উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী

উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী
জন্ম ১৯ ডিচেম্বৰ, ১৮৭৩
গাঁও-ছৰদংগা, পূৰ্বস্থলী, জিলা-পূৰ্ব বৰ্ধমান (বৰদ্বান) পশ্চিম বংগ,ব্ৰিটিছশাসিত ভাৰত
মৃত্যু ৬ ফেব্ৰুৱাৰী, ১৯৪৬ (৭২ বছৰ)
ক্ষেত্ৰ ঔষধবিদ্যা, চিকিৎসা বিজ্ঞান
কৰ্মস্থান
  • কলিকতা বিশ্ববিদ্যালয়;
  • কেম্পবেল চিকিৎসা বিদ্যালয়( এতিয়া নীল ৰতন চিৰকাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়);
  • কাৰ্মিকায়েল চিকিৎসা মহাবিদ্যালয় (এতিয়া আৰ.জি. কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়);
  • ঢাকা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়;
  • চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, কলিকতা, (Calcutta Medical College);
  • কলিকতা ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়, National Medical Institute;
  • ভাৰতীয় চিকিৎসা গৱেষণা সংস্থা;
  • ইউনিভাৰ্ছিটি কলেজ অৱ ছায়েঞ্চ, কলিকতা;
  • ভাৰতীয় ৰেড ক্ৰছ ছ'ছাইটি;
  • কলিকতাৰ বিষুৱীয় ঔষধৰ বিদ্যালয়;
  • প্ৰাণী উদ্যান, আলিপুৰ, কলিকতা
শিক্ষানুষ্ঠান
  • পূৰ্বীয় ৰে'লৱে বালক হাইস্কুল, জমলপুৰ
  • হুগলী মহছিন মহাবিদ্যালয়
  • প্ৰেছিডেন্সী বিশ্ববিদ্যালয়, কলিকতা
  • কলিকতা বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা ছাৰ গেৰাল্ড বমফৰ্ড
উল্লেখনীয় বঁটা
  • কেইশ্বৰ-ই-হিন্দ,Emperor of India, সোণৰ পদক,(১৯২৪)
  • ৰায় বাহাদুৰ (১৯২৪)
  • নাইট স্নাতক, Knighthood (১৯৩৪)
  • ঔষধ বিদ্যাৰ ৰয়েল ছ'ছাইটিৰ সভ্য, লণ্ডন Fellow of the Royal Society of Medicine, London
দাম্পত্যসঙ্গী ননী বালা দেৱী
সতি-সন্ততি ফণীন্দ্ৰ নাথ ব্ৰহ্মচাৰী
নিৰ্মল কুমাৰ ব্ৰহ্মচাৰী

ৰায় বাহাদুৰ ছাৰ উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী (ইংৰাজী: Sir Upendranath Brahmachari; ১৯ ডিচেম্বৰ ১৮৭৩ – ৬ ফেব্ৰুৱাৰী ১৯৪৬) আছিল এগৰাকী বিজ্ঞানী, অধ্যাপক আৰু ভাৰতৰ চিকিৎসা ক্ষেত্ৰৰ এগৰাকী স্মৰণীয় চিকিৎসক।[1] ১৯২২ চনত তেখেতে ইউৰিয়া ষ্টিবামিনৰ উদ্ভাৱন আৰু বিকাশ সাধন কৰিছিল; যাৰ ওপৰত ভিত্তি কৰিয়েই কালা-আজাৰ বা আজাৰ বা ক'লাজ্বৰ ৰোগটোৰ (Visceral leishmaniasis) এক কাৰ্যকৰী চিকিৎসাৰ সূচনা হৈছিল। তেখেতে ভাৰতৰ প্ৰথমটো ৰক্ত বেংক ১৯৩৯ চনত কলিকতাত স্থাপন কৰিছিল। ডা॰ ব্ৰহ্মচাৰীয়ে এবিধ ৰোগো চিনাক্ত কৰিছিল। স্বীকৃতিস্বৰূপে সেই ৰোগবিধৰ নাম ৰখা হৈছিল- ব্ৰহ্মচাৰী লেইশ্বমানোইড[2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৮৭৩ চনৰ ১৯ ডিচেম্বৰত উপেন্দ্ৰনাথ ব্ৰহ্মচাৰীৰ জন্ম হৈছিল। তেখেতৰ জন্মস্থান আছিল পশ্চিম বংগস্থিত বৰদ্বান জিলাৰ পূৰ্বস্থলীৰ সমীপৱৰ্তী ছৰদংগা গাঁও। পিতৃ নীলমণি ব্ৰহ্মচাৰী আছিল পূৰ্ব ভাৰতীয় ৰে'লসেৱাৰ এগৰাকী চিকিৎসক। আনহাতে মাতৃ আছিল সৌৰভ সুন্দৰী দেৱী। উপেন্দ্ৰনাথ ব্ৰহ্মচাৰীয়ে জমলপুৰৰ পূৰ্ব ৰে'লৱে বালক হাইস্কুলৰ পৰা প্ৰাৰম্ভিক শিক্ষালাভ কৰে। ১৮৯৩ চনত হুগলী মহছিন মহাবিদ্যালয়ৰ পৰা তেখেতে গণিতশাস্ত্ৰ আৰু ৰসায়ন বিজ্ঞানৰ অ'নাৰ্ছসহ কলা শাখাৰ স্নাতক লাভ কৰে। তাৰপিছত তেখেতে উচ্চতৰ ৰসায়ন বিজ্ঞানত চিকিৎসাশাস্ত্ৰ অধ্যয়ন কৰিবলৈ যায়। ১৮৯৪ চনত কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা তেখেতে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ছাৰ আলেকজেণ্ডাৰ পেডলাৰ আৰু আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে ব্ৰহ্মচাৰীক ৰসায়ন বিজ্ঞান শিকাইছিল। আচাৰ্য ৰায়ে ব্ৰহ্মচাৰীক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। ১৮৯৯ চনত ব্ৰহ্মচাৰীয়ে এল.এম.এছ. ডিগ্ৰী অৰ্জন কৰে।[3] ১৯০০ চনত অনুষ্ঠিত কলিকতা বিশ্ববিদ্যালয়ৰ এম.বি. পৰীক্ষাত তেখেতে ঔষধ আৰু শল্যচিকিৎসাত প্ৰথম স্থান দখল কৰে। ইয়াৰ বাবে তেখেতে গুডইভ আৰু মেকলিয়ড বঁটা পায়। ১৯০২ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম.ডি. ডিগ্ৰী লাভ কৰে। তাৰ ঠিক দুবছৰৰ পিছতে অৰ্থাৎ ১৯০৪ চনত উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী একেখন শিক্ষানুষ্ঠানৰ পৰা ডক্তৰেট ডিগ্ৰীৰে সন্মানীত হয়। তেখেতৰ গৱেষণাপত্ৰৰ নাম আছিল-"Studies in Haemolysis"[4] ১৮৯৮ চনত ননী বালা দেৱীৰ সৈতে তেখেত বিবাহপাশত আবদ্ধ হয়।

কৰ্মজীৱন[সম্পাদনা কৰক]

ক'লাজ্বৰৰ চিকিৎসা[সম্পাদনা কৰক]

উপেন্দ্ৰনাথ ব্ৰহ্মচাৰীৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ অৱদানটো আছিল ক'লাজ্বৰৰ ক্ষেত্ৰত। এই ৰোগটো (Visceral leishmaniasis) ১৯০৩ চনত উইলিয়াম লিচমেন (William Leishman) আৰু চাৰ্লচ ডনোভনে (Charles Donovan) চিনাক্ত কৰিছিল। ক'লা-জ্বৰক লিচমান-ডনোভন সংক্ৰমণ বুলিও কোৱা হয়। কালা-আজাৰ বা ক'লাজ্বৰ হৈছে দক্ষিণ এছিয়া আৰু মধ্যসাগৰীয় দেশসমূহৰ এক সংক্ৰামক ৰোগ। ৰোগ সৃষ্টি কৰা প্ৰটোজ'ৱান পৰজীৱীক লিচমানিয়া ডোন'ভানি বুলি কোৱা হয়। ৰোগটো বালি মাখিৰ (Sand Flies) দ্বাৰা সংক্ৰমিত হয় আৰু ইয়াৰ লক্ষণসমূহ হৈছে বৰ্ধিত প্লীহা আৰু যকৃত, অনিয়মীয়া জ্বৰ, আৰু ৰক্তাল্পতা। সংস্কৃতকে ধৰি অসমীয়া, হিন্দী আৰ উৰ্দু ভাষাত কালাৰ অৰ্থ হৈছে ক'লা, (Hindustani: काला आज़ार (Devanagari) کالا آزار (Nastaleeq) kālā āzār)। আনহাতে পাৰ্ছী আৰু হিন্দুস্তানী ভাষাত আজাৰ শব্দৰ অৰ্থ হৈছে- জ্বৰ। ৰোগটোৱে চৰম অৱস্থাত আক্ৰান্তৰ ছাল আৰু পেটৰ বৰণ ক'লা কৰি পেলাইছিল।[5] ১৮৭৫-১৯৫০ চন পৰ্যন্ত অসম ৰাজ্যত বিশেষকৈ কামৰূপ, গাৰো পাহাৰ, গোৱালপাৰা, নগাঁও জিলাত মহামাৰীৰ ৰূপ ধাৰণ কৰা এই ক'লাজ্বৰত আক্ৰান্ত হৈ ঠাইখণ্ডৰ সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাইছিল।[6] পৰৱৰ্তী সময়ত এই ৰোগ পশ্চিম বংগ আৰু বিহাৰলৈ বিয়পি গৈছিল।[7]

ৰোগটো নিৰ্মূলৰ হেতু বিভিন্ন প্ৰকাৰৰ চিকিৎসা প্ৰচলিত আছিল যদিও সেইবোৰ পদ্ধতিয়ে মৃত্যুৰ হাৰ হ্ৰাস কৰাত সহায় কৰা নাছিল। ১৯১৩ চনত, ভিয়েন্না নামৰ এগৰাকী ব্ৰাজিলিয়ান চিকিৎসকে টাৰ্টাৰ এমেটিক (এণ্টিম'নাইল টাৰ্টৰেটৰ পটাছিয়াম নিমখ) অন্তঃশিৰা প্ৰয়োগৰ (intra-venous administration) দ্বাৰা ব্যাধিটোৰ দক্ষিণ আমেৰিকীয় ৰূপটোৰ চিকিৎসা কৰা বুলি জনাইছিল। ১৯১৫ চনত কলিকতাত লিঅ'নাৰ্ড ৰজাৰ্ছেও অনুৰূপ পদ্ধতি ব্যৱহাৰ কৰি কিছু পৰ্যায়লৈকে সুফল লাভ কৰিছিল। অৱশ্যে চিকিৎসকসকলে অনুধাৱন কৰিলে যে টাৰ্টাৰ এমেটিকৰ দীৰ্ঘকালীন প্ৰয়োগৰ কেতবোৰ অসুবিধাজনক দিশ আছে। এই কথাটো লক্ষ্য কৰি ব্ৰহ্মচাৰীয়ে টাৰ্টাৰ এমেটিকত পটাছিয়ামৰ পৰিৱৰ্তে এণ্টিমনাইল টাৰট্ৰেটৰ ছ'ডিয়াম নিমখ ব্যৱহাৰ কৰিলে। ইয়াৰ জৰিয়তে ব্ৰহ্মচাৰীয়ে পটাছিয়ামৰ অনাকাংক্ষিত পাৰ্শ্বক্ৰিয়া প্ৰতিহত কৰিব পাৰিব বুলি ভাবিছিল। ছডিয়াম এণ্টিমনাইল টাৰট্ৰেট ব্যৱহাৰ কৰি ব্ৰহ্মচাৰীয়ে সুফল নিশ্চয় পালে। পিছে পৰৱৰ্তী সময়ত ইয়াৰো এটা নেতিবাচক দিশ পোহৰলৈ আহিল। ছ'ডিয়াম নিমখ দীৰ্ঘদিনলৈ ব্যৱহাৰ কৰিলে কেতবোৰ অসুবিধা আছে। এই অসুবিধা আঁতৰ কৰিবলৈ ব্ৰহ্মচাৰীয়ে ধাতৱীয় এণ্টিমণিৰ গুড়ি ব্যৱহাৰ কৰিলে আৰু পৰৱৰ্তী সময়ত কলয়ডেল এণ্টিমণি ব্যৱহাৰ কৰিলে।[3]

এণ্টিমণিৰ এই দুয়োটা প্ৰকাৰেই ব্ৰহ্মচাৰীক সফলতা দিলে। কিন্তু দেখা গ'ল-ইহঁতৰো কিছুমান অসুবিধা আছে। তাৰে ভিতৰত প্ৰথমটো আছিল-অসহজ উপলব্ধতা। অৰ্থাৎ ইয়াক সহজে পোৱা নগৈছিল। দীঘলীয়া সময়ৰ বাবে ইয়াক সাঁচি ৰাখিব পৰা নগৈছিল। প্ৰস্তুতকৰণৰ পদ্ধতিটো বৰ কষ্টপূৰ্ণ আছিল। অন্তঃশিৰা প্ৰয়োগৰ প্ৰণালীটোও জটিলতাৰে ভৰা আছিল। এইবোৰ অসুবিধা নাইকিয়া কৰিবলৈ ব্ৰহ্মচাৰীয়ে কালা-আজাৰৰ চিকিৎসাৰ নিত্য-নতুন অন্বেষণ চলাই গ'ল। সেই সময়তে প'ল এৰলিখ (Paul Ehrlich) নামৰ জাৰ্মান চিকিৎসকজনে পেৰা-আৰচেনিলিক এচিডৰ এট'ক্সিল বা ছডিয়াম নিমখ ব্যৱহাৰ কৰি নিদ্ৰাজনিত অসুস্থতাৰ (Sleeping Sickness) চিকিৎসা কৰাত সফল হৈছিল। ব্ৰহ্মচাৰিয়ে এটক্সিলত থকা আৰ্চেনিকৰ পৰিৱৰ্তে এণ্টিমনি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল'লে আৰু ক'লাজ্বৰৰ চিকিৎসাৰ বাবে ইয়াক প্ৰয়োগ কৰাৰ বিবেচনা কৰিলে। পৰ্যাবৃত্ত তালিকাত আৰ্ছেনিক আৰু এণ্টিমণি একেটা গ্ৰুপৰেই অন্তৰ্ভুক্ত। কিন্তু আৰ্চেনিকৰ বিষক্ৰিয়া আছে। ১৯১৯ চনৰ শেষৰফালে ব্ৰহ্মচাৰীয়ে ভাৰতীয় চিকিৎসা অনুদান আয়োগৰ পৰা এটা বিশেষ অনুদান লাভ কৰিলে। ব্ৰহ্মচাৰীয়ে কেম্পবেল চিকিৎসালয়ৰ এটা নিম্ন পৰ্যায়ৰ কোঠাতে থাকিয়েই নিজৰ গৱেষণা চলাই গ'ল। তেওঁৰ গৱেষণাগাৰত আনকি এটা বিজুলী বাঁতি, গেছ বাৰ্ণাৰো নাছিল। তেনে এক পৰিৱেশত কাম কৰিয়েই ব্ৰহ্মচাৰীয়ে ক'লা-জ্বৰবিনাশী কাৰ্যকৰী ঔষধটো প্ৰস্তুত কৰি উলিয়ালে। তেওঁ তাৰ নাম ৰাখিলে-ইউৰিয়া ষ্টিবামিন, যিটো হৈছে পেৰা-এমিন'-ফিনাইল ষ্টিবানিক এছিডৰ ইউৰিয়া নিমখ, (urea salt of para-amino-phenyl stibnic acid)। এই বিশেষ মুহূৰ্তটোৰ স্মৃতি সুঁৱৰি ব্ৰহ্মচাৰীয়ে পৰৱৰ্তী সময়ত কৈছিল যে-

ক'লাজ্বৰৰ নিৰ্মূলৰ ক্ষেত্ৰত ইউৰিয়া ষ্টিবামিনে বিপুল সফলতা দেখুৱালে। ১৯৩২ চনত ভাৰত চৰকাৰৰ দ্বাৰা নিযুক্তিপ্ৰাপ্ত ক'লাজ্বৰ আয়োগৰ সঞ্চালক কৰ্ণেল এইচ. ই. চৰ্টে কৈছিল: "আমি ইউৰিয়া ষ্টিবামিনক এক বিশিষ্ট সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য ঔষধ হিচাপে পাইছিলোঁ আৰু সাত বছৰত আমি ক'লাজ্বৰৰ কেবা হাজাৰ গোচৰৰ চিকিৎসা কৰিছিলো আৰু চিকিৎসা কেন্দ্ৰত সহস্ৰাধিক চিকিৎসা কৰা দেখিছিলোঁ। "[3]

ইউৰিয়া ষ্টিবামিনৰ উদ্ভাৱনৰ পাছত অসমত ক'লাজ্বৰত মৃত্যু হোৱা লোকৰ ক্ৰমহ্ৰাসমান সংখ্যা

অন্যান্য ৰোগৰ চিকিৎসা[সম্পাদনা কৰক]

উপেন্দ্ৰনাথ ব্ৰহ্মচাৰীয়ে মেলেৰিয়া, ক'লা-পানীৰ জ্বৰ, চেৰেব্ৰোস্পাইনেল মেনিনজাইটিছ, ডায়েবেটিছ, ইনফ্লুয়েঞ্জা, লেপ্ৰ'ছি আৰু ছিফিলিছৰ ৰোগ নিৰ্মূলৰ ক্ষেত্ৰতো অৰিহণা আগবঢ়াইছিল। তেখেতে প্ৰায় ১৫০খন গৱেষণাপত্ৰ প্ৰকাশ কৰিছিল। কলিকতা আৰু ঢাকাত কোৱাৰ্টান জ্বৰ চিনাক্ত কৰা ব্ৰহ্মচাৰী প্ৰথমগৰাকী ব্যক্তি আছিল। এইটো ৰোগ অতি বিৰল আছিল।[3]

ব্ৰহ্মচাৰীয়ে কেম্পবেল চিকিৎসালয়ত জীৱনৰ মূল্যৱান বিশটা বছৰ অতিবাহিত কৰে। ১৯২৩ চনত তেখেতে কলিকতাৰ মেডিকেল কলেজত অতিৰিক্ত চিকিৎসাবিদ হিচাপে নিযুক্ত হয়।[3]

অধ্যাপনা[সম্পাদনা কৰক]

১৯২৭ চনত মেডিকেল কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰি ব্ৰহ্মচাৰীয়ে কাৰ্মাইকেল চিকিৎসা মহাবিদ্যালয়ত বিষুৱীয় ৰোগৰ অধ্যাপক হিচাপে যোগদান কৰে। তেখেতে ৰাষ্ট্ৰীয় চিকিৎসা প্ৰতিষ্ঠানতো বিষুৱীয় ৰোগৰ ভাৰপ্ৰাপ্ত হিচাপে কৰ্মৰত হৈছিল। কলিকতাৰ ইউনিভাৰ্ছিটি কলেজ অৱ ছায়েঞ্চত তেখেত জৈৱৰসায়নৰ মুৰব্বী আৰু বিশিষ্ট অধ্যাপকৰ পদমৰ্যাদা লাভ কৰিছিল।[3]

সামাজিক অৱদান[সম্পাদনা কৰক]

১৯২৪ চনত ব্ৰহ্মচাৰীয়ে কলিকতাৰ কৰ্ণৱালিছ ষ্ট্ৰিটৰ স্বগৃহত এটা গৱেষণা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল। তেখেতৰ পৰিচালনত এইটো কেন্দ্ৰই গৱেষণা আৰু নিৰ্মাণৰ ক্ষেত্ৰত সফলতা লভিবলৈ সক্ষম হৈছিল। পিছে ১৯৬৩ চনৰ পৰা এই প্ৰতিষ্ঠানটো নিষ্ক্ৰিয় হৈ পৰে।[3]

কলিকতাত এটা ৰক্ত বেংক খোলাত ব্ৰহ্মচাৰীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। বংগৰ ৰক্ত সঞ্চাৰ সেৱাৰ তেখেত অধ্যক্ষ আছিল। বংগীয় শাখাৰ ছেইণ্টজন এম্বুলেঞ্চ সংস্থাৰ তেখেত উপ-অধ্যক্ষ আৰু অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বংগীয় শাখাৰ ভাৰতীয় ৰেড ক্ৰছ সমাজৰ পৰিচালনা বৰ্গতো তেখেত অধ্যক্ষৰ পদত উপৱিষ্ট হৈছিল। এইটো দিশত তেখেত আছিল প্ৰথমগৰাকী ভাৰতীয় অধ্যক্ষ। ব্ৰহ্মচাৰী বংগৰ চেনিটাৰী ব'ৰ্ডৰো সদস্য আৰু ভাৰতীয় সংগ্ৰহালয়ৰ ট্ৰাষ্টী পৰিষদৰ উপাধ্যক্ষ আছিল।

ব্ৰহ্মচাৰীয়ে বিভিন্ন অনুষ্ঠান আৰু গুৰুত্বপূৰ্ণ সামাজিক প্ৰতিষ্ঠানলৈ প্ৰভুত পৰিমাণে বৰঙনি আগবঢ়াইছিল। তাৰে ভিতৰত ভাৰতীয় ৰেড ক্ৰছ সমাজ, কলিকতাৰ ৰক্ত বেংক, কলিকতা বিশ্ববিদ্যালয়, যাদৱপুৰ টিউবাৰ কল'ছিছ ছেনেট'ৰিয়াম আদি প্ৰধান।[3]

সন্মান আৰু স্বীকৃতি[সম্পাদনা কৰক]

উপেন্দ্ৰনাথ ব্ৰহ্মচাৰীয়ে লাভ কৰা গুৰুত্বপূৰ্ণ সন্মান আৰু স্বীকৃতিসমূহ হৈছে-

  • কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গ্ৰিফিথ স্মাৰক বঁটা
  • স্কুল অৱ ট্ৰপিকেল মেডিছিন আৰু হাইজিয়েনৰ পৰা মিণ্টো পদক
  • কেইশ্বৰ-ই-হিন্দ সোণৰ পদক
  • বংগৰ এছিয়াটিক সমাজৰ ছাৰ উইলিয়াম জ'নছ পদক
  • অধ্যক্ষ, ইণ্ডিয়ান এছ'ছিয়েছন অৱ দ্য কাল্টিভেছন অৱ ছায়েঞ্চ
  • অধ্যক্ষ, জীৱবৈজ্ঞানিক ৰসায়নবিদৰ সমাজ
  • অধ্যক্ষ, আন্তৰ্জাতিক অণুজীৱবৈজ্ঞানিক কংগ্ৰেছৰ ভাৰতীয় সমিতি, পেৰিছ
  • অধ্যক্ষ, ভাৰতীয় বিজ্ঞান কংগ্ৰেছ
  • সভ্য, ৰয়েল ছ'ছাইটি অৱ মেডিছিন, লণ্ডন
  • সভ্য, ৰয়েল ছ'ছাইটি অৱ ট্ৰপিকেল মেডিচিন আৰু হাইজিন
  • সভ্য, ভাৰতীয় বিজ্ঞানৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান (পৰৱৰ্তী সময়ত "ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী" হিচাপে পৰিচিত)[3][8]

ন'বেল বঁটালৈ মনোনয়ন[সম্পাদনা কৰক]

ক'লাজ্বৰৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত উপেন্দ্ৰনাথ ব্ৰহ্মচাৰীয়ে আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ প্ৰতি লক্ষ্য ৰাখি তেখেতৰ নামটো ১৯২৯ চনৰ ন'বেল বঁটাদেহবিজ্ঞান আৰু ঔষধ শিতানলৈ মনোনীত কৰা হৈছিল। ১৯৪২ চনত দ্বিতীয়বাৰৰ বাবে তেখেত উক্ত বঁটাৰ বাবে মনোনীত হৈছিল। চিকিৎসা বিজ্ঞানৰ ন'বেলৰ বাবে মনোনয়ন লাভ কৰা তেখেত হৈছে প্ৰথমগৰাকী ভাৰতীয়।[8][7]

সাহিত্যিক কৰ্মত ব্ৰহ্মচাৰীৰ প্ৰসংগ[সম্পাদনা কৰক]

সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত অসমীয়া সাহিত্যিক আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড॰ ধ্ৰুৱজ্যোতি বৰাৰ দ্বাৰা ৰচিত ঐতিহাসিক-সামাজিক উপন্যাস আজাৰত চিকিৎসাবিদ উপেন্দ্ৰনাথ ব্ৰহ্মচাৰীৰ জীৱনগাথা, গৱেষণা, তেখেতৰ চিকিৎসা পদ্ধতি আৰু ইউৰিয়া ষ্টিবামিনৰ বিকাশ সম্বন্ধে বিস্তৰ বিৱৰণ পঢ়িবলৈ পোৱা যায়।[9] গ্ৰন্থখন ২০১৭ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত হৈছিল।[10]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Singh, Rajinder; Roy, Syamal (1 March 2019). "U N Brahmachari: Scientific Achievements and Nomination for the Nobel Prize and the Fellowship of the Royal Society of London". Indian Journal of History of Science খণ্ড 54 (1). doi:10.16943/ijhs/2019/v54i1/49596. 
  2. "UPENDRANATH BRAHMACHARI". Department of Biotechnology, Ministry of Science and Technology. http://nobelprizeseries.in/tbis/brahmachari। আহৰণ কৰা হৈছে: 25 January 2021. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 3.9 "Brahmachari Upendra Nathmeuip". Vigyan Prasar, Govt. of India. https://vigyanprasar.gov.in/brahmachari-upendra-nath/। আহৰণ কৰা হৈছে: 25 January 2021. 
  4. "Vigyan Prasar website – Upendra Nath Brahamachari". http://www.vigyanprasar.gov.in/scientists/UNBrahmachari.htm. 
  5. "kala-azar". https://www.thefreedictionary.com/kala-azar। আহৰণ কৰা হৈছে: 26 January 2021. 
  6. "Kala-azar and Post–Kala-azar Dermal Leishmaniasis, Assam, India". NCBI. https://www.ncbi.nlm.nih.gov/pmc/articles/PMC3944866/। আহৰণ কৰা হৈছে: 26 January 2021. 
  7. 7.0 7.1 Gogoi, Angarika. "Saving Millions With His Work, This Unsung Doctor Almost Won India’s First Nobel in Medicine!". 3 Oct, 2019. TheBetterIndia. https://www.thebetterindia.com/198787/upendranath-brahmachari-kala-azhar-bengal-doctor-medicine-nobel-prize-india/। আহৰণ কৰা হৈছে: 26 January 2021. 
  8. 8.0 8.1 "Meet the scientist who almost got India its first Nobel Prize in Medicine in 1929 Read more at: https://yourstory.com/2017/12/indian-scientist-nobel-prize-medicine". Your Story. 21st Dec 2017. https://yourstory.com/2017/12/indian-scientist-nobel-prize-medicine। আহৰণ কৰা হৈছে: 26 January 2021. 
  9. "ৰোগ-অনুষংগ: “আজাৰ” উপন্যাসৰ এক অৱলোকন". প্ৰাঙ্গণ. https://prangon.in/rog-anusongo-ajar-obolokon/। আহৰণ কৰা হৈছে: 27 January 2021. 
  10. বৰা, ড॰ ধ্ৰুৱজ্যোতি (২০১৭). আজাৰ. প্ৰকাশক গুৱাহাটী: নৰ্থ ইষ্ট ফাউণ্ডেছন.