তুলসী বিবাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
তুলসী বিবাহ
{{{holiday_name}}}
তুলসী বিবাহ অনুষ্ঠান
পালন কৰে হিন্দু
প্ৰকাৰ ধাৰ্মিক
আৰম্ভ হয় প্ৰবোধিনী একাদশী
শেষ হয় কাৰ্ত্তিক পূৰ্ণিমা
উদযাপন এদিনীয়া
সংঘটন বাৰ্ষিক

তুলসী বিবাহ (ইংৰাজী: Tulsi Vivah) হৈছে হিন্দুসকলৰ এক পৰম্পৰাগত উৎসৱ য'ত তুলসী পুলিটোক ঈশ্বৰৰ অংশ বুলি ভবা হয়। এই উৎসৱত তুলসীৰ সৈতে শালেগ্ৰাম বা বিষ্ণু বা তেওঁৰ অৱতাৰ কৃষ্ণৰ বিবাহ অনুষ্ঠিত কৰা হয়। তুলসী বিবাহে হিন্দু ধৰ্ম্মত বৰ্ষাৰ অন্ত আৰু বিবাহৰ ঋতুৰ আগমণ সূচায়।[1][2]

আনুষ্ঠানিক উৎসৱটি প্ৰবোধিনী একাদশী আৰু কাৰ্ত্তিক পূৰ্ণিমাৰ মাজৰ কোনোবা এটা দিনত পতা হয়। ঠাইবিশেষে দিন-বাৰ সলনি হয়।[3][4]

ধৰ্মীয় বিশ্বাস[সম্পাদনা কৰক]

তুলসী আৰু বিষ্ণু

তুলসীক হিন্দু ধৰ্মত এক দেৱীৰ ৰূপত প্ৰতিষ্ঠা কৰা হৈছে আৰু কেতিয়াবা তেওঁক 'বিষ্ণুপ্ৰিয়া' বা 'বিষ্ণুৰ প্ৰিয়' নামেৰে বিষ্ণুৰ পত্নী ৰূপে মনা হয়। তুলসী বিবাহ আৰু ইয়াৰ পৰম্পৰা ভিত্তিক কথাবোৰ পদ্ম পুৰাণত বৰ্ণিত আছে।[5]

হিন্দু শাস্ত্ৰ মতে তুলসী পুলিটো হৈছে বৃন্দা নামে এগৰাকী মহিলাৰ যাৰ জলন্ধৰ নামৰ অসুৰেৰে সৈতে বিবাহ হৈছিল। জলন্ধৰে বিষ্ণুৰপৰা অজেয় হোৱাৰ বৰদান পাইছিল আৰু সেইসূত্ৰে দেৱতাসকলে তেওঁক যুদ্ধত হৰুৱাব নোৱাৰি বিষ্ণুৰ শৰণাপন্ন হৈছিল। বৃন্দাই যুদ্ধৰত স্বামীৰ মংগলাৰ্থে ব্ৰত ৰাখিছিল। কিন্তু বিষ্ণুৱে জলন্ধৰৰ ৰূপ ধৰি বৃন্দাৰ কাষলৈ অহাত বৃন্দাই স্বামী বুলি ভাবি ব্ৰত এৰি বিষ্ণুক সেৱা কৰে। লগে লগে যুদ্ধক্ষেত্ৰত জলন্ধৰৰ শক্তি হ্ৰাস পায় আৰু তেওঁক শিৱই শিৰশ্ছেদ কৰে। শিৰটো উৰি আহি ঘৰৰ মজিয়াত পৰাত বৃন্দাই নিজৰ ভুল বুজি পায় আৰু বিষ্ণুক শালেগ্ৰাম হৈ থাকিবলৈ আৰু পত্নীৰ সৈতে বিচ্ছেদ ঘটিবলৈ শাও দিয়ে। সেই মৰ্মে বিষ্ণু শালেগ্ৰামলৈ ৰূপান্তৰ হয় আৰু ৰাম অৱতাৰত পত্নী সীতাৰে সৈতে বিচ্ছেদ ঘটে। ইয়াৰ পাছত বৃন্দাই সাগৰত ডুব দি আত্মজাহ যায় আৰু দেৱতাসকলে তেওঁৰ আত্মাটো আনি এটি তুলসী পুলিত সংস্থাপিত কৰে।

বিষ্ণুৱে তেওঁৰ পিছৰ জন্মত বৃন্দাক তেওঁৰে সৈতে বিয়া হোৱাৰ আশীৰ্বাদ দিয়ে। সেয়ে প্ৰবোধিনী একাদশীত শালেগ্ৰামৰে সৈতে তুলসীৰ বিবাহ সম্পন্ন কৰা হয়। এই অনুষ্ঠানটি তুলসী বিবাহ নামেৰে উদযাপিত হয়।[1][2]

উদযাপন[সম্পাদনা কৰক]

তুলসী বিবাহ উৎসৱত পূজন কৰা এটি তুলসী পুলিৰ চিত্ৰ

তুলসী বিবাহ হিন্দুৰ পাৰম্পৰিক বিবাহৰ দৰে পতা হয়।[1][2]বিয়াখন মানুহৰ ঘৰত বা মন্দিৰত অনুষ্ঠিত হয়। ঘৰৰ প্ৰাঙ্গনত এটি তুলসী পুলি ৰুই ইয়াৰ আশে-পাশে মণ্ডপ তৈয়াৰ কৰা হয়। ইটাৰে ঢিপ তৈয়াৰ কৰি তুলসী পুলিটো ৰোৱা ঠাইডোখৰক তুলসী বৃন্দাবন বুলি কোৱা হয়। বৃন্দাৰ আত্মা ৰাতিটো পুলিটোত থাকে আৰু ৰাতিপুৱা গুচি যায় বুলি বিশ্বাস কৰা হয়।[3] তুলসীক শাড়ী আৰু অলংকাৰ পিন্ধাই সজাই ফোঁট আৰু নাকফুলি পিন্ধাই কাগজেৰে তৈয়াৰ কৰা এখন মানুহৰ মুখ তুলসী পুলিটোত আঁৰি দিয়া হয়। দৰা ৰূপে বিষ্ণু বা কৃষ্ণ বা কেতিয়াবা বলোৰামৰ পিতলৰ মূৰ্তি বা এখন ছবি বা শালেগ্ৰাম ৰখা হয় - এয়া বিষ্ণুৰ প্ৰতীক। এই প্ৰতিমাক ধুতি পিন্ধাই, বিষ্ণু আৰু তুলসী দুয়োকে গা ধুৱাই ফুল আৰু মালাৰে সজোৱা হয়। অনুষ্ঠানটিত যোৰাটিক এডাল কপাহী ৰছীৰে বান্ধি সংযোগ কৰা হয়।[2]

ভাৰতৰ বিভিন্ন প্ৰান্তত তুলসী বিবাহ এটি ধৰ্মীয় উৎসৱ ৰূপে প্ৰতিবছৰে উদযাপিত হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 R. Manohar Lall (1933). Among the Hindus: A Study of Hindu Festivals. Asian Educational Services. পৃষ্ঠা. 184–. ISBN 978-81-206-1822-0. https://books.google.com/books?id=YlqH4Q_gqCQC&pg=PA184. 
  2. 2.0 2.1 2.2 2.3 Emma Tarlo (1996). Clothing Matters: Dress and Identity in India. University of Chicago Press. পৃষ্ঠা. 184–5. ISBN 978-0-226-78976-7. https://books.google.com/books?id=ByoTXhXCuyAC. 
  3. 3.0 3.1 M.M. Underhill (1991). The Hindu Religious Year. Asian Educational Services. পৃষ্ঠা. 129–131. ISBN 978-81-206-0523-7. https://books.google.com/books?id=Fb9Zc0yPVUUC. 
  4. Shubhangi Pawar; D. A. Patil (2008). Ethnobotany of Jalgaon District, Maharashtra. Daya Publishing House. পৃষ্ঠা. 400. ISBN 978-81-7035-515-1. https://books.google.com/books?id=xTi0iaalLXcC&pg=PA401. 
  5. Manish Verma (2005). Fasts & Festivals Of India. Diamond Pocket Books. পৃষ্ঠা. 58–. ISBN 978-81-7182-076-4. https://books.google.com/books?id=z4gzFFLdBoYC&pg=PA58.