ধনাই বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধনাই বৰা
জন্ম ১৮৭২
ছিপাঝাৰ, অসম
মৃত্যু ১৯৫৬
ছদ্মনাম নীতি কবি
পেচা শিক্ষক, কবি, প্ৰবন্ধকাৰ, পাঠ্যপুথি প্ৰণেতা, নাট্যকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি কবিতা চন্দ্ৰিকা (কবিতা পুথি)

ধনাই বৰা(ইংৰাজী: Dhanai Borah; জন্ম: ১৮৭২ – মৃত্যু: ১৯৫৬) এগৰাকী অসমীয়া কবি আৰু লেখক। ১৮৭২ চনত ছিপাঝাৰত তেওঁৰ জন্ম হয়। ধনাই বৰা এজন কৃতী শিক্ষক, পাঠ্যপুথি প্ৰণেতা, প্ৰবন্ধকাৰ আৰু নাট্যকাৰ আছিল। 'কবিতা চন্দ্ৰিকা' হৈছে তেওঁৰ জীৱিত কালত প্ৰকাশিত একমাত্ৰ কবিতা পুথি। মৃত্যুৰ পিছত 'সাহিত্য কণিকা' বুলি আন এখন পুথি প্ৰকাশ হয়। ধনাই বৰাৰ কবিতা সমূহ প্ৰধানকৈ নীতিশিক্ষা মূলক হোৱা বাবে তেওঁক 'নীতি কবি' নামেৰে জনা যায়। ১৯৫৬ চনত তেওঁৰ মৃত্যু হয়।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. ড° অজন্তা ওজা. বুনিয়াদ. New Saraswati House (India) Pvt. Ltd..