গৰু (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গৰু

গৰু ছবিৰ পোষ্টাৰ
পৰিচালক হিমাংশু প্ৰসাদ দাস
চিত্ৰনাট্য ছাহজাহানৰ, উদয় ভাস্কৰ পাটৰ আৰু হিমাংশু প্ৰসাদ দাস
প্ৰযোজক গীতা পাঠক
অভিনয়ত বাহাৰুল ইছলাম
পাকিজা বেগম
সংগীত পৰিচালক পলাশ সূৰ্য গগৈ
মুক্তি
২২ জানুৱাৰী ২০২১ (2021-01-22)
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

গৰু (ইংৰাজী: Goru) ২০২১ত মুক্তি পোৱা, ক্ৰেয়ন ট্ৰী প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু হিমাংশু প্ৰসাদ দাস পৰিচালিত এখন ৰাজনৈতিক ব্যঙ্গাত্মক শৈলীৰ অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা গীতা পাঠকৰ। সঙ্গীত পৰিচালক পলাশ সূৰ্য গগৈ। হুচেইন মহম্মদ ছাহজাহানৰ চুটিগল্প ‘গৰু’ৰ আধাৰত চিত্ৰনাট্য লিখিছে গল্পকাৰ ছাহজাহান, পৰিচালক হিমাংশু প্ৰসাদ দাস আৰু উদয় ভাস্কৰ পাটৰে।[1][2]

মুক্তি[সম্পাদনা কৰক]

ছবিখনৰ মুক্তিৰ তাৰিখ প্ৰথমে ২৪ জানুৱাৰী ২০২০ নিৰ্দ্ধাৰণ কৰা হৈছিল যদিও পিছত সেই বছৰৰ ১ মে'তহে মুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হয়। কিন্তু মাৰ্চ ২০২০ৰ পৰা কৰ'না ৰোগৰ বাবে লকডাউন আৰম্ভ হোৱাত সেই বছৰ 'গৰু' মুক্তি দিব পৰা নগ'ল। পিছলৈ পৰিচালক আৰু প্ৰযোজনা কৰ্তৃপক্ষই ছবিখন চিত্ৰগৃহৰ সলনি ৰাজহুৱা আৰু অস্থায়ী প্ৰেক্ষাগৃহত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি ২০২১ৰ ২২ জানুৱাৰীত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ছবিখন মুক্তি দিয়া হয়। পিছদিনা ২৩ জানুৱাৰীৰ পৰা অসমৰ অন্যান্য ঠাইৰ ৰাজহুৱা আৰু অস্থায়ী প্ৰেক্ষাগৃহত ছবিখনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়।[3][1]

অভিনয় শিল্পী[সম্পাদনা কৰক]

সঙ্গীত[সম্পাদনা কৰক]

সঙ্গীত পৰিচালনা কৰিছে পলাশ সূৰ্য গগৈয়ে। মুঠ গীত পাচটা। ইয়াৰ ‘ধিক্কাৰ এই জীৱন’ গীতটো অঙ্গৰাগ পাপন মহন্ত আৰু হিমাংশু প্ৰসাদ দাসৰ কণ্ঠত বেলেগে বাণীবদ্ধ কৰা হৈছে। গীতৰ এলবাম ১৯ জানুৱাৰী ২০২০ত মুক্তি দিয়া হৈছিল।[4][5]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "ধিক্কাৰ এই জীৱন"  হিমাংশু প্ৰসাদ দাসঅঙ্গৰাগ মহন্ত  
2. "ধিক্কাৰ এই জীৱন"  হিমাংশু প্ৰসাদ দাসহিমাংশু প্ৰসাদ দাস  
3. "পাহি মেলি"  ডেনিছনীল আকাশ  
4. "চকু মেলি চোৱা"  ৰাহুল গৌতমদীক্ষু শৰ্মা  
5. "গৰু"  শশাঙ্ক সমীৰদীপলিনা ডেকা, মিনিমি  

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "কাইলৈ মুক্তি পাৱ হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া চলচ্চিত্ৰ ‘গৰু’". Janambhumi Online Edition. 21 January 2021. Archived from the original on 31 January 2021. https://web.archive.org/web/20210131000434/https://janambhumi.in/VG1wUk1FMXFRVEpPVVQwOQ==/%E0%A6%95%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%88-%E0%A6%AE%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%AA%E0%A6%BE%E0%A7%B1-%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%82%E0%A6%B6%E0%A7%81-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A6%BE%E0%A6%A6-%E0%A6%A6%E0%A6%BE%E0%A6%B8%E0%A7%B0-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0-%E2%80%98%E0%A6%97%E0%A7%B0%E0%A7%81%E2%80%99.html। আহৰণ কৰা হৈছে: 23 January 2021. 
  2. "'Goru' a film by Himangshu Prasad Das to be released on January 23 next year https://www.sentinelassam.com/north-east-india-news/assam-news/goru-a-film-by-himangshu-prasad-das-to-be-released-on-january-23-next-year-517496?infinitescroll=1". The Sentinel Online Edition. 22 December 2020. https://www.sentinelassam.com/north-east-india-news/assam-news/goru-a-film-by-himangshu-prasad-das-to-be-released-on-january-23-next-year-517496?infinitescroll=1। আহৰণ কৰা হৈছে: 23 January 2021. 
  3. লকডাউনৰ পিছত মুক্তি পালে প্ৰথমখন অসমীয়া চলচ্চিত্ৰ হিমাংশু প্ৰসাদ দাসৰ 'গৰু'. News Live Channel. 22 January 2021. 
  4. "Assamese Movie Songsː Goru". https://axomwap.com/. https://axomwap.com/download/399/goru.html। আহৰণ কৰা হৈছে: 23 January 2021. 
  5. "Goru Songs". https://www.hungama.com.+Archived+from the original on 7 June 2023. https://web.archive.org/web/20230607032829/https://www.hungama.com/album/goru/51140290/। আহৰণ কৰা হৈছে: 23 January 2021.