সমললৈ যাওক

আৰুচি নিশাংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰুচি নিশাংক
Arushi Nishank
জন্ম আৰুচি পোখৰিয়াল
১৭ ছেপ্টেম্বৰ, ১৯৮৬ (৩৯ বছৰ)
কটদ্বাৰা, উত্তৰাখণ্ড, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা আন্তৰ্জাতিক কেমব্ৰিজ পিজিডিএম
পেচা ভাৰতীয় লোক নৃত্যশিল্পী
সক্ৰিয় হৈ থকা সময় ২০০০-বৰ্তমান
দাম্পত্যসঙ্গী অভিনৱ পণ্ট (বি. ২০১৫)

আৰুশি নিশাংক পণ্ট (ইংৰাজী: Arushi Nishank Pant, জন্ম-১৭ ছেপ্টেম্বৰ ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী আৰু পৰিৱেশবিদ৷ তেখেত দেৰাডুনস্থিত হিমালয়ান আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ৷[1][2][3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

আৰুচি নিশাংক বিৰজু মহাৰাজৰ শিষ্যা৷[4] তেখেতে গংগা আৱৰ্তনৰ দৰে কিছুমান নৃত্যৰ পৰিচালনা আৰু পৰিৱেশন কৰিছে৷ যিবিধ নৃত্যত হিন্দু ধৰ্মীয় দেৱী গংগা পৃথিৱীলৈ নামি অহাৰ কাহিনী অংকিত হৈছে৷ [5] ২০১৭ চনত তেখেতে উত্তৰাখণ্ড বঁটা অৰ্জন কৰি গৌৰৱৰ পাত্ৰী হয়৷[6] তেখেত কেম্ব্ৰিজ এছেছমেণ্ট ইণ্টাৰনেশ্যনেল ইডুকেছন শীৰ্ষক প্ৰতিষ্ঠানৰ পৰা ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীও অৰ্জন কৰিবলৈ সমৰ্থৱান হৈছে৷ আৰুচি নিশাংক উত্তৰাখণ্ডৰ দেৰাদুনত থকা হিমালয়ান আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ৷ [3]

২০১৮ চনত নিশাংকে মেজৰ নিৰলা শীৰ্ষক আঞ্চলিক ছবিখন প্ৰযোজনা কৰে৷ তেখেতৰ পিতৃ ৰমেশ পোখৰিয়ালে ৰচনা কৰা উপন্যাসৰ আধাৰত এইখন ছবি নিৰ্মাণ কৰা হৈছে৷[7][8]

সামাজিক কৰ্ম

[সম্পাদনা কৰক]

আৰুচি নিশাংক স্পৰ্শ গংগা অভিযানৰ এগৰাকী প্ৰচাৰকৰ্মী৷ এই অভিযানটো তেখেতৰ পিতৃয়ে ২০০৯ চনত আৰম্ভ কৰিছিল৷ গংগা নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰিৱেশ সম্পৰ্কীয় সতৰ্কতা আৰু সজাগতা হৈছে এইটো অভিযানৰ অন্যতম উদ্দেশ্য৷ [9][10]২০১৮ চনত ডুবাইত আৰু ২০১৯ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মহিলা সৱলীকৰণ কাৰ্যসূচীৰো তেখেত অধ্যক্ষতা কৰে৷ [11]

২০২০ চনত ক'ভিড-১৯ৰ মহামাৰীৰ সময়ত আৰুচি নিশাংকে খাদী কাপোৰেৰে মাস্ক তৈয়াৰ কৰাৰ এটি অভিনৱ অভিযান আৰম্ভ কৰে৷ এই অভিযানটো তেখেতে স্পৰ্শ গংগাৰ অধীনতেই পাতনি মেলিছিল৷ তেখেতে গ্ৰাম্য এলেকাৰ মহিলাসকলৰ মাজলৈ গৈ তেওঁলোকক খাদী মাস্ক তৈয়াৰ কৰোৱাৰ কামত জড়িত কৰে৷ এইসমূহ মাস্ক পুনৰ ব্যৱহাৰৰো যোগ্য৷ তৈয়াৰ হোৱা মাস্কসমূহ মহিলাসকলে পৰৱৰ্তী সময়ত কৰ্তব্যৰত আৰু ক'ভিড-১৯ৰ সেৱাত নিয়োজিত প্ৰতিৰক্ষা বাহিনী, প্ৰথমশাৰীৰ স্বাস্থ্য কৰ্মী, বনুৱাসকলক প্ৰদান কৰে৷ তেখেতৰ নেতৃত্বত গঠিত হোৱা দলটোৱে দিল্লী, মুম্বাই আৰু হৰিদ্বাৰত প্ৰায় চল্লিছ হেজাৰতকৈও অধিকসংখ্যক মাস্ক বিতৰণ কৰে৷ [12]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কুসুম কান্ত পোখৰিয়াল আৰু ৰমেশ পোখৰিয়ালৰ জ্যেষ্ঠা কন্যা হৈছে আৰুচি নিশাংক৷ উল্লেখনীয় যে, ৰমেশ পোখৰিয়ালে ভাৰতৰ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ইয়াৰ লগতে তেখেত উত্তৰাখণ্ডৰো প্ৰাক্তন মুখ্য মন্ত্ৰী আছিল৷[13][14]ৰাজস্থানৰ এখনি আৱাসিক মহাবিদ্যালয় বনস্থলী বিদ্যাপীঠৰ পৰা আৰুচিয়ে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে৷ [12] ২০১৫ চনৰ ২৪ জানুৱাৰীত আৰুচি নিশাংকে অভিনৱ পণ্টৰ সৈতে বৈবাহিক জীৱনৰ পাতনি মেলে৷[15]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "भारत की एनवायरमेंट एक्टिविस्ट आरुषि निशंक को शिकागो में मिला 'टॉप 20 ग्लोबल वूमेन अवॉर्ड'". Amar Ujala. 3 March 2020. https://www.amarujala.com/dehradun/india-environmental-activist-aarushi-nishank-receives-top-20-global-women-award আহৰণ কৰা হৈছে: 27 March 2020.
  2. Kuriakose, Simi (30 October 2019). "'Women should lend a helping hand to each other'" (en ভাষাত). India Today. https://www.indiatoday.in/mail-today/story/-women-should-lend-a-helping-hand-to-each-other-1614036-2019-10-30 আহৰণ কৰা হৈছে: 27 March 2020.
  3. 1 2 "Houston Tamil Studies Chair honors Arushi Nishank Pant, educational and environmental activist". india-herald.com. https://india-herald.com/houston-tamil-studies-chair-honors-arushi-nishank-pant-educational-and-env-p7396-65.htm আহৰণ কৰা হৈছে: 27 June 2020.
  4. Kuriakose, Simi (30 October 2019). "'Women should lend a helping hand to each other'" (en ভাষাত). India Today. https://www.indiatoday.in/mail-today/story/-women-should-lend-a-helping-hand-to-each-other-1614036-2019-10-30.
  5. "The Dance of Mother Ganga: Pujya Swamiji and Dignitaries, Including Shri Anna Hazare, come together to enjoy an unforgettable performance". Gangaaction.org. http://www.gangaaction.org/the-dance-of-mother-ganga-pujya-swamiji-and-dignitaries-come-together-to-enjoy-an-unforgettable-performance/ আহৰণ কৰা হৈছে: 7 July 2017.
  6. "Himani Shivpuri, Dobhal get Pride of Uttarakhand award". Tribuneindia.com. 1 December 2016. http://www.tribuneindia.com/news/uttarakhand/himani-shivpuri-dobhal-get-pride-of-uttarakhand-award/330533.html আহৰণ কৰা হৈছে: 7 July 2017.
  7. "उत्तराखंडी फिल्म ‘मेजर निराला’ का प्रोमो दिल्ली में रिलीज, भाजपा सांसद ने लिखी है पूरी कहानी [Uttrakhand's Film 'Major Nirala' 's promo released in Delhi, BJP MP had written the script.]" (Hindi ভাষাত). Amar Ujala. https://www.amarujala.com/dehradun/uttarakhand-movie-major-nirala-promo-released-in-delhi আহৰণ কৰা হৈছে: 26 June 2020.
  8. "केंद्रीय मंत्री रमेश पोखरियाल 'निशंक' की बेटी ने खादी के मास्क बनाकर बांटें, पिता ने ट्वीट कर जताया गर्व". Zee Uttar Pradesh Uttarakhand. 10 April 2020. https://zeenews.india.com/hindi/india/up-uttarakhand/amid-coronavirus-crisis-union-minister-ramesh-pokhriyal-nishank-daughter-arushi-nishank-distributed-hand-made-khadi-mask-father-expresses-pride-on-her/665793 আহৰণ কৰা হৈছে: 13 October 2020.
  9. "‘Father influenced me to strive for more’". The Sunday Guardian Live. 14 March 2020. Archived from the original on 17 March 2022. https://ghostarchive.org/archive/20220317/https://www.sundayguardianlive.com/culture/father-influenced-strive.
  10. "मानव जीवन बचाने के लिए पेड़ लगाना है जरूरी: आरुषि". Hindustan. https://www.livehindustan.com/uttarakhand/roorki/story-need-to-plant-trees-to-save-human-life-arushi-2057783.html আহৰণ কৰা হৈছে: 17 March 2020.
  11. Post, Garhwal. "Arushi Nishank hosts India Chapter of IWES-2019 | Garhwal Post" (en-US ভাষাত). https://garhwalpost.in/arushi-nishank-hosts-india-chapter-of-iwes-2019/ আহৰণ কৰা হৈছে: 27 June 2020.
  12. 1 2 "Meet the environmentalist and dancer who is providing khadi masks to armed personnel Read more at: https://yourstory.com/socialstory/2020/05/environmentalist-dancer-khadi-masks-coronavirus-army". https://yourstory.com/socialstory/2020/05/environmentalist-dancer-khadi-masks-coronavirus-army আহৰণ কৰা হৈছে: 3 February 2021.
  13. "The Tribune, Chandigarh, India - Dehradun Edition". The Tribune. 12 November 2012. https://www.tribuneindia.com/2012/20121112/dun.htm আহৰণ কৰা হৈছে: 26 March 2020.
  14. "कमाल की डांसर हैं HRD मंत्री निशंक की बेटी, इनकी फिल्म जीत चुकी है अवॉर्ड". News18 India. 1 January 1970. https://hindi.news18.com/news/entertainment/bollywood-hrd-minister-ramesh-pokhriyal-nishank-daughter-arushi-nishank-life-story-2643787.html আহৰণ কৰা হৈছে: 26 March 2020.[সংযোগবিহীন উৎস]
  15. "V-DAY : निशंक की बेटी ने की मां की आखिरी इच्‍छा पूरी, सहेली के बेटे से शादी". News18 India. 1 January 1970. Archived from the original on 26 March 2020. https://web.archive.org/web/20200326133127/https://hindi.news18.com/news/uttarakhand/v-day-mothers-last-wish-to-exhibit-daughter-married-friends-son-695903.html আহৰণ কৰা হৈছে: 26 March 2020.