পণ্ডিতা ৰমাবাঈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
পণ্ডিতা ৰমাবাঈ

পণ্ডিতা ৰমাবাঈ সৰস্বতী
জন্ম ৰমা ডংৰে
২৩ এপ্ৰিল, ১৮৫৮
কানাড়া জিলা, মাদ্ৰাজ প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ৫ এপ্ৰিল, ১৯২২ (৬৩ বছৰ)
বোম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সমাজ সংস্কাৰক
সক্ৰিয় হৈ থকা সময় ১৮৮৫ - ১৯২২
সংস্থা পণ্ডিতা ৰমাবাঈ মুক্তি মিছন, কেদগাওঁ
জনা যায় নিঃস্ব আৰু অনাথ ছোৱালীৰ মাজত সেৱা
উল্লেখযোগ্য কৰ্ম 'দা হাই কাষ্ট হিন্দু ৱমেন'
সন্তান মনোৰমা

পণ্ডিতা ৰমাবাঈ সৰস্বতী (ইংৰাজী: Pandita Ramabai, ২৩ এপ্ৰিল ১৮৫৮ - ৫ এপ্ৰিল ১৯২২) এগৰাকী নাৰী অধিকাৰ আৰু শিক্ষা কৰ্মী। তেওঁ ভাৰতত মহিলাৰ শিক্ষা আৰু মুক্তিৰ অগ্ৰদূত আৰু সমাজ সংকাৰক আছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা 'পণ্ডিতা' আৰু 'সৰস্বতী' উপাধি লাভ কৰা প্ৰথম মহিলা আছিল।[1] তেওঁ ১৮৮৯ চনৰ কংগ্ৰেছ অধিৱেশনত ১০ গৰাকী মহিলা প্ৰতিনিধিৰ ভিতৰত এগৰাকী আছিল।[2][3] ১৮৯০ চনৰ শেষত তেওঁ পুনে চহৰৰ পৰা চল্লিশ মাইল পূৱত কেদগাঁও গাঁৱত মুক্তি মিছন স্থাপন কৰিছিল।[4][5] এই অভিযানক পিছত পণ্ডিতা ৰমাবাঈ মুক্তি অভিযান নাম ৰখা হৈছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৮৫৮ চনৰ ২৩ এপ্ৰিলত মাৰাঠী ব্ৰাহ্মণ পৰিয়ালত পণ্ডিতা ৰমাবাঈ সৰস্বতীৰ ৰমা ডংৰে হিচাপে জন্ম হৈছিল কিন্তু পিছত তেওঁ ইংলেণ্ডত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল।[6] তেওঁৰ পিতৃ অনন্ত শাস্ত্ৰী ডংৰে এজন সংস্কৃত পণ্ডিত আৰু আৰু তেওঁ ৰমাক ঘৰতে সংস্কৃত শিকাইছিল। ১৮৭৬-৭৮ চনৰ মহা দুৰ্ভিক্ষৰ সময়ত ১৬ বছৰ বয়সত অনাথ হৈ ডংৰে আৰু তেওঁৰ ভাতৃ শ্ৰীনিবাসে সংস্কৃত শাস্ত্ৰ পাঠ কৰি ভাৰত ভ্ৰমণ কৰিছিল। এজন প্ৰবক্তা হিচাপে ৰমাবাঈৰ খ্যাতি কলিকতালৈ বিয়পি পৰিছিল আৰু আৰু পণ্ডিতসকলে তেওঁক ব্যক্তব্য ৰাখিবলৈ আমন্ত্ৰণ কৰিছিল।[7] ১৮৭৮ চনত কলিকতা বিশ্ববিদ্যালয়য়ে বিভিন্ন সংস্কৃত কৰ্মৰ জ্ঞানৰ স্বীকৃতিস্বৰূপে তেওঁক পণ্ডিতা আৰু সৰস্বতী উপাধি প্ৰদান কৰে।[8][6] ঈশ্বৰবাদী সংকাৰক কেশৱ চন্দ্ৰ সেনে তেওঁক সকলো হিন্দু সাহিত্যৰ আটাইতকৈ পৱিত্ৰ বেদৰ প্ৰতিলিপি দিছিল আৰু তেওঁক সেইবোৰ পঢ়িবলৈ উৎসাহিত কৰিছিল। ১৮৮০ চনত শ্ৰীনিবাসৰ মৃত্যুৰ পিছত ৰমাবাঈ এজন বঙালী অধিবক্তা বিপিন বেহাৰী মেধৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁ এজন বঙালী কায়স্থ আছিল আৰু সেয়েহে তেওঁলোকৰ বিবাহ আন্তঃজাতি আৰু আন্তঃআঞ্চলিক বুলি গণ্য কৰা হৈছিল। এনে বিবাহ সেই সময়ৰ বাবে অনুপযুক্ত বুলি বিবেচনা কৰা হৈছিল। তেওঁলোক ১৮৮০ চনৰ ১৩ নৱেম্বৰত এক অসামৰিক অনুষ্ঠানত বিয়া হৈছিল। দম্পতীৰ এগৰাকী ছোৱালী আছিল যাক তেওঁলোকে মানৰমা নাম দিছিল। ১৮৮২ চনত মেধৱীৰ মৃত্যুৰ পিছত, মাত্ৰ ২৩ বছৰ বয়সত ৰমাবাঈ পুনেলৈ আহে আৰু মহিলা শিক্ষাৰ প্ৰচাৰৰ বাবে এটা সংগঠন স্থাপন কৰে।[6][9]

সামাজিক সক্ৰিতা[সম্পাদনা কৰক]

মেধৱীৰ মৃত্যুৰ পিছত ৰমাবাঈ পুনেলৈ গৈছিল আৰু তেওঁ আৰ্য মহিলা সমাজ প্ৰতিষ্ঠা কৰিছিল। মহিলাৰ শিক্ষাৰ উপায় বৃদ্ধি কৰা আৰু বাল্য বিবাহৰ অত্যাচাৰৰ মুক্ত কৰা এই সমাজৰ মুখ্য উদ্দেশ্য আছিল। ১৮৮২ চনত ভাৰত চৰকাৰে শিক্ষাৰ বাবে এটা আয়োগ গঠন কৰিছিল আৰু ৰামাবাঈয়ে ইয়াৰ আগত নাৰী শিক্ষাৰ বাবে কিছুমান প্ৰমাণ দাখিল কৰিছিল। লৰ্ড ৰিপনৰ শিক্ষা আয়োগক সম্বোধন কৰি তেওঁ উৎসাহেৰে ঘোষণা কৰে,

"এই দেশৰ এশজনৰ ভিতৰত নিৰানব্বৈটা ক্ষেত্ৰত শিক্ষিত পুৰুষসকল মহিলা শিক্ষা আৰু মহিলাৰ সঠিক স্থিতি বিৰোধী। যদি তেওঁলোকে সামান্যতম দোষো লক্ষ্য কৰে, তেন্তে তেওঁলোকে সৰিয়হৰ বীজক পৰ্বতৰ সমান ডাঙৰ কৰে আৰু এগৰাকী মহিলাৰ চৰিত্ৰ নষ্ট কৰিবলৈ চেষ্টা কৰে।"

তেওঁ আয়োগক পৰামৰ্শ দিছিল যে শিক্ষকসকলক প্ৰশিক্ষণ দিব লাগে আৰু মহিলা বিদ্যালয় পৰিদৰ্শক নিয়োগ কৰিব লাগে। লগতে তেওঁ কয় যে মহিলাৰ পৰিস্থিতি এনে আছিল যে মহিলাসকলে কেৱল তেওঁলোকৰ চিকিৎসা কৰিব পাৰে আৰু ভাৰতীয় মহিলাসকলক চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিব দিব লাগে। ৰমাবাঈৰ প্ৰমাণে এক সংবেদনৰ সৃষ্টি কৰিছিল আৰু ৰাণী ভিক্টোৰিয়ালৈ তেওঁৰ ব্যক্তব্য প্ৰচাৰ হৈছিল। লৰ্ড ডাফাৰিনৰ দ্বাৰা মহিলা চিকিৎসা আন্দোলন আৰম্ভ কৰাৰ পিছত ই ফল লাভ কৰিছিল।[9]

তেওঁ ১৮৮৩ চনত চিকিৎসাৰ প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ ব্ৰিটেইনলৈ গৈছিল। কিন্তু প্ৰগতিশীল বধিৰতাৰ বাবে তেওঁক চিকিৎসা কাৰ্যসূচীৰ পৰা অগ্ৰাহ্য কৰা হৈছিল।[10] ইংলেণ্ডত থকা কালছোৱাত তেওঁ খ্ৰীষ্টান ধৰ্মলৈ লৈ ধৰ্মান্তৰিত হৈছিল। ব্ৰিটেইনৰ পৰা তেওঁ ১৮৮৬ চনত তেওঁৰ আত্মীয় প্ৰথম মহিলা ভাৰতীয় চিকিৎসক আনন্দীবাঈ যোশীৰ স্নাতক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমেৰিকা ভ্ৰমণ কৰিছিল।[10] এই সময়ত তেওঁ পাঠ্যপুথি অনুবাদ কৰিছিল আৰু সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত বক্তৃতা দিছিল।[11] এই সময়তে তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ 'দা হাই-কাষ্ট হিন্দু ৱমেন' প্ৰকাশিত হৈছিল। এইখন তেওঁৰ প্ৰথম ইংৰাজী ভাষাৰ কিতাপ। ৰমাবাঈৰ এই কিতাপখন আনন্দীবাঈ যোশীক উৎসৰ্গা কৰিছিল আৰু ইয়াৰ জৰিয়তে তেওঁ শিশু কইনা আৰু শিশু বিধবাকে ধৰি হিন্দু মহিলাসকলৰ জীৱনৰ আন্ধাৰ দিশবোৰ দেখুৱাইছিল। ইয়াৰ লগতে তেওঁ হিন্দু-আধিপত্য থকা ব্ৰিটিছ ভাৰতত মহিলাসকলৰ উৎপীড়ন প্ৰকাশ কৰিবলৈ বিচাৰিছিল।

ভাৰতত তেওঁৰ কামৰ বাবে সমৰ্থন বিচাৰিবলৈ আমেৰিকা যুক্তৰাজ্যত প্ৰেজেণ্টেচন দিয়াৰ সময়ত ৰমাবাঈয়ে ১৮৮৭ চনৰ জুলাই মাহত ফ্ৰান্সৰ ৱালাৰ্ডক লগ পাইছিল। ১৮৮৭ চনৰ নৱেম্বৰত ৰাষ্ট্ৰীয় মহিলা খ্ৰীষ্টান টেম্পাৰেন্স ইউনিয়ন সন্মিলনত ব্যক্তব্য ৰাখিবলৈ ৱালাৰ্ডে ৰমাবাঈক আমন্ত্ৰণ জনাইছিল। ইয়াত তেওঁ এই বৃহৎ মহিলা সংগঠনৰ সমৰ্থন লাভ কৰিছিল। তেওঁ ১৮৮৮ চনৰ জুন মাহত ডব্লিউচিটিইউৰ ৰাষ্ট্ৰীয় প্ৰবক্তা হিচাপে ভাৰতলৈ উভতি আহিছিল। ডব্লিউচিটিইউৰ প্ৰথম বিশ্ব মিছনাৰী মেৰী গ্ৰীণলিফ ক্লেমেণ্ট লেভিট ইতিমধ্যে ভাৰতত আছিল। ৰামাবাই অৱশ্যে ১৮৯৩ চনত আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ পিছত ভাৰতৰ ডব্লিউচিটিইউৰ সৈতে তেওঁ কাম কৰিছিল।[12]

১৮৯৬ চনত তীব্ৰ দুৰ্ভিক্ষৰ সময়ত ৰমাবাঈ গৰুগাড়ীৰে মহাৰাষ্ট্ৰৰ গাওঁবোৰ ভ্ৰমণ কৰে আৰু হাজাৰ হাজাৰ শিশু, বিধবা, অনাথ আৰু অন্যান্য অৱহেলিত মহিলাক উদ্ধাৰ কৰে আৰু তেওঁলোকক সহায়ৰ বাবে শাৰদা সদনৰ আশ্ৰয়লৈ লৈ আহে। তেওঁ সাতটা ভাষা জানিছিল বাইবেলটো মূল হিব্ৰু আৰু গ্ৰীকৰ পৰা তেওঁৰ মাতৃভাষা মাৰাঠীলৈ অনুবাদ কৰিছিল।[8]

১৯০০ চনৰ ভিতৰত মুক্তি মিছনত ১,৫০০জন বাসিন্দা আৰু এশৰো অধিক গৰু আছিল আৰু তেওঁ মুক্তিত এটা গীৰ্জা স্থাপন কৰাৰ লগতো জড়িত আছিল। পণ্ডিতা ৰমাবাঈ মুক্তি মিছন বৰ্তমানেও সক্ৰিয় হৈ আছে আৰু বিধৱা, অনাথ আৰু অন্ধকে ধৰি বহুতো অভাৱী গোটৰ বাবে গৃহ, শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ আদি প্ৰদান কৰি আহিছে।[13]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

তেওঁ নিজকে সামাজিক সেৱাত ব্যস্ত ৰখাৰ বাবে ব্যক্তিগত জীৱনত কম সময় অতিবাহিত কৰিছিল। তেওঁৰ শৈশৱ দুখ-কষ্টেৰে ভৰা আছিল। তেওঁৰ মাক-দেউতাকক সোনকালে হেৰুৱাইছিল আৰু বিয়াৰ দুবছৰৰ ভিতৰতে তেওঁৰ স্বামীৰ মৃত্যু হৈছিল। একমাত্ৰ ছোৱালী মনোৰমাক তেওঁ শিক্ষিত কৰিছিল। মনোৰমায়ে বোম্বাই বিশ্ববিদ্যালয়ৰ পৰা বিএ সম্পূৰ্ণ কৰিছিল আৰু উচ্চ শিক্ষাৰ বাবে আমেৰিকা লৈ গৈছিল। ভাৰতলৈ উভতি আহি তেওঁ মুম্বাইৰ শাৰদা সদনৰ অধ্যক্ষ হিচাপে কাম কৰিছিল। ১৯১২ চনত তেওঁ দক্ষিণ ভাৰতৰ পিছপৰা জিলা গুলবাৰ্গাত (বৰ্তমান কৰ্ণাটকৰ) খ্ৰীষ্টান উচ্চ বিদ্যালয় স্থাপন কৰে আৰু তেওঁৰ ছোৱালী বিদ্যালয়ৰ অধ্যক্ষ আছিল। ১৯২০ চনত ৰমাবাঈ দুৰ্বল হবলৈ ধৰে আৰু তেওঁৰ ছোৱালীক মুক্তি মিছনৰ দায়িত্বভাৰ অৰ্পণ কৰে। অৱশ্যে ১৯২১ চনত মনোৰমাৰ মৃত্যু হৈছিল। কন্যাৰ মৃত্যুৰ ফলত তেওঁ মানসিক ভাৱে ভাঙি পৰে। ন মাহ পিছত চেপটিক ব্ৰংকাইটিছত ভুগি থকা ৰমাবাঈৰ ৬৪তম জন্মদিনৰ কেইসপ্তাহমান আগতে ১৯২২ চনৰ ৫ এপ্ৰিলত মৃত্যু হৈছিল।[14]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

১৯৮৯ চনৰ ডাক টিকটত পণ্ডিতা ৰমাবাঈ
  • কলিকতা বিশ্ববিদ্যালয়ৰ পৰা "পণ্ডিতা" আৰু "সৰস্বতী" উপাধি
  • ১৯১৯ চনত ভাৰত ব্ৰিটিছ ঔপনিবেশিক চৰকাৰৰ দ্বাৰা সমাজ সেৱাৰ বাবে কেশৰী-ই-হিন্দ পদক[15]
  • তেওঁক ৫ এপ্ৰিলত এপিকোপিকেল গীৰ্জাৰ (আমেৰিকা যুক্তৰাষ্ট্ৰ) লিটাৰ্জিকেল কেলেণ্ডাৰত ভোজ দিৱস[16] আৰু ৩০ এপ্ৰিলত ইংলেণ্ডৰ গীৰ্জাৰ লিটাৰ্জিকেল কেলেণ্ডাৰত এক স্মৰণ দিৱসেৰে সন্মানিত কৰা হৈছে[17]
  • ১৯৮৯ চনৰ ২৬ অক্টোবৰত ভাৰতীয় মহিলাসকলৰ উন্নতিত তেওঁৰ অৱদানৰ স্বীকৃতি হিচাপে ভাৰত চৰকাৰে ডাক টিকট জাৰি কৰে[18]
  • মুম্বাইৰ তেওঁৰ স্মৃতিত এটা পথৰ নামকৰণ কৰা হৈছে। গামদেৱী এলেকাৰ ওচৰৰ হিউজ ৰোডৰ পৰা নানা চকলৈ সংযোগ কৰা পথটোক পণ্ডিতা ৰমাবাঈ মাৰ্গ বুলি কোৱা হয়[19]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Women's History Month: Pandita Ramabai". Women's History Network. 11 March 2011. https://womenshistorynetwork.org/womens-history-month-pandita-ramabai/. 
  2. Kollanoor, Greger. Indian Christianity and National Movements. https://www.academia.edu/4481937. 
  3. "Short Biography of Ramabai". 25 May 2015. http://www.importantindia.com/15397/short-biography-of-pandita-ramabai/। আহৰণ কৰা হৈছে: 23 October 2016. 
  4. Ramabai Sarasvati (Pandita); Pandita Ramabai (2003). Pandita Ramabai's American Encounter: The Peoples of the United States (1889). Indiana University Press. পৃষ্ঠা. 29–30. ISBN 0-253-21571-4. https://books.google.com/books?id=oJGKf0efsRMC&pg=PP1. 
  5. Anne Feldhaus (29 January 1998). Images of Women in Maharashtrian Society. SUNY Press. পৃষ্ঠা. 205. ISBN 978-0-7914-3660-8. https://books.google.com/books?id=0FobxiflfVQC&pg=PA192. 
  6. 6.0 6.1 6.2 Khan, Aisha (14 November 2018). "Overlooked No More: Pandita Ramabai, Indian Scholar, Feminist and Educator". The New York Times. https://nyti.ms/2DnDI6P. 
  7. My Story by Pandita Ramabai. Pub: Christian Institute for Study of Religion and Society, Bangalore.
  8. 8.0 8.1 "Intl' Christian Women's History Project & Hall of Fame". Icwhp.org. http://www.icwhp.org/cameo-pandita-ramabai-story.html। আহৰণ কৰা হৈছে: 15 May 2015. 
  9. 9.0 9.1 "Sarla R. Murgai". Utc.edu. http://www.utc.edu/Faculty/Sarla-Murgai/biography/freedomfighters.htm#Pandita। আহৰণ কৰা হৈছে: 15 May 2015. 
  10. 10.0 10.1 "Overlooked No More: Pandita Ramabai, Indian Scholar, Feminist and Educator" (en-US ভাষাত). The New York Times. 2018-11-14. ISSN 0362-4331. https://www.nytimes.com/2018/11/14/obituaries/pandita-ramabai-overlooked.html. 
  11. Jayawardena, Kumari (1995). The white woman's other burden: Western women and South Asia during British colonial rule. প্ৰকাশক New York: Routledge. পৃষ্ঠা. 56. ISBN 978-0-415-91104-7. 
  12. Osborne, Lori (2017). Waldschmidt-Nelson, Britta; Schuler, Anja. eds. "The World Woman's Christian Temperance Union: An Early Transnational Women's Organization and its Work in India, 1883-1900". Bulletin of the German Historical Institute Washington, Supplement খণ্ড 13: 129–142. https://legacy.ghi-dc.org/fileadmin/user_upload/GHI_Washington/Publications/Supplements/Supplement_13/129.pdf। আহৰণ কৰা হৈছে: 20 October 2020. 
  13. "Untold Tale of Revival: Pandita Ramabai | Grace Valley Christian Center". Gracevalley.org. http://www.gracevalley.org/teaching/2010/Untold_Tale_Revival_Pandita_Ramabai.html। আহৰণ কৰা হৈছে: 15 May 2015. 
  14. Panditha Ramabai Sarasvathi – Book in Kannada (1962) Pub by Christ Sahitya Sangha, Bangalore
  15. Butler (1922), p. 83
  16. (PDF) A Great Cloud of Witnesses. Church Publishing. October 15, 2016. পৃষ্ঠা. 8. ISBN 9780898699661. https://extranet.generalconvention.org/staff/files/download/19349. 
  17. Atwell, Robert (2017-02-27). Celebrating the Saints: Daily spiritual readings for the calendars of the Church of England, the Church of Ireland, the Scottish Episcopal Church & the Church in Wales. Canterbury Press. পৃষ্ঠা. 152. ISBN 9781848258822. https://books.google.com/books?id=GbuXDgAAQBAJ&pg=PA152. 
  18. "Indian Postage Stamps 1947–2000". Department of Posts, Ministry of Communications, Government of India. http://postagestamps.gov.in/Stamps_List.aspx। আহৰণ কৰা হৈছে: 2019-04-09. 
  19. Thale, Siddharaj (2017-08-14). "Road in Mumbai named after woman who started Arya Mahila Samaj". The Indian Express. https://indianexpress.com/article/india/road-in-mumbai-named-after-woman-who-started-arya-mahila-samaj-4795565/. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]