সৃজনশীলতা আৰু মানসিক স্বাস্থ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মানৱ জাতিৰ ইতিহাসত সৰ্বকালৰ শ্ৰেষ্ঠ সুৰকাৰসকলৰ এজন হিচাপে বহুলভাৱে স্বীকৃত লুডৱিগ ফান বীথ'ফেন সম্ভৱতঃ দ্বিমেৰূ ব্যাধি (bipolar disorder)-ত আক্ৰান্ত আছিল[1][2]

সৃজনশীলতা আৰু মানসিক স্বাস্থ্যৰ মাজৰ সংযোগৰ ধাৰণাটো মনস্তত্ত্ববিদসকল আৰু অন্যান্য গৱেষকসকলৰ মাজত কেইবা শতিকা জুৰি আলোচনা আৰু অধ্যয়নৰ বিষয় হৈ আহিছে। সৃজনশীলতা বা সৃষ্টিশীলতাক প্ৰধান মানসিক ৰোগসমূহ, যেনে দ্বিমেৰু ব্যাধি (bipolar disorder), দ্বৈত সত্তাৰ মনস্তত্ত্ব বা ছিজ'ফ্ৰেনিয়া (schizophrenia), গুৰুতৰ হতাশগ্ৰস্ততা (major depressive disorder), উদ্বিগ্নতা (anxiety disorder), অত্যধিক-অমোঘ ব্যাধি (obsessive-compulsive disorder, OCD) আৰু ধ্যানাভাৱ আৰু অতিসক্ৰিয়তা ব্যাধি (attention deficit hyperactivity disorder, ADHD)-ৰ সৈতে সংযুক্ত কৰিব পাৰি। উদাহৰণস্বৰূপে, সৃজনশীল পেছা আৰু মানসিক ৰোগাক্ৰান্ত ব্যক্তিৰ মাজৰ সম্পৰ্ক গৱেষণা আৰু অধ্যয়নৰ জৰিয়তে দেখুওৱা হৈছে।[3] বহু উদাহৰণৰ ক্ষেত্ৰই আনকি মানসিক সমস্যাই সৃজনশীলতাক সাহায্য আগবঢ়োৱাৰ ধাৰণাক সমৰ্থন কৰে। কিন্তু এইটোও সাধাৰণভাৱে স্বীকৃত যে, সৃজনশীলতা বৰ্তি থাকিবৰ বাবে মানসিক অসুস্থতা থকাটো অপৰিহাৰ্য নহয়।

ইতিহাস[সম্পাদনা কৰক]

সৃষ্টিশীলতা আৰু মানসিক অসুস্থতাৰ মাজত থকা বিশেষ সংযোগ প্ৰায়ে উত্থাপিত হৈ আহিছে (যেনে দ্বিমেৰু ব্যাধি (bipolar disorder), অন্যহাতে নাট্যকাৰ, ঔপন্যাসিক, জীৱনীকাৰ, আৰু শিল্পীসকলৰ মাজত গুৰুতৰ হতাশগ্ৰস্ততা উল্লেখনীয় ভাৱে আৰু প্ৰায় গতানুগতিকভাৱে দেখা যায়)।[4] বিংশ শতিকাৰ সপ্তম দশকৰ সাহিত্যত মানসিক অসুস্থতা আৰু সৃষ্টিশীলতাৰ মাজৰ সম্পৰ্ক প্ৰথম উত্থাপন হোৱা দেখিবলৈ পোৱা যায়। কিন্তু খুচঁৰি চালে দেখা যায় যে, বলিয়ালি (madness) আৰু অসামান্য প্ৰতিভা (genius)-ৰ মাজৰ সংযোগৰ যি ধাৰণা সেয়া, বহু পুৰণি। আনকি এৰিষ্ট'টলৰ সময়তো এনে ধাৰণা প্ৰচলিত হোৱা দেখা পোৱা যায়। বলিয়ালি (madness) আৰু অসামান্য প্ৰতিভা (genius)-ৰ মাজৰ যোগসূত্ৰ কিভাৱে সম্পৰ্কিত সেয়া অনুধাৱন কৰাৰ আগেয়ে অসামান্য প্ৰতিভাৰ বিভিন্ন ৰূপসমূহৰ বিষয়ে জ্ঞাত হোৱা প্ৰয়োজন: সাহিত্য প্ৰতিভা (literary genius), সৃষ্টিকামী প্ৰতিভা (creative genius), পাণ্ডিত্যপূৰ্ণ প্ৰতিভা (scholarly genius), আৰু সৰ্বোদিশৰ প্ৰতিভা (all around genius)। যিহেতু প্ৰতিভাৰ বহুতো শ্ৰেণী আছে, সেয়ে কোনো এজন ব্যক্তি কোনো এক বিশেষ ক্ষেত্ৰত অতি পাৰদৰ্শী হৈ উঠাৰ বিপৰীতে তেওঁৰ আন ক্ষেত্ৰসমূহৰ জ্ঞান সাধাৰণ, বা অতি নগণ্য হ'ব পাৰে।[5] প্ৰাচীন গ্ৰীকসকলে বিশ্বাস কৰিছিল যে সৃজনশীলতা দেৱপ্ৰদত্ত। বিশেষতঃ দেৱী মিউজসকলৰ (Muses) (জিউছৰ নগৰাকী দুহিতা, যিসকল কলা আৰু বিজ্ঞানৰ সৈতে জড়িত পৰম্পৰাগত লোকবিশ্বাসৰ পৌৰাণিক ব্যক্তিত্ব) পৰাই সৃষ্টিশীলতা উদ্ভূত। অন্যহাতে, এৰিষ্ট'টলীয় পৰম্পৰাত অসামান্য প্ৰতিভা শৰীৰবৃত্তীয় দৃষ্টিকোণেৰে আৱেক্ষিত, আৰু এইটো বিশ্বাস কৰা হৈছিল যে, বোধহয় একেখিনি মানৱীয় গুণেই অসামান্য কৃতিত্ব (extraordinary achievement) আৰু বিষাদগ্ৰস্ততা (melancholy)-ৰ বাবে দায়বদ্ধ।[6] ৰমন্যাসিক লেখকসকলৰো একেধৰণৰ দৃষ্টিভংগী আছিল। লৰ্ড বাইৰণে (Lord Byron) আনকি উচ্চাসেৰে এইদৰে কৈছিল যে, "আমি নিপুণ বিদ্যাৰ মানুহবোৰ সকলোয়েই উন্মাদ। কিছুমান আহ্লাদেৰে আৰু আন কিছুমান বিষাদেৰে প্ৰভাৱান্বিত, কিন্তু কম বেছি পৰিমাণে সকলোয়েই প্ৰভাৱিত" ("We of the craft are all crazy. Some are affected by gaiety, others by melancholy, but all are more or less touched")।

সাধাৰণভাৱে, মানসিক ব্যাধিত আক্ৰান্ত ব্যক্তিসকল পৃথিৱী আৰু বিশ্বৰ উপাদানসমূহক এক অভিনৱ আৰু অননুদিত দৃষ্টিভংগীৰে দৰ্শন কৰিবলৈ সক্ষম বুলি কোৱা হয়। অন্যাৰ্থত, এই ব্যক্তিসকল আনে নেদেখা বীক্ষাৰ গৰাকী।[7]

অধ্যয়ন[সম্পাদনা কৰক]

বহু বছৰ ধৰি, মানসিক অসুস্থতা বা আসক্তিত আক্ৰান্ত ব্যক্তিসকলক উপশম প্ৰদান কৰাৰ উদ্দেশ্য চিকিৎসা ক্ষেত্ৰত সৃষ্টিমূলক কলাক থে'ৰাপী (therapy) হিচাপে ব্যৱহাৰ কৰি অহা হৈছে।[8][9]

আন এক অধ্যয়নৰ তথ্যানুসৰি, সাধাৰণ সুস্থ আৰু ছিজ'ফ্ৰেনিক (অৰ্থাৎ দ্বৈত সত্তাৰ মনস্তত্ত্ব বা ছিজ'ফ্ৰেনিয়া-ত আক্ৰান্ত) লোকতকৈ ছিজ'টাইপেল (schizotypal, schizotypal personality disorder (STPD)) ব্যক্তিৰ সৃষ্টিশীলতা বেছি। ছিজ'টাইপেল ব্যক্তিৰ অপসাৰী চিন্তাৰ (divergent thinking) ধৰণ তেওঁলোকৰ মগজুৰ প্ৰিফ্ৰণ্টেল ক'ৰ্টেক্স (prefrontal cortex)-ৰ দ্বি-পাৰ্শ্বীয় সক্ৰিয়তাৰ সৈতে জড়িত, আৰু তেওঁলোকৰ মগজুৰ প্ৰিফ্ৰণ্টেল ক'ৰ্টেক্সৰ সোঁফালৰ অংশ ততোধিক সক্ৰিয় হোৱা দেখা যায়।[10] এই অধ্যয়নে প্ৰস্তাৱ কৰে যে, ছিজ'টাইপেল ব্যক্তিসকলে তেওঁলোকৰ মগজুৰ সোঁ আৰু বাওঁ দুয়োটা অৰ্ধগোলক ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱাৰ ফলস্বৰূপে তেওঁলোকে মগজুত আৱেশিত নতুন সংবেদনৰ উদ্দীপনাক ক্ষিপ্ৰ গতিৰে অভিনৱভাৱে সংযোগ ঘটাব পাৰে। ছিজ'টাইপেল আৰু ছিজ'ফ্ৰেনিক লোকৰ সৈতে সম্পৰ্কিত উভয়-উপাংগ কুশলতা (ambidexterity)-ই এই প্ৰস্তাৱনাক সমৰ্থন কৰে।

মাৰ্ক বেটে' (Mark Batey) আৰু এদ্ৰিয়ান ফাৰ্ণহাম (Adrian Furnham)-ৰ তিনিটা শেহতীয়া অধ্যয়নে ছিজ'টাইপেল[11][12] আৰু হাইপ'মেনিয়াক ব্যক্তিত্ব ( (hypomanic personality)[13] আৰু সৃষ্টিশীলতাৰ বহুতো মাপকাঁঠিৰ মাজৰ সম্পৰ্ক প্ৰদৰ্শন কৰিছিল।

বিশেষতঃ, সৃজনশীলতা আৰু মনোদশা বিকাৰ (mood disorder)-ৰ মাজৰ, বিশেষকৈ দ্বিমেৰু ব্যাধি (manic-depressive disorder বা bipolar disorder) আৰু গুৰুতৰ হতাশগ্ৰস্ততা ব্যাধি (major depressive disorder) বা এক-মেৰু ব্যাধি (unipolar disorder)-ৰ গাঢ় সম্পৰ্ক চিহ্নিত কৰা হৈছে। Touched with Fire: Manic-Depressive Illness and the Artistic Temperament শীৰ্ষক গ্ৰন্থত Kay Redfield Jamison-এ লেখক, কবি আৰু শিল্পীসকলৰ মাজত মনোদশা বিকাৰৰ হাৰ লিপিবদ্ধ কৰিছে। গ্ৰন্থখনৰ লেখিকাই গৱেষণাৰ জৰিয়তে বিখ্যাত লেখক আৰু শিল্পী যেনে আৰ্ণেষ্ট হেমিঙৱে (যি বিদ্যুৎ আক্ষেপী চিকিৎসাৰ পিছতে গুলীয়াই আত্মহত্যা কৰিছিল), ভাৰ্জিনিয়া ৱ'ল্ফ (যি অৱসাদৰ এক পৰ্বৰ পূৰ্বানুমান কৰি পানীত ডুবি আত্মহত্যা কৰিছিল), সুৰকাৰ ৰবাৰ্ট শ্চুমেন (যি এক মানসিক চিকিৎসালয়ত মৃত্যুবৰণ কৰিছিল) আৰু প্ৰখ্যাত প্ৰখ্যাত ভাস্কৰ্যশিল্পী মাইকেলএঞ্জেলোৰ দৰে ব্যক্তিৰ মাজতো মনোদশা বিকাৰ চিনাক্ত কৰিছিল।

৩০০,০০০জন ছিজ'ফ্ৰেনিয়া, দ্বিমেৰু ব্যাধি বা এক-মেৰু ব্যাধিত আক্ৰান্ত ব্যক্তি আৰু তেওঁলোকৰ সম্পৰ্কিত লোকৰ ওপৰত কৰা এক অধ্যয়নৰ পৰা প্ৰাপ্ত তথ্যই দেখুৱায় যে, সৃষ্টিশীল পেছাসমূহত দ্বিমেৰু ব্যাধিগ্ৰস্ত লোকৰ সংখ্যা যথেষ্ট বেছি। ইয়াৰ লগতে ছিজ'ফ্ৰেনিয়া বা দ্বিমেৰু ব্যাধিত আক্ৰান্ত ব্যক্তিৰ সহোদৰ ভাই-ভনী (যাৰ ক্ষেত্ৰত কোনো মানসিক ব্যাধি নিৰ্ণয় কৰা হোৱা নাই)-ৰ সংখ্যাও চকুত পৰাকৈ অধিক। এইটো উল্লেখনীয় যে, সকলো পেছা অন্তৰ্ভুক্ত কৰিলে এই ধৰণৰ অত্যধিক প্ৰতিনিধিত্ব দেখা নাযায় যদিও শিল্পকলাৰ লগত জড়িত বৃত্তিসমূহত ছিজ'ফ্ৰেনিয়াত আক্ৰান্ত ব্যক্তিৰ অত্যধিক প্ৰতিনিধিত্ব স্পষ্ট। অন্যহাতে, একমেৰু ব্যাধিত আক্ৰান্ত লোক বা তেওঁলোকৰ সম্পৰ্কিত ব্যক্তিসকলৰ ক্ষেত্ৰত এই সম্পৰ্ক দেখা নাযায়।[14]

Karolinska Institute-ৰ গৱেষকসকলৰ দ্বাৰা এক মিলিয়নতকৈও অধিক লোকৰ তথ্যৰে কৃত এক অধ্যয়নত সৃষ্টিশীল পেছা আৰু মানসিক ব্যাধিৰ মাজত একাধিক পাৰস্পৰিক সম্পৰ্ক নিৰ্ধাৰণ কৰা হৈছিল। লেখকসকলৰ ক্ষেত্ৰত উদ্বিগ্নতা আৰু দ্বিমেৰু ব্যাধি, ছিজ'ফ্ৰেনিয়া, গুৰুতৰ হতাশগ্ৰস্ততা ব্যাধি, আৰু মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ অধিক সংশয় দেখা গৈছিল। আনকি এই কথাও দেখা গৈছিল যে, সাধাৰণ লোকসকলৰ তুলনাত লেখকসকলৰ মাজত আত্মহত্যাৰ প্ৰৱণতা প্ৰায় দুগুণ। নৃত্যশিল্পীসকল আৰু ফটোগ্ৰাফাৰসকলৰ মাজতো দ্বিমেৰু ব্যাধি থকাৰ সমপৰ্যায়ৰ সম্ভাৱনা পৰিলক্ষিত হৈছিল।[15]

অৱশ্যে, এটা বৃহত্তৰ গোট হিচাপে, সৃষ্টিশীল পেছাসমূহত যুক্ত ব্যক্তিসকলৰ মাজত (বৈজ্ঞানিক আৰু শৈল্পিক বৃত্তিসমূহক সৃষ্টিশীল হিচাপে সংজ্ঞাবদ্ধ কৰা হৈছে) সাধাৰণ জনতাৰ তুলনাত মানসিক ভাৰসাম্যহীনতা বা সমস্যা উদ্ভৱ হোৱাৰ সম্ভাৱনা বেছি বুলি ক'ব নোৱাৰি যদিও, Journal of Psychiatric Research-ৰ তথ্য মতে, তেওঁলোকৰ কোনো ওচৰ সম্পৰ্কীয় ব্যক্তিৰ এনোৰেক্সিয়া নাৰ্ভোজা (anorexia nervosa), আৰু কিছু ক্ষেত্ৰত আত্মসংবৃতি (autism) থকাৰ সম্ভাৱনা বেছি।[15]

সৃজনশীলতা আৰু মানসিক স্বাস্থ্যৰ দৰে মনস্তত্ত্বৰ বিষয়ৰ গৱেষণা সচৰাচৰ প্ৰস্থ-চ্ছেদীয় তথ্য-সংহতিৰ ভিতৰত সীমাবদ্ধ। অৱশ্যে, ইয়াৰ এটা ব্যতিক্ৰম হিচাপে তিনিজন বিখ্যাত সুৰকাৰৰ সমগ্ৰ জীৱনৰ সৃজনমূলক কৰ্ম আৰু তেওঁলোকৰ কুশল জীৱনৰ সম্পৰ্কৰ এক অৰ্থনৈতিক অধ্যয়নক আঙুলিয়াব পাৰি।[16] এই অধ্যয়নৰ আৱেগিক সূচকসমূহ ৱ'ল্ফগেংগ আমাডেয়ুছ মোৎসাৰ্ট (Wolfgang Amadeus Mozart), লুডৱিগ ফান বীথ'ফেন (Ludwig van Beethoven) আৰু ফ্ৰানৎস লিষ্ট (Franz Liszt)-ৰ লিখিত পত্ৰসমূহৰ পৰা প্ৰাপ্ত হৈছিল, আৰু ইয়াৰ ফলাফলসমূহে দেখুৱায় যে এই অধ্যয়নৰ পৰিধিৰ শিল্পীসকলৰ সৃষ্টিশীল কৰ্মৰ ওপৰত ঋণাত্মক আৱেগৰ এক প্ৰত্যক্ষ কাৰণিক প্ৰভাৱ আছিল।

উল্লেখনীয় যে, স্বতঃস্ফূৰ্তঃ সৃজনশীলতা মানসিক চাপৰ দ্বাৰা বাধাগ্ৰস্ত হোৱাৰ তথ্যও পোৱা গৈছে।[17][18]

২০০৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত ষ্টেনফ'ৰ্ড য়ুনিভাৰ্ছিটি স্কুল অৱ মেডিচিনৰ এক অধ্যয়নত শিশুসকলৰ মাজত ভিন্ন জটিলতাবিশিষ্ট আৰু ভিন্ন প্ৰতিসমতা বিশিষ্ট চিত্ৰ দেখুৱাই তেওঁলোকে সেইবোৰ পছন্দ কৰে নে নকৰে সুধি তেওঁলোকৰ সৃষ্টিশীলতা পৰিমাপনৰ চেষ্টা কৰা হৈছিল। এই অধ্যয়নৰ জৰিয়তে প্ৰথমবাৰৰ বাবে এই কথা দেখা গৈছিল যে, যিসকল শিশুৰ ইতিমধ্যেই দ্বিমেৰু ব্যাধি আছিল বা যিসকল অনাগত দিনত দ্বিমেৰু ব্যাধিত আক্ৰান্ত হোৱাৰ উচ্চ সম্ভাৱনা আছিল, সেই শিশুসকলে সৰল আৰু প্ৰতিসম প্ৰতীকচিত্ৰ বেছিকৈ অপছন্দ কৰিছিল। যিসকল শিশু নিজে দ্বিমেৰু ব্যাধিগ্ৰস্ত নাছিল কিন্তু তেওঁলোকৰ পিতৃ বা মাতৃ দ্বিমেৰু ব্যাধিগ্ৰস্ত আছিল, সেইসকল শিশুৱেও এই ধৰণৰ প্ৰতীকচিত্ৰ বেছিকৈ অপছন্দ কৰাৰ প্ৰৱণতা প্ৰদৰ্শন কৰিছিল।[19]

মনোদশা আৰু সৃষ্টিশীলতা[সম্পাদনা কৰক]

মনোদশা-সৃষ্টিশীলতাৰ বিষয়ৰ গৱেষণাই দেখুৱায় যে, মানুহ যেতিয়া ধনাত্মক মনোৱস্থাত থাকে তেতিয়া তেওঁলোকৰ সৃষ্টিশীলতা শীৰ্ষ পৰ্যায়ত থাকে [20][21], আৰু হতাশগ্ৰস্ততা বা ছিজ'ফ্ৰেনিয়াৰ দৰে মানসিক ব্যাধিয়ে প্ৰকৃতপক্ষে সৃষ্টিশীলতা হ্ৰাসহে কৰে। [22][23] ইতিহাসৰ পাত জুৰি দেখা যায় যে, কলাত্মক ক্ষেত্ৰৰ কৰ্মীসকল দাৰিদ্ৰ্য, ধৰ্মীয় বা ৰাজনৈতিক বা জাতিগত উৎপীড়ন, সামাজিক পৰিতাজ্যতা, মনস্তাত্বিক যন্ত্ৰণা, মাদক দ্ৰৱ্যৰ অপব্যৱহাৰ, উচ্চ মানসিক চাপ ইত্যাদি[24][চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন] আৰু এনেধৰণৰ অন্যান্য পাৰিৱেশিক কাৰকৰ সম্মুখীন হৈ আহিছে, আৰু এইসমূহেই তেওঁলোকৰ মাজত মানসিক ব্যাধি উদ্ভৱ বা সংঘটন কৰিছে বুলি যোগসূত্ৰ ঠাৱৰ কৰা হৈছে। সেয়েহে, সম্ভৱতঃ সৃষ্টিশীলতা যদিও ধনাত্মক মনোদশা, সুখ, আৰু মানসিক সুস্বাস্থ্যৰ সৈতে জড়িত, এই সৃজনমূলক ক্ষেত্ৰসমূহ কেৰিয়াৰ হিচাপে গ্ৰহণ কৰি আগবঢ়াটো অত্যধিক চাপযুক্ত পৰিৱেশ আৰু আয়ৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টিকাৰক হ'ব পাৰে।[স্পষ্টীকৰণৰ প্ৰয়োজন] কেইবা শতিকাজুৰি চলি অহা বলিয়া শিল্পীৰ দৰে অন্যান্য বিচাৰহীন ধাৰণা (stereotype) সমূহেও এই যোগসূত্ৰত ইন্ধন যোগায়। এনেধৰণৰ চিন্তাই এজন শিল্পীয়ে কেনে ধৰণৰ আচৰণ প্ৰদৰ্শন কৰা উচিত, বা সম্ভৱতঃ এই ক্ষেত্ৰসমূহ মানসিক ব্যাধিত আক্ৰান্ত ব্যক্তিসকলৰ বাবে অধিক আকৰ্ষণীয় কৰি তোলাৰ দৰে ধাৰণাৰো খোৰাক যোগায়। অতিৰিক্তভাৱে, প্ৰাকৃতিক কাৰণত বা বাহ্যিক কোনো কাৰণত মগজুৰ কোনো বিশেষ অঞ্চল কম পৰিমাণে বিকশিত হ'লে, মগজুৰ অন্য অংশক স্বাভাৱিকতকৈ অধিক প্ৰসাৰ কৰাৰ প্ৰচেষ্টাই বৃদ্ধি আৰু বিকাশ ঘটোৱাত সহায় কৰে বুলি ভবা হয়।[স্পষ্টীকৰণৰ প্ৰয়োজন]

দ্বিমেৰু ব্যাধি[সম্পাদনা কৰক]

সৃজনশীলতাক প্ৰেৰিত কৰাৰ ক্ষেত্ৰত দ্বিমেৰু ব্যাধি (bipolar disorder)-ক মানসিক ব্যাধিসমূহৰ অন্যতম বুলি কোৱা হোৱা হয়। এই ৰোগগ্ৰস্ত লোকসকলৰ ক্ষেত্ৰত উত্তেজনাৰ পৰ্বসমূহ দীৰ্ঘায়িত আৰু উত্তোলিত শক্তিৰ পৰ্যায়কাল হিচাপে চিহ্নিত কৰা হয়। আমেৰিকান নিদানিক মনস্তত্ত্ববিদ (clinical psychologist) কে'ই ৰে'ডফিল্ড জেমিছন (Kay Redfield Jamison)-এ তেওঁৰ Touched with Fire শীৰ্ষক গ্ৰন্থত লিখিছিল যে, ৩৮% লেখকক আৰু কবিক কোনো এক ধৰণৰ মনোদশা বিকাৰ(mood disorder)-ৰ আক্ৰান্ত হোৱাৰ বাবে চিকিৎসা প্ৰদান কৰিবলগা হৈছিল, আৰু কাৰ্যতঃ প্ৰায় সকলো সৃষ্টিশীল লেখক আৰু শিল্পীয়েই (৮৯%) "তীব্ৰ, অতি কাৰ্যোদীপ্ত, আৰু সৃষ্টিশীল যতিকাল" অনুভৱ কৰিছিল। "উৎসাহ, শক্তি, আত্ম-বিশ্বাস, মানসিক যোগসূত্ৰৰ গতিৰ সুস্পষ্ট বৃদ্ধি, চিন্তাৰ স্বাচ্ছন্দ্য আৰু ফৰকাল মনোদশাৰ" জৰিয়তে এই যতিকালসমূহ বৈশিষ্ট্যমূলকভাৱে চিনাক্ত কৰিব পাৰি।[25] যদিও খেদোন্মত্ততা বা উৎকেন্দ্ৰিকতা বা অপ্ৰকৃতিস্থতা (mania) অবিবেচক আৰু সম্ভৱতঃ আত্ম-ধ্বংসাত্মক আচৰণেৰে চিহ্নিত কৰা হয়, কিন্তু মৃদু ৰূপত অপ্ৰকৃতিস্থতাৰ সৈতে জড়িত শক্তি আৰু মুক্ত-প্ৰবাহিত চিন্তাই সৃষ্টিশীলতাত ধনাত্মক ইন্ধন যোগাব পাৰে।[26] দ্বিমেৰু ব্যাধিৰ কেইবাধৰণৰো আছে। দ্বিমেৰু-১ ব্যাধি (Bipolar I Disorder)-ত আক্ৰান্ত ব্যক্তিয়ে অপ্ৰকৃতিস্থতা আৰু হতাশাৰ উদগ্ৰ যতিকাল অনুভৱ কৰিব পাৰে, আৰু দুটা ক্ৰমিক অপ্ৰকৃতিস্থতাৰ পৰ্বৰ মাজত সুস্থ (wellness) অৱস্থাও অনুভৱ কৰিব পাৰে। অপ্ৰকৃতিস্থতাৰ (manic) পৰ্বসমূহৰ অতি প্ৰবলতাই ব্যাধিগ্ৰস্ত ব্যক্তিজন গম্ভীৰভাৱে অক্ষম হিচাপে সূচাব পাৰে। এনে ব্যক্তিয়ে নিজৰ মাজত সৃষ্ট উচ্চতৰ উপলদ্ধি বা বোধ, আৰু চিন্তা আৰু ধাৰণাৰ উৰণক ব্যৱহাৰিক বা বোধগম্য ৰূপেৰে প্ৰকাশ কৰিবলৈ অসমৰ্থ হয়। দ্বিমেৰু-২ ব্যাধি (Bipolar II Disorder)-ত আক্ৰান্ত ব্যক্তিসকলে হাইপ'মেনিয়া (hypomania)-ৰ তুলনামূলকভাৱে মৃদু পৰ্ব অনুভৱ কৰে। এনে পৰ্বসমূহ বৰ্তি থকাকালীন; ধাৰণা, দ্ৰুত চিন্তা প্ৰক্ৰিয়াৰ স্ৰোতক, আৰু অধিক অথ্য আহৰণৰ সাময়িক সক্ষমতাক শিল্পকলা, কবিতা বা ৰূপবিন্যাস ইত্যাদিলৈ ৰূপান্তৰিত কৰিব পৰা যায়।[27] ওলন্দাজ চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘ দ্বিমেৰু ব্যাধিত আক্ৰান্ত আছিল বুলি বহুলভাৱে জ্ঞাত। দ্বিমেৰু ব্যাধিত আক্ৰান্ত আন উল্লেখনীয় ব্যক্তিসকলৰ মাজত কেৰী ফিশ্চাৰ (Carrie Fisher), দেমি ল'ৱেট' (Demi Lovato), কানইয়ে ৱেষ্ট (Kanye West), ষ্টিফেন ফ্ৰাই (Stephen Fry) (যি চাইক্ল'থিমিয়া (cyclothymia) নামৰ এক মৃদু আৰু অধিক সঞ্চিত ৰূপৰ দ্বিমেৰু ব্যাধিত আক্ৰান্ত),[28] মাৰিয়া কে'ৰী (Mariah Carey), কেথে'ৰীন যিটা-জ'নছ্ (Catherine Zeta-Jones), জ্যাঁ-ক্ল'উড্ ৱেইন ডে'ইম (Jean-Claude Van Damme), ৰ'ণাল্ড ব্ৰাঁউষ্টেইন (Ronald Braunstein),[29][30] and পে'টী ডিউক (Patty Duke) অন্যতম।[31]

ছিজ'ফ্ৰেনিয়া[সম্পাদনা কৰক]

ছিজ'ফ্ৰেনিয়া (schizophrenia) বা দ্বৈত সত্তাৰ মনস্তত্ত্ব বিকাৰত ব্যক্তিসকল ধনাত্মক, ঋণাত্মক আৰু জ্ঞানবোধক লক্ষণত ভোগে। ধনাত্মক লক্ষণসমূহ (মানসিক আচৰণ যিবোৰ সুস্থ মানুহৰ ক্ষেত্ৰত দেখা নাযায়)-ৰ ভিতৰত বিভ্ৰান্তি (hallucinations), ভ্ৰমাসক্তি (delusions), আৰু চিন্তা আৰু দিশৰ বিশৃংখলতা (thought and movement disorders) উল্লেখযোগ্য। ঋণাত্মক লক্ষণসমূহ (আৱেগ আৰু আচৰণৰ অস্বাভাৱিক ক্ৰিয়া)ৰ ভিতৰত ভাৱলেশহীনতা বা "ফ্লে'ট এ'ফেক্ট" ("flat affect"), নীৰসতা (anhedonia), অতিস্বল্পভাষিতা (reserved) উল্লেখনীয়। বোধভিত্তিক লক্ষণ (cognitive symptoms)-ৰ ভিতৰত "কাৰ্য সম্পাদন" ("executive functioning")-ৰ সমস্যা, মনোযোগ আৰু স্মৃতিৰ সমস্যা অন্তৰ্ভুক্ত।[32] ছিজ'ফ্ৰেনিয়া ব্যাধিগ্ৰস্ত হিচাপে জ্ঞাত এগৰাকী শিল্পী হৈছে ফৰাচী নাট্যকাৰ, কবি, নিৱন্ধকাৰ, অভিনেতা, আৰু থিয়েটাৰ পৰিচালল এণ্ট'নিন আৰ্টৌ (Antonin Artaud)। তেওঁ Theatre of Cruelty নামৰ আন্দোলনৰো প্ৰতিষ্ঠাতা আছিল। মেডনেছ্ এণ্ড্ মডাৰ্নিজিম (১৯৯২) (Madness and Modernism (1992)) শীৰ্ষক গ্ৰন্থত নিদানিক মনস্তত্ত্ববিদ লুই এ. ছাছ্(Louis A. Sass)-এ পৰ্যবেক্ষণ কৰিছিল যে, ছিজ'ফ্ৰেনিয়াৰ বহুতো সাধাৰণ বৈশিষ্ট্য- বিশেষতঃ, খণ্ডিত ব্যক্তিত্ব, কতৃত্বৰ অৱজ্ঞা, আৰু বহু দৃষ্টিভংগী- এইকেওটা আধুনিক আৰ্টৰ সংজ্ঞা নিৰ্ধানকাৰী বৈশিষ্ট্যৰো অন্তৰ্ভুক্ত।[33]

সৃজনশীলতা আৰু মানসিক ব্যাধিৰ যোগসূত্ৰৰ সপক্ষে যুক্তি[সম্পাদনা কৰক]

২০০২ চনত ক্ৰিষ্ট'ফাৰ লংগন (Christopher Langan)-ৰ সৈতে হোৱা এক বাৰ্তালাপত শৈক্ষিক মনস্তত্ত্ববিদ আৰ্থাৰ জেনছেন (Arthur Jensen)-এ বৰ্ণনা কৰিছিল যে, সৃজনশীলতা আৰু মানসিক ব্যাধিৰ মাজৰ সম্পৰ্কটো "সু-গৱেষিত আৰু প্ৰকৃত তথ্য হিচাপে প্ৰমাণিত হৈছে" ("has been well researched and is proven to be a fact")। তেওঁ লিখিছিল যে, সাধাৰণ জনগণৰ তুলনাত দাৰ্শনিক, গণিতজ্ঞ, আৰু বৈজ্ঞানিকসকলৰ মাজত ছিজ'থিমিয়া (Schizothymia)-ৰ বৈশিষ্ট্যসমূহ অধিক পৰিলক্ষিত হয়।[34] ২০১৫ চনৰ এক অধ্যয়নত আইছলেণ্ডৰ বিজ্ঞানীসকলে পাইছিল যে দ্বিমেৰু ব্যাধি আৰু ছিজ'ফ্ৰেনিয়াৰ শংকা বৃদ্ধিকাৰী জিনৰ কোনো প্ৰাৰূপ, সৃষ্টিশীল পেছাৰে জড়িত ব্যক্তিসকলৰ থকাৰ সম্ভাৱনা ২৫% বেছি।[35] deCODE Genetics-ৰ সহ-প্ৰতিষ্ঠাপক Kári Stefánsson-এ কৈছিল যে, "প্ৰায়ে, মানুহে যেতিয়া কিবা এটা নতুন সৃষ্টি কৰে, তেওঁলোকে মানসিক সুস্থতা আৰু অসুস্থতাৰ মাজত পদচাৰণ কৰে। মোৰ দৃষ্টিত এই ফলাফলসমূহে বলিয়া মনীষাৰ ধাৰণাক সমৰ্থন কৰে" ("Often, when people are creating something new, they end up straddling between sanity and insanity. I think these results support the concept of the mad genius.")[36]

দ্বিমেৰু ব্যাধি[সম্পাদনা কৰক]

সৃজনশীল প্ৰতিভাৰে উদ্ভাসিত বহু বিখ্যাত ঐতিহাসিক ব্যক্তি দ্বিমেৰু ব্যাধিত আক্ৰান্ত হোৱাৰ তথ্য পোৱা যায়। অত্যন্ত প্ৰতিভাধৰ এনে ব্যক্তিসকলৰ মাজত লুডৱিগ ফান বীথ'ফেন, ভাৰ্জিনিয়া ৱ'ল্ফ, আৰ্ণেষ্ট হেমিঙৱে, আইজাক নিউটন, জুডী গাৰ্লেণ্ড, জেক' পে'ষ্ট'ৰিয়াছ আৰু ৰবাৰ্ট শ্চুমেন অন্যতম, আৰু তেওঁলোকৰ জীৱনত মনোদশা ব্যাধিৰ বিভিন্ন প্ৰাৰূপ গৱেষণাৰ জৰিয়তে দেখা পোৱা গৈছে।[37] বহু ক্ষেত্ৰত সৃষ্টিশীলতা আৰু অপ্ৰকৃতিস্থতা (দ্বিমেৰু ব্যাধিগ্ৰস্ত ব্যক্তিয়ে প্ৰায়ে অনুভৱ কৰা দুৰ্বাৰ উচ্চ মানসিক অৱস্থা)-ৰ মাজত বহুখিনি সাধাৰণ বৈশিষ্ট্য দেখা যায়। এইবোৰৰ ভিতৰত অভিনৱ চিন্তা (thinking outside the box), ধাৰণাৰ উড়ান, চিন্তাগতিৰ দ্ৰুততা, আৰু দৃশ্য, শ্ৰাৱ্য আৰু ইন্দ্ৰিয়জ উদ্দীপনাৰ প্ৰতি উচ্চতৰ উপলব্ধি ইত্যাদি। অধ্যয়নৰ দ্বাৰা এইটোও দেখা গৈছে যে, নিম্ন পৰিমাণৰ লীন প্ৰতিবন্ধকতা (latent inhibition)-ৰ উপস্থিতিৰ ফলস্বৰূপে সৃষ্টিশীল ব্যক্তিসকলৰ মস্তিস্ক বাহ্যিক উদ্দীপনাৰ প্ৰতি অধিক মুক্ত, অৰ্থাৎ সংবেদনশীল। লীন প্ৰতিবন্ধকতা হৈছে এজন ব্যক্তিৰ অ-গুৰুত্বপূৰ্ণ উদ্দীপনাক উপেক্ষা কৰাৰ হতচেতন সক্ষমতা। এই সামৰ্থ্য পূৰ্ণৰূপে অনুপস্থিত হ'লে তাক মনোব্যাধিৰ সৈতে সংযুক্ত কৰা হয়। কিন্তু একেসময়তে মন কৰিবলগীয়া যে, এই সামৰ্থ্যই এজন ব্যক্তিৰ মৌলিক চিন্তা চৰ্চাৰ প্ৰতি বৰঙণি আগবঢ়ায়।[38]

আৱেগ[সম্পাদনা কৰক]

দ্বিমেৰু ব্যাধিত আক্ৰান্ত বহুলোকে হতাশাগ্ৰস্ততা আৰু উত্তেজিত বা অপ্ৰকৃতিস্থ উভয় প্ৰাৱস্থাতে প্ৰগাঢ় আৱেগৰ স্ৰোত অনুভৱ কৰিব পাৰে, আৰু সম্ভাৱ্যভাৱে এই আৱেগে সৃষ্টিশীলতাত সাহায্য আগবঢ়াব পাৰে।[39][অনিৰ্ভৰযোগ্য চিকিৎসা উৎস?] যিহেতু হাইপ'মেনিয়াই ব্যক্তি এজনৰ সামাজিক সংকোচভাৱ হ্ৰাস কৰে, গতিকে প্ৰদৰ্শনকাৰীসকল সাধাৰণতেই দুঃসাহসিক, নিৰ্ভীক আৰু সপ্ৰতিভ হয়। ইয়াৰ ফলস্বৰূপে, স্ৰষ্টাসকলৰ আচৰণত সাধাৰণতে মানসিক ব্যাধিৰ লগত সংলগ্ন ধৰণৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। সৃষ্টিশীল কৃতিত্বৰ আৰু ক্ষেত্ৰৰ ধৰণৰ ওপৰত ভিত্তি কৰি এই লক্ষণসমূহৰ সঘনতা আৰু প্ৰাৱল্যও পৰিৱৰ্তন হয়। একেসময়তে, এই লক্ষণসমূহ মনোৰোগবিদ্যাৰ দ্বাৰা নিৰ্ণীত পূৰ্ণ-পৰ্যায়ৰ নিদানিক বাতুলামিৰ পৰ্বৰ সমতুল্য নহয়, কিয়নো পুৰ্ণ বাতুলামিৰ পৰ্বসমূহৰ সংজ্ঞানুসৰি গুৰুত্বপূৰ্ণ বিকলতা সংঘটিত হোৱা দৰকাৰ।[40]

মৰোণোত্তৰভাৱে ৰোগনিৰ্ণয়[সম্পাদনা কৰক]

কেইজনমান সৃষ্টিশীল কৰ্মত জড়িত লোকৰ জীৱনী, তেওঁলোকৰ দ্বাৰা লিখিত পত্ৰ, পত্ৰবিনিময়, সমসাময়িক বৃত্তান্ত, অথবা অন্যান্য উপাখ্যানমূলক উপকৰণ, বিশেষতঃ Kay Redfield Jamison-ৰ Touched with Fire: Manic-Depressive Illness and the Artistic Temperament নামৰ গ্ৰন্থত বৰ্ণিত তথ্যৰ আধাৰত মৰোণোত্তৰভাৱে সম্পাদিত ৰোগনিৰ্ণয় ব্যৱস্থাৰে তেওঁলোক দ্বিমেৰু বা এক-মেৰু ব্যাধিত আক্ৰান্ত আছিল বুলি ঠাৱৰ কৰা হৈছে।[41] Touched with Fire গ্ৰন্থখনিত এই যুক্তি আগবঢ়োৱা হৈছে যে, অভিনয় শিল্পী, চিত্ৰশিল্পী, কমেডিয়ান, সংগীতজ্ঞ, লেখক-লেখিকা, পৰিৱেশ্য কলাৰ শিল্পী আৰু কবি, ইত্যাদি সৃষ্টিশীল কৰ্মীসকলৰ অসামঞ্জস্যভাৱে বৃহৎ সংখ্যকৰ মাজত দ্বিমেৰু ব্যাধি, আৰু সাধাৰণভাৱে আৱেগজনিত ব্যাধিসমূহ[42] দেখা যায়।

গৱেষক পণ্ডিতসকলে এইবুলিও জল্পনা কৰিছে যে প্ৰখ্যাত ভাস্কৰ্যশিল্পী মাইকেলএঞ্জেলো হতাশগ্ৰস্ততাত আক্ৰান্ত আছিল। Famous Depressives: Ten Historical Sketches শীৰ্ষক গ্ৰন্থত MJ Van Lieburg-এ যুক্তি আগবঢ়াইছে যে, মাইকেলএঞ্জেলোৰ কিছুমান ভাস্কৰ্য আৰু কবিতাত হতাশগ্ৰস্ততাৰ উপাদান লক্ষণীয়ভাৱে স্পষ্ট। Van Lieburg-এ মাইকেলএঞ্জেলোয়ে তেওঁৰ পিতৃলৈ লিখা পত্ৰসমূহৰ পৰা অতিৰিক্ত সমৰ্থনীয় উপকৰণো আগবঢ়াইছে। এই পত্ৰসমূহত মাইকেলএঞ্জেলোয়ে উল্লেখ কৰিছে:

"মই এক দুঃস্থ অস্তিত্ব লৈ আগবাঢ়ি আছো আৰু শুনিছো না জীৱনৰ, না সন্মানৰ - এই পৃথিৱীৰ; মই পৰিশ্ৰান্ত হৈ আছো বিস্ময়কৰ শ্ৰম আৰু হাজাৰ উদ্বিগ্নতাৰে অৱৰুদ্ধ হৈ। আৰু এতিয়ালৈ এইদৰেই মই প্ৰায় পোন্ধৰ বছৰ জীয়াই আছো, কেতিয়াও মই এক ঘণ্টাৰ সুখানুভৱ নোপোৱাকৈ।" (I lead a miserable existence and reck not of life nor honour - that is of this world; I live wearied by stupendous labours and beset by a thousand anxieties. And thus I lived for some fifteen years now and never an hour's happiness have I had.)[43]

ধনাত্মক সংগতি[সম্পাদনা কৰক]

কেইবাটাও শেহতীয়া নিদানিক অধ্যয়নৰ পৰা এই বিষয় উত্থাপিত হৈছে যে সৃষ্টিশীলতা আৰু দ্বিমেৰু ব্যাধিৰ মাজত এক ধনাত্মক পাৰস্পৰিক সম্পৰ্ক অৰ্থাৎ সংগতি আছে, যদিও এই দুটাৰ মাজৰ সম্পৰ্ক স্পষ্ট নহয়। অৱশ্যে এই কথাও মন কৰিবলগা যে, ধনাত্মক সংগতিয়ে কাৰক নুসুচায়।[44][45][46] এনেধৰণৰ অধ্যয়নত মানসিক মেজাজ (temperament) এক মধ্যস্থ চলক (intervening variable) হ'ব পাৰে।[45] দ্বিমেৰু ব্যাধিৰ বিভিন্ন ৰূপৰ পৰিসৰত আক্ৰান্ত লোকসকলৰ মাজত উচ্চাকাংক্ষাও সৃষ্টিশীল কৰ্মৰ সৈতে সংযুক্ত হিচাপে চিহ্নিত কৰা হৈছে।[47]

মানসিক ব্যাধি আৰু অপসাৰী ভাৱনা[সম্পাদনা কৰক]

২০১৭ বৰ্ষত মনোৰোগবিজ্ঞানৰ সহযোগী অধ্যাপক গেইল চল্টয (Gail Saltz)-এ উল্লেখ কৰিছিল যে, মৃদু-ৰ-পৰা-পৰিমিত মানসিক ব্যাধিত আক্ৰান্ত লোকৰ মাজত অপসাৰী ভাৱনাৰ বৰ্ধিত উৎপাদনে অধিক সৃষ্টিশীল সামৰ্থ্যৰ উদ্ভৱ কৰে। চল্টযে যুক্তি ডাঙি ধৰিছিল যে, ধ্যানাভাৱ আৰু অতিসক্ৰিয়তা ব্যাধি (ADHD)-ৰ সৈতে জড়িত "অস্থিৰ মনোযোগ আৰু দিবা-স্বপ্নৰ অৱস্থাও", উদাহৰণস্বৰূপে, "মৌলিক চিন্তাৰ এক উৎস। [...] IKEA আৰু JetBlue-ৰ দৰে কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) সকলৰো ADHD ব্যাধি আছে। তেওঁলোকৰ সৃজনশীলতা, অভিনৱ চিন্তা (out-of-the-box thinking), উত্তোলিত শক্তিস্তৰ, অসংকোচ আচৰণ- এই সকলোবোৰেই তেওঁলোকৰ ঋণাত্মক অন্তৰ্দহনৰ ফল হ'ব পাৰে। "[48] উৎকেন্দ্ৰিকতা বা মেনিয়া (mania)-ও সৃষ্টিশীলতাৰ সাহায্যকাৰী হিচাপে স্বীকৃত, কাৰণ "চিন্তাৰ গতি যেতিয়া দ্ৰুত হয়, word association-ৰ গঠন অধিক মুক্তভাৱে হয়, আৰু একেদৰেই দ্ৰুত হয় চিন্তাৰ উৰণো, কাৰণ উৎকেন্দ্ৰিক মনবোৰ কোনো বিষয়ৰ বিশদৰ প্ৰতি কম অনুৰক্ত, যিবোৰ সাধাৰণ মানসিক অৱস্থাত অপ্ৰাসংগিক হিচাপে উপেক্ষা কৰা হয়।" [33][চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন]

সৃজনশীলতা আৰু মানসিক ব্যাধিৰ যোগসূত্ৰৰ বিপক্ষে যুক্তি[সম্পাদনা কৰক]

Psychology Today-ৰ এলবাৰ্ট ৰ'থেনবাৰ্গ (Albert Rothenberg)-এ লিপিবদ্ধ কৰিছিল যে, "মানসিক ৰোগগ্ৰস্ত আৰু সফল স্ৰষ্টাসকলৰ তালিকাখন [...] আধুনিক কাল আৰু ইতিহাস ব্যাপি কোনো মানসিক ব্যাধি থকাৰ সাক্ষ্য নোহোৱা উচ্চ সৃষ্টিশীল প্ৰতিভাধৰ ব্যক্তিসকলৰ বৃহৎ সংখ্যাই ঢাকি পেলায়।" এই তালিকাখনত অন্তৰ্ভুক্তসকলৰ মাজত উইলিয়াম শ্বেইকছপীয়েৰ, জ'হান ছেবাষ্টিয়ান বে'ক, আৰু জেইন অষ্টে'ন উল্লেখনীয়।[49][চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন] ৰ'থেনবাৰ্গে Flight from Wonder শীৰ্ষক গ্ৰন্থখনৰ বাবে যেতিয়া ৪৫ গৰাকী বিজ্ঞানৰ ন'বেল বঁটা বিজয়ীৰ সাক্ষাৎকাৰ লৈছিল, তেতিয়া কোনো এজনৰে মানসিক ব্যাধি থকাৰ কোনো সাক্ষ্য পোৱা হোৱা নাছিল বুলি তেওঁ বিবৃত কৰিছিল। তেওঁ এই কথাও উল্লেখ কৰিছিল যে, "সমস্যাটো হ'ল যে সৃজনশীল হোৱাৰ অনুমাপকসমূহেই কাহিনীও খুব সৃজনশীল নহয়। এখন কলাত্মক সমাজৰ অংশ হোৱাটোয়ে, অথবা শিল্পকলা বা সাহিত্য ক্ষেত্ৰৰ কৰ্মী হোৱাটোয়েই এজন ব্যক্তি সৃজনশীল হোৱাটো প্ৰমাণ নকৰে। কিন্তু প্ৰকৃত সত্যটো হ'ল যে, মানসিক ব্যাধিগ্ৰস্ত বহু লোকেই কলা আৰু সাহিত্যৰ সৈতে জড়িত কোনো কৰ্মত নিয়োজিত হ'বলৈ চেষ্টা কৰে। এইটো এই কাৰণে নহয় যে, তেওঁলোক সেই ক্ষেত্ৰসমূহত পটু, কিন্তু এইকাৰণে যে তেওঁলোক সেই ক্ষেত্ৰসমূহৰ প্ৰতি আকৰ্ষিত। আৰু সেই কথাই তথ্যৰ সংহতি তীৰ্যক কৰি তুলিব পাৰে।" [50][চিকিৎসা-বৈজ্ঞানিক উদ্ধৃতিৰ প্ৰয়োজন]

উল্লেখনীয় ব্যক্তিসকল[সম্পাদনা কৰক]

  • জ'ৱেন গ্ৰীণবাৰ্গ (Joanne Greenberg)-ৰ উপন্যাস I Never Promised You a Rose Garden (১৯৬৪) এখন আত্মজীৱনীমূলক গ্ৰন্থ। উপন্যাসখনত তেওঁ নিজৰ কৈশোৰ অৱস্থাত চেষ্টনাট ল'জ (Chestnut Lodge)-ত ড॰ ফ্ৰিয়েডা ফ্ৰম্-ৰেইচমেন (Frieda Fromm-Reichmann)-ৰ সৈতে কৰা কামৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। সেই সময়ত তেওঁ ছিজ'ফ্ৰেনিয়াত আক্ৰান্ত বুলি ৰোগ নিৰ্ণায়িত হৈছিল। অৱশ্যে ১৯৮১ চনত গ্ৰীণবাৰ্গৰ গ্ৰন্থখনত আগবঢ়োৱা আত্ম-বিশ্লেষণ দুগৰাকী মনোৰোগ বিশেষজ্ঞই পৰীক্ষণ কৰি নিৰ্ণয় কৰিছিল যে, তেওঁ প্ৰকৃততে ছিজ'ফ্ৰেনিয়াত আক্ৰান্ত নাছিল, কিন্তু প্ৰান্তৱৰ্তী মনোদশা বিকাৰ বা হতাশগ্ৰস্ততা (extreme mood disorder or depression) আৰু ইন্দ্ৰিয়জনিত ব্যাধি (somatization disorder)-ত আক্ৰান্ত আছিল।[51] এই বৰ্ণনাই উপন্যাসৰ মূল চৰিত্ৰৰ মানসিক ব্যাধি আৰু তেওঁৰ কলাত্মক কুশলতাৰ মাজৰ পাৰ্থক্য উদঙাই দিয়ে। গ্ৰীণবাৰ্গ অৱশ্যে এই কথাত আকোৰগোঁজ যে তেওঁৰ সৃষ্টিকামী কুশলতা মানসিক ব্যাধিৰ স্বত্বেও উদ্ভাসিত হৈছিল; এই ব্যাধি তেওঁৰ সৃষ্টিশীলতাৰ কাৰণ নাছিল।[52]
  • ব্ৰায়ান উইলছন (জন্ম ১৯৪২; Brian Wilson) আমেৰিকান ৰক্ বেণ্ড The Beach Boys-ৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ schizoaffective disorder-ত আক্ৰান্ত আছিল। ২০০২ চনত মনোৰোগৰ চিকিৎসা গ্ৰহণ কৰাৰ পিছত, ঔষধে তেওঁৰ সৃষ্টিশীলতাত কিদৰে প্ৰভাৱ পেলাইছিল সেয়া বিবৃত কৰিছিল : "তিনি বছৰ ধৰি মই একোয়েই লিখিব পৰা নাই। মোৰ ভাৱ হয়, লিখিবৰ বাবে মোক পিশাচবোৰৰ দৰকাৰ, কিন্তু পিশাচবোৰ গ'লগৈ। এইটো কথাই মোক বহু বিব্ৰত কৰে। মই বহু চেষ্টা কৰিলো, কিন্তু মই কোনোপধ্যেই এক লয় পাব পৰা যেন লগা নাই" ("I haven't been able to write anything for three years. I think I need the demons in order to write, but the demons have gone. It bothers me a lot. I've tried and tried, but I just can't seem to find a melody.")।[53]
  • ডেনিয়েল জ'নষ্ট'ন (১৯৬১-২০১৯; Daniel Johnston) এগৰাকী বহিঃধাৰাৰ সংগীতকাৰ আৰু তেওঁক প্ৰায়েই ল'-ফাই (ল'-ফিডেলিটী) (low-fi, low fidelity) সংগীতৰ ব্ৰায়ান উইলছন হিচাপে আখ্যায়িত কৰা হয়। তেওঁৰ সংগীতক মনোৰোগজনিত সমস্যাসমূহৰ ওপৰত আৰোপ কৰা হয়। তেওঁৰ প্ৰবন্ধকে জাৰি কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে ডেনিয়েলৰ আৱেগিক অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত তেওঁক অতি প্ৰতিভাধৰ (genius) আখ্যা দিয়াৰ পৰা বিৰত থাকিবলৈ সাংবাদিকসকলক আহ্বান জনোৱা হৈছিল। দ্য গাৰ্ডিয়ান (The Guardian)-ৰ ডেভিদ মেকনেমী (David McNamee)-এ খেদ প্ৰকাশ কৰি কৈছিল যে "জ'নষ্ট'নৰ বিষয়ে সমালোচনাত্মক কিবা কোৱাটো প্ৰায় নিষিদ্ধ। এইটো অবিশ্বাস্যভাৱে পৃষ্ঠপোষকীয়। কিয়নো, ই তেওঁৰ কৰ্মৰাজিৰ কোনো সৎ মূল্যায়ন প্ৰায় অসম্ভৱ কৰি তুলিছে" ("it's almost taboo to say anything critical about Johnston. This is incredibly patronising. For one thing, it makes any honest evaluation of his work impossible."[54]
  • টেৰী এ ডেভিছ (১৯৬৯-২০১৮; Terry A. Davis) এগৰাকী কম্পিউটাৰ প্ৰগ্ৰেমাৰ আছিল, যি টেম্প'ল-অ'এ'ছ (TempleOS) নামৰ এটা সম্পূৰ্ণ অপাৰেটিং চিষ্টেম সৃষ্টি কৰিছিল। ইয়াৰোপৰি তেওঁ নিজা প্ৰচেষ্টাৰে এক পূৰ্ণ দ্বি-মাত্ৰিক আৰু ত্ৰি-মাত্ৰিক গ্ৰাফিক লাইব্ৰেৰী (2D and 3D graphics libraries), HolyC নামৰ এটা প্ৰগ্ৰামিং লেংগুৱেজ (programming language) আৰু এটা কম্পাইলাৰ compiler) সৃষ্টি কৰিছিল। যদিও তেওঁৰ মন্তব্যসমূহ প্ৰায়ে অবোধগম্য আৰু ৰুক্ষ আছিল, কিন্তু এইটো বিদিত আছিল কম্পিউটাৰ সম্পৰ্কীয় যিকোনো আলাপ আলোচনাত তেওঁ অতিশয় প্ৰাঞ্জল আছিল। তেওঁ ছিজ'ফ্ৰেনিয়াৰ ঔষধ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল, কাৰণ তেওঁ বিশ্বাস কৰিছিল যে ই তেওঁৰ সৃষ্টিশীলতাত প্ৰতিবন্ধকতা আনিছিল।[55] ২০১৭ চনত, টেৰীৰ টেম্প্'ল-অ'এ'ছ ফ্ৰান্সৰ ব্যুঃগণ্যা (Bourgogne)-ত বাহ্যিক বা স্ব-শিক্ষা কলা প্ৰদৰ্শনী (outsider art)-ৰ অংশ হিচাপে প্ৰদৰ্শিত হৈছিল।[56]
  • কানইয়ে ৱেষ্ট (জন্ম ১৯৭৭; Kanye West) এজন আমেৰিকান ৰে'পাৰ, গায়ক, প্ৰযোজক আৰু ফেশ্বন ডিজাইনাৰ। তেওঁ দ্বিমেৰু ব্যাধিত আক্ৰান্ত। কলাৰ ক্ষেত্ৰত তেওঁৰ সৃষ্টিশীল কুশলতা, আৰু অন্যান্য বিষয়ত তেওঁৰ স্পষ্টবাদী দৃষ্টিভংগী, বহুসময়ত তেওঁৰ দ্বিমেৰু ব্যাধিজনিত যন্ত্ৰণাৰ অংশ হিচাপে ক'ব খোজা হয়। ৱেষ্টে তেওঁ দ্বিমেৰু ব্যাধিৰ সম্পৰ্কে এইদৰে কৈছিল, "মই এই মুহূৰ্তত যি অনুভৱ কৰোঁ সেয়াহে ক'ব পাৰোঁ, আৰু যেতিয়া মই উদ্বেলিত অৱস্থা পাওঁ, মই বিশ্বব্ৰহ্মাণ্ডৰ সৈতে এক উত্তোলিত সংযোগ অনুভৱ কৰোঁ। এইটো এটা স্বাস্থ্যজনিত সমস্যা। এইটো- ই এক মোচোকা খোৱা মস্তিস্কৰ দৰে, যিদৰে আমি সৰুগাঁঠিত মোচোকা খাওঁ। আৰু যদি কোনোবাই সৰুগাঁঠিত মোচোকা খায় আমি তেওঁক বেছি থেলা-হেঁচা কৰা অনুচিত। আমাৰ ক্ষেত্ৰত, কাৰোবাৰ মস্তিস্ক যেতিয়া মোচোকা খোৱা বিন্দুত উপনীত হয়গৈ, মানুহে ইয়াক আৰু বেয়া কৰিবলৈ সকলোবোৰ কৰে" ("I can just tell you what I'm feeling at the time, and I feel a heightened connection with the universe when I'm ramping up. It is a health issue. This — it's like a sprained brain, like having a sprained ankle. And if someone has a sprained ankle, you're not going to push on him more. With us, once our brain gets to a point of spraining, people do everything to make it worse."[57]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Martin Mai, François (2007). Diagnosing Genius: The Life and Death of Beethoven. McGill-Queen's Press. ISBN 978-0773578791. https://books.google.com/books?id=VqajnKzxTJMC. "There is a strong possibility that he had recurrent depressive episodes, and it is also likely that he had what would now be called a bipolar disorder." 
  2. Goodnick, Paul J. (1998). Mania: Clinical and Research Perspectives. American Psychiatric Pub. পৃষ্ঠা. 15. ISBN 978-0880487283. https://books.google.com/books?id=AYr0U7iJuWkC&pg=PA15. 
  3. Kyaga, Simon; Landén, Mikael; Boman, Marcus; Hultman, Christina M.; Långström, Niklas; Lichtenstein, Paul (January 2013). "Mental illness, suicide and creativity: 40-year prospective total population study". Journal of Psychiatric Research খণ্ড 47 (1): 83–90. doi:10.1016/j.jpsychires.2012.09.010. ISSN 1879-1379. PMID 23063328. 
  4. Goodwin, F. and Jamison, K. R., Manic Depressive Illness, Oxford University Press (Oxford, 1990), p. 353.
  5. Kaufman, James C. "Two." Creativity and Mental Illness. United Kingdom: Cambridge U House, 2014. 31–38. Print.
  6. Romeo, Nick (November 9, 2013). "What is a Genius?". The Daily Beast. http://www.thedailybeast.com/articles/2013/11/09/what-is-a-genius। আহৰণ কৰা হৈছে: May 16, 2017. 
  7. Andreasen, N.C. (2011), year=2011; volume=9; issue=1; spage=42; epage=53; aulast=Andreasen "A journey into chaos: Creativity and the unconscious", Mens Sana Monographs, 9:1, p  42–53. Retrieved 2011-03-27
  8. Malchiodi, Cathy (June 30, 2014). "Creative Arts Therapy and Expressive Arts Therapy". Psychology Today. https://www.psychologytoday.com/blog/arts-and-health/201406/creative-arts-therapy-and-expressive-arts-therapy। আহৰণ কৰা হৈছে: September 12, 2017. 
  9. Heenan, Deirdre (March 2006). "Art as therapy: an effective way of promoting positive mental health?". Disability & Society খণ্ড 21 (2): 179–191. doi:10.1080/09687590500498143. 
  10. Folley, Bradley S.; Park, Sohee (December 2005). "Verbal creativity and schizotypal personality in relation to prefrontal hemispheric laterality: A behavioral and near-infrared optical imaging study". Schizophrenia Research খণ্ড 80 (2–3): 271–282. doi:10.1016/j.schres.2005.06.016. PMID 16125369. 
  11. Batey M. Furnham (2009). "The relationship between creativity, schizotypy and intelligence". Individual Differences Research খণ্ড 7: 272–284. 
  12. Batey M., Furnham A. (2008). "The relationship between measures of creativity and schizotypy". Personality and Individual Differences খণ্ড 45 (8): 816–821. doi:10.1016/j.paid.2008.08.014. 
  13. Furnham A., Batey M., Anand K., Manfield J. (2008). "Personality, hypomania, intelligence and creativity". Personality and Individual Differences খণ্ড 44 (5): 1060–1069. doi:10.1016/j.paid.2007.10.035. 
  14. Kyaga, S.; Lichtenstein, P.; Boman, M.; Hultman, C.; Långström, N.; Landén, M. (2011). "Creativity and mental disorder: Family study of 300 000 people with severe mental disorder". The British Journal of Psychiatry খণ্ড 199 (5): 373–379. doi:10.1192/bjp.bp.110.085316. PMID 21653945. 
  15. 15.0 15.1 Kyaga, Simon; Landén, Mikael; Boman, Marcus; Hultman, Christina M.; Långström, Niklas; Lichtenstein, Paul (January 2013). "Mental illness, suicide and creativity: 40-Year prospective total population study". Journal of Psychiatric Research খণ্ড 47 (1): 83–90. doi:10.1016/j.jpsychires.2012.09.010. PMID 23063328. 
  16. Borowiecki, Karol Jan (October 2017). "How Are You, My Dearest Mozart? Well-Being and Creativity of Three Famous Composers Based on Their Letters". The Review of Economics and Statistics খণ্ড 99 (4): 591–605. doi:10.1162/REST_a_00616. http://www.sdu.dk/-/media/files/om_sdu/institutter/ivoe/disc_papers/disc_2013/dpbe20_2013revised.pdf?la=da. 
  17. The science of creativity
  18. Byron, Kristin; Khazanchi, Shalini; Nazarian, Deborah (2010). "The relationship between stressors and creativity: A meta-analysis examining competing theoretical models.". Journal of Applied Psychology খণ্ড 95 (1): 201–212. doi:10.1037/a0017868. PMID 20085417. 
  19. Simeonova, Diana (2005). "Creativity in familial bipolar disorder". Journal of Psychiatric Research খণ্ড 39 (6): 623. doi:10.1016/j.jpsychires.2005.01.005. PMID 16157163. https://www.sciencedirect.com/science/article/abs/pii/S0022395605000099. 
  20. Mark A. Davis (January 2009). "Understanding the relationship between mood and creativity: A meta-analysis". Organizational Behavior and Human Decision Processes খণ্ড 100 (1): 25–38. doi:10.1016/j.obhdp.2008.04.001. 
  21. Baas, Matthijs; De Dreu Carsten K. W.; Nijstad, Bernard A. (November 2008). "A meta-analysis of 25 years of mood-creativity research: Hedonic tone, activation, or regulatory focus?". Psychological Bulletin খণ্ড 134 (6): 779–806. doi:10.1037/a0012815. PMID 18954157. http://home.medewerker.uva.nl/m.baas/bestanden/MBaas_mood-creativity.pdf। আহৰণ কৰা হৈছে: 2010-12-29. 
  22. Takahiro Nemotoa; Ryoko Yamazawaa; Hiroyuki Kobayashia; Nobuharu Fujitaa; Bun Chinoa; Chiyo Fujiid; Haruo Kashimaa; Yuri Rassovskye et al. (November 2009). "Cognitive training for divergent thinking in schizophrenia: A pilot study". Progress in Neuro-Psychopharmacology and Biological Psychiatry খণ্ড 33 (8): 1533–1536. doi:10.1016/j.pnpbp.2009.08.015. PMID 19733608. 
  23. Flaherty AW (2005). "Frontotemporal and dopaminergic control of idea generation and creative drive". J Comp Neurol খণ্ড 493 (1): 147–53. doi:10.1002/cne.20768. PMID 16254989. 
  24. Arnold M. Ludwig (1995) The Price of Greatness: Resolving the Creativity and Madness Controversy আই.এচ.বি.এন. 978-0-89862-839-5
  25. R., Jamison, Kay (1996). Touched with fire : manic-depressive illness and the artistic temperament. Simon & Schuster. ISBN 978-0684831831. OCLC 445006821. 
  26. R., David G. Myers (1994). Psychology : 4th edition. Worth Publishers. 
  27. Parker, G., (ed.) "Bipolar II Disorder: modeling, measuring and managing", Cambridge University Press (Cambridge,2005).
  28. "Cyclothymia (cyclothymic disorder) - Symptoms and causes". Mayo Clinic. https://www.mayoclinic.org/diseases-conditions/cyclothymia/symptoms-causes/syc-20371275. 
  29. "Franz Strasser and David Botti (2013-1-7). "Conductor with bipolar disorder on music and mental illness", BBC News". https://www.bbc.com/news/magazine-20732070. 
  30. "David Gram for the Associated Press (2013-12-27). "For this orchestra, playing music is therapeutic", The Boston Globe". https://www.bostonglobe.com/arts/theater-art/2013/12/27/mentally-ill-and-their-supporters-fill-vermont-orchestra/WIeh9mIp9GzPampyIXwtLM/story.html. 
  31. "Famous people with bipolar disorder". 2018-04-11. https://www.cbsnews.com/pictures/famous-people-celebrities-bipolar. 
  32. "Schizophrenia". http://www.nimh.nih.gov/health/topics/schizophrenia/index.shtml#part_145430। আহৰণ কৰা হৈছে: 2015-11-27. 
  33. 33.0 33.1 Frey, Angelica (May 3, 2017). "A New Account of Robert Lowell's Mania Risks Glorifying It". Hyperallergic. https://hyperallergic.com/376339/a-new-account-of-robert-lowells-mania-risks-glorifying-it/। আহৰণ কৰা হৈছে: May 16, 2017. 
  34. Discussions on Genius and Intelligence. Mega Foundation Press. 2002. http://www.megafoundation.org/MegaPress/Titles/Jensen.html। আহৰণ কৰা হৈছে: 2017-07-09. 
  35. Power, Robert (2015). "Polygenic risk scores for schizophrenia and bipolar disorder predict creativity". Nature Neuroscience খণ্ড 18 (7): 953. doi:10.1038/nn.4040. PMID 26053403. https://www.nature.com/articles/nn.4040. 
  36. Sample, Ian (June 8, 2015). "New study claims to find genetic link between creativity and mental illness". The Guardian. https://www.theguardian.com/science/2015/jun/08/new-study-claims-to-find-genetic-link-between-creativity-and-mental-illness। আহৰণ কৰা হৈছে: July 14, 2020. 
  37. Goodnick, P.J. (ed.) Mania: clinical and research perspectives. American Psychiatric Press, Washington, 1998.
  38. Carson, Shelley (2003). "Decreased Latent Inhibition Is Associated With Increased Creative Achievement in High-Functioning Individuals.". Journal of Personality and Social Psychology খণ্ড 85 (3): 499. doi:10.1037/0022-3514.85.3.499. PMID 14498785. 
  39. Are Genius and Madness Related? Contemporary Answers to an Ancient Question | Psychiatric Times
  40. Dean Keith Simonton (June 2005). "Are Genius and Madness Related? Contemporary Answers to an Ancient Question". Psychiatric Times. http://www.psychiatrictimes.com/articles/are-genius-and-madness-related-contemporary-answers-ancient-question। আহৰণ কৰা হৈছে: 2007-02-20. 
  41. Kay Redfield Jamison (1996). Touched with Fire: Manic-Depressive Illness and the Artistic Temperament. Free Press. ISBN 978-0-684-83183-1. 
  42. Jamison, K. R., Touched with Fire, Free Press (New York, 1993), pp 82 ff.
  43. Van Lieburg, MJ (1988). Famous Depressives: Ten Historical Sketches. প্ৰকাশক Rotterdam: Erasmus Publishin. পৃষ্ঠা. 19–26. ISBN 9789052350073. 
  44. "Enhanced creativity in bipolar disorder patients: a controlled study". J Affect Disord খণ্ড 100 (1–3): 31–9. June 2007. doi:10.1016/j.jad.2006.10.013. PMID 17126406. 
  45. 45.0 45.1 "[Creativity and mental illness]" (hu ভাষাত). Psychiatr Hung খণ্ড 21 (4): 288–94. 2006. PMID 17170470. 
  46. "Temperamental commonalities and differences in euthymic mood disorder patients, creative controls, and healthy controls". J Affect Disord খণ্ড 85 (1–2): 207–15. March 2005. doi:10.1016/j.jad.2003.11.012. PMID 15780691. 
  47. Johnson SL, Murray G, Hou S, Staudenmaier PJ, Freeman MA, Michalak EE; CREST.BD. (2015). "Creativity is linked to ambition across the bipolar spectrum.". J Affect Disord খণ্ড 178 (Jun 1): 160–4. doi:10.1016/j.jad.2015.02.021. PMID 25837549. 
  48. Saltz, Dr. Gail (April 16, 2017). "To remove the stigma of mental illness, we need to accept how complex—and sometimes beautiful—it is". https://qz.com/959936/there-are-some-positives-to-mental-illness-to-remove-the-stigma-we-need-to-accept-how-complex-and-sometimes-beautiful-it-is/। আহৰণ কৰা হৈছে: May 17, 2017. 
  49. Rothenberg, Albert (March 8, 2015). "Creativity and Mental Illness". Psychology Today. https://www.psychologytoday.com/blog/creativity-explorations-in-art-literature-science-and-the-everyday/201503/creativity-and-mental। আহৰণ কৰা হৈছে: May 3, 2017. 
  50. Sample, Ian (June 8, 2015). "New study claims to find genetic link between creativity and mental illness". The Guardian. https://www.theguardian.com/science/2015/jun/08/new-study-claims-to-find-genetic-link-between-creativity-and-mental-illness। আহৰণ কৰা হৈছে: May 18, 2017. 
  51. Sobel, Dava (February 17, 1981). "Schizophrenia In Popular Books: A Study Finds Too Much Hope". The New York Times. https://query.nytimes.com/gst/fullpage.html?sec=health&res=980CE7D71639F934A25751C0A967948260. 
  52. "I wrote [I Never Promised You a Rose Garden] as a way of describing mental illness without the romanticisation [sic] that it underwent in the sixties and seventies when people were taking LSD to simulate what they thought was a liberating experience. During those days, people often confused creativity with insanity. There is no creativity in madness; madness is the opposite of creativity, although people may be creative in spite of being mentally ill." This statement from Greenberg originally appeared on the page for Rose Garden at amazon.com and has been quoted in many places including Asylum: A Mid-Century Madhouse and Its Lessons About Our Mentally Ill Today, by Enoch Callaway, M.D. (Praeger, 2007), p. 82.
  53. O'Hagan, Sean (2002-01-06). "Feature: A Boy's Own Story". Review, the Observer (January 6, 2002): পৃষ্ঠা 1–3. https://www.theguardian.com/theobserver/2002/jan/06/features.review87. 
  54. McNamee, David (August 10, 2009). "The myth of Daniel Johnston's genius". The Guardian. https://www.theguardian.com/music/musicblog/2009/aug/10/daniel-johnston. 
  55. Cassel, David (September 23, 2018). "The Troubled Legacy of Terry Davis, 'God's Lonely Programmer'". https://thenewstack.io/the-troubled-legacy-of-terry-davis-gods-lonely-programmer/. 
  56. Godin, Philippe (January 13, 2013). "la Diagonale de l'art - ART BRUT 2.0" (fr ভাষাত). http://diagonaledelart.blogs.liberation.fr/2017/01/13/art-brut-20/. 
  57. "Kanye West opens up about his struggle with bipolar disorder: "It's like a sprained brain"" (en ভাষাত). May 30, 2019. https://www.cbsnews.com/news/kanye-west-opens-up-to-david-letterman-about-his-struggle-with-bipolar-disorder/.