বিৰজু মহাৰাজ
অৱয়ব
বিৰজু মহাৰাজ | |
|---|---|
| পৃষ্ঠভূমি | |
| জন্ম | ৪ ফেব্ৰুৱাৰী, ১৯৩৮ হিন্দীয়া, উত্তৰ প্ৰদেশ, ব্ৰিটিছ ভাৰত |
| মৃত্যুৰ তাৰিখ | ১৭ জানুৱাৰী, ২০২২ (৮৩ বছৰ) দিল্লী, ভাৰত |
| সংগীতৰ ধৰণ | ভাৰতীয় শাস্ত্ৰীয় সংগীত |
| পেচা | নৃত্যশিল্পী, গায়ক |
| সক্ৰিয়তাৰ বছৰ | ১৯৫১ – ২০১৬ |
| ৱেবছাইট | birjumaharaj-kalashram |
ব্ৰিজমোহন নাথ মিশ্ৰ (৪ ফেব্ৰুৱাৰী ১৯৩৮ – ১৭ জানুৱাৰী ২০২২) ভাৰতৰ কথক নৃত্যৰ লক্ষ্ণৌ কালকা-বিন্দাদিন ঘৰানাৰ এগৰাকী মুখ্য শিল্পী আছিল। ইয়াৰোপৰি তেওঁ এগৰাকী কণ্ঠশিল্পী আছিল। তেওঁক পণ্ডিত বিৰজু মহাৰাজ বুলি জনা যায়। তেওঁ কথক নৃত্যশিল্পীসকলৰ মহাৰাজ পৰিয়ালৰ বংশধৰ আছিল। এইসকলৰ ভিতৰত তেওঁৰ দুই খুৰাক, শম্ভু মহাৰাজ আৰু লাচ্চু মহাৰাজ আৰু তেওঁৰ পিতৃ আৰু গুৰু আচ্চান মহাৰাজ অন্তৰ্ভুক্ত। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতো অনুশীলন কৰিছিল।[1]
ভাৰতীয় কলা কেন্দ্ৰত তেওঁৰ খুৰাক শম্ভু মহাৰাজৰ সৈতে কাম কৰাৰ পিছত, তেওঁ নতুন দিল্লীৰ কথক কেন্দ্ৰত ১৯৯৮ চনত অৱসৰলৈকে কেইবা বছৰ ধৰি নিজৰ নৃত্য বিদ্যালয় কলাশ্ৰমত কাম কৰিছিল।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Kaui, Banotsarg-Boghaz (2002). Subodh Kapoor. ed. The Indian encyclopaedia: biographical, historical, religious, administrative, ethnological, commercial and scientific. Volume 3. Genesis Publishing. পৃষ্ঠা. 198. ISBN 81-7755-257-0. https://books.google.com/books?id=bfyA327hG8EC&q=Kathak+Kendra&pg=PA915.
- ↑ Massey, p. 29