নাৰিকল পূৰ্ণিমা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাৰিকল পূৰ্ণিমা
তাৰিখ শাওন মাহৰ পূৰ্ণিমা
ঠাই মহাৰাষ্ট্ৰ
অংশগ্ৰহণকাৰী মাছমৰিয়া সমাজ

নাৰিকল পূৰ্ণিমা হৈছে মহাৰাষ্ট্ৰ ৰ বিশেষকৈ মুম্বাই আৰু কংকা তীৰৰ হিন্দু মাছমৰিয়া সমাজে পালন কৰা এক উৎসৱ। হিন্দু ভাৰতীয় বৰ্ষপঞ্জী অনুসৰি শাওন মাহৰ পূৰ্ণিমা তিথিত (ইংৰাজী মাহ জুলাই আৰু আগষ্ট)ত এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱ পালনৰ বাবে ফুল, চাউল, নাৰিকল আদি নৈবেদ্য হিচাপে উৎসৰ্গা কৰা হয়। ইয়াৰোপৰি মহিলা সকলে তেওঁলোকৰ ভায়েক বা ককায়েকৰ হাতত ৰাখী পিন্ধাই।[1]

উদযাপন [সম্পাদনা কৰক]

ইউনাইটেড নেচন ইকনমিক এণ্ড চচিয়েল কমিচন ফৰ এচিয়া এণ্ড দ্য পেচিফিক (UN-ESCAP)য়ে ঘোষণা কৰা বিশ্ব নাৰিকল দিৱস সমগ্ৰ বিশ্বত ২ ছেপ্টেম্বৰত পালন কৰা হয়।[2][3] মুম্বাইত এই মহোৎসৱত পূৰ্বতে মালাবাৰ পৰ্বত আৰু কোলাবা ৰ মাজৰ সমুদ্ৰ তীৰত নাৰিকল আৰু পুষ্প সজ্জাৰে সৈতে বৃহৎ সংখ্যক লোক একত্ৰিত হৈ পালন কৰিছিল। বাৰিষাৰ শেষৰ ফালে পূৰ্ণিমা তিথিত এই উৎসৱ উদযাপন কৰা হয়। ইয়াৰ দ্বাৰা বছৰটোলৈ শান্ত সাগৰ আৰু সুৰক্ষিত সমুদ্ৰ পথৰ কামনা কৰা হয়।[4][5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]