লাই হাৰাওবা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাই হাৰাওবা
লাই হাৰাওবা
পালন কৰে মেইতেই জনগোষ্ঠী
উদযাপন ধৰ্মীয় নীতি-নিয়ম, নৃত্য-গীত

লাই হাৰাওবা (ইংৰাজী: Lai Haraoba) মণিপুৰৰ মেইতেই জনগোষ্ঠীৰ ধৰ্মীয় উৎসৱ। মণিপুৰৰ পাৰম্পৰিক লোক-ধৰ্ম সনমাহীৰ উমং লাই গোটৰ দেৱতা সকলৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়।[1] উমং লাই হৈছে স্থানীয় মণিপুৰী ধৰ্মৰ পৱিত্ৰ বন দেৱতা। মেইতেই ভাষাত লাই হাৰাওবাৰ আক্ষৰিক অৰ্থ হৈছে দেৱতা সকলৰ আনন্দৰ উৎসৱ।[2] লাই হাৰাওবা উৎসৱত লাই হাৰাওবা নৃত্য কৰা হয়। ই মানৱতা আৰু সভ্যতাৰ সৃষ্টিৰ বৰ্ণনা কৰে।[3]

বৰ্ণনা[সম্পাদনা কৰক]

লাই হাৰাওবা উৎসৱৰ লাই লামথক্‌পা অনুষ্ঠান

লাই হাৰাওবা মণিপুৰৰ মেইতেই সকলৰ এক প্ৰাচীন পাৰম্পৰিক ধৰ্মীয় উৎসৱ। পুৰণি কালৰ পৰা এই উৎসৱ উদযাপিত হৈ আহিছে। ই হৈছে সৃষ্টি আৰু বিৱৰ্তনৰ লগতে মানৱতাৰ আদিম কাহিনী বৰ্ণিত লোক উৎসৱ। এই উৎসৱ ধৰ্মীয় পাঠ, পাৰম্পৰিক সংগীত আৰু নৃত্য, পাৰম্পৰিক সামাজিক মূল্যবোধ আৰু প্ৰাচীন সাংস্কৃতিৰ সংমিশ্ৰণ।[3]

লাই হাৰাওবা উৎসৱৰ নীতি-নিয়ম প্ৰায় একে। ঠাইভেদে এই উৎসৱৰ স্তুতিমূলক গীতৰ অলপ পাৰ্থক্য দেখা যায়। এই উৎসৱৰ আৰম্ভণিতে ইকৌবা, ইকৌৰল আৰু য়াকাইৰল আৰু শেষত মিকন থাংনবা আৰু ঙাপ্ৰোম টানবা স্তুতিমূলক গীত বা প্ৰাৰ্থনা গোৱা হয়। লাই হাৰাওবা উৎসৱত মণিপুৰী লোক দেৱতা উত্তৰ দিশৰ দিকপাল নংপক নিংথৌ আৰু শক্তি আৰু যুদ্ধৰ দেৱী পানথৈবিৰ প্ৰেম কাহিনী বৰ্ণিত নৃত্য-নাটিকা প্ৰদৰ্শন কৰা হয়। ইয়াৰ লগতে ইয়াত খাম্বা থৈবী জাগৈ নৃত্য প্ৰদৰ্শন কৰা হয়।[3]

লাই হাৰাওবা ইশৈ[সম্পাদনা কৰক]

লাই হাৰাওবা ইশৈ হৈছে মুখ্যতঃ লাই হাৰাওবা উৎসৱৰ সময়ত গোৱা লোকগীত। এই গীতৰ মাজেৰে প্ৰাচীন উৰ্বৰা শক্তিৰ বৰ্ণনা কৰা হয়। এই গীতৰ কথা যৌনগন্ধী ৰহস্যবাদৰ অৱতাৰণা দেখা যায়। গীত সমূহ প্ৰায়ে যৌন মিলন সম্পৰ্কীয়। ইয়াৰ মুখ্য বৈশিষ্ট্য হৈছে সুৰ আৰু ছন্দ।[4]

পেনা, লাই হাৰাওবা উৎসৱত ব্যৱহৃত পাৰম্পৰিক লোকবাদ্য

গ্ৰন্থ[সম্পাদনা কৰক]

  • Kshetrimayum, Otojit. (2014). Ritual, Politics and Power in North East India: Contexualising the Lai Haraoba of Manipur. New Delhi: Ruby Press & Co.

তথ্য উৎস[সম্পাদনা কৰক]

  1. Ayyappapanicker, K.; Sahitya Akademi (1997). Medieval Indian Literature: An Anthology. Sahitya Akademi. পৃষ্ঠা. 330. ISBN 978-81-260-0365-5. 
  2. Acharya, Amitangshu; Soibam Haripriya (2007-07-27). "Respect to foster unity in cultural mosaic - festival/lai haraoba". The Telegraph. http://www.telegraphindia.com/1070727/asp/northeast/story_8112398.asp। আহৰণ কৰা হৈছে: 2008-11-05. 
  3. 3.0 3.1 3.2 Parratt, Saroj Nalini; John Parratt (1997). The Pleasing of the Gods: Meitei Lai Haraoba. Vikas Publishing House. 
  4. "Lai Haraoba Ishei". India9.com. 2005-06-07. http://www.india9.com/i9show/Lai-Haraoba-Ishei-26664.htm। আহৰণ কৰা হৈছে: 2008-11-05.