সমললৈ যাওক

নৌটংকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
'চুলতানা ডাকু'ত দেবেন্দ্ৰ শৰ্মা আৰু পালক যোশী

নৌটংকী (ইংৰাজী: Nautanki) দক্ষিণ এছিয়াৰ, বিশেষকৈ উত্তৰ ভাৰতৰ এক জনপ্ৰিয় লোকনাট্য শৈলী। বলীউদী চলচ্চিত্ৰ আগমনৰ পূৰ্বে নৌটংকীয়ে আছিল উত্তৰ ভাৰতৰ গ্ৰাম্য আৰু নগৰীয়া জীৱনৰ সৰ্বাধিক জনপ্ৰিয় বিনোদন মাধ্যম। নৌটংকীৰ চহকী সংগীত আৰু হাস্যৰসপ্ৰধান, বিনোদনমূলক কাহিনীৰ সংযোজনাই গ্ৰাম্য জনজীৱনৰ কল্পনাক আলোড়িত কৰিব পৰাকৈ গভীৰ প্ৰভাৱ পেলাইছিল। আনকি দূৰদৰ্শন আৰু ডিভিডিৰ ব্যাপক সম্প্ৰসাৰণৰ পিছতো শ্ৰেষ্ঠ নৌটংকী দলবোৰৰ অনুষ্ঠানত দহ হাজাৰ-পোন্ধৰ হাজাৰ দৰ্শক সমবেত হোৱা দেখা যায়। উত্তৰ ভাৰতৰ গীতিধৰ্মী লোকনাট্য পৰম্পৰা-'সংগীত', 'ভগত' আৰু 'স্বাগ' পৰাই নৌটংকীৰ উদ্ভৱ হৈছে। 'সংগীত ৰাণী নৌটংকী কা' নামৰ এখন 'সংগীত' ইমানে জনপ্ৰিয় হৈছিল যে এনেধৰণৰ লোক্যনাট্য শৈলীটোক মানুহে 'নৌটংকী' বুলিবলৈ ল’লে। নৌটংকীৰ আন এটা নাম যাত্ৰা।[1][2]

পৰিবেশন[সম্পাদনা কৰক]

কিংবদন্তি নৌটংকী শিল্পী ৰামদয়াল শৰ্মা আৰু দেবেন্দ্ৰ শৰ্মা 'অমৰ সিং ৰাঠোৰ' নাটকত

নৌটংকী এটা জনপ্ৰিয় নাট্যশৈলী, য’ত ৰোমাণ্টিক কাহিনী, পৌৰাণিক কথা বা স্থানীয় বীৰগাথাৰ আদিৰ পৰা নৌটংকীৰ নাটকৰ কাহিনী আহৰণ কৰা হয়। ই জনজীৱনক সৰল বিনোদন দিয়া গীত, নৃত্য আৰু নাটকৰ সমাহাৰ। ইয়াত এক বৃহৎ সংখ্যক ৰাইজ জডিত হৈ থাকে। কি নাটক পৰিবেশিত হ’ব, সেয়া সাধাৰণতে ৰাইজেই নিৰ্ধাৰণ কৰে। দৰ্শকৰ দাবীত কেতিয়াবা একোটা গীত বা নাটকীয় দৃশ্যাংশৰ পুনৰাবৃত্তিও হয়।[3]

নৌটংকীৰ পৰিবেশন সাধাৰণতে গাঁৱৰ বা গাঁৱৰ ওচৰৰে এখন মুকলি ঠাইত অনুষ্ঠিত হয়, য’ত কেইশ বা কেইহাজাৰ মান দৰ্শক গোট খোৱাৰ সুবিধা থাকে। প্ৰায়ে ৰাজহুৱা পথাৰ বা স্থানীয় বিদ্যালয়ৰ খেলপথাৰতে ঠাই বাছনি কৰা হয়। নৌটংকীৰ মঞ্চখন কাঠ-বাঁহেৰে ওখকৈ সাজে আৰু এই কাঠ-বাঁহ সাধাৰণতে স্থানীয় ৰাইজেই যোগান ধৰে। আজিৰ পৰা কেই দশকমান আগলৈকে ভাৰতৰ গাঁওবোৰৰ বিদ্যুতৰ যোগান নাছিল। গতিকে তাত কেৰাচিনেৰে জ্বলোৱা পেট্ৰ’মাস্কেৰে পোহৰৰ ব্যৱস্থা কৰা হৈছিল। পৰম্পৰাগত নৌটংকী সাধাৰণতে নিশা পলমকৈ, প্ৰায়ে দহমান বজাত আৰম্ভ হৈছিল আৰু সূৰ্যোদয় নোহোৱালৈকে চলি আছিল। তাত কোনো বিৰতিৰ ব্যৱস্থা নাছিল।[3][2]

কাহিনী[সম্পাদনা কৰক]

নৌটংকীৰ কাহিনী সাধাৰণে ধৰ্মমূলক পৌৰাণিক কথা বা লোককথাৰ পৰা আহৰণ কৰা হয়। উদাহৰণ স্বৰূপে, 'সত্য হৰিশ্চন্দ্ৰ' বা 'ভক্ত মোৰাধ্বজ' নাটকৰ কাহিনী পৌৰাণিক কথাৰ পৰা লোৱাৰ বিপৰীতে 'ইন্দল হৰণ' আৰু 'পুৰণমল' নাটকৰ কাহিনী লোককথা আধাৰিত। কুৰি শতিকাৰ প্ৰথমাৰ্দ্ধত ব্ৰিটিছ শাসক বা জমিদাৰসকলৰ প্ৰতি যি যি ক্ষোভ আছিল, তাৰ প্ৰতিফলন 'চুলতানা ডাকু', 'জালিৱানৱালাবাগ', 'অমৰ সিং ৰাঠোৰ' আদি নাটকৰ মাজেদি হৈছে।[3] শেহতীয়া দশকবোৰত এজন প্ৰখ্যাত নৌটংকী গুৰু পণ্ডিত ৰামদয়াল শৰ্মা আৰু ড. দেবেন্দ্ৰ শৰ্মাই বহু কেইখন নতুন নৌটংকী লিখি উলিয়াইছে। এই নতুন নাটকবোৰত স্বাস্থ্য, এইড্‌ছ, মহিলা সবলীকৰণ, যৌতুক, প্ৰব্ৰজন, পৰিয়াল পৰিকল্পনা আদি বিষয়ক সমসাময়িক সামাজিক বাৰ্তা দিবলৈ প্ৰচেষ্টা চলাইছে। নাটকবোৰো চমু কৰি দুঘণ্টামানৰ ভিতৰত সামৰা হৈছে। কেইখনমান জনপ্ৰিয় নৌটংকী হ’ল- 'পাক-মোহব্বত', 'চুলতানা ডাকু', 'ইন্দল হৰণ', 'অমৰ সিং ৰাঠোৰ', 'ভক্ত পুৰণমল', 'হৰিশ্চন্দ্ৰ তাৰমতী'। কেইখনমান সংগীত নাটক একাডেমী বঁটা বিজয়ী পণ্ডিত ৰামদয়াল শৰ্মা ৰচিত সমসাময়িক জনপ্ৰিয় নাটক- 'মিচন সুহানী', 'সুবহ কা ভুলা', 'বেহকানী ঔৰ মুস্কানী' আৰু 'বেটী কা ব্যাহ'।[4]

তথ্য উৎস[সম্পাদনা কৰক]

  1. The Politics of the Urban Poor in Early Twentieth-Century India, Nandini Gooptu, Cambridge University Press, 2001, ISBN 978-0-521-44366-1
  2. 2.0 2.1 अभिव्यक्ति Archived 2011-09-23 at the Wayback Machine, नारायण भक्त
  3. 3.0 3.1 3.2 Kathryn Hansen. Grounds for Play: The Nautanki Theatre of North India. University of California Press. পৃষ্ঠা. 354. ISBN ISBN 9780520910881.. 
  4. Devendra Sharma (2006). Performing Nautanki: Popular Community Folk Performances as Sites of Dialogue and Social Change. Ohio University. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]