সমললৈ যাওক

ধ্ৰুৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধ্ৰুৱ
ধ্ৰুৱ তৰা
তাৰকামণ্ডলৰ অধিপতি
Dhruva becomes the Pole Star by Manaku
দিক নিৰ্ণায়ক হিচাপে ধ্ৰুৱ তৰা (মানাকুৰ দ্বাৰা অংকিত পাহাৰী পেইণ্টিং, চন ১৭৪০ (আনুমানিক))
দেৱনাগৰী ध्रुव
সম্পৰ্ক বিষ্ণুভক্ত
নিবাস অন্তৰীক্ষ (বৰ্হিজগত)
পিতৃ-মাতৃ উত্তনপদ আৰু সুনীতি

ধ্ৰুৱ (সংস্কৃত: ध्रुव , 'অদম্য, অস্থাৱৰ, বা বদ্ধমূল') ভগৱান বিষ্ণুৰ এগৰাকী উল্লেখযোগ্য এগৰাকী কৃচ্ছ্ৰ তপস্বী আছিল। তেওঁৰ বিষয়ে বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণত বৰ্ণিত হৈছে।[1]

মহাভাৰতত মেৰু তৰা বুজাবলৈ 'ধ্ৰুৱ নক্ষত্ৰ' (বা "ধ্ৰুৱ তৰা") সংস্কৃত শব্দগুচ্ছ ব্যৱহৃত হৈছিল। মানৱ ৰূপত তেওঁক উত্তনপদৰ পুত্ৰ আৰু মনুৰ নাতি হিচাপে আখ্যায়িত কৰা হৈছিল। এইটো মনকৰিবলগা যে, মহাভাৰতৰ কাহিনীভাগৰ আনুমানিক উদ্দীপনৰ কালছোৱাত মেৰু তৰাৰ অৱস্থান স্বৰ্গীয় মেৰুৰ পৰা কেইবা ডিগ্ৰীও আঁতৰত আছিল।[2][3]

ধ্ৰুৱক দৰ্শন দিয়াৰ মুহূৰ্তত ভগৱান বিষ্ণু (ৰাজা ৰবি বৰ্মাৰ পেইণ্টিং)

ধ্ৰুৱৰ পিতৃ আছিল ৰজা উত্তনপদ আৰু মাতৃ সুনীতি। আনহাতে উত্তনপদৰ পিতৃ আছিল স্বয়ম্ভূৱ মনু।[4] ৰজা উত্তনপদৰ বাবে তেওঁৰ দ্বিতীয় ৰাণী সুৰুচি অধিক প্ৰিয়পাত্ৰী আছিল আৰু তেওঁ ফালৰ পৰা উত্তম নামৰ আন এগৰাকী পুত্ৰও আছিল। সুৰুচি ধ্ৰুৱক লৈ ঈৰ্ষান্বিত আছিল, কাৰণ তেওঁ জানিছিল যে তেওঁৰ পুত্ৰ উত্তমৰ পৰিৱৰ্তে প্ৰথম ৰাণীৰ জ্যেষ্ঠ পুত্ৰ হিচাপে ধ্ৰুৱ ভৱিষ্যতে সিংহাসনৰ উত্তৰাধিকাৰী হ'ব। এবাৰ পাঁচ বছৰ বয়সীয়া ধ্ৰুৱ এবাৰ সিংহাসনত আসীন পিতৃৰ কোলাত বহি আছিল, সেয়া দেখি সুৰুচিয়ে জোৰ কৰি ধ্ৰুৱক কোলাৰ পৰা আতঁৰাই পথিয়ালে। ধ্ৰুৱই এই কথাৰ প্ৰতিবাদ কৰি যেতিয়া সুধিলে যে তেওঁ পিতৃৰ কোলাত বহিব নোৱাৰে নেকি; তেতিয়া সুৰুচিয়ে তীব্ৰ ভৎৰ্সনা কৰি উত্তৰ দিলে যে, 'একমাত্ৰ ভগৱানেহে তোমাক সেই বিশেষাধিকাৰ প্ৰদান কৰিব পাৰিব। তেওঁক খোজাগৈ'।[5]

সুনীতি স্বভাৱগতভাৱেই নম্ৰ আছিল। তেওঁ যে ৰজাৰ স্নেহপাত্ৰী নাছিল সেয়া তেওঁ জানিছিল। ধ্ৰুৱ মিয়ম্ৰাণ হৈ পৰা দেখি সুনীতিয়ে তেওঁক সান্ত্বনা দিবলৈ চেষ্টা কৰিলে। ধ্ৰুৱ কিন্তু নিজৰ ভৱিষ্যদশা ভগৱন্তৰ পৰা নিজে জানিবলৈ ব্যগ্ৰ হৈ পৰিল। ধ্ৰুৱই বনলৈ তপস্যা কৰিবৰ বাবে যাত্ৰা কৰিব খুজিলে। মাতৃ সুনীতি এই কথাত গভীৰ দুশ্চিন্তাত পৰিছিল যদিও শেষত ধ্ৰুৱৰ দৃঢ়সংকল্পত উপায়ন্তৰ হৈ তেওঁক বিদায় দিবলৈ বাধ্য হ'ল। ধ্ৰুৱই নিজৰ প্ৰাপ্য প্ৰাপ্তিৰ বাবে দৃঢ় পণ কৰি লৈছল, আৰু সেয়া দেখা পাই দেৱৰ্ষি নাৰদ তেওঁৰ সম্মুখত উপস্থিত হ'লহে। ইমান কম বয়সতে কঠোৰতম অনাড়ম্বৰ তপস্বীৰ জীৱন যাপনৰ পৰা ধ্ৰুৱক বিৰত ৰাখিবলৈ নাৰদে তেওঁক বুজাই বঢ়াই ক্ষান্ত কৰিবলৈ চেষ্টা কৰিলে। কিন্তু ধ্ৰুৱৰ অদম্য দৃঢ়তাৰ সম্মুখত দেৱৰ্ষিয়ে হাৰ মানিলে, আৰু তেওঁক ইপ্সিত লক্ষ্য ভগৱান প্ৰাপ্তিৰ ক্ষেত্ৰত বিষ্ণুৰ উপাসনাৰ আৰু ধ্যানৰ নীতি-নিয়ম আৰু মন্ত্ৰাদিৰ শিক্ষা দিবলৈ বাধ্য হ'ল। নাৰদৰ পৰা প্ৰাপ্ত আৰু ধ্ৰুৱই অতি ফলপ্ৰসূভাৱে স্মৰণ কৰা মন্ত্ৰ হৈছে- ওঁম নমোঃ ভগৱতে বাসুদেৱায়[4] নাৰদৰ পৰা পৰামৰ্শাদি প্ৰাপ্ত হোৱাৰ পিছত ধ্ৰুৱই ভগৱন্তৰ ওপৰত মনোযোগ আৱদ্ধ কৰি ছমাহ ধৰি কোনো খাদ্য আৰু পানী গ্ৰহণ নকৰাকৈ বিষ্ণুক আৰাধনা কৰিবলৈ ধৰিলে। তেওঁৰ তপস্যাৰ কঠোৰতাই স্বৰ্গতো কম্পন তুলিলে আৰু ঈশ্বৰ আহি তেওঁৰ সম্মুখত উপস্থিত হ'ল। কিন্তু বালক ধ্ৰুৱৰ অন্তৰ্দৃষ্টি নাৰদৰ দ্বাৰা বৰ্ণিত বিষ্ণুৰ বৰ্ণনাত ইমানেই নিৱদ্ধ আছিল যে স্বয়ং ভগৱান আহি উপস্থিত হোৱাৰ পিছতো ধ্ৰুৱই নিজৰ অক্ষি খুলি দিয়া নাছিল।[4] তেতিয়া ভগৱান বিষ্ণুয়ে ধ্ৰুৱৰ সেই অন্তৰ্দৃষ্টি নোহোৱা কৰিবলৈ এক কৌশল অৱলম্বন কৰিব লগা হ'ল। ধ্ৰুৱই তত্ক্ষণাত চকু মেলি ইমান দিনে অন্তৰ্দৃষ্টিৰে ধ্যানমগ্ন ৰূপ সাক্ষাত সম্মুখতে দেখা পাই ভগৱানৰ ওচৰত সাষ্টাংগে নিজকে সমৰ্পন কৰিলে। ধ্ৰুৱই আত্মহাৰা বাকৰুদ্ধ হৈ পৰিল। ভগৱন্তই তেওঁৰ স্বৰ্গীয় শংখেৰে ধ্ৰুৱৰ সোঁ গালত স্পৰ্শ কৰিলে আৰু ইয়াৰ লগে লগে ধ্ৰুৱৰ বাক পুনৰ উজ্জীৱিত হৈ পৰিল। ঈশ্বৰক আৰাধনা কৰি ধ্ৰুৱই দ্বাদশ স্তৱকৰ এক মনোৰম কাব্যগুচ্ছ উচ্চাৰণ কৰিলে, আৰু এই কাব্যগুচ্ছই পিছলৈ 'ধ্ৰুৱ স্তুতি' ৰূপে জনাজাত হৈ পৰিল।[6]

বিষ্ণু পুৰাণত বৰ্ণিত ধ্ৰুৱৰ আখ্যানটো সামান্য পৃথক। এই বৰ্ণনা অনুসৰি, ধ্ৰুৱৰ তপস্যাত সন্তুষ্ট হৈ ভগৱান বিষ্ণুয়ে যেতিয়া তেওঁ কি বৰ (বৰদান) বিচাৰে সুধিলে, তেতিয়া ধ্ৰুৱই ভগৱানৰ পৰা এক স্তুতি(বন্দনা)ৰ জ্ঞান বৰদান হিচাপে বিচাৰিলে। সাধাৰণ ব্যক্তিয়ে এনে অৱস্থাত পাৰ্থিৱ বা স্বৰ্গীয় সুখ-বৈভৱ, অথবা সৰ্বোচ্চ মোক্ষ(মুক্তি) বিচাৰিলেহেঁতেন। ইয়াৰ বিপৰীতে ব্যক্তিগত আকাংক্ষাৰহিত ধ্ৰুৱই ঈশ্বৰস্তুতিৰ জ্ঞান বিচাৰিলে। শাশ্বত শান্তিৰ বাবে হিন্দু ধৰ্মত সকলো কামনা-বাসনাৰ ত্যাগক অত্যাৱশ্যকীয় হিচাপে গণ্য কৰা হয়- এইয়াই হৈছে 'ধ্ৰুৱ-পদ'ৰ অৰ্থ। সেইকাৰণেই সপ্তৰ্ষিমণ্ডলে ধ্ৰুৱক সৰ্বাকাংক্ষিত তাৰকাৰ স্থান, অৰ্থাত মেৰু তৰাৰ স্থান প্ৰদান কৰিলে।[7]

ভগৱন্তৰ গুণ-স্মৰণত দীৰ্ঘসময় অতিবাহিত কৰাৰ ফলস্বৰূপে ধ্ৰুৱই আনকি তেওঁৰ তপস্যাৰ আদি উদ্দেশ্যই পাহৰি গ'ল, আৰু স্বয়ং ভগৱানৰ পৰা কেৱল ঈশ্বৰ-স্মৃতিৰ জীৱনহে আহ্বান কৰিলে। ধ্ৰুৱৰ তপস্যা আৰু স্তুতিত মুগ্ধ হৈ বিষ্ণুয়ে তেওঁৰ ইচ্ছা পূৰণ কৰিলে আৰু আৰ্শীবাদো প্ৰদান কৰিলে যে, তেওঁ 'ধ্ৰুৱ-পদ' আহৰণ কৰিব। ধ্ৰুৱ-পদ হৈছে এনে এক স্থিতি য’ত আনকি মহাপ্ৰলয়েও তেওঁক স্পৰ্শ কৰিব নোৱাৰিব।[8]

তপস্যাৰ অন্তত ভগৱন্তৰ দৰ্শন প্ৰাপ্ত কৰি ধ্ৰুৱ নিজৰ ৰাজ্যলৈ ঘূৰি আহিল। তেওঁৰ পৰিয়াল-পৰিজনে উদগ্ৰীৱ হৈ তেওঁৰ বাবে অপেক্ষা কৰি আছিল। মাত্ৰ ছয় বছৰ বয়সতে ধ্ৰুৱই ৰাজসিংহাসনত ৰজা হিচাপে আৰোহণ কৰিলে। তেওঁ‌ কেইবাদশক ধৰি ৰাজ্যত ন্যায় আৰু ন্যায্যৰ শাসন প্ৰতিষ্ঠা কৰিছিল।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Linda Johnsen. The Complete Idiot's Guide to Hinduism, 2nd Edition: A New Look at the World’s Oldest Religion. Penguin. পৃষ্ঠা. 216. https://books.google.com/books?id=AUVActACLHkC&pg=PT216 আহৰণ কৰা হৈছে: 5 May 2009.
  2. Aiyangar Narayan (1987). Essays On Indo-Aryan Mythology-Vol.. Asian Educational Services. পৃষ্ঠা. 1. https://books.google.com/books?id=Oym17qIeB-0C.
  3. Klaus G. Witz (1998). The Supreme Wisdom of the Upaniṣads: An Introduction. Motilal Banarsidass Publications. পৃষ্ঠা. 26. https://books.google.com/books?id=2jnPlEqwe_UC.
  4. 1 2 3 "The story of Dhruva" (en ভাষাত). Hindustan Times. 2007-01-25. https://www.hindustantimes.com/india/the-story-of-dhruva/story-uIaIqRN4fXOwVF6bqtIlaO.html আহৰণ কৰা হৈছে: 2021-01-02.
  5. Bibek Debroy. Harivamsha. Penguin UK. পৃষ্ঠা. 21. https://books.google.com/books?id=BRnpDAAAQBAJ আহৰণ কৰা হৈছে: 9 September 2016.
  6. www.wisdomlib.org (2013-05-25). "The Story of Dhruva". www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-vishnu-purana/d/doc57590.html আহৰণ কৰা হৈছে: 2021-01-02.
  7. "DHRUVA (story from Srimad Bhagavatam)". www.speakingtree.in. https://www.speakingtree.in/blog/dhruva-story-from-srimad-bhagavatam আহৰণ কৰা হৈছে: 2021-01-02.
  8. 1 2 www.wisdomlib.org (2020-09-09). "The Story of Dhruva: Dhruva’s Eulogy of Viṣṇu [Chapter 21"]. www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-skanda-purana/d/doc423759.html আহৰণ কৰা হৈছে: 2021-01-02.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]