মাইকেলেঞ্জেল'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাইকেলেঞ্জেল'

জেক'পিন' ডেল ক'ণ্টেই (১৫৩৫ৰ পিছত) অঁকা ৬০ বছৰীয়া মাইকেলেঞ্জেল'ৰ প্ৰতিকৃতি
নাম মাইকেলেঞ্জেল' ডি ল'ড'ভিক' বুনাৰ'ত্তি চিম'নি (Michelangelo di Lodovico Buonarroti Simoni)
জন্ম ৬ মাৰ্চ, ১৪৭৫
কেপ্ৰেছ, আৰিজ'ৰ ওচৰত, ফ্ল'ৰেন্স গণৰাজ্য (এতিয়াৰ টাছকেনী, ইটালী)
মৃত্যু ১৮ ফেব্ৰুৱাৰী, ১৫৬৪ (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "�" বছৰ)
ৰোম, পাপেল ষ্টেট্‌ছ (এতিয়াৰ ইটালী)
দেশ ইটালীয়ান
পেচা ভাস্কৰ্য, চিত্ৰ, স্থপতি আৰু কাব্য
প্ৰশিক্ষণ ড'মেনিক' ঘিৰ্‌লাণ্ডায়'ৰ ওচৰত[1]
বিপ্লৱ উচ্চ নৱজাগৰণ
কৰ্মৰাজী ডেভিদ, দা ক্ৰিয়েচন অৱ আডাম, পিয়েটা, চিষ্টিন্‌ চেপেল চিলিং
গুলিঅ' ব'নাচনে অঁকা "৭২ বছৰীয়া মাইকেলেঞ্জেল'ৰ প্ৰতিকৃতি, ১৫৪৬
হ'ল'ফাৰ্নেছৰ মূৰ হিছাপে চিষ্টিন্‌ চেপেল চিলিঙৰ আত্মপ্ৰতিকৃতি

মাইকেলেঞ্জেল' ডি ল'ড'ভিক' বুনাৰ'ত্তি চিম'নি [1] (৬ মাৰ্চ ১৪৭৫ – ১৮ ফেব্ৰুৱাৰী ১৫৬৪), বা চমুকৈ মাইকেলেঞ্জেল' (ইটালীয়ান উচ্চাৰণ: [mikeˈlandʒelo]) আছিল ইটালীয় নৱজাগৰণৰ এজন ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা। পশ্চিমীয়া কলাৰ বিকাশত তেওঁৰ অৱদান অপৰিসীম।[2] কলাৰ বাহিৰে আন দিশত তেওঁৰ চৰ্চা কম হ'লেও যিকোনো ক্ষেত্ৰতে তেওঁৰ পাৰদৰ্শিতাৰ বাবে আন এজন ইটালীয় লিঅ'নাৰ্ড' দা ভিন্সিৰ লগত তেওঁক নৱজাগৰণৰ 'বহুমুখী প্ৰতিভাৰ ব্যক্তি' বুলি কোৱা হয়।

মাইকেলেঞ্জেল'ক তেওঁৰ জীৱনকালৰ সৰ্বশ্ৰেষ্ঠ কলাকাৰ বুলি ভবাৰ লগতে এতিয়া সৰ্বকালৰ শ্ৰেষ্ঠ শিল্পীসকলৰ এজন বুলি গণ্য কৰা হয়।[2] তেওঁৰ বহুসংখ্যক ছবি, ভাস্কৰ্য আৰু স্থপতিৰ নিদৰ্শন পৃথিৱী বিখ্যাত।[2] দীৰ্ঘ জীৱনকালত প্ৰতি ক্ষেত্ৰতে কৰা তেওঁৰ কাৰ্যই দক্ষতাৰ পৰিচয় দিছিল। তেওঁৰ বৃহৎ পৰিমাণৰ চিঠি-পত্ৰ, নক্সা, স্মৃতিচাৰণ আদিৰ হিছাপত তেওঁ ১৬শ শতিকাৰ আটাইতকৈ বেছি উল্লেখ থকা শিল্পী। তেওঁ ত্ৰিশবছৰীয়া হোৱাৰ আগতেই দুই বিখ্যাত কৰ্ম "পিয়েটা" আৰু ডেভিদৰ সমাপণ কৰিছিল। নিজৰ চিত্ৰকৰ্মৰ ওপৰত তেওঁৰ উচ্চ অভিমত নাছিল। তথাপিও পশ্চিমীয়া কলাৰ ইতিহাসৰ অন্যতম দুই প্ৰভাৱশালী ফ্ৰেস্ক' চিত্ৰকৰ্ম চিষ্টিন্‌ চেপেল চিলিঙত সৃষ্টিৰ দৃশ্যাৱলী আৰু চিষ্টিন্‌ চেপেলৰ দেৱালত "দা লাষ্ট জাজ্‌মেণ্ট" তেওঁৰেই দান। স্থপতিবিদ ৰূপে তেওঁ আছিল লৰেচিয়ান লাইব্ৰেৰীৰ 'মেনাৰিজম' শৈলীৰ হোতা। ৭৪ বছৰ বয়সত তেওঁ এন্টনিঅ' দা চাংগেল' কনিষ্ঠৰ ঠাইত ছেইণ্ট পিটাৰ্ছ বেছিলিকাৰ মুখ্য স্থপতিবিদ হিছাপে নিযুক্তি পায়। তাৰ পশ্চিম অংশটো মাইকেলেঞ্জেল'ৰ নক্সামতে সজা হয়। তাৰ টুপটো তেওঁৰ মৃত্যুৰ পিছত কিছু সালসলনিৰে সম্পূৰ্ণ হয়।

মাইকেলেঞ্জেল'ৰ প্ৰতিভাৰ আন এক উদাহৰণ হ'ল যে জীৱিত কালত জীৱনী প্ৰকাশ পোৱা তেৱেঁই আছিল প্ৰথম পশ্চিমীয়া শিল্পী।[3] তেওঁৰ জীৱনকালত দুখন জীৱনী প্ৰকাশ পাইছিল। তাৰে জৰ্জিঅ' ভাচাৰিয়ে লিখাখনত কোৱা হৈছিল যে ৰেনেছাঁৰ আৰম্ভণিৰে পৰা তেওঁ কলাত্মক দক্ষতাৰ শীৰ্ষত আছিল। শতিকাজুৰি কলাৰ ইতিহাসত এই অভিমতৰ কোনো বিৰোধী নাই। তেওঁৰ জীৱনকালত তেওঁক Il Divino ("দৈৱিক জন") বুলিও সন্মান জনোৱা হৈছিল।[4] তেওঁৰ সমসাময়িকসকলে প্ৰশংসা কৰা তেওঁৰ এক গুণ আছিল terribilità বা সন্মান আদায় কৰিব পৰা মহত্বতা। পিছৰ যুগৰ শিল্পীসকলে মাইকেলেঞ্জেল'ৰ ব্যক্তিগত শৈলী অনুকৰণ কৰিব খোজাৰ ফলতে মেনাৰিজমৰ সূত্ৰপাত হৈছিল, যি উচ্চ নৱজাগৰণৰ পিছত পশ্চিমীয়া কলাজগতৰ এক গুৰুত্বপূৰ্ণ বিপ্লৱ।

মাইকেলেঞ্জেল'ৰ প্ৰতিকৃতি[সম্পাদনা কৰক]

পাদটীকা[সম্পাদনা কৰক]

a. ^ Michelangelo's father marks the date as 6 March 1474 in the Florentine manner ab Incarnatione. However, in the Roman manner, ab Nativitate, it is 1475.
b. ^ Sources disagree as to how old Michelangelo was when he departed for school. De Tolnay writes that it was at ten years old while Sedgwick notes in her translation of Condivi that Michelangelo was seven.
c. ^ The Strozzi family acquired the sculpture Hercules. Filippo Strozzi sold it to Francis I in 1529. In 1594, Henry IV installed it in the Jardin d'Estang at Fontainebleau where it disappeared in 1713 when the Jardin d'Estange was destroyed.
d. ^ Vasari makes no mention of this episode and Paolo Giovio's Life of Michelangelo indicates that Michelangelo tried to pass the statue off as an antique himself.

তথ্যসূত্ৰ[সম্পাদনা কৰক]

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

  • Ackerman, James (1986). The Architecture of Michelangelo. University of Chicago Press. ISBN 978-0226002408. 
  • Clément, Charles (1892). Michelangelo. প্ৰকাশক Harvard University, Digitized 25 June 2007: S. Low, Marston, Searle, & Rivington, ltd.: London. http://books.google.com/?id=G-sDAAAAYAAJ&printsec=frontcover&dq=michelangelo. 
  • Condivi, Ascanio; Alice Sedgewick (1553). The Life of Michelangelo. Pennsylvania State University Press. ISBN 0-271-01853-4. 
  • Baldini, Umberto; Liberto Perugi (1982). The Sculpture of Michelangelo. Rizzoli. ISBN 0-8478-0447-x. http://books.google.com/?id=pCEWAQAAIAAJ. 
  • Einem, Herbert von (1973). Michelangelo. Trans. Ronald Taylor. London: Methuen.
  • Gilbert, Creighton (1994). Michelangelo On and Off the Sistine Ceiling. New York: George Braziller.
  • Hibbard, Howard (1974). Michelangelo. New York: Harper & Row.
  • Hirst, Michael and Jill Dunkerton. (1994) The Young Michelangelo: The Artist in Rome 1496–1501. London: National Gallery Publications.
  • Liebert, Robert (1983). Michelangelo: A Psychoanalytic Study of his Life and Images. প্ৰকাশক New Haven and London: Yale University Press. ISBN 0-300-02793-1. 
  • Néret, Gilles (2000). Michelangelo. Taschen. ISBN 9783822859766. 
  • Pietrangeli, Carlo, et al. (1994). The Sistine Chapel: A Glorious Restoration. New York: Harry N. Abrams
  • Sala, Charles (1996). Michelangelo: Sculptor, Painter, Architect. Editions Pierre Terrail. ISBN 978-2879390697. 
  • Saslow, James M. (1991). The Poetry of Michelangelo: An Annotated Translation. New Haven and London: Yale University Press.
  • Rolland, Romain (2009). Michelangelo. BiblioLife. ISBN 1110003536. 
  • Seymour, Charles, Jr. (1972). Michelangelo: The Sistine Chapel Ceiling. New York: W. W. Norton.
  • Stone, Irving (1987). The Agony and the Ecstasy. Signet. ISBN 0-451-17135-7. 
  • Summers, David (1981). Michelangelo and the Language of Art. Princeton University Press.
  • Tolnay, Charles (1947). The Youth of Michelangelo. প্ৰকাশক Princeton, NJ: Princeton University Press. 
  • Tolnay, Charles de. (1964). The Art and Thought of Michelangelo. 5 vols. New York: Pantheon Books.
  • Wallace, William E. (2011). Michelangelo: The Artist, the Man and his Times. Cambridge University Press. ISBN 1107673690. 
  • Wilde, Johannes (1978). Michelangelo: Six Lectures. Oxford: Clarendon Press.

বহিঃ সংযোগ[সম্পাদনা কৰক]