ইস্মত চুগতাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ইস্মত চুগতাই
জন্ম ২১ আগষ্ট, ১৯১৫
বদায়ুঁ, যুক্ত প্ৰদেশ, ব্ৰিটিছ ভাৰত
মৃত্যু ২৪ অক্টোবৰ, ১৯৯১ (৭৬ বছৰ)
মুম্বাই, ভাৰত
পেচা লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰবন্ধকাৰ
ভাষা উৰ্দু
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন আলিগড় মুছলিম বিশ্ববিদ্যালয়
ধৰণ চুটিগল্প, উপন্যাস, নাটক
দাম্পত্যসংগী সাহিদ লতিফ (১৯৪২–১৯৬৭)
সন্তান সীমা
সাব্ৰিনা লতিফ

স্বাক্ষৰ

ইস্মত চুগতাই (ইংৰাজী: Ismat Chughtai; ২১ আগষ্ট ১৯১৫ – ২৪ অক্টোবৰ ১৯৯১) এজন ভাৰতীয় উৰ্দু ঔপন্যাসিকা, চুটিগল্প লেখিকা আৰু চলচ্চিত্ৰ নিৰ্মাতা আছিল। ১৯৩০-ৰ পৰা আৰম্ভ কৰি, তেওঁ মহিলাগৰাকীয়ে যৌনতা আৰু নাৰীত্ব, মধ্য শ্ৰেণীৰ সৌজন্য, আৰু জাতিগত শ্ৰেণী সংঘাতকে আদি কৰি বিভিন্ন সংবেদনশীল বিষয়ৰ ওপৰত প্ৰায়ে মাৰ্ক্সীয় আদৰ্শৰ দ্বাৰা প্ৰভাবিত দৃষ্টিকোণৰ ভিত্তিত সাহিত্য ৰচনা কৰিছিল। সাহিত্যিক বাস্তবতাৰ বৈশিষ্ট্যযুক্ত এটি বিশিষ্ট সাহিত্যলেখন শৈলীৰ সৈতে উৰ্দূ সাহিত্যজগতত নিজকে এক গুৰুত্বপূৰ্ণ বৌদ্ধিক কণ্ঠ-স্বৰ হিচাপে প্ৰতিষ্ঠিত কৰি ১৯৭৬ চনত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

জীৱনী[সম্পাদনা কৰক]

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰৰ আৰম্ভণি (১৯১৫–৪১)[সম্পাদনা কৰক]

ইস্মত চুগতাইৰ জন্ম হৈছিল ১৯১৫ চনৰ ২১ আগষ্টত উত্তৰ প্ৰদেশৰ বদায়ুঁ নামৰ সৰু চহৰখনত নুছৰত খানম আৰু মিৰ্জা কাচিম বেইগ চুগতাইৰ ঘৰত; তেওঁ দহটা সন্তানৰ ভিতৰত নৱম সন্তান আছিল—ছয়জন ককায়েক আৰু চাৰিজন বায়েক।[1] চুগতাইৰ পিতৃ অসামৰিক সেৱাৰ সৈতে জড়িত হোৱাৰ কাৰণেই চাকৰীৰ সংক্ৰাণ্টত পৰিয়ালটোয়ে সঘনাই স্থানান্তৰিত হ'ব লগা হৈছিল; তেওঁ তেওঁৰ শৈশৱটো জোধপুৰ, আগ্ৰা, আৰু আলিগড়কে ধৰি কেইবাখনো চহৰত কটাইছিল- সাধাৰণতে তেওঁৰ ককায়েকসকলৰ সৈতে যিহেতু তেওঁৰ বায়েককেইজনীৰ বিবাহ হৈ গৈছিল তেওঁ অতি সৰু হৈ থাকোঁতেই। চুগতাই তেওঁৰ ককায়েককেইজনৰ প্ৰত্যক্ষ প্ৰভাৱক এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে বৰ্ণনা কৰিছিল যি তেওঁৰ সাহিত্যৰ সৃষ্টিমূলক বছৰবোৰত তেওঁৰ ব্যক্তিত্বক প্ৰভাৱিত কৰিছিল। তেওঁ তেওঁৰ দ্বিতীয় ডাঙৰ ভাতৃ মিৰ্জা আজিম বেইগ চুগতাক (এজন উপন্যাসিক) সৰ্বশ্ৰেষ্ঠ পৰামৰ্শদাতা হিচাপে স্বীকাৰ কৰিছিল। চগতাইৰ পিতৃয়ে ভাৰতীয় অসামৰিক সেৱাৰ পৰা অৱসৰ লোৱাৰ পিছত অবশেষত পৰিয়ালটোয়ে আগ্ৰা চহৰত বসতি স্থাপন কৰে।[2]

চুগতাই আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ মহিলা কলেজত প্ৰাথমিক শিক্ষা লাভ কৰে আৰু ইজাবেলা থ'বাৰ্ণ কলেজৰ পৰা ১৯৪০ চনত স্নাতক ডিগ্ৰী লাভ কৰে।[3] তেওঁৰ পৰিয়ালৰ সক্ৰিয় প্ৰতিৰোধ সত্ত্বেও, তেওঁ পৰৱৰ্তী বছৰত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতক শিক্ষাৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।[2] এই সময়ছোৱাতেই চুগতাই প্ৰগতিশীল লেখক সমিতিৰ (প্ৰগ্ৰেছিভ ৰাইটাৰ্চ এচ'চিয়েছন) সৈতে জড়িত হৈ পৰিছিল, ১৯৩৬ চনত তেওঁ এই সমিতিৰ সভাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল য'ত তেওঁ প্ৰগতিশীল লেখকৰ আন্দোলনৰ সৈতে জড়িত এজন আগশাৰীৰ মহিলা লেখক ৰছিদ জাহানৰ সৈতে আলোচনাত অংশগ্ৰহণো কৰিছিল, যিগৰাকী লেখকে পিছত চুগতাইক "বাস্তৱসন্মত, প্ৰত্যাহ্বানমূলক মহিলা পাত্ৰ তথা চৰিত্ৰৰ" বিষয়ে লিখিবলৈ প্ৰেৰণা দিছিল আৰু এই অনুপ্ৰণিত কৰাৰ কথা পিছত তেওঁ স্পষ্টৰূপত স্বীকাৰো কৰিছিল।[4][5] চূগতাই একে সময়তে ব্যক্তিগতভাৱে লিখিবলৈও আৰম্ভ কৰিছিল, কিন্তু বহু পৰ্যন্ত তেওঁৰ কামৰ বাবে কোনো প্ৰকাশন বিচৰা নাছিল।[5]

যেতিয়া মই লিখিবলৈ লৈছিলো, তেতিয়া এটা প্ৰচলিত ধাৰা আছিল - ৰোমাণ্টিক বস্তু লিখা বা প্ৰগতিশীলৰ দৰে লিখা। যেতিয়া মই নিষ্ঠা সহকাৰে লিখিবলৈ আৰম্ভ কৰিছিলো, মানুহবোৰ অতি হতভৱ হৈছিল কাৰণ মই অতি অমায়িকভাৱে লিখিছোঁ [...] মানুহে যিটোক সাধাৰণতে "লিটাৰিলি বা সাহিত্যিক" বুলি কয় মই সেইদৰে লিখা নাছিলো। মই কথা কোৱাৰ দৰে লিখিছিলো আৰু বৰ্ত্তমানেও লিখি আছো, অতি সৰল ভাষাত, সাহিত্যিক ভাষাত নহয়।

—চুগতাইয়ে তেওঁৰ প্ৰাৰম্ভিক লিখনিসমূহৰ বিষয়ে, ১৯৭২ চনত 'মেহফিল'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত।[6]

চুগতাইয়ে ১৯৩৯ চনত উৰ্দু আলোচনী সাকিৰ বাবে ফসাদি (বিদ্ৰুহী) বুলি এখন নাটক লিখিছিল, যিখন আছিল তেওঁৰ প্ৰথম প্ৰকাশিত সাহিত্যিক ৰচনা। নাটকখনৰ প্ৰকাশনৰ পিছত, পাঠকে ইয়াক চুগতাইৰ ভাতৃ অজিম বেগৰ দ্বাৰা বিৰচিত এক নাটক হিচাপে গ্ৰহণ কৰে, যিখন এটা ছদ্মনাম ব্যৱহাৰ কৰি লিখা হৈছে। তাৰ পিছত, তেওঁ অন্যান্য প্ৰকাশন আৰু বাতৰি কাকতৰ বাবে লিখিবলৈও আৰম্ভ কৰে। তেওঁৰ কিছুমান প্ৰাৰম্ভিক কৰ্মৰ ভিতৰত আছিল বচপন (শিশুকাল/ল'ৰালিকাল), আত্মজীবনৰ কিছু কথা/অংশ, কাফিৰ (নাস্তিক), তেওঁৰ প্ৰথম চুটিগল্প, আৰু ধীট (জেদী), তেওঁৰ একমাত্ৰ স্বগতোক্তি/আত্মভাষণ, অন্য ৰচনাৰ ভিতৰত আছিল।[7] তেওঁ এখন আলোচনীৰ বাবে লিখা এটা কাহিনীৰ উত্তৰত, চুগতাইক কোৱা হৈছিল যে তেওঁৰ লেখন শৈলীটো ধৰ্ম নিৰপেক্ষ, নিন্দনীয় আৰু কোৰানক কৰা অপমানজনক।[8] তথাপিও তেওঁ "সমাজত থাকি শুনা, প্ৰচলিত কথা আৰু সংঘৰ্ষৰ" সম্পৰ্কে লিখি গৈছিল।[8]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Gopal, Priyamvada (2012). Literary Radicalism in India: Gender, Nation and the Transition to Independence. Routledge Press. পৃষ্ঠা. 83–84. ISBN 978-1-134-33253-3. https://books.google.com/books?id=lf8wfOR1058C&pg=PT83। আহৰণ কৰা হৈছে: 26 April 2018. 
  2. 2.0 2.1 Parekh, Rauf (30 August 2015). "Essay: Ismat Chughtai: her life, thought and art". Dawn (newspaper). http://www.dawn.com/news/1203638। আহৰণ কৰা হৈছে: 24 April 2018. 
  3. Bhandare, Namita (11 November 2014). "The fine print of the AMU Library row". Mint (newspaper). http://www.livemint.com/Opinion/9JgfILAahE0gybNT3KUYTM/The-fine-print-of-the-AMU-library-row.html। আহৰণ কৰা হৈছে: 24 April 2018. 
  4. Bahuguna, Urvashi (15 August 2017). "Born on India's future Independence Day, Ismat Chughtai wrote of the world she saw, not aspired to". Scroll.in. https://scroll.in/article/847158/born-on-indias-future-independence-day-ismat-chughtai-wrote-of-the-world-she-saw-not-aspired-to। আহৰণ কৰা হৈছে: 25 April 2017. 
  5. 5.0 5.1 McLain, Karline. "The Fantastic as Frontier: Realism, the Fantastic and Transgression in Mid-Twentiet century Urdu fiction". University of Texas, Austin. http://www.urdustudies.com/pdf/16/14_McLain.pdf। আহৰণ কৰা হৈছে: 11 January 2012. 
  6. Coppola, Carlo (1972). "Interview with Ismat Chughtai". Mahfil খণ্ড 8 (2–3): 169. https://dsal.uchicago.edu/books/mahfil/toc.html?volume=8&number=2-3। আহৰণ কৰা হৈছে: 16 September 2019. 
  7. Bano, Farhat (2013). "The emergence of feminist consciousness among Muslim women the case of Aligarh". University of Calcutta. http://shodhganga.inflibnet.ac.in/jspui/bitstream/10603/165149/11/11_chapter%25206.pdf। আহৰণ কৰা হৈছে: 13 May 2018. 
  8. 8.0 8.1 Patel, Aakar (14 August 2015). "Ismat Chughtai's fearless pen". Mint (newspaper). https://www.livemint.com/Leisure/NTt7hWtC5yAWZx0cQCrYAM/Ismat-Chughtais-fearless-pen.html। আহৰণ কৰা হৈছে: 25 April 2018. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]