মাঞ্জা (নগৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাঞ্জা
—  নগৰ  —
মাঞ্জা is located in Assam
মাঞ্জা
অসমৰ মানচিত্ৰত মাঞ্জাৰ অৱস্থান
ভৌগোলিক স্থানাংক: 25°58′06″N 93°26′14″E / 25.9682489°N 93.4372099°E / 25.9682489; 93.4372099
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কাৰ্বি আংলং জিলা
চৰকাৰ
 - পৰিষদ মাঞ্জা নগৰ সমিতি
জনসংখ্যা (২০১৫)
 - মুঠ ৩০,০০০ জন
ভাষা
 - আধিকাৰিক ইংৰাজী আৰু অসমীয়া
 - কথিত কাৰ্বি, হিন্দী, অসমীয়া আৰু ডিমাছা
সময় অঞ্চল ভামাস (গ্ৰী.মা.স.+5:30)
পিনক'ড ৭৮২৪৬১
টেলিফোন ক'ড ০৩৬৭১
যানবাহনৰ নম্বৰ AS-09X-XXXX

মাঞ্জা অসমকাৰ্বি আংলং জিলাত অৱস্থিত এখন সৰু নগৰ। মাঞ্জা নগৰখন চোমনা (যমুনা) নদী আৰু আৰু ডিফু নলাৰ পাৰত অৱস্থিত। নগৰখন চৌপাশে নীলা পাহাৰৰ আৱেষ্টনীৰ দ্বাৰা আবৃত হৈ আছে।[1]

যাতায়ত[সম্পাদনা কৰক]

মাঞ্জা নগৰৰ পৰাই ভাৰতৰ ৩২৯A নম্বৰৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ হৈছে আৰু ই ডিমাপুৰৰ সৈতে সংযোজিত। ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথো মাঞ্জা নগৰৰ মাজেৰে পাৰ হৈ যায় আৰু ই নগৰখনক অসমৰ আৰু নাগালেণ্ডৰ আন গুৰুত্বপূৰ্ণ স্থানসমূহৰ সৈতে সংযোগ কৰে। মাঞ্জাৰ নিকটতম বিমানবন্দৰটো হৈছে ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডিমাপুৰ বিমানবন্দৰ, আৰু নিকটতম ৰে'লষ্টেছনটো হৈছে ১৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডিফু ৰে'লেৱে ষ্টেছন। মাঞ্জা নগৰ বাছসেৱাৰ জৰিয়তে কাৰ্বি আংলং জিলাৰ ডিফু, ডকমোকা, লংনিট ইত্যাদি চহৰৰ উপৰিও অসমৰ প্ৰধান চহৰসমূহ আৰু নাগালেণ্ডৰ ডিমাপুৰ চহৰলৈ সু-সংযোজিত।

আকৰ্ষণৰ স্থান[সম্পাদনা কৰক]

মাঞ্জা নগৰৰ পৰা প্ৰায় ৯ কিলোমিটাৰ দূৰত্বত পৰ্যটকৰ বাবে আকৰ্ষণীয় লাংকৱকু জলপ্ৰপাত অৱস্থিত।

শিক্ষা প্ৰতিষ্ঠানসমূহ[সম্পাদনা কৰক]

মহাবিদ্যালয়[সম্পাদনা কৰক]

  • ডনবস্ক' জুনিয়ৰ কলেজ
  • মাঞ্জা জুনিয়ৰ কলেজ

বিদ্যালয়[সম্পাদনা কৰক]

  • অসমীয়া হাইস্কুল
  • বেপ্টিষ্ট ইংলিছ স্কুল
  • জেৰি টেৰণ ইংলিছ স্কুল
  • লিটল ফ্লাৱাৰ স্কুল
  • এল পি হিন্দী স্কুল
  • মাঞ্জা হাইস্কুল
  • নাইটিংগেল ইংলিছ স্কুল
  • অক্সফ'ৰ্ড মডেল ইংলিছ স্কুল
  • ছাউথ প'য়েণ্ট ইংলিছ স্কুল

কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ[সম্পাদনা কৰক]

  • CCERT, মাঞ্জা
  • The Next Generation Computech Institute

স্বাস্থ্য-সেৱা[সম্পাদনা কৰক]

চিকিৎসালয়[সম্পাদনা কৰক]

  • মাঞ্জা সামূহিক স্বাস্থ্য কেন্দ্ৰ

চিত্ৰভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Manja location". Wikimapia Site. http://wikimapia.org/#lat=25.9697935&lon=93.4371972&z=16&l=0&m=b&v=8&search=manja%20tiniali। আহৰণ কৰা হৈছে: 16 January 2012.