মিনিমি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিনিমি
Minimi
প্ৰাথমিক তথ্য
জন্মৰ নাম নীলোৎপল লহকৰ
জন্ম ১১ জুন, ১৯৯৫ (২৮ বছৰ)
নলবাৰী, অসম
পেচা ৰেপাৰ, গায়ক, অভিনেতা
কাৰ্যকাল ২০১৫ – বৰ্তমানলৈকে

নীলোৎপল লহকৰ (ইংৰাজী: Neelotpal Lahkar; পেছাগতভাৱে মিনিমি বা মিনিমি এন.এল. নামেৰে পৰিচিত) হৈছে ভাৰতৰ এজন ভাৰতীয় ৰেপাৰ, গায়ক তথা অভিনেতা। ১৯৯৫ চনৰ ১১ জুন তাৰিখে তেওঁ নলবাৰীত জন্মগ্ৰহণ কৰিছিল।[1][2][3][4]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৯৫ চনৰ ১১ জুনত জন্মগ্ৰহণ কৰা মিনিমিৰ ঘৰ নলবাৰী জিলাৰ পাণ্ডুলা নামৰ এখন সৰু গাঁৱত। তেওঁৰ পিতৃ প্ৰবীন্দ্ৰ চন্দ্ৰ লহকৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আৰু মাতৃ অনু লহকৰ এগৰাকী গৃহিণী।

কৰ্মজীৱন[সম্পাদনা কৰক]

গায়ক হিচাপে[সম্পাদনা কৰক]

নং বোলছবি গীত(সমূহ) সহ-শিল্পী(সকল) তথ্যসূত্ৰ
কানীন - এ ছিক্ৰেট ছাৰ্চ কানীন বে’ছহ’ল [5]
গৰু (২০২১) গৰু দীপলিনা ডেকা [6]
ৰাজনীতি (২০২২) ইনকিলাব জুবিন গাৰ্গ
ব্লেক এণ্ড হোৱাইট (২০২৩) ক’লা-বগা ৰাজদ্বীপ ঘোষ [7]
বুৰ্বকৰ খেল - গে’ম অৱ ফুল্‌ছ মুনলাইট, হোৱাট্‌ছ ইয়ৰ নে’ম , বন্ধ কৰ, গে’ম অৱ ফুল্‌ছ কে’ছী [8]

বিতৰ্ক[সম্পাদনা কৰক]

অসমত কা-বিৰোধী আন্দোলনৰ সময়ত অসংখ্য শিল্পীয়ে ৰাজপথলৈ ওলাই আহি শান্তিপূৰ্ণ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। কিন্তু মিনিমিকে ধৰি কিছু মুষ্টিমেয় ব্যক্তিয়ে তেওঁৰ "বাংলাদেশী" গীতৰ কথা গাইছিল, যিবোৰক বিদেশী-ভীত আৰু হিংসাত্মক বুলি গণ্য কৰা হৈছিল। ইয়াৰ ফলত সমগ্ৰ ৰাজ্যতে বিতৰ্কৰ ঢৌৰ সৃষ্টি হৈছিল, যাৰ ফলত কৰ্তৃপক্ষই গীতটো ৰাজহুৱাকৈ বজোৱাত নিষেধাজ্ঞা আৰোপ কৰে। অৱশেষত উত্তেজনা কমি অহাৰ লগে-লগে গীতটোৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছিল।[9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]