দীপলিনা ডেকা
| এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
| অসমৰ কণ্ঠশিল্পী দীপলিনা ডেকা | |
|---|---|
| জন্ম | ৭ ফেব্ৰুৱাৰী, ১৯৯২ (৩৪ বছৰ) গুৱাহাটী, |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | গায়িকা, অভিনেত্ৰী |
| জনা যায় | শিল্পী |
দীপলিনা ডেকা (ইংৰাজী: Deeplina Deka) অসমৰ এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী। বৈদ্যুতিক অভিযান্ত্ৰিক ডিগ্ৰীধাৰী দীপলিনা অসমত "পৰী" নামেৰেও পৰিচিত।[1] জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰখনৰ মাধ্যমত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ পাতনি মেলিছিল।
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰীত বাবুল কুমাৰ ডেকাৰ আৰু পদুমী ডেকাৰৰ ঘৰত দীপলিনা ডেকাৰৰ জন্ম হয়। তেওঁৰ দেউতাকে নগাঁৱৰ কাগজৰ কাৰখানাত কাম কৰিছিল৷ দীপলিনা তেওঁৰ পিতৃ-মাতৃৰ ল’ৰা-ছোৱালীৰ ভিতৰত সৰু আৰু তেওঁৰ এগৰাকী ডাঙৰ ভনীয়েক আছে। কেন্দ্ৰীয় বিদ্যালয় জাগীৰোডৰ পৰা মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে মহৰ্ষি বিদ্যা নিকেতনত নামভৰ্তি কৰে। স্কুলীয়া দিনৰে পৰা সংগীত, নৃত্য আৰু অভিনয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন বঁটা লাভ কৰি আহিছে। বহু প্ৰতিভাশালী ছোৱালীজনীয়ে কথক নৃত্যৰ প্ৰশিক্ষণ লৈ শাস্ত্ৰীয় সংগীত আয়ত্ত কৰিছে ৷ ক্ৰীড়াত অতি ভাল আছিল, আৰু ২০০৭ চনত ৰাজ্যিক পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাত চতুৰ্থ স্থান লাভ কৰিছিল।শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত দীপলিনাই ভাৰতী এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ কোম্পানীত অভিযন্তা হিচাপে কাম কৰি জুবিন গাৰ্গৰ পৰিচালনাত নিৰ্মিত অসমীয়া ছবি মিছন চাইনাত গান গোৱাৰ সুযোগ লাভ কৰিছিল। তাৰ পিছত অভিযান্ত্ৰিক চাকৰিৰ পৰা পদত্যাগ কৰি গায়ন-বায়নৰ জগতখনত প্ৰৱেশ কৰে। তেওঁৰ প্ৰথম ভিডিঅ' গীতৰ এলবাম “নোৱাৰি নোৱাৰি” ২০১৫ চনৰ ২৩ ফেব্ৰুৱাৰীত মুক্তি পায়, য'ত সহ অভিনয় কৰিছিল তৰুণ তন্ময়ে৷ সম্প্ৰতি তেওঁৰ খ্যাতি অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বিয়পি পৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন]
ডিস্ক'গ্ৰাফী
[সম্পাদনা কৰক]- নোৱাৰি নোৱাৰি
- চুই দিয়ানা
- উৰি উৰি যায়
- ৰাতি বিহু
- ভবাই নাছিলোঁ
- তুমি আহিলে
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "আৰ্কাইভ কপি". Archived from the original on 2019-11-17. https://web.archive.org/web/20191117075051/https://biographyinsider.com/deeplina-deka/। আহৰণ কৰা হৈছে: 2019-11-20.