আৰ্য ৰাজেন্দ্ৰন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰ্য ৰাজেন্দ্ৰন
থিৰুৱন্তপুৰম পৌৰনিগমৰ মেয়ৰ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৮ ডিচেম্বৰ ২০২০
পূৰ্বসূৰী কে. শ্ৰীকুমাৰ
ৰাজ্যিক অধ্যক্ষ
বালসংগম, কেৰালা
ব্যক্তিগত তথ্য
জন্ম ১২ জানুৱাৰী, ১৯৯৯ (২৫ বছৰ)
ভাৰত
ৰাজনৈতিক দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)

আৰ্য ৰাজেন্দ্ৰন (ইংৰাজী: Arya Rajendran, জন্ম: ১২ জানুৱাৰী ১৯৯৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান কেৰালাৰ ৰাজধানী তথা বৃহত্তম নগৰ থিৰুৱন্তপুৰম পৌৰনিগমৰ মেয়ৰ।[1][2][3] তেওঁ ২০২০ চনৰ কেৰালাৰ স্থানীয় প্ৰশাসনিক নিৰ্বাচনত মুদাভানমুকাল ৱাৰ্ডৰ পৰা থিৰুৱন্তপুৰম পৌৰনিগমলৈ নিৰ্বাচিত হৈছিল। ২১ বছৰ বয়সতে ৱাৰ্ডৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁ থিৰুৱন্তপুৰমৰ মেয়ৰ পদত অধিষ্ঠিত হয়। তেওঁ ভাৰতৰ কনিষ্ঠতম মেয়ৰ। [4] তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৯৯ চনৰ ১২ জানুৱাৰী তাৰিখে আৰ্য ৰাজেন্দ্ৰনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰাজেন্দ্ৰন এগৰাকী ইলেক্ট্ৰিচিয়ান আৰু মাতৃ শ্ৰীলতা এগৰাকী ভাৰতীয় জীৱন বীমাৰ এজেণ্ট।[5][6] তেওঁ ত্ৰিৱান্দ্ৰমৰ কাৰ্মেল বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ বৰ্তমান থিৰুৱন্তপুৰমৰ কেৰালা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত অল চেইণ্ট কলেজত গণিতৰ স্নাতক দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থী।

ৰাজনীতি[সম্পাদনা কৰক]

আৰ্য ৰাজেন্দ্ৰন বিশ্বৰ সৰ্ববৃহৎ শিশু সংগঠন 'বালসংগম'ৰ ৰাজ্যিক অধ্যক্ষ।[6][7] ইয়াৰ লগতে তেওঁ ভাৰতীয় ছাত্ৰ ফেডাৰেচনৰ ৰাজ্যিক কমিটিৰ সদস্য।[5][8][9]ইয়াৰ লগতে তেওঁ চালাৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ আঞ্চলিক কমিটিৰ সদস্য।[1]

২০২০ চনৰ কেৰালাৰ স্থানীয় প্ৰশাসনিক নিৰ্বাচনত থিৰুৱন্তপুৰম পৌৰনিগমৰ মুদাভানমুকাল ৱাৰ্ডৰ পৰা জিলাৰ কনিষ্ঠতম প্ৰাৰ্থী হিচাপে তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ প্ৰাৰ্থী আছিল।[10][11] এই নিৰ্বাচনত তেওঁ ইউডিএফ পাৰ্টিৰ শ্ৰীকলাক ২৮৭২ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।[5]

নিৰ্বাচনৰ পিছত পৌৰনিগমৰ সদস্য সকলে তেওঁক থিৰুৱন্তপুৰম পৌৰনিগমৰ মেয়ৰ নিৰ্বাচিত কৰে। ইয়াৰ লগে লগে তেওঁ ভাৰতৰ কনিষ্ঠতম মেয়ৰ হিচাপে পৰিগণিত হয়। তেওঁ ২৩ বছৰ বয়সত কোল্লামৰ মেয়ৰ পদ লাভ কৰা সবিথা বেগমৰ অভিলেখ ভংগ কৰে।[12]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 "India: 21-year-old student Arya Rajendran set to become mayor in Kerala" (en ভাষাত). gulfnews.com. https://gulfnews.com/world/offbeat/india-21-year-old-student-arya-rajendran-set-to-become-mayor-in-kerala-1.1608892334881। আহৰণ কৰা হৈছে: 2020-12-25. 
  2. "Arya Rajendran, 21, to be India’s Youngest Mayor from Kerala's Capital Thiruvananthapuram" (en ভাষাত). News18. 2020-12-25. https://www.news18.com/news/politics/arya-rajendran-21-to-be-indias-youngest-mayor-from-keralas-capital-thiruvananthapuram-3213434.html। আহৰণ কৰা হৈছে: 2020-12-25. 
  3. Anandan, S. (2020-12-26). "Arya Rajendran | From the classroom to Corporation" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/arya-rajendran-from-the-classroom-to-corporation/article33426429.ece. 
  4. Staff, Scroll. "21-year-old set to become Thiruvananthapuram mayor, youngest in the country" (en-US ভাষাত). Scroll.in. https://scroll.in/latest/982322/21-year-old-set-to-become-thiruvananthapuram-mayor-youngest-in-the-country। আহৰণ কৰা হৈছে: 2020-12-25. 
  5. 5.0 5.1 5.2 "21-year-old BSc student Arya Rajendran to become youngest Mayor in Kerala". The New Indian Express. https://www.newindianexpress.com/states/kerala/2020/dec/25/21-year-old-bsc-student-arya-rajendran-to-become-youngest-mayor-in-kerala-2241070.html। আহৰণ কৰা হৈছে: 2020-12-25. 
  6. 6.0 6.1 "Meet Arya Rajendran, electrician's daughter set to become Thiruvananthapuram city mayor, youngest in India" (en ভাষাত). Deccan Herald. 2020-12-25. https://www.deccanherald.com/national/south/meet-arya-rajendran-electricians-daughter-set-to-become-thiruvananthapuram-city-mayor-youngest-in-india-931498.html। আহৰণ কৰা হৈছে: 2020-12-25. 
  7. Dec 27, TNN /; 2020; Ist, 04:26. "CPM’s bet on youth is part of a smart strategy | Thiruvananthapuram News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/thiruvananthapuram/cpms-bet-on-youth-is-part-of-a-smart-strategy/articleshow/79970847.cms। আহৰণ কৰা হৈছে: 2020-12-27. 
  8. "At 21, Arya Rajendran is all set to become India's youngest mayor" (en ভাষাত). WION. https://www.wionews.com/india-news/at-21-arya-rajendran-is-all-set-to-become-indias-youngest-mayor-352330। আহৰণ কৰা হৈছে: 2020-12-25. 
  9. "21-yr-old Arya Rajendran may be Thiruvananthapuram’s new Mayor" (en ভাষাত). The News Minute. 2020-12-25. https://www.thenewsminute.com/article/21-yr-old-arya-rajendran-may-be-thiruvananthapuram-s-new-mayor-140290। আহৰণ কৰা হৈছে: 2020-12-25. 
  10. "21-year-old Arya Rajendran to be Thiruvananthapuram Mayor" (en ভাষাত). Mathrubhumi. https://english.mathrubhumi.com/news/kerala/21-year-old-arya-rajendran-to-be-thiruvananthapuram-mayor-1.5307806। আহৰণ কৰা হৈছে: 2020-12-25. 
  11. Writer, Staff (2020-12-26). "At 21, this college student from Kerala is set to become India's youngest mayor" (en ভাষাত). mint. https://www.livemint.com/news/india/at-21-this-college-student-from-kerala-is-set-to-become-india-s-youngest-mayor-11608975375841.html। আহৰণ কৰা হৈছে: 2020-12-27. 
  12. "Arya Rajendran, 21, set to be Thiruvananthapuram mayor | Thiruvananthapuram News". The Times of India. 2020-12-27. https://timesofindia.indiatimes.com/city/thiruvananthapuram/arya-rajendran-to-be-tvm-mayor/articleshow/79970866.cms। আহৰণ কৰা হৈছে: 2020-12-28.