সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দশম বৰ্ষ | জানুৱাৰী | ২০২১ | প্ৰথম সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত এখেতসকলৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
ৰুমী বৰা

২০১৩ চনতে মোক অসমীয়া ৱিকিপিডিয়াৰ সৈতে প্ৰথম চিনাকি কৰাই দিছিল মোৰ ছোৱালী জলিয়ে। তাইৰ পৰাই দুই এটা কথা শিকি বিভিন্ন কিতাপ-আলোচনীত পোৱা তথ্যবোৰ লৈ ৱিকিপিডিয়াত প্ৰবন্ধ লিখিছিলোঁ। তেতিয়া ৱিকিউৎসৰ তেনেই চালুকীয়া অৱস্থা। ময়ো অন্য বহুতৰ দৰে ৱিকিপিডিয়াৰ প্ৰবন্ধ পাতি উন্নত কৰাতে লাগিছিলোঁ। প্ৰান্তিকৰ দৰে আলোচনী-পত্ৰ আৰু ছোৱালীকেইজনীৰ কলেজৰ পাঠ্যপুথি আদিও খুঁচৰি ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈ যত্ন কৰিছিলোঁ। সেই সময়ত বিভিন্ন কাম-কাজত ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য বিষ্ণু শইকীয়া, গীতাৰ্থ বৰদলৈ, প্ৰভাকৰ শৰ্মা নেওগ আদিয়ে সহায়-পৰামৰ্শ আগবঢ়াইছিল। তেতিয়াৰ পৰাই ৱিকিত এটা আসক্তি সোমাল। পিছে কিছুদিন লগাৰ পিছতে মোৰ ব্যক্তিগত অসুবিধাৰ বাবে ৱিকিৰ কামত বিৰতি পৰিল। কিন্তু মনত সদায়েই দোষী দোষী ভাব এটাই আমনি কৰি আছিল। বহুবছৰৰ বিৰতিৰ অন্তত এইবছৰ লকডাউনৰ সময়ত ৱিকিউৎসত পুনৰ যোগ দিলোঁ। মৃদুল কুমাৰ শৰ্মাই মোৰ একাউণ্টটোত লগ ইন কৰিব পৰা কৰি দিলে। প্ৰথমতে ৱিকিউৎসৰ কিছুমান কামত থোতামোজা লাগিলেও অভিজ্ঞ সদস্যসকলে সকলো সময়তে শিকাই বুজাই দিয়াত আৰম্ভ কৰিবলৈ সুবিধা পালোঁ। অনলাইন ৱেবিনাৰ কেইবাখনতো যোগ দিও সক্ৰিয় সদস্যসকলৰ পৰা নুবুজাবোৰ শিকি ল’লোঁ। আগৰ দৰেই অসমীয়া ৱিকি সমাজৰ সহায়-সহযোগিতাই উৎসাহ দিলে, নিজৰ সামৰ্থ্যৰে ৱিকিৰ বাবে আৰু অসমীয়া ভাষাটোৰ বাবে অৱদান আগবঢ়াবলৈ।

যোৱা নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ প্ৰতিযোগিতাত যোগদান কৰি পুনৰ শৈশৱ ঘূৰাই পোৱা যেন লাগিল। দিনত ঘৰ-সংসাৰৰ লেঠাবোৰ যিমান পাৰি সোনকালে সামৰি লেপটপৰ ওচৰ পাওঁহি। ৰাতি দুই-তিনি বজালৈকে যেতিয়া ৱিকিৰ সদস্যসকলে কাম কৰি থাকে, তাকে দেখি মোৰো টোপনি পলাই পত্ৰং দিয়ে। প্ৰত্যেক দিনাই এশ পৃষ্ঠাকৈ কৰিম বুলি লৈছিলোঁ যদিও প্ৰথম দুদিনমানৰ পিছত স্বাস্থ্য আৰু সময়ে নটনাত পঞ্চাশ-ষাঠি পৃষ্ঠা কৰিয়ে সামৰিব লগা হৈছিল। সকলোৱেই এইবাৰ বৰ উৎসাহেৰে কাম কৰা দেখিলোঁ। প্ৰায়ে মই মুদ্ৰণ সংশোধন কৰি উঠাৰ পিছতে কোনোবা এগৰাকীয়ে লগে লগে বৈধকৰণ কৰি পেলোৱা দেখি ভাল লাগিছিল আৰু একেৰাহে লাগি থাকিবলৈ প্ৰেৰণা পাইছিলোঁ। ভাৰতৰ অন্য ভাষাৰ ৱিকিউৎসসমূহৰ লগত আমি ফেৰ মাৰিব লাগিবই বুলি সেইকেইদিন সকলোৱে সাধ্যানুসৰি লাগিছিল। মাথোঁ পোন্ধৰ দিনতে ত্ৰিছৰো অধিকসংখ্যক কিতাপৰ মুদ্ৰণ সংশোধন কৰি অসমীয়া ৱিকিউৎসই সৰ্বভাৰতীয় পৰ্য্যায়ত তৃতীয় স্থান লাভ কৰাত খুবেই সুখী হৈ উঠিলোঁ আৰু অসমীয়া ৱিকিমিডিয়ান হিচাপে গৌৰৱো অনুভৱ কৰিলোঁ।

ৱিকিত কিয় লিখোঁ বুলি বহুতে মোক সোধে। তাৰ উত্তৰত মই কওঁ, গৃহিনী হিচাপে জীৱনৰ বহু সময় ঘৰ-সংসাৰৰ দায়িত্ব পালন কৰিলোঁ। এতিয়া মোৰ ছোৱালী কেইজনী নিজৰ ভৰিত থিয় দিছে, গতিকে ঘৰুৱা দায়িত্ব কিছু লাঘৱ হৈছে। ৱিকিত কাম কৰিবৰ বাবেই সিহঁতে মোক এটা লেপটপো উপহাৰ দিছে। গতিকে এতিয়া মোৰ ভাল লগা ৱিকিৰ কামবোৰ কৰি অসমীয়া ভাষাৰ বাবে অলপ হ’লেও অৱদান আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ। যোৱা কেইমাহত ৱিকিউৎসত মুদ্ৰণ সংশোধনৰ কামবোৰ কৰোঁতে পুৰণি কিতাপ কিছুমান পঢ়া হৈছে, যিবিলাক কিতাপ পঢ়িবলৈ হয়তো বিচাৰিয়েই নাপালোঁহেঁতেন। কিছুমান মানুহে সোধে, বিনা পাৰিশ্ৰমিকে অযথা সময় খৰচ কৰা হয় নেকি বুলি। কিন্তু ৱিকিত কাম কৰিবলৈ ল’লেহে গম পোৱা যায় ইয়াৰ মৰ্মাৰ্থ। যিকোনো ঠাইৰ পৰাই সময়-সুবিধা মিলাই নিজৰ ভাষাটোৰ কাৰণে কিবা অলপ কৰি, নতুন কথা কিছুমান জানি আৰু অসমীয়া ৱিকি সমাজৰ বহু অক্লান্ত কৰ্মীৰ সৈতে একেলগে কাম কৰি এটা অনন্য সন্তুষ্টি পাওঁ। সেয়াই মোৰ বাবে মূল অনুপ্ৰেৰণা।

সময় গতিশীল, কেতিয়াও থমকি নৰয়। সমগ্ৰ পৃথিৱীক স্থৱিৰ কৰি পেলোৱা ২০২০ চনে মেলানি মাগিলে। নতুন উদ্যমেৰে আমি ২০২১ চনক আদৰি আগুৱাই যাব লাগিব। আশাকৰোঁ, নতুন বছৰটোৱে সংকটৰ ক’লা ডাৱৰজাক আঁতৰাই আশাৰ বতৰা আনিব, অসমীয়া ভাষাক ডিজিটেল পৃথিৱীত আগুৱাই নিবলৈ সকলো অসমীয়াই হাত উজান দিব আৰু অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎস নতুন ৰূপেৰে সমৃদ্ধ হৈ উঠিব। নতুন বছৰৰ দুৱাৰদলিতে ’মনৰ কথা’ লিখিবলৈ সুযোগ দিয়াৰ বাবে সকলো ৱিকিপিডিয়ানলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নতুন বছৰৰ আন্তৰিক শুভেচ্ছাও যাঁচিছোঁ।

নতুন বছৰৰ আৰম্ভণিতে সকলোকে আহ্বান জনাইছোঁ, আহক, আমি দিনটোৰ দহমিনিট সময় হ’লেও নিজৰ মাতৃভাষাৰ বাবে উচৰ্গিত কৰোঁ।

Rumi Borah~aswiki (talk) 16:39, 30 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
অমিতাভ ঘোষ

অমিতাভ ঘোষ(জন্ম ১১ জুলাই ১৯৫৬) হৈছে এগৰাকী ভাৰতীয় ঔপন্যাসিক, প্ৰবন্ধকাৰ‎ তথা শিক্ষাবিদ। তেওঁ ইংৰাজী ভাষাত ৰচিত কল্প-সাহিত্যৰ বাবে বিশেষভাবে পৰিচিত। ১৮৩০ৰ দশকৰ প্ৰথম আফিং যুদ্ধৰ পটভূমিত ৰচিত তিনিখন উপন্যাসৰ 'আইবিচ ত্ৰিলজী' শৃঙ্খলা বাবে তেওঁ জনপ্ৰিয়। তেওঁৰ সাহিত্যকৃতিৰ বাবে সাহিত্য অকাডেমি বঁটা, পদ্মশ্ৰী, জ্ঞানপীঠ বঁটাৰ লগতে আন বহুতো বঁটাৰে তেওঁ সন্মানিত। ইংৰাজীৰ ভাষাৰ সাহিত্যৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ প্ৰথমজন সাহিত্যিক।

তেওঁ ভাৰতৰ লগতে বাংলাদেশ আৰু শ্ৰীলংকাত তেওঁৰ শৈশৱ আৰু কৈশোৰ কাল পাৰ কৰিছিল। তেওঁ ডেৰাডুনৰ দ্য ডুন স্কুল নামৰ এক বালক বৰ্ডিং স্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰে। বিদ্যালয়ত তেওঁৰ সহপাঠী আছিল লেখক বিক্ৰম শেঠ আৰু ইতিহাসবিদ ৰাম গুহ। স্কুলত থাকোঁতে, তেওঁ নিয়মীয়াকৈ বিদ্যালয়ৰ কাকত 'দ্য ডুন স্কুল ৱিকলী'ত (সেইসময়ত যাক সম্পাদনা কৰিছিল বিক্ৰম শেঠে) কল্পকাহিনী আৰু কবিতাত লিখিছিল আৰু ৰাম গুহৰ সৈতে মিলি 'হিষ্টৰি টাইমছ' নামৰ আলোচনিখন প্ৰতিষ্ঠা কৰিছিল। ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ কুশল কোঁৱৰ শৰ্মাৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ডিচেম্বৰ-২০২০ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ১৫১

বিশেষ শিতান

উৎসৱৰ ঋতু ২০২০ এডিটাথনৰ অন্তৰ্গত (৫ আৰু ৬ ডিচেম্বৰ)

  1. চৰক পূজা
  2. বৈচাগু
  3. য়াওচাং
  4. শিগমো
  5. গঙ্গা পূজা
  6. বালি যাত্ৰা
  7. তুলসী বিবাহ
  8. ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস
  9. পিতৃ-মাতৃ পূজন দিৱস
  10. প'লা উৎসৱ
  11. তুলসী পূজন দিৱস
  12. ছি-দঞি উৎসৱ
  13. কালী পূজা
  14. চাম্বা দশমী
  15. মহাৰাষ্ট্ৰ দিৱস
  16. য়াঅ'চাং
  17. লাই হাৰাওবা
  18. ৱাংগালা
  19. বাইখো পূজা
  20. বন মহোৎসৱ
  21. জীৱিতপুত্ৰিকা
  22. ন্যোকুম
  23. অসম চাহ উৎসৱ
  24. সবাহ
  25. কাৰ্ত্তিক পূৰ্ণিমা
  26. কৰ্ণাটক ৰাজোৎসৱ
  27. ছাপন্ন ভোগ
  28. চাপচাৰ কুট
  29. লুই ঙাই নি
  30. সাবিত্ৰী ব্ৰত
  31. শাৰদ পূৰ্ণিমা
  32. গুৰু নানক জয়ন্তী
  33. নাৰিকল পূৰ্ণিমা
  34. কেঁচাইখাঁতী পূজা
  35. পনা সংক্ৰান্তি
  36. লক্ষ্মী পূজা
  37. হালধি কুমকুম
  38. পোংগল
  39. বৈশাখী
  40. হোলিকা দহন
  41. আগমনী-বিজয়া
  42. ধনু যাত্ৰা
  43. জীৱন চিলা নৈ উৎসৱ
  44. ঋষি পঞ্চমী
  45. ওনাম
  46. অপেস্বৰী সবাহ
  47. ব্ৰত
  48. গণেশ চতুৰ্থী
  49. বৰত উৎসৱ
  50. দেহাল পূজা
  51. নীৰ্জল একাদশী
  52. মুৰুং
  53. ঝুলন যাত্ৰা
  54. অমাৱস্যা
  55. শংকৰ জন্মোৎসৱ
  56. কামদা একাদশী
  57. মোপিন উত্‍সৱ

নিয়মীয়া শিতান

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. গীতাঞ্জলি ৰাও (বিজ্ঞানী)

অন্যান্য

  1. গোলকীয় শিক্ষক বঁটা
  2. মানৱ অধিকাৰ দিৱস
  3. প'জাইডন
  4. এথেনা

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. অতিশী মাৰ্লেনা
  2. মহাশয় ধৰমপাল গুলাটি
  3. ৰণজিত সিংহ ডিচলে
  4. ৰোদ্দম নৰসিম্‌হা
  5. ইস্মত চুগতাই
  6. দেৱ কুমাৰ বসু
  7. অমিতাভ ঘোষ
  8. বিক্ৰম শেঠ
  9. প্ৰিঞ্চ নাৰুলা
  10. হাৰনাম কৌৰ
  11. আৰ্য ৰাজেন্দ্ৰন
  12. সুনীল কোঠাৰী

অন্যান্য

  1. হনুমান
  2. বৰাহ
  3. ‎আইজল
  4. হিৰণ্যাক্ষ
  5. নৰসিংহ (হিন্দু ধৰ্ম)
  6. লাৱনী
  7. হোলিকা

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. অনিমা গুহ
  2. ৰঞ্জন বেজবৰুৱা
  3. জয়া ভট্টাচাৰ্য
  4. মুনীন ভূঞা
  5. ভাস্কৰ জ্যোতি মহন্ত
  6. ৰীতা দেৱী
  7. প্ৰমোদ বড়ো
  8. ধনাই বৰা
  9. তুলতুল বৰুৱা
  10. দণ্ডীধৰ ফাটোৱালী
  11. মহম্মদ তাহেৰ
  12. পুণ্য শইকীয়া
  13. উজ্জ্বল শইকীয়া
  14. শ্বৰীফাখাতুন চৌধুৰী
  15. মেঘালী ফুকন
  16. ৰাকেশ বণিক
  17. ৰশ্মি নাৰ্জাৰী
  18. মনোজ গগৈ

চলচ্চিত্ৰ বিষয়ক

  1. মইনাজান
  2. অবুজ বেদনা (চলচ্চিত্ৰ)
  3. মন আৰু মৰম
  4. মানসী

অন্যান্য

  1. অসম বিধানসভা নিৰ্বাচন, ১৯৭৮
  2. হাতীমূৰা মন্দিৰ
  3. উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ
  4. কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ
  5. তেজপুৰ আইন মহাবিদ্যালয়
  6. জিলা সংগ্ৰহালয়, তেজপুৰ
  7. অসম বিধানসভা নিৰ্বাচন, ১৯৮৩
  8. মেখেলা চাদৰ
  9. জৌ
  10. অসম বিদ্যুৎ নিয়ামক আয়োগ
  11. তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  12. ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল
  13. চাবজাং
  14. গুৱাহাটী মহাবিদ্যালয়
  15. বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য
  16. বিদেশত আপোন মানুহ
  17. জেংৰাইমুখ মহাবিদ্যালয়
  18. অসম ৰাজপত্ৰ
  19. সাপেখাতী মহাবিদ্যালয়
  20. কলি আই থান
  21. টিপাম
  22. ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়

সানমিহলি

  1. পৰ্ণগ্ৰাফি
  2. ‎পৰীক্ষামূলক মনোবিজ্ঞান
  3. শিশু পৰ্ণগ্ৰাফি
  4. দশভুজ
  5. দলগত যৌনকাৰ্য
  6. গ্ৰাহক তত্ত্ব
  7. লিংগ স্তম্ভন
  8. ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান
  9. বতাহ শক্তি
  10. ভূতাপীয় শক্তি
  11. হস্তমৈথুন
  12. দশম স্কন্ধৰ আদিছোৱা
  13. বিশেষ শিক্ষাৰ প্ৰয়োজনীয়তা
  14. সমাজিক মনোবিজ্ঞান
  15. বাবৰি শাক
  16. ভেকুৰী তিতা
  17. গ্ৰন্থচিহ্ন
  18. উৎপাদকৰ আচৰণৰ তত্ত্ব
  19. মাধ্যিকা মতদাতা উপপাদ্য
  20. সেন সূচক
  21. সঞ্চয়ী সম্ভাৱনা তত্ত্ব
  22. কেইন্সিয়ান ক্ৰছ
  23. যোগ সূত্ৰ
  24. ৰয়ৰ সমীকৰণ
  25. মিনিমেক্স উপপাদ্য
  26. কবৱেব আৰ্হি
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
অসমৰ এগৰাকী বন্যপ্ৰাণী উদ্ধাৰকাৰী মনোজ গগৈৰ দ্বাৰা এডাল প্ৰকাণ্ড ৰাজফেঁটী সাপ উদ্ধাৰৰ দৃশ্য।
আলোকচিত্ৰ শিল্পী:নিতু দলে
উল্লেখনীয় ৱিকিমিডিয়ান

চন্দন চিৰিং ফুকন: ২০১২ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। যোৰহাটৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত কৰা সম্পাদনাৰ সংখ্যা ৩,০৩১ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ১৬৪। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ইংৰাজী ৱিকিপিডিয়া, ৱিকিউৎস আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ৩,৪৭৭টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “The Teamwork Barnstar”, "ইতিকথা পদক" আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
নয়ন জ্যোতি নাথ
পথ প্ৰদৰ্শক বঁটা
গীতাৰ্থ বৰদলৈ
ৱিকি সংস্কাৰক পদক।
অম্লান বসুমতাৰী
দ্যা ভিন্সি বঁটা
দিব্য দত্ত
বিশেষ বঁ‌টা (২০২০)
চাণক্য কুমাৰ দাস
ৱিকি ৰত্ন পদক
অম্লান বসুমতাৰী
বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক (২০২০)
অজয় দাস, ঈশান জ্যোতি বৰা
ৱিকিপত্ৰিকা পদক
জলি ৰুমী বৰা, অনামিকা বড়া
প্ৰতিভাবান ন-সম্পাদকৰ পদক
জোনালী বৰা
বিশেষ নক্ষত্ৰ পদক
ঈশান কাশ্যপ হাজৰিকা
গ্ৰন্থ সমাহৰণ বঁটা
মৃদুল কুমাৰ শৰ্মা
ৱিকি ঈগল পদক
চন্দন চিৰিং ফুকন
যৌন শিক্ষা পদক
নয়ন জ্যোতি নাথ
অক্লান্ত কৰ্মী পদক
ৰুমী বৰা, প্ৰণামিকা অধিকাৰী, কুলধৰ ৰাভা, ৰাজদ্বীপ ৰাজবংশী, প্ৰদ্যুৎ প্ৰতীম দত্ত
উল্লেখনীয় কাম সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অম্লান বসুমতাৰী১৬৫৩৯৩- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা২৫৪১,০৮৪৬৩- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণজ্যোতি নাথ১৪৯১,০০৩১৩- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ৪৫৪৬৫৩০২১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰুমী বৰা-৩৫৭-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি ৰুমী বৰা ২৯৩২৪-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰাজদ্বীপ ৰাজবংশী৩২৮-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰদ্যুৎ প্ৰতীম দত্ত-২৫২-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন২৪১--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০বাবুল বৈশ্য২০৫--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১জোনালী বৰুৱা২২৫--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২অজয় দাস১৬৯-১৯- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩সিদ্ধাৰ্থ ৰাভা২৬৭-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪দিব্য দত্ত১৫৬-২৬- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫ঈশান জ্যোতি বৰা৮২১৩৫১৭- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬প্ৰণামিকা অধিকাৰী১৩৯-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭অনামিকা বড়া১৩০-- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৮মৃদুল কুমাৰ শৰ্মা-১০০৪৭- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৯ঈশান কাশ্যপ হাজৰিকা১২৮--- (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।