চৰক পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চৰক
চৰক
চৰক গছ
পালন কৰে বাংলাদেশ, পশ্চিমবঙ্গ, অসম
প্ৰকাৰ বঙালীসকলৰ ধৰ্মীয় উৎসৱ
তাৰিখ চ’ত মাহৰ শেষ দিনা (এপ্ৰিল)
সংঘটন বাৰ্ষিক

চৰক পূজা (ইংৰাজী: Charak Puja) পশ্চিমবঙ্গ, বাংলাদেশ আৰু অসমবঙালী অধ্যুষিত অঞ্চলক এক গুৰুত্বপূৰ্ণ লোকোৎসৱ। চ’ত মাহৰ শেষৰ দিনা এই পূজা অনুষ্ঠিত হয় আৰু বহাগৰ দুই তিনিদিন ব্যাপি চৰক পূজাৰ উৎসৱ চলে।[1][2]চ’ত মাহত পালিত শিৱৰ গাজন উৎসৱৰ এক অংশবিশেষ।[3] এই উৎসৱক কেন্দ্ৰ কৰি বিভিন্ন স্থানত মেলা বহে, যাক চৰক সংক্ৰান্তিৰ মেলা বুলি অভিহিত কৰা হয়। ই আছিল বঙালী লোকসমাজৰ সংস্কৃতি। বেছিভাগ উপাসক আছিল নিম্ন বৰ্ণৰ। সেয়েহে এই পূজাত কোনো ব্ৰাহ্মণৰ প্ৰয়োজন হোৱা নাছিল।

ইতিহাস[সম্পাদনা কৰক]

লিঙ্গপুৰাণ, বৃহদ্ধৰ্মপুৰাণ আৰু ব্ৰহ্মবৈৱৰ্তপুৰাণত চ’ত মাহত শিৱ আৰধনা প্ৰসঙ্গত নৃত্য-গীত আদি উৎসৱৰ উল্লেখ থাকিলেও চৰক পূজাৰ উল্লেখ নাই। পঞ্চদশ ষোড়শ শতাব্দীত ৰচিত গোবিনানন্দৰ বৰ্যক্ৰিয়াকৌমুদীআৰু ৰঘুনন্দনৰ তিথিতত্ত্বত এই পূজাৰ উল্লেখ পোৱা নাযায়। তথাপিও পাশুপত সম্প্ৰদায়ৰ মাজত প্ৰাচীন কালত এই উৎসৱৰ প্ৰচলন আছিল। উচ্চবৰ্ণৰ লোকৰ মাজত অৱশ্যে এই পূজাৰ প্ৰচলন খুব প্ৰাচীন নহয়। জনশ্ৰুতিমতে ১৪৮৫ খ্ৰীষ্টাব্দত সুন্দৰানন্দ ঠাকুৰ নামে এজন ৰজাই এই পূজাৰ প্ৰথম প্ৰচলন কৰিছিল। কথিত আছে, চ’ত মাহৰ শেষৰ দিনা শিৱ-উপাসক বাণৰজা দ্বাৰাকাধীশ কৃষ্ণৰ সৈতে যুদ্ধত ক্ষত-বিক্ষত হৈ মহাদেৱক সন্তুষ্ট কৰিবলৈ ভক্তিসূচক নৃত্য-গীত আদি আৰু নিজৰ দেহৰ তেজেৰে অভীষ্ট সিদ্ধ কৰে। সেই স্মৃতিত শৈৱ সম্প্ৰদায়ে এই দিনটোত শিৱক সন্তুষ্ট কৰিবলৈ উৎসৱৰ আয়োজন কৰে। এনে ধৰণৰ জনশ্ৰুতিও আছে যে সেই সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰা কৃষকসকলক চ’ত মাহৰ শেষৰ দিনা বৰশীত বিন্ধাই চকৰীত ঘূৰোৱা হৈছিল। এই আচাৰ ১৮৯০ চন মানলৈ প্ৰচলিত আছিল।[4]

আচাৰ অনুষ্ঠান[সম্পাদনা কৰক]

চৰক পূজাৰ এক বিশেষ অঙ্গ নীলপূজা। পূজাৰ আগদিনা চৰক গছডালক ধুই মচি পৰিষ্কাৰ কৰা হয়। এটা পানীৰে ভৰা পাত্ৰত শিৱৰ প্ৰতীক শিৱলিঙ্গ বা সেন্দূৰেৰে লেপা দীঘল কাঠৰ তক্তা এখন ৰখা হয়, যিটোক বুঢ়াশিৱ বুলি কোৱা হয়। পূজাৰ বিশেষ বিশেষ অঙ্গ হ’ল- কুম্ভীৰৰ পূজা, জ্বলন্ত এঙাৰৰ ওপৰেৰে খোজ কঢ়া, কাঁইট আৰু চুৰীৰ ওপৰত জপিওৱা, শিৱৰ বিয়া, অগ্নিনৃত্য, চৰক গছত ওলোমা, হাজৰা পূজা কৰা আদি।[3]

পূজাৰ ভক্ত বা সন্ন্যাসীসকলে পূজাৰ কেইদিনামান আগৰে পৰা কঠোৰ ব্ৰত আৰু সংযম পালন কৰে। এজনক দীঘল নেজ এডাল লগাই হনুমানৰ দৰে সজোৱা হয়। তেওঁৰ মূৰত থাকে উজ্জ্বল ৰঙা ৰঙৰ ফুল। স্থান বিশেষে ৰামায়ণৰ হনুমানৰ গন্ধমাদন পৰ্বত কঢ়িয়াই অনাৰ দৃশ্য অভিনীত হয়। ইয়াকে কোৱা হয়, ‘গিৰি সন্ন্যাস’। ইয়াৰ পিছত সন্ন্যাসীসকলে মহাসমাৰোহেৰে আমগছৰ এটা ডাল ফলেৰে সৈতে ভাঙি আনে; যাক কোৱা হয় ‘বাবক সন্ন্যাস’। চৰক পূজাৰ আগদিনা নীলচণ্ডিকাৰ বা নীলপূজা অনুষ্ঠিত হয়। এই কেইদিন এটা দলে গাঁৱত ঘূৰি ফুৰে। দলত থাকে এজন শিৱ আৰু দুজন সখি। সখিহঁতৰ ভৰিত থাকে ঘুঙুৰা। তেওঁলোকৰ লগত থাকে ঢোল-কাহ সহ এটা বাদকৰ দল। সখিহঁতে গান-বাজনাৰ তালেতালে নাচে। তেওঁলোকক ‘দেল’ বা নীল পাগলৰ দলো বোলা হয়। তেওঁলোকে ঘৰেঘৰে ঘূৰি ‘গাজন’ৰ গীত গায় আৰু নৃত্যগীত পৰিবেশন কৰে। বিনিময়ত দান হিচাপে যি পোৱা যায়, তাৰে পূজাভাগ কৰা হয়। এদিন পূৰ্বে ৰাতি হাজৰা পূজা হয় আৰু শিৱক উদ্দ্যেশি খিচাৰী আৰু শোলমাছ নিবেদন কৰা হয়। মাজৰাতি শিৱৰ আৰাধনাৰ সময়ত দুই এজন সন্ন্যাসী প্ৰবল বেগেৰে মূৰ জোকাৰি সজ্ঞাহীন হৈ পৰে। এই অৱস্থাক দেৱতাই ভৰ কৰা বুলি কোৱা হয়। এই সময়ত তেওঁলোকে দৰ্শকমণ্ডলীৰ প্ৰশ্নৰ উত্তৰ দিয়ে আৰু সেয়া অভ্ৰান্ত বুলি বিশ্বাস কৰা হয়।[3][4] চৰকৰ দিনা সন্ন্যাসীসকলে বিশেষ বিশেষ ফল, ফুল, বাদ্য সহকাৰে নানা ভঙ্গীমাত শিৱপ্ৰণাম কৰে। ইয়াৰোপৰি দেৱতাৰ প্ৰতি অচলা ভক্তি প্ৰদৰ্শনৰ হেতু তেওঁলোকে চোকা লোহাৰ বৰশি, গছৰ কাঁইটৰ ওপৰত জাপ দিয়ে অথবা ভৰি ওপৰলৈ কৰি মূৰ তললৈ দি ওলমি থাকে। আত্মনিৰ্যাতনৰ বাবে তেওঁলোকে আঢ়ৈৰ পৰা চাৰি-পাঁচ ইঞ্চি দীঘল লোৰ শলা গোটেই দিনটো জিভাত বিন্ধাই ৰাখে। সন্ধ্যাৰ আগেআগে পুখুৰীত গৈ সেইটো খুলি পেলায়; যাক কোৱা হয় ‘বাণ-সন্ন্যাস’। পিঠিৰ ছাল ফুটাই এডাল সৰু বেত সুমুৱাই ৰখা আচাৰক কোৱা হয় ‘বেত্ৰ সন্ন্যাস’। চৰক গছত স্থাপন কৰা কাঠৰ চকৰিত পিঠিত লোহাৰ বৰশি ফুটুৱাই ওলমি থাকি চক্ৰকাৰে ঘুৰোৱা হয় আৰু এই প্ৰক্ৰিয়াক কোৱা হয় ‘বৰশি সন্ন্যাস’।[4]

অন্যান্য সংস্কৃতিৰ সৈতে সাদৃশ্য[সম্পাদনা কৰক]

ভাৰতমহাৰাষ্ট্ৰৰ বগাড় উৎসৱ, চিক্কিম-ভূটানৰ চোৰগ, শ্ৰীলংকাৰ টুককুম, অন্ধ্ৰপ্ৰদেশৰ সিৰিমনু অথবা মেক্সিকোৰ প্ৰাচীন ‘ Danza de los Voladores’ উৎসৱ চৰক পূজাৰ অনুৰূপ। উক্ত উৎসৱ বা অনুষ্ঠানবোৰতো পবিত্ৰ গছত ভক্তসকলত বান্ধি জোৰেৰে ঘূৰোৱা হয়।[4]

গেলাৰী[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "The Human Charak". The Daily Star. https://www.thedailystar.net/the-human-charak-20579। আহৰণ কৰা হৈছে: 3 December 2020. 
  2. "Bengali-English Dictionary". Samsad Bengali-English Dictionary. https://www.aurobindo.ru/workings/matherials/bengali/146.htm। আহৰণ কৰা হৈছে: 3 December 2020. 
  3. 3.0 3.1 3.2 "কমলগঞ্জেৰ ছয়চিৰি দিঘীৰ পাড়ে ঐতিহ্যবাহী চড়ক পূজা ও মেলা অনুষ্ঠিত". Daily BNB News. http://www.dailybnbnews.com/21842#.U18UkPmSzYo। আহৰণ কৰা হৈছে: 3 December 2020. 
  4. 4.0 4.1 4.2 4.3 Choudhury, Dulal (2004). বাংলাৰ লোকসংস্কৃতিৰ বিশ্বকোষ. প্ৰকাশক Kolkata- 700094: Academy of Folklore. পৃষ্ঠা. 218-219.