আখ্যান
আখ্যান (ইংৰাজী: Akhyan) এক পৰম্পৰাগত সঙ্গীতিক থিয়েটাৰ তথা গুজৰাটী আৰু ৰাজস্থানী কবিতাৰ এক মধ্যযুগীয় শৈলী। ভাৰতৰ ৰাজস্থান আৰু গুজৰাটত এনে ধৰণৰ আখ্যান প্ৰচলিত আছিল।[1]
ব্যুৎপত্তি
[সম্পাদনা কৰক]সংস্কৃত ভাষাত আখ্যান শব্দৰ অৰ্থ কোৱা বা বৰ্ণনা কৰা। বাৰ শতিকাৰ সৰ্বজ্ঞ পণ্ডিচ হেমচন্দ্ৰই তেওঁৰ কাব্যানুশাসন গ্ৰন্থত আখ্যান সম্পৰ্কে বৰ্ণনা কৰি কৈছে যে আখ্যান হ’ল গ্ৰন্থিকাৰে অৰ্থাৎ পেচাদাৰী কাহিনী কথকে বৰ্ণনা কৰা ধৰ্মীয় কাহিনীৰ পৰা পাৰ্শ্ব গল্প, যিবোৰ শ্ৰোতাৰ আগত গীত আৰু অভিনয়ৰ যোগেদি পৰিবেশন কৰা হয়। অৱশ্যে পোন্ধৰ শতিকাৰ সন্ত-কবি নৰসিংহ মেহতা আদি অপৌৰাণিক কাহিনীৰ কথকৰ বিবৃতি এই বিৱৰণৰ সৈতে নিমিলে। সাধাৰণভাবে আখ্যান হ’ল- ধৰ্মীয় নিৰ্দেশ অনুসৰণ কৰি দৰ্শক-শ্ৰোতাৰ সন্মুখত গীত আৰু অভিনয়ৰ মাজেদি কথকসকলে কৰা কাহিনী পৰিবেশন। সাহিত্য অকাডেমি বঁটা বিজয়ী গুজৰাটী সাহিত্যিক দোলাৰায় মানকড়ে কৰা বৰ্ণনা মতে, ই বাদ্যযন্ত্ৰৰ সহায়ত উপস্থাপন কৰা কবিতা, য’ত অভিনয়ৰ সুবিধা থাকে।[1]
আখ্যান
[সম্পাদনা কৰক]পৰিবেশক
[সম্পাদনা কৰক]কাহিনী কথকে বৰ্ণনা কৰা আখ্যানক মনভাট বা গাগৰিয়া ভাট বোলা হয়। তেওঁলোকে সঙ্গীতৰ সুৰত কবিতা গায় আৰু একক অভিনয় কৰে। তেওঁলোকে আঙুলবোৰত ৰূপ বা তামৰ আঙুঠি পিন্ধে আৰু তামেৰে নিৰ্মিত কলহ বা ধাতুৰে নিৰ্মিত ঠেক মুখৰ ঘূৰণীয়া কলহত আঙুলিৰে টুকুৰিয়াই বজায়। গুজৰাটী ভাষাত মন(অ) বা গাগৰ মানে কলহ।[1][2][3] এটা বাদ্যযন্ত্ৰীৰ দলে ঝাঝ, পাখৱাজ, তবলা আৰু হাৰমনিয়াম সংগত কৰে। অন্য সম্প্ৰদায়ৰ মানুহেও আখ্যানৰ ৰচনা কৰিব পাৰে যদিও মনভাটজন কেবল ব্ৰাহ্মণ সম্প্ৰদায়ৰহে হ’ব লাগিব। মধ্যযুগীয় গুজৰাটী সাহিত্যত নকৰ নামৰ এনে এজন বনিয়া সম্প্ৰদায়ৰ আখ্যান ৰচকৰ উল্লেখ পোৱা যায়।[1]
শৈলী
[সম্পাদনা কৰক]আখ্যানক বিভিন্ন স্তৱকত ভাগ কৰা হয় আৰু ইয়াক কোৱা হয় কড়বুন। কড়বুন অথবা আবৃত্তিৰ তিনিটা অংশ- মুখবন্ধ (ভূমিকা অথবা প্ৰস্তাৱনা), ধল (বিৱৰণ) আৰু বলন (সাৰাংশ)। মুখবন্ধ হ’ল প্ৰথম দুশাৰী, যিয়ে বক্তব্য বা ঘটনাৰ বিষয়ে পৰিচয় দিয়ে। ধল হ’ল ঘটনাৰ বিস্তৃত বিৱৰণ। বলন মানে হ’ল শেষৰ দুশাৰী, য’ত প্ৰথমে কথিত ঘটনাৰ সাৰাংশ আৰু দ্বিতীয়তে যি ঘটনা বিবৃত কৰা হ’ব, তাৰ বিষয়ে জ্ঞাত কৰা। সকলো আখ্যানৰে কথন এই তিনিভাগত বিভক্ত কৰা হয়। কেতিয়াবা যেতিয়া আৱেগ তীব্ৰ হয়, আখ্যানৰ মাজত পদ ব্যৱহাৰ কৰা হয়।[1]
যিহেতু আখ্যান ধৰ্মীয় পদৰ সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত, ই গণেশ বন্দনাৰ সৈতে আৰম্ভ হয়, যি সকলো বাধা আঁতৰ কৰে। ইয়াৰ পিছত বিদ্যাৰ দেৱী সৰস্বতীৰ বন্দনা। ইয়াৰ পিছত কথকে পুৰাণ, মহাকাব্যৰ পৰা কাহিনীৰ বিৱৰণ দিয়ে। শেষত কথকে লেখকৰ বিৱৰণ, ৰচনাৰ সময় আৰু ৰচকৰ বাসস্থান, পিতৃৰ নাম, বংশ পৰিচয় আদি কিছুমান তথ্য দাঙি ধৰে। কবিতা বা পদবোৰ এটা বা দুটা ফলশ্ৰুতিৰে সমাপ্ত হয়। ফলশ্ৰুতি হ’ল আখ্যান শুনাৰ ফলত শ্ৰোতাৰ কি লাভ হয়, তাৰ বৰ্ণনা। আখ্যান শ্ৰৱণৰ ফলত যে শ্ৰোতাৰ পাপৰ প্ৰক্ষালন আৰু মোক্ষপ্ৰাপ্তি হয়, ৰোগ-ব্যাধি আঁতৰি যায়, সন্তানৰ মুখ দেখে, সম্পদশালী হয়- এইবোৰ বৰ্ণনাই ফলশ্ৰুতি।[1]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 Datta, Amaresh (1987). Encyclopaedia of Indian Literature. Sahitya Akademi. পৃষ্ঠা. 28, 29, 121–122. ISBN 8126018038. https://books.google.com/books?id=ObFCT5_taSgC.
- ↑ Mukherjee, Sujit (1999). A Dictionary of Indian Literature: Beginnings-1850. Orient Blackswan. ISBN 8125014535. https://books.google.com/books?id=YCJrUfVtZxoC&pg=PA11.
- ↑ "Dharmiklal Pandya struggles to save dying art of Gujarat Manbhat Akhyan". India Today 12012004. 12 January 2004. http://indiatoday.intoday.in/story/dharmiklal-pandya-struggles-to-save-dying-art-of-gujarat-manbhat-akhyan/1/196824.html। আহৰণ কৰা হৈছে: 12 June 2016.