ছি-দঞি উৎসৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছি-দঞি উৎসৱ
পালন কৰে টাগিন জনগোষ্ঠী, অৰুণাচল প্ৰদেশ,  ভাৰত
মহত্ব ভূমি আৰু সূৰ্যৰ প্ৰতি উচৰ্গিত
তাৰিখ ৪-৬ জানুৱাৰী
সংঘটন বাৰ্ষিক

ছি-দঞি (ইংৰাজী: Si-Donyi) হৈছে অৰুণাচল প্ৰদেশটাগিন জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক উৎসৱ। ৰাজধানী ইটানগৰৰ লগতে ডাপ'ৰিজ', ডাম্প'ৰিজ', তালিহা, ছিয়াম আদি অঞ্চলত এই উৎসৱ ঘাইকৈ পালন কৰা হয়। ইয়াৰ বাহিৰেও টাগিন লোকসকলে বসবাস কৰা ঠাইসমূহত ছি-দঞি উৎসৱ উদযাপিত হয়। ১৯৭৫ চনত এই উৎসৱটোৰ বিষয়ে প্ৰাথমিক ধাৰণা আগবঢ়োৱা ব্যক্তিগৰাকী হৈছে লে. তাটৰ উলি। লে. তাদাক দুলম আৰু প'পাক বাঘেও এই বিষয়ত ভূমিকা লয়।[উদ্ধৃতিৰ প্ৰয়োজন] সেই বছৰৰেপৰা ছি-দঞি উৎসৱ প্ৰতি বছৰে পালিত হৈ আহিছে।

উৎসৱৰ কাল[সম্পাদনা কৰক]

এই উৎসৱ প্ৰতি বছৰে ৪-৬ জানুৱাৰীত পালন কৰা হয়। ছি-দঞি উৎসৱত ছি অৰ্থাৎ পৃথিৱী (পুৰুষ) আৰু দঞি অৰ্থাৎ সূৰ্যৰ (নাৰী) দৈৱৰূপক অৰ্চনা-অঞ্জলি আগবঢ়োৱা হয়।[1]

আচাৰ-অনুষ্ঠান[সম্পাদনা কৰক]

ছি-দঞি উৎসৱত নিবু অৰ্থাৎ স্থানীয় পুৰোহিতে ছি আৰু দঞিক উদ্দেশ্যি প্ৰাৰ্থনা (উই) কৰে। এই প্ৰাৰ্থনাৰ মূল উদ্দেশ্য হৈছে সমাজৰ মঙ্গল তথা প্ৰাচুৰ্য, ধ্বংসকাৰী অশুভ শক্তিসমূহৰ বিতাৰণ আৰু উন্নতমানৰ শস্য আৰু সুস্বাস্থ্যৰ অনুমতি কামনা।

আচাৰ-অনুষ্ঠান[সম্পাদনা কৰক]

ছি-দঞি উৎসৱত নিবু অৰ্থাৎ স্থানীয় পুৰোহিতে ছি আৰু দঞিক উদ্দেশ্যি প্ৰাৰ্থনা (উই) কৰে। এই প্ৰাৰ্থনাৰ মূল উদ্দেশ্য হৈছে সমাজৰ মঙ্গল তথা প্ৰাচুৰ্য, ধ্বংসকাৰী অশুভ শক্তিসমূহৰ বিতাৰণ আৰু উন্নতমানৰ শস্য আৰু সুস্বাস্থ্যৰ অনুমতি কামনা। এই উৎসৱত চেতু অৰ্থাৎ বাঁ‌হ-কাঠৰ এখন চাং সাজি বিভিন্ন পাত আৰু বাঁ‌হৰ সঁ‌জুলিৰে সজ্জিত কৰা হয়। চেতুৰ কাষতে মন্ত্ৰোচ্চাৰণ আৰু মেথোনৰ উছৰ্গাসমূহ অৰ্পণ কৰা হয়। নৃত্য ছি-দঞি উৎসৱৰ অন্যতম প্ৰধান আকৰ্ষণ। পুৰুষ-মহিলাই পৰম্পৰাগত সাঁ‌জ-পাৰত একেলগে মিলি চুংনে, কন্যি ব'কাৰ, ৰিয়াবু আৰু টাকাৰ ঘেনে আদি নৃত্য পৰিৱেশন কৰে। বয়সস্থ পুৰুষসকলে হয়ি পেনাম নৃত্যৰে আত্মাসমূহক আদৰণি জনায়। উৎসৱৰ সময়ত এট্টে অৰ্থাৎ চাউলৰপৰা নিৰ্মিত পানীয়ৰ এক মিশ্ৰণ আৰু চাউলৰ গুড়ি ইজনে-সিজনৰ মুখত সানি আনন্দ কৰে। উৎসৱৰ সামৰণিত দেৱতাসকলৰ উদ্দেশ্যে মেথোন উছৰ্গা কৰা হয় যদিও উদযাপন এক সপ্তাহ ধৰি চলি থাকে।[1][2][3][4][5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Pakba, Tagia (5 January 2017). "‘Si-Donyi’ – the festival of Arunachal Pradesh". The Arunachal Times Publications Pvt. Ltd.The Arunachal Times. http://www.arunachaltimes.in/si-donyi-the-festival-of-arunachal-pradesh/। আহৰণ কৰা হৈছে: 20 July 2017. 
  2. "‘Si Donyi Festival: Tagin Tribe - Arunachal Pradesh". First ChoiceGreener Pastures. Archived from the original on 25 October 2017. https://web.archive.org/web/20171025184414/http://thegreenerpastures.com/si-donyi-festival-tagin-tribe-arunachal-pradesh-india/। আহৰণ কৰা হৈছে: 20 July 2017. 
  3. "Si-Donyi Festival to be Celebrated from January 4". Eclectic NorthEast. 15 December 2016. Archived from the original on 25 October 2017. https://web.archive.org/web/20171025074639/https://eclecticnortheast.in/si-donyi-festival-celebrated-january-4/। আহৰণ কৰা হৈছে: 20 July 2017. 
  4. "Si-Donyi Festival". Rongjeng Technologies Pvt. Ltd.India's North East. 10 April 2016. http://www.northeasttoday.in/si-donyi-celebrated-with-fervor-in-arunachal/। আহৰণ কৰা হৈছে: 20 July 2017. 
  5. "Si-Donyi Celebrated with Fervor in Arunachal". Northeast Today. 7 January 2016. https://www.nelive.in/arunachal-pradesh/news/si-donyi-celebrated-fervor-arunachal। আহৰণ কৰা হৈছে: 20 July 2017.