পেনা
পেনা | |
শ্ৰেণী | তত বাদ্য |
---|---|
আনুষঙ্গিক বাদ্য | |
বেহেলা |
পেনা বা টিংটেলিয়া[1][2] (ইংৰাজী: Pena) এবিধ ভাৰতীয় তাঁৰযুক্ত তত বাদ্য। ই মণিপুৰৰ পৰম্পৰাগত লোকবাদ্য। ইয়াত মাত্ৰ এডাল তাঁৰ বা গুণা থাকে আৰু আন এক সঁজুলিৰে তাঁৰডাল ঘঁহি সাংগীতিক ধ্বনি উৎপন্ন কৰা হয়। পেনা ঘাইকৈ ভাৰত আৰু বাংলাদেশত প্ৰচলিত।[3] ইয়াক একক বা দলীয়ভাবে বজোৱা হয়। মণিপুৰী লোকসংগীতৰ সৈতে বা লাই হাৰাওবা উৎসৱৰ বাবে পেনাক বাদ্যযন্ত্ৰ হিচাপে বজোৱা হয়।[4] পেনা বাদন একপ্ৰকাৰৰ মৃত কলা। কিয়নো বৰ্তমান মণিপুৰত মাত্ৰ ১৪৫জন সক্ৰিয় পেনা বাদক আছে।[3][5] প্ৰসিদ্ধ পেনা বাদক খাঞ্জেম্বম মংগী সিঙৰ নেতৃত্বত সংগঠন পৰম্পৰাগত আৰু থলুৱা কলাৰ ওপৰত গৱেষণা কেন্দ্ৰয়ে পেনাক পুনৰুজ্জীৱিত কৰাৰ বাবে কাম কৰি আছে।
ইতিহাস
[সম্পাদনা কৰক]পেনাক আটাইতকৈ পুৰণি কাংগেলিপাক বাদ্যযন্ত্ৰ বুলি গণ্য কৰা হয়।[3] ইয়াক এসময়ত বিলাসবহুল জীৱনৰ অংশ বুলি বিশ্বাস কৰা হৈছিল আৰু ৰাজকীয় সমাবেশত বজোৱা হৈছিল।[6][3] অৱশ্যে বাদ্যবিধ লাহে লাহে মণিপুৰ আৰু বাংলাদেশৰ লোক সংস্কৃতিৰ সৈতে জড়িত হৈ পৰিছিল। পাৰম্পৰিক লোক উৎসৱৰ সময়ত ইয়াক ব্যৱহাৰ কৰা হৈছিল। মণিপুৰৰ লাই হাৰাওবা উৎসৱৰ অন্যতম মুখ্য বাদ্য হিচাপে ব্যৱহাৰ যথেষ্ট বৃদ্ধি হৈছিল। পিছলৈ ই লোক থিয়েটাৰতো ইয়াৰ ব্যৱহাৰ আৰম্ভ হয়।[4]
সাধাৰণতে বিশ্বাস কৰা হয় যে ইয়াৰ নাম প্ৰাচীন মেইতেই শব্দ পেনা শ্বেজিং পেনাৰ পৰা উদ্ভৱ হৈছে।[4][7] নগাসকলে ইয়াক টিংটেলিয়া বুলি কয়।[4]
নিৰ্মাণ
[সম্পাদনা কৰক]পেনা দুটা অংশ থাকে। ইয়াৰ মুখ্য শৰীৰক পেনামাচা বা ধৰ বোলা হয়। ই এই অংশ বেহেলাৰ দৰে। এই অংশত লগোৱা তাঁৰক ঘঁহি বজাবলৈ এটা পেনা চেইজিং বা চোৰ নামৰ ধনু থাকে। ইয়াৰ ধনু বেহেলাৰ ধনুতকৈ বেছি বক্ৰ। ইয়াৰ মুখ্য শৰীৰটো বাঁহৰ পৰা তৈয়াৰ কৰা হয়। ই প্ৰায় ১০ৰ পৰা ১১ ইঞ্চি দীঘল আৰু ১ৰ পৰা ১.২৫ ইঞ্চি ঘূৰণীয়া। ঘূৰণীয়া অংশ আধা কটা নাৰিকলৰ খোলা বা শুকান লাও খোলাৰ পৰা তৈয়াৰ কৰা হয় আৰু খোলাৰ মাজেৰে দুটা ফুটা থাকে।[8] ধ্বনিগত উদ্দেশ্যৰ বাবে নাৰিকলৰ খোলাত দুটা অতিৰিক্ত ফুটা কৰা হয়। শুকান জন্তুৰ ছাল যেনে গুঁইৰ ছালেৰে এটা খোলাক ঢাকা হয় আৰু আনটো খোলা ৰখা হয়। তাঁৰ বা গুণা টান এটা বাঁহৰ কাণ নামৰ অংশৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় আৰু ইয়াক বাঁহৰ মাৰিৰ এটা ফুটাৰ ভিতৰত লগোৱা হয়। মোগ্ৰা নামৰ অংশ পেনা শেষৰ সৈতে বান্ধি ৰখা হয়।[4]
ধনুটো সাধাৰণতে কাঠৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ এটা মুৰত এটা ধাতুৰ বিকশিত বক্ৰ থাকে। কিছু অঞ্চলত ধনুত ক্ষুদ্ৰ ধাতু তাল বা ঘণ্টা লগোৱা থাকে। গুণাসমূহ পৰম্পৰাগতভাবে ঘোঁৰাৰ চুলিৰে তৈয়াৰ কৰা হৈছিল যদিও কেতিয়াবা কাঠৰ আঁহে আৰু ধাতুৰ গুণাৰেও তৈয়াৰ কৰা হয়।[4]
প্ৰকাৰ আৰু ব্যৱহাৰ
[সম্পাদনা কৰক]- ইয়াইকাইৰোল: মানুহক জগাবলৈ ব্যৱহাৰ কৰা হয়)
- লাই-ইকৌবা: লাই হাৰাওবা উৎসৱ আৰম্ভ কৰিবলৈ ব্যৱহাৰ কৰা হয়
- খোনুং -ইচি: লোকগীতত ব্যৱহাৰ কৰা হয়
- লুহংবা: বিবাহ অনুষ্ঠানত এইবিধ বজোৱা হয়
- ৱাৰী -লিবা: বাদ্য ব্যৱহাৰ কৰি কাহিনী বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়
- পুয়া পাবা: ধৰ্মীয় গ্ৰন্থ 'পুয়া' পঢ়াৰ সময়ত এইবিধ পেনা বজোৱা হয়
উল্লেখযোগ্য বাদ্যযন্ত্ৰী
[সম্পাদনা কৰক]- খাংগেম্বাম মংগী সিং
- গুৰু এন.জি. ইবোপিশক
- লিমাপোকপাম ইয়াইমা
- মায়াংলাম্বম মানগাংসনা
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Nandini, M. Lalitha and M. (2018-05-10). "Pena, the sound of Manipur" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/music/pena-the-sound-of-manipur/article23837060.ece. "The instrument is also known as Bana or Bena or, as the Nagas call it, Tingtelia"
- ↑ "Pena, Bena, Bana, Tingtelia - bowed lute of North East India and Bangladesh" (en ভাষাত). chandrakantha.com. Archived from the original on 2020-08-06. https://web.archive.org/web/20200806030226/http://chandrakantha.com/articles/indian_music/pena.html। আহৰণ কৰা হৈছে: 2020-11-30.
- ↑ 3.0 3.1 3.2 3.3 "Traditional indigenous musical instrument Pena being revived in Manipur". Yahoo News. 2014. https://in.news.yahoo.com/traditional-indigenous-musical-instrument-pena-being-revived-manipur-071751548.html। আহৰণ কৰা হৈছে: November 18, 2014.
- ↑ 4.0 4.1 4.2 4.3 4.4 4.5 "PENA (A.K.A. BANA, BENA, OR TINGTELIA)". Chandrakantha. 2014. Archived from the original on March 17, 2015. https://web.archive.org/web/20150317123558/http://www.chandrakantha.com/articles/indian_music/pena.html। আহৰণ কৰা হৈছে: November 18, 2014.
- ↑ "Old indigenous musical instrument find revival strings in Manipur". Tehelka. 2014. Archived from the original on August 10, 2020. https://web.archive.org/web/20200810164121/http://old.tehelka.com/old-indigenous-musical-instrument-find-revival-strings-in-manipur/। আহৰণ কৰা হৈছে: November 18, 2014.
- ↑ "PENA: THE ROYAL COURT MUSIC OF MANIPUR: The government must frame a policy for preserving the valuable indigenous art forms of various communities in Manipur". Huyeien Lan Pao. 2014. Archived from the original on 2014-11-29. https://web.archive.org/web/20141129041101/http://www.hueiyenlanpao.com/articles/item/7099-pena-the-royal-court-music-of-manipur-the-government-must-frame-a-policy-for-preserving-the-valuable-indigenous-art-forms-of-various-communities-in-manipur। আহৰণ কৰা হৈছে: November 18, 2014.
- ↑ "Santoor History". santoor.com. 2014. Archived from the original on October 1, 2015. https://web.archive.org/web/20151001205147/http://santoor.com/biography/santoor-history/index.php। আহৰণ কৰা হৈছে: November 18, 2014.
- ↑ "Manipuri Shamanistic Music Reaching Out To Gen Next". Manipur Online. December 23, 2010. Archived from the original on December 2, 2014. https://web.archive.org/web/20141202110926/http://manipuronline.com/culture-society/manipuri-shamanistic-music-reaching-out-to-gen-next/2010/12/23। আহৰণ কৰা হৈছে: November 18, 2014.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- "Traditional indigenous musical instrument Pena being revived in Manipur". Video. YouTube. 3 June 2014. https://www.youtube.com/watch?v=RyQz9wj3eAI। আহৰণ কৰা হৈছে: November 18, 2014.
- "Pena - a project on Manipuri musical instrument". Video. YouTube. 14 April 2012. https://www.youtube.com/watch?v=zYmCFYGaLC8। আহৰণ কৰা হৈছে: November 18, 2014.
- "Pena(traditional musical instrument of Meetei)". YouTube. 13 June 2017. https://www.youtube.com/watch?v=LS87R9Sc8QY। আহৰণ কৰা হৈছে: July 12, 2018.