জিলা সংগ্ৰহালয়, তেজপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তেজপুৰ জিলা সংগ্ৰহালয়
প্ৰতিষ্ঠা ১৬ মাৰ্চ, ১৯৮৬
অৱস্থিতি তেজপুৰ চক বজাৰ পথ, তেজপুৰ
প্ৰকাৰ সংগ্ৰহালয়
সঞ্চালক জিলা সংগ্ৰহালয় পৰিষদ

তেজপুৰ জিলা সংগ্ৰহালয় হৈছে তেজপুৰ চহৰৰ কেন্দ্ৰস্থলত অৱস্থিত অসমৰ ১২টা সংগ্ৰহালয়ৰ এটা। ১৯৮৬ চনৰ ১৬ মাৰ্চ মাহত এই সংগ্ৰহালয়টো অসমৰ গুৱাহাটীস্থিত সংগ্ৰহালয় পৰিৱেশকৰ অধীনত স্থাপন কৰা হৈছিল।

ইতিহাস[সম্পাদনা কৰক]

প্ৰথমাৱস্থাত সংগ্ৰহালয়টোৰ সম্পদ সমূহ দৰং কলেজত সংৰক্ষণ কৰা আছিল, তাৰ পিছত তেজপুৰ সাহিত্য সভা ভৱনলৈ স্থানান্তৰ কৰা হয় আৰু শেষত ২০০২ চনত, স্থায়ী ভাবে ব্ৰিটিছৰ দিনৰে ঐতিহাসিক ডাক বঙলালৈ স্থানান্তৰ কৰা হয়।[1]

সংৰক্ষিত সম্পদ[সম্পাদনা কৰক]

সংগ্ৰহালয়টোত ৫৫৫ৰো অধিক বিভিন্ন প্ৰকাৰৰ সামগ্ৰী আছে। ইয়াত আছে বিভিন্ন সম্প্ৰদায় আৰু সত্ৰ প্ৰতিষ্ঠানৰ এক বিস্তৃত সংগ্ৰহ। সেইসমূহৰ ভিতৰত শালস্তম্ভ বংশৰ ৰজা ৰত্নপালৰ তামৰ ফলি, তামৰ মুদ্ৰা, উলুবাৰীত উদ্ধাৰ হোৱা কামৰূপ ৰজা তৃতীয় বলবৰ্মনৰ তামৰ ফলি, সাঁচিপাতৰ পুথি, ৰুদ্ৰসিংহ, শিৱ সিংহ, ৰাজেশ্বৰ সিংহৰ দিনৰ আঠকোণীয়া ৰূপৰ মুদ্ৰা, ভাস্কৰ্য, তাম্ৰলিপি, পাণ্ডুলিপি, আহোম কালৰ বৰটোপ আৰু বিভিন্ন শিল্প।[2]

তেজপুৰৰ জিলা সংগ্ৰহালয়ত সংৰক্ষিত অৱস্থাত থকা আহোম যুগৰ বৰটোপ।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "তেজপুৰ জিলা সংগ্ৰাহালয়". অসম চৰকাৰ. Archived from the original on 15 July 2019. https://web.archive.org/web/20190715052538/http://sonitpur.gov.in/portlet-sub-innerpage/district-museum-at-dak-bungalow। আহৰণ কৰা হৈছে: 4 December 2020. 
  2. শান্তনু বৰুৱা (২০১৫). তেজপুৰ, এখন চহৰ অনেক কাহিনী. প্ৰকাশক তেজপুৰ: শশীমোহন ভট্টাচাৰ্য, ত্ৰিবাহু প্ৰকাশন গোষ্ঠী, কলিবাৰী, তেজপুৰ. পৃষ্ঠা. ১৫.