশ্বৰ সৰ্বাধিক শতাংশ হেৰুৱা ছোৱালী আছিল, ইয়াৰ মুঠ প্ৰাপ্তবয়স্ক মহিলা জনসংখ্যাৰ তুলনাত। [21] ২০১৭ চনত, দুটা পাকিস্তানী সংগঠনে পাকিস্তানী চহৰসমূহত শিশু হত্যাৰ বৃহৎ ঘটনা আৱিষ্কাৰ কৰে। এই কাম এধি ফাউণ্ডেচন আৰু ছিপা ৱেলফায়াৰ ফাউণ্ডেচনৰ নেতৃত্ব কৰা হৈছিল। শিশুহত্যাটো মুখ্যতঃ প্ৰায় সকলোমহিলা শিশু আছিল। স্থানীয় কৰ্তৃপক্ষই দিয়া কাৰণটো আছিল দৰিদ্ৰতা আৰু স্থানীয় ৰীতি, যাৰ কাৰণে ল'ৰাসকলক ছোৱালীকৈ বাবে পছন্দ কৰা হয়।[22]

দক্ষিণ কোৰিয়া[সম্পাদনা কৰক]

দক্ষিণ কোৰিয়াত যৌন নিৰ্বাচিত গৰ্ভপাত ১৯৮০ দশকৰ মাজভাগৰ পৰা ১৯৯০ ৰ দশকৰ আৰম্ভণিলৈ জনপ্ৰিয়তা লাভ কৰিছিল, য'ত নিৰ্বাচিত মহিলা গৰ্ভপাত সাধাৰণ আছিল কিয়নো পুৰুষ শিশুসকলক বেছিকৈ পছন্দ কৰা হৈছিল। ঐতিহাসিকভাৱে, কোৰিয়াৰ বেছিভাগ মূল্যবোধ আৰু পৰম্পৰা কনফুচিয়ানবাদৰ ওপৰত আধাৰিত আছিল যি পিতৃতান্ত্ৰিক প্ৰণালী [23] আৰু পুত্ৰসন্তানৰ ওপৰত বেছি গুৰুত্ত দিছিল। তদুপৰি, যদিও গৰ্ভপাত নিষিদ্ধ আছিল, ল'ৰাৰ পছন্দ আৰু যৌন-নিৰ্বাচিত প্ৰযুক্তিৰ উপলব্ধতাৰ ফলত লিঙ্গ-নিৰ্বাচিত গৰ্ভপাত আৰু ল'ৰাৰ জন্ম বৃদ্ধি পাইছিল।[24] ইয়াৰ ফলত, দক্ষিণ কোৰিয়াই ১৯৮০ ৰ মাজভাগৰ পৰা ১৯৮০ ৰ আৰম্ভণিলৈ লিঙ্গ অনুপাত হঠাতে বাঢ়ি গৈছিল।[23]

ইউৰোপ[সম্পাদনা কৰক]

জন্মৰ সময়ত অস্বাভাৱিক লিঙ্গ অনুপাত দক্ষিণ আৰু পূৱ এছিয়াৰ বাহিৰৰ আন কিছুমান দেশতো মন কৰা হৈছে। চিআইএৰ মতে, ইউৰোপৰ আটাইতকৈ ভাৰসাম্যহীন জন্ম লিঙ্গ অনুপাত লিচটেনষ্টাইন, আৰ্মেনিয়া, আবেলনিয়া, আজাৰবাইজান, ছান মেৰিনো, কছোভো আৰু মেচেডোনিয়াত আছে; লিচেনষ্টাইনত পৃথিৱীৰ আটাইতকৈ ভাৰসাম্যহীন লিঙ্গ অনুপাত হোৱা দেখা গৈছে।

আনুমানিক সন্ধানহীন মহিলা[সম্পাদনা কৰক]

২০০৫ চনৰ এক অধ্যয়নে অনুমান কৰিছিল যে আফগানিস্তান, বাংলাদেশ, চীন, ভাৰত, পাকিস্তান, দক্ষিণ কোৰিয়া আৰু তাইৱানত প্ৰত্যাশিত জনসংখ্যাৰ পৰা ৯০ নিযুতৰো অধিক মহিলা "সন্ধানহীন" আছিল।[2][25] অৱশ্যে এই অনুমান বিভিন্ন গৱেষকসকলৰ ওপৰত বেলেগ বেলেগ হয়।

দেশ লিঙ্গ ব্যৱধান
0–১৯ বয়সৰ গোট(২০১০)
% নাবালক
ছোৱালী
অঞ্চল ধৰ্মীয় পৰিস্থিতি
আফগানিস্তান ২৬৫,000 ৩.0 দক্ষিণ এছিয়া বেছিভাগ ইছলাম
অল্বেনিয়া ২১,000 ৪.২ দক্ষিণ-পূব ইউৰোপ ধৰ্মীয়ভাৱে বিবিধ
আৰ্মেনিয়া ৩৫,000 ৮.৪ ককেঁচাচ বেছিভাগ খ্ৰীষ্টান
আজাৰ্বাইজান ১১১,000 ৪.৩ ককেঁচাচ বেছিভাগ ইছলাম
বাংলাদেশ ৪১৬,000 ১.৪ দক্ষিণ এছিয়া বেছিভাগ ইছলাম
চীন ২৫,১১২,000 ১৫.০ পূৱ এছিয়া ধৰ্মীয়ভাৱে বিবিধ
জৰ্জিয়া ২৪,000 ৪.৬ ককেঁচাচ বেছিভাগ খ্ৰীষ্টান
ভাৰত ১২,৬১৮,000 ৫.৩ দক্ষিণ এছিয়া বেছিভাগ হিন্দু
মণ্টেনিগ্ৰ ৩,000 ৩.৬ দক্ষিণ-পূব ইউৰোপ বেছিভাগ খ্ৰীষ্টান
নেপাল ১২৫,000 ১.৮ দক্ষিণ এছিয়া বেছিভাগ হিন্দু
পাকিস্তান ২০৬,000 0.৫ দক্ষিণ এছিয়া বেছিভাগ ইছলাম
দক্ষিণ কোৰিয়া ৩৩৬,000 ৬.২ পূৱ এছিয়া ধৰ্মীয়ভাৱে বিবিধ
ছিংগাপুৰ ২১,000 ৩.৫ দক্ষিণ-পূব ইউৰোপ ধৰ্মীয়ভাৱে বিবিধ
ভিয়েটনাম ১৩৮,000 ১.0 দক্ষিণ-পূব ইউৰোপ ধৰ্মীয়ভাৱে বিবিধ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Goodkind, Daniel (1999). "Should Prenatal Sex Selection be Restricted?: Ethical Questions and Their Implications for Research and Policy". Population Studies খণ্ড 53 (1): 49–61. doi:10.1080/00324720308069. 
  2. 2.0 2.1 A. Gettis, J. Getis, and J. D. Fellmann (2004). Introduction to Geography, Ninth Edition. New York: McGraw-Hill. pp. 200. আই.এচ.বি.এন. 0-07-252183-X
  3. HIGH SEX RATIO AT BIRTH IN SOUTHEAST EUROPE Christophe Z Guilmoto, CEPED, Université Paris-Descartes, France (2012)http://www.demographie.net/guilmoto/pdf/research%20note%20on%20BM%20in%20SE%20Europe4.pdf
  4. "China's New Birth Rule Can't Restore Missing Women and Fix a Population". https://www.scientificamerican.com/article/china-s-new-birth-rule-can-t-restore-missing-women-and-fix-a-population/. 
  5. Kumm, J.; Laland, K.N.; Feldman, M.W. (December 1994). "Gene-Culture Coevolution and Sex-Ratios: The Effects of Infanticide, Sex-Selective Abortion, Sex Selection, and Sex-Biased Parental Investment on the Evolution of Sex Ratios". Theoretical Population Biology খণ্ড 46 (3): 249–278. doi:10.1006/tpbi.1994.1027. PMID 7846643. 
  6. Gammage, Jeff (June 21, 2011). "Gender imbalance tilting the world toward men". The Philadelphia Inquirer. http://articles.philly.com/2011-06-21/news/29683905_1_gender-imbalance-fertility-institutes-boys। আহৰণ কৰা হৈছে: June 27, 2013. 
  7. James, William H. (2008). "Evidence that mammalian sex ratios at birth are partially controlled by parental hormone levels around the time of conception". Journal of Endocrinology. 198 (1): 3–15. doi:10.1677/JOE-07-0446
  8. Hohmann, S. A.; Lefèvre, C. A.; Garenne, M. L. (2014). "A framework for analyzing sex-selective abortion: The example of changing sex ratios in Southern Caucasus". International Journal of Women's Health খণ্ড 6: 889–897. doi:10.2147/IJWH.S66333. PMID 25349481. 
  9. Goodkind, Daniel (2015). "Sex Selective Abortion". International Encyclopedia of the Social & Behavioral Sciences. পৃষ্ঠা. 686–688. doi:10.1016/B978-0-08-097086-8.31038-8. ISBN 9780080970875. 
  10. Basu, A.; Das Gupta, M. (2001). "Family Systems and the Preferred Sex of Children". International Encyclopedia of the Social & Behavioral Sciences. পৃষ্ঠা. 5350–5357. doi:10.1016/B0-08-043076-7/02151-3. ISBN 9780080430768. 
  11. Hesketh, Therese; Lu, Li; Xing, Zhu Wei (6 September 2011). "The consequences of son preference and sex-selective abortion in China and other Asian countries". CMAJ খণ্ড 183 (12): 1374–1377. doi:10.1503/cmaj.101368. PMID 21402684. 
  12. "Bring back the girls". The Economist. https://www.economist.com/middle-east-and-africa/2014/07/21/bring-back-the-girls. 
  13. Aina-Pelemo, Adetutu; Saluja, Simran (31 May 2018). "Comparative Analysis of Sex-Selection in Nigeria and India". International Journal of Humanities & Social Science Studies খণ্ড 4 (6): 71–89. doi:10.29032/ijhsss.v4.i6.2018.70-88. 
  14. Chao, Fengqing; Gerland, Patrick; Cook, Alex R.; Alkema, Leontine (7 May 2019). "Systematic assessment of the sex ratio at birth for all countries and estimation of national imbalances and regional reference levels". Proceedings of the National Academy of Sciences খণ্ড 116 (19): 9303–9311. doi:10.1073/pnas.1812593116. PMID 30988199. 
  15. Junhong, Chu (2001). "Prenatal Sex Determination and Sex-Selective Abortion in Rural Central China". Population and Development Review খণ্ড 27 (2): 259–81. doi:10.1111/j.1728-4457.2001.00259.x. 
  16. China's sex ratio declines for two straight years Archived February 22, 2015, at the Wayback Machine Xinhua, China
  17. Kang C, Wang Y. Sex ratio at birth. In: Theses Collection of 2001 National Family Planning and Reproductive Health Survey. Beijing: China Population Publishing House, 2003:88–98.
  18. Yi, Zeng (1993). "Causes and implications of the recent increase in the reported sex ratio at birthin China". Population and Development Review খণ্ড 19 (2): 283–302. doi:10.2307/2938438. 
  19. India at Glance – Population Census 2011 – Final Archived January 8, 2014, at the Wayback Machine Census of India, Government of India (2013)
  20. The Implementation of PCPNDT ACT https://www.wbhealth.gov.in/uploaded_files/PNDT/IMPLEMENTATION%20OF%20THE%20PCPNDT%20ACT%20IN%20INDIA.pdf (2010)
  21. Klausen, Stephan; Wink, Claudia (2003). "Missing Women: Revisiting the Debate". Feminist Economics খণ্ড 9 (2–3): 270. doi:10.1080/1354570022000077999. 
  22. "Karachi becoming a killing field for newborn girls". https://www.thenews.com.pk/print/309162-karachi-becoming-a-killing-field-for-newborn-girls. 
  23. 23.0 23.1 Chun, Heeran; Das Gupta, Monica (March 2009). "Gender discrimination in sex selective abortions and its transition in South Korea". Women's Studies International Forum খণ্ড 32 (2): 89–97. doi:10.1016/j.wsif.2009.03.008. 
  24. Lee, Jinkook; Smith, James P. (April 2018). "Fertility behaviors in South Korea and their association with ultrasound prenatal sex screening". SSM - Population Health খণ্ড 4: 10–16. doi:10.1016/j.ssmph.2017.10.003. PMID 29349269. 
  25. VALERIE M. HUDSON and ANDREA M. DEN BOER Missing Women and Bare Branches: Gender Balance and Conflict ECSP Report, Issue 11