ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দশম বৰ্ষ | ফেব্ৰুৱাৰী | ২০২১ | দ্বিতীয় সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত এখেতসকলৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

‌প্ৰথমবাৰৰ বাবে ৱিকিপত্ৰিকাত নিজৰ মনৰ কথা লিখিবলৈ ওলাইছোঁ৷ ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিপত্ৰিকা আদি শব্দ আজি অলপ দিনৰ আগলৈকে মোৰ বাবে এক কৌতূহলৰ বিষয় হৈ আছিল৷ নাম শুনিছিলোঁ যদিও ৱিকিউৎসৰ লগত পৰিচয় হোৱা নাছিল৷ বুজি পোৱা নাছিলোঁ, ৱিকিউৎসতনো কি কৰিব লাগে৷ ২০২০ চনৰ জুলাই মাহৰ কোনোবা এটা দিনত মোৰ ফেচবুক বন্ধু শ্ৰী মৃদুল কুমাৰ শৰ্মা দাই ৱিকিউৎস সন্দৰ্ভত ফেচবুকত এটা আপডেট দিছিল৷ তেওঁ ৱিকিউৎসত কাম কৰাৰ বাবে স্বেচ্ছাসেৱী বিচাৰিছিল৷ তেওঁৰ আপডেটটো পঢ়ি মই বুজি উঠিছিলোঁ যে অসমীয়া ভাষাটোৰ ওপৰতেই ইয়াত কাম হয়৷ পুৰণি অসমীয়া গ্ৰন্থসমূহৰ সংৰক্ষণ কৰা হয়৷ মোৰ তেতিয়াই ৱিকিউৎসত কাম কৰিবলৈ আগ্ৰহ জন্মিল, যিহেতু মোৰ আগৰ পৰাই আইৰ মুখৰ ভাষাটোৰ প্ৰতি দুৰ্বলতা আছে৷ অসমীয়া ভাষাটোক বিশ্বদৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত তিলমানো যদি বৰঙনি যোগাব পাৰোঁ নিজকে ধন্য মানিম৷ লগে লগেই মৃদুলদাক যোগাযোগ কৰিলোঁ৷ তেওঁ মোক ৱিকিউৎসত একাউণ্ট খোলাৰ পৰা আৰম্ভ কৰি তাত কাম কৰালৈকে সকলোখিনি কেনেকৈ কৰিব লাগে বুজাই দিলে৷ কম্পিউটাৰৰ আনুষ্ঠানিক শিক্ষা অলপ আছিল বাৰু৷ গতিকে লেপটপত কাম কৰোঁতে অসুবিধা নাপালোঁ৷ লেপটপত অসমীয়া টাইপিং মৃদুলদায়েই মোক শিকাই দিলে ফোনতেই৷ ইমান ব্যস্ততাৰ মাজতো তেওঁ যে মোক ইমানখিনি শিকাই দিলে তাৰ বাবে তেওঁক অশেষ ধন্যবাদ৷ ৱিকিউৎসত প্ৰথমে মুদ্ৰণ সংশোধনৰ কামেই কৰিলোঁ৷ মুদ্ৰণ সংশোধনত বিভিন্ন সাঁচ ব্যৱহাৰ কৰা হয়৷ সেই সাঁচসমূহ ক’ত কেনেদৰে ব্যৱহাৰ কৰে সেইখিনি মোক গীতাৰ্থ বৰদলৈ, দিব্য দত্ত, কুলধৰ, ঈশান, ভাস্কৰ, নয়ন, অজয় আদি আৰু ৱিকিৰ আন আন সদস্যসকলে দেখুৱাই দিলে৷ তেওঁলোকৰ ওচৰতো মই চিৰকৃতজ্ঞ৷ আশা কৰাতকৈও বেছি সহায় সহযোগ পালোঁ সকলোৰে পৰা৷ খুবেই ভাল লাগিছে ৱিকিউৎসত কাম কৰি৷ অসমীয়া ভাষাটোৰ বাবে অন্তত কিবা এটা হ’লেও কৰাৰ সুযোগ পাইছোঁ৷ স্বেচ্ছাসেৱীসকলক উৎসাহিত কৰাৰ উদেশ্যে ৱিকিউৎসত মাজে মাজে কিছুমান প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় আৰু বিজয়ী সকলক পুৰস্কৃতও কৰা হয়৷ ৱিকিপিডিয়ানসকলৰ কাম শিকাত যাতে সুবিধা হয় তাৰ বাবে মাজে মাজে অনলাইন ৱেবিনাৰ কিছুমানো অনুষ্ঠিত কৰা হয়৷ ৱিকিউৎসত কাম কৰি নিজেও যথেষ্ট উপকৃত হৈছোঁ৷ কাম কৰাৰ লগতে বহু পুৰণি কিতাপ ইয়াত পঢ়িবলৈ পাইছোঁ৷ আশা কৰোঁ এই ই-বুকসমূহ পঢ়ি নৱপ্ৰজন্ম যথেষ্ট উপকৃত হ’ব তথা মূল্যৱান অসমীয়া গ্ৰন্থসমূহো চিৰকালৰ বাবে সংৰক্ষিত হৈ ৰ’ব৷ ২০২০ চনটোত অতিমাৰী ন’ভেল ক’ৰোনাই আমাৰ মাজৰ পৰা বহু বিশিষ্ট ব্যক্তিক কাঢ়ি লৈ গ’ল৷ চিনাকি-অচিনাকি বহুজনক হেৰুৱালোঁ৷ কিন্তু কলীয়া ডাৱৰৰ মাজতো সূৰুযৰ এধানিমান কিৰণ আহি ধৰাত পৰাৰ দৰে ইমানবোৰ বেয়াৰ মাজতো কিছু ভাল সংযোগ ঘটিল মোৰ জীৱনত৷ কিছু সংখ্যক গুণীজ্ঞানী ব্যক্তিৰ লগত পৰিচয় ঘটিল৷ তেওঁলোকৰ উন্নতমানৰ চিন্তাচৰ্চা, কথা-বতৰা দেখি আপ্লুত হ’লোঁ৷ তেওঁলোকৰ লগত সাহিত্য আৰু অসমীয়া ভাষাৰ চৰ্চা কৰি বহু নজনা কথা জানিলোঁ, বহু উপকৃত হ’লোঁ৷ কোনোবাই মোক সুধিছিল তোমাৰ এইবোৰ কাম কৰি কি লাভ হ’ব! মই কৈছিলোঁ সকলোতে জানো লাভ লোকচান বিচৰা উচিত? আমি যে এডোখৰ ধুনীয়া ঠাইত ফুৰিবলৈ যাওঁ, মনে বিচৰা এটি গীত শুনো; সেইবোৰত জানো কিবা লাভ-লোকচান বিচাৰোঁ! সেইবোৰত পাওঁ কিছু মানসিক প্ৰশান্তি৷ তেনেদৰে ৱিকিউৎসত কাম কৰিও মানসিক সন্তুষ্টি আৰু প্ৰশান্তি লাভ কৰোঁ৷ ৱিকিউৎসত কাম কৰি কিমান ভাল লাগে সেই কথা এজন ৱিকিপিডিয়ানেহে ভালদৰে উপলব্ধি কৰিব পাৰে৷ সদৌ শেষত মোৰ মৰমৰ ভাষাটোৰ উত্তৰোত্তৰ কামনা কৰি মোৰ মনৰ কথা ইয়াতেই সামৰিলোঁ৷ চিৰ চেনেহী মোৰ ভাষা জননী৷ নমস্কাৰ৷ ‌

Pallabi Dutta.Baruah (talk) 16:20, 31 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

উদ্বিগ্নতা মনোজগতৰ অস্থিৰতাৰ জৰিয়তে দেখা দিয়া এক বিশেষ অপ্ৰীতিকৰ অনাকাংক্ষিত আৱেগিক প্ৰাৱস্থা। মানসিক উদ্বিগ্নতা সাধাৰণতেই স্নায়ৱিক বিৱশতাৰ আচৰণ, যেনে উচপিচনি (লৰা-ঢপৰাকৈ অগা-পিছা কৰা), স্বেচ্ছাপ্ৰবৃত্ত বা ছ'মাটিক (somatic) উদ্বেগ আৰু অপ্ৰত্যাশিত পৰিস্থিতি বা ঘটনাৰ সম্পৰ্কে অস্থিৰ ৰোমন্থন বা পূৰ্বানুমান, ইত্যাদিৰ সৈতে সংপৃক্ত। স্বেচ্ছাপ্ৰবৃত্ত স্নায়ুতন্ত্ৰ (somatic nervous system) প্ৰান্তীয় স্নায়ুতন্ৰৰ এক অংশ, যি ঐচ্ছিক পেশীসমুহৰ মাধ্যমেৰে শৰীৰত লৰ-চৰ কৰা স্বতঃপ্ৰবৃত্ত ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে, আৰু স্বেচ্ছাপ্ৰবৃত্ত বা ছ'মাটিক উদ্বেগ হৈছে এইসমূহৰ লগত জড়িত। ই মূলতঃ ভৱিষতব্য কোনো ঘটনাৰ সম্পৰ্কে পূৰ্বানুমানৰ জৰিয়তে সৃষ্ট অস্বস্তিকৰ আৰু অস্থিৰ মনোৱস্থা বা মানসিক সন্ত্ৰস্ততাৰ সৈতে জড়িত।

উদ্বিগ্নতা অস্বস্তি আৰু দুশ্চিন্তাৰ সৈতে জড়িত অপ্ৰীতিকৰ অনুভূতি। আপাতত সাধাৰণ পৰিস্থিতিকেই আত্মপ্ৰসূত চিন্তাৰে অ-কেন্দ্ৰীভুত আৰু অতিঃপ্ৰতিক্ৰিয়াশীল ত্ৰাসগ্ৰস্ত ৰূপ দিয়াকেই সাধাৰণতে মানসিকভাৱে উদ্বিগ্ন অৱস্থা হিচাপে চিহ্নিত কৰা হয়। উদ্বিগ্নতাৰ সৈতে প্ৰায়েই পেশীজনিত উত্তেজনা, অস্থিৰতা, ক্লান্তি আৰু মনোযোগহীনতাৰ সমস্যা সংপৃক্ত হৈ থাকে। উদ্বিগ্নতা ভীতিগ্ৰস্ততাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। ভীতিগ্ৰস্ততা বাস্তৱ আৰু অনুধাৱিত তাৎক্ষণিক বিপদৰ ভাবুকি বা উৎসৰ সৈতে জড়িত, আৰু উদ্বিগ্নতা ভৱিষ্যতৰ কোনো উপাদানৰ পৰা প্ৰত্যাশিত বিপদ বা শংকাৰ দ্বাৰা উদ্ভূত। উদ্বেগগ্ৰস্থ ব্যক্তিয়ে সাধাৰণতে অতীতৰ উদ্বিগ্নতা উদ্বুদ্ধকাৰী পৰিস্থিতিৰ পৰা আঁতৰি থাকিব খোজে।ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ অমিতাভ ঘোষৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জানুৱাৰী-২০২১ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ৮৬

বিশেষ শিতান

ৱিকিপিডিয়া ২০তম জয়ন্তী উদযাপন এডিটাথন (৯ আৰু ১০ জানুৱাৰী)ৰ অন্তৰ্গত

  1. ইণ্ডিয়ান ইনষ্টিটিউট অফ প্লেনিং এণ্ড মেনেজমেণ্ট
  2. এডিটাথন
  3. এদ্ৰিয়ান ৱেডৱিত্জ
  4. এলিজা মাইৰি
  5. গুগল আৰু ৱিকিপিডিয়া
  6. চাঁওতালি ৱিকিপিডিয়া
  7. জাষ্টিন নেপ
  8. তথ্যপেৰা
  9. দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া
  10. নুপিডিয়া
  11. ভিজুৱেলএডিটৰ
  12. মাইৱা ৱিনষ্টক
  13. লেৰী ছেংগাৰ
  14. ৰেফাৰেঞ্চ ডট্ কম
  15. ৱিকি এডুকেশ্যন ফাউণ্ডেশ্যন
  16. ৱিকি ৰেবিট হোল
  17. ৱিকিট্ৰাষ্ট
  18. ৱিকিপিডিয়া জিৰ’
  19. ৱিকিপিডিয়া বট
  20. ৱিকিপিডিয়াত বিজ্ঞানৰ তথ্য
  21. ৱিকিপিডিয়াৰ চেন্সৰ
  22. ৱিকিভাষা
  23. ৱিকিৱাণ্ড

নিয়মীয়া শিতান

বিশ্বৰ প্ৰেক্ষাপট

অন্যান্য

  1. এপ'ল'
  2. উদ্বেগজনিত ব্যাধিগ্ৰস্ত প্ৰখ্যাত ব্যক্তিসকলৰ তালিকা
  3. ছাশ্বা বেঙ্কস
  4. গুগল মেপ
  5. লিহাফ
  6. আৰ্টিমিচ
  7. শ্বিলাৰ পাৰ্ক, কুইন্সলেণ্ড
  8. মুছা

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. গোলাম মুস্তাফা খান
  2. বুটা সিং
  3. উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী

পৌৰাণিক ভাৰতীয় আখ্যান

  1. গজেন্দ্ৰ মোক্ষ
  2. অজামিল
  3. কূৰ্ম
  4. চাৰি কুমাৰ
  5. প্ৰহ্লাদ
  6. ধ্ৰুৱ
  7. সিংহিকা
  8. কৈকেষী
  9. দ্বাদশ মহাজন
  10. সুমালী
  11. জনক
  12. হিৰণ্যকশিপু

অন্যান্য

  1. জুক’ উপত্যকাৰ বনজুই (২০২০-২০২১)
  2. লহৰী
  3. পৰাক্ৰম দিৱস

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. গুণসিন্ধু হাজৰিকা
  2. ভৱপ্ৰসাদ চলিহা
  3. ৰামৰাম গুৰু
  4. মিনতি বৰঠাকুৰ
  5. পূৰ্ণানন্দ দত্ত
  6. সেৱাব্ৰত বৰুৱা
  7. গোপীৰাম বৰগায়ন বুঢ়াভকত
  8. দুলাল মানকি
  9. লুট্‌ফা হানুম ছেলিমা বেগম

গ্ৰন্থ বিষয়ক

  1. গোপী-উদ্ধৱ সংবাদ
  2. ভক্তিবিবেক
  3. কথা-ভাগৱত
  4. ভক্তি ৰত্নাকৰ

চলচ্চিত্ৰ বিষয়ক

  1. সেন্দুৰ (চলচ্চিত্ৰ)
  2. সাত নম্বৰৰ সন্ধানত
  3. বনজুই
  4. নয়নমণি
  5. সূত্ৰপাত
  6. গৰু (চলচ্চিত্ৰ)

অন্যান্য

  1. জৱাহৰলাল নেহৰু মহাবিদ্যালয়
  2. সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী
  3. দেহ বিচাৰ গীত
  4. মাঞ্জা (নগৰ)
  5. ফকিৰগঞ্জ
  6. লখিমপুৰ জিলাৰ মুক্তিযুঁজাৰুসকলৰ তালিকা

সানমিহলি

  1. বীণ
  2. একতাৰা
  3. কৰতাল
  4. খঞ্জৰী
  5. কৃষ্ণবস্তু বিকিৰণ
  6. উদ্বিগ্নতা
  7. পাইৰেন' মিটাৰ
  8. সৃজনশীলতা আৰু মানসিক স্বাস্থ্য
  9. জেনাৰ ডায়ড
  10. কাৰ্বন নেন'টিউব
  11. ফ্ৰিচ্ছ-ৱঘ-লৱেল উপপাদ্য
  12. দোতাৰা
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসোৎসৱত শিশু কৃষ্ণৰ অভিনয়ৰ বাবে প্ৰসাধন গ্ৰহণ কৰি থকা অৱস্থাত এটি শিশু অভিনেতা।
আলোকচিত্ৰ শিল্পী: ইন্দ্ৰনীল গায়ন
উল্লেখনীয় ৱিকিমিডিয়ান

জ্যোতি প্ৰকাশ নাথ: ২০১১ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। বঙাইগাঁ‌ৱৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত কৰা সম্পাদনাৰ সংখ্যা ৬৩৬ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ১০। অসমীয়া ৱিকিপিডিয়ালৈ আগবঢ়োৱা অমূল্য অৱদানৰ লগতে ৱিকি সন্মিলন অনুষ্ঠিত কৰাত তেওঁ‌ আগবঢ়োৱা সহযোগিতাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “The Teamwork Barnstar”, "ৱিকিসন্মিলনৰ পদক", "Golden Barnstar" আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
The Feather Barnstar
প্ৰণৱ জ্যোতি ভূঞা








উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৭,৭৫৯ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩০৭ খনলৈ বৃদ্ধি পালে।
  • ৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈকে এখন অনলাইন আলোকচিত্ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত প্ৰায় অৰ্ধশতক সদস্যই অংশগ্ৰহণ কৰি এহেজাৰৰো অধিক আলোকচিত্ৰ ৱিকিকমন্সলৈ আগবঢ়ায়।


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অম্লান বসুমতাৰী ৭১৪ ৩৩ ৫৪৬ ১৯৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰণৱ জ্যোতি ভূঞা ৫৬৯ - ২১৫ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা ৪৬৪ ১৩৭ ১২১ ৪৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য ২৬৪ - - ১৫৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অজয় দাস ১০৭ - ১৭৪ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ৭৩ ৬৫ ১২৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰুমী বৰা - ৩৭ ১৩৭ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি ৰুমী বৰা - ১৫৩ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন ৬২ - ৫৮ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ ঈশান জ্যোতি বৰা ৩৭ ৬১ ১৫ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ ৰাজদ্বীপ ৰাজবংশী ৩৬ ৪২ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ বিশ্বজিৎ বৈশ্য ১৬ - ৫৬ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ নয়ন জ্যোতি নাথ ৬৩ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ জোনালী বৰুৱা ৫১ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।