সমললৈ যাওক

আল্পনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰঙীন আল্পনা
গোৱাদেৱালী উপলক্ষে তৈয়াৰ কৰা ৰংগোলী
ওনাম উপলক্ষে তৈয়াৰ কৰা ফুলৰ ৰংগোলী
দিল্লীৰ আল্পনা
'কলাম'
চেন্নাইৰ ফুলৰ আল্পনা
অন্ধ্ৰ প্ৰদেশৰ আল্পনা '(মুগু)'

আল্পনা বা ৰংগোলী হৈছে পিঠাগুড়ি, আটা আদিত ৰং মিহলাই তাৰ সহায়েৰে উপাসনাৰ স্থান, ঘৰৰ দুৱাৰ-মুখ আদিত অঁকা মাঙ্গলিক চিত্ৰ।[1] আল্পনা কলা ভাৰতীয় উপমহাদেশত উদ্ভৱ হৈছে। পৰম্পৰাগত আল্পনা পিঠাগুড়ি বা আটাৰে বনায় যদিও ঠাই ভেদে ৰঙীন চাউল, ৰঙীন বালি, কোৱাৰ্টজ পাউডাৰ, ফুলৰ পাপড়ি, আৰু ৰঙীন শিলৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায়। ইয়াক সাধাৰণতে ভাৰতীয় উপমহাদেশৰ দেৱালী, তিহাৰ, ওনাম, পোংগল সংক্ৰান্তি আৰু অন্যান্য হিন্দু উৎসৱৰ সময়ত তৈয়াৰ কৰা হয়। তদুপৰি পূজা-পাৰ্বন, বিবাহ-সবাহ, মাংগলিক অনুষ্ঠান ইত্যাদি সমাবেশৰ দৰে অনুষ্ঠানত আল্পনা প্ৰস্তুত কৰা হয়। কলা আৰু পৰম্পৰা দুয়োটা জীয়াই ৰাখিবলৈ আল্পনাৰ নক্সা আৰু শৈলী এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ পাৰ হয়।[2] আল্পনাৰ উদ্দেশ্য হৈছে শক্তি আৰু উদাৰতা অনুভৱ কৰা। ই সৌভাগ্য আনিব পাৰে বুলি বিশ্বাস হয়। প্ৰতিটো অঞ্চলৰ পৰম্পৰা, লোককথা আৰু অনুশীলনবোৰ আল্পনাসমূহত প্ৰতিফলিত হয়। সেয়ে ঠাইভেদে আল্পনাৰ নক্সা আৰু শৈলী ভিন ভিন হোৱা দেখা যায়। পৰম্পৰাগতভাৱে ছোৱালী বা মহিলাসকলে আল্পনা প্ৰস্তুত কৰে যদিও যদিও পুৰুষ আৰু ল'ৰাসকলেও ইয়াৰ লগত জড়িত।

আল্পনাৰ নক্সাসমূহ সৰল জ্যামিতিক আকৃতি, দেৱ-দেৱীৰ প্ৰতীক বা চিহ্ন, ফুল আৰু পাপড়িৰ আকৃতিৰ হ'ব পাৰে। সেইদৰে সেইবোৰ বহুতো লোকে তৈয়াৰ কৰা অতি বিস্তৃত জটিল নক্সাযুক্তয়ো পাৰে। আল্পনাৰ আধাৰ সামগ্ৰী সাধাৰণতে শুকান বা তিতা পিঠাগুৰি, কোৱাৰ্টজৰ গুৰি, শুকান ময়দা বা আটা ব্যৱহাৰ কৰা হয়। ইয়াৰ লগতে আবিৰ বা সিন্দূৰ, হালধি আৰু অন্যান্য প্ৰাকৃতিক ৰং যোগ কৰিব পাৰি। বৰ্তমান সময়ত সংশ্লেষিত ৰং আল্পনাত বহুলভাৱে ব্যৱহৃত হবলৈ ধৰিছে। অন্যান্য সামগ্ৰীৰ ভিতৰত আছে ৰঙা ইটাৰ গুৰি আৰু আনকি ফুল আৰু পাপড়িৰ সহায়ত ফুলৰ আল্পনা বনোৱা হয়।

সময়ৰ লগে লগে আল্পনা কলাত কল্পনা আৰু অভিনৱ ধাৰণাবোৰ অন্তৰ্ভুক্ত কৰা হৈছে। আতিথ্যতা আৰু পৰ্যটন উদ্যোগবোৰেও ইয়াত প্ৰভাৱ পেলাইছে আৰু পাঁচ তাৰকা হোটেলৰ দৰে ঠাইত আল্পনা বাণিজ্যিকভাৱে বিকশিত কৰা হৈছে। ইয়াৰ পৰম্পৰাগত আকৰ্ষণ, শিল্পীত্ব আৰু গুৰুত্ব এতিয়াও জীয়াই আছে। এইটো মূলতঃ ক্ষণস্থায়ী লোককলা। সামাজিক জীৱনত প্ৰচলিত বিভিন্ন ৰীতি-নীতি আৰু সাজসজ্জাৰ বাবে আল্পনা প্ৰস্তুত কৰা হয়।[3]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

অসমীয়াত আল্পনা শব্দটো সংস্কৃত ভাষাৰ 'আলিম্পনা'ৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হৈছে 'প্ৰলেপ দিয়া'। সেইদৰে সংস্কৃত শব্দ "रङ्ग" মানে ৰং। সংস্কৃত শব্দ 'ৰংগৱল্লি'ৰ পৰা ৰংগোলী শব্দটো আহিছে।

আল্পনা আৰু একে ধৰণৰ আন কলাসমূহক ঠাই ভেদে ভিন ভিন নামেৰে জনা যায়। যেনে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত 'মুগু' (ముగ్గు), কৰ্ণাটকত 'ৰংগোলী' (ರಂಗೋಲಿ/ರಂಗೋಲೆ), তামিলনাডুত 'কলাম' (கோலம்), ৰাজস্থানত মাডনা (माँडना), ছত্তীছগঢ়ত 'ছোৱকপুৰাণা' (छोवकपुराणा), পশ্চিম বংগত 'আল্পনা', ওড়িশাত 'মুৰ্জা', 'ঝটি', বা 'চিতা' বিহাৰত 'আৰিপনা' (आरिपना), উত্তৰ প্ৰদেশত 'চৌকপূজন' (चौकपूजन), পঞ্জাবত চৌৱক পুৰাণা, কেৰালাত 'পুক্কালাম' (പൂക്കളം), মহাৰাষ্ট্ৰত 'ৰংগোলী', 'সংস্কাৰভাৰতী', 'ভাৰতী, গুজৰাটত 'সাথীয়া' বা 'গাহোলি', উত্তৰাখণ্ডত ঐপণ (ऐपण) ইত্যাদি।[4]

উপাদানসমূহ

[সম্পাদনা কৰক]

ৰং আৰু নক্সা

[সম্পাদনা কৰক]

আল্পনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটো হৈছে ৰঙৰ ব্যৱহাৰ। শুভ চিহ্নসমূহ আল্পনাত বহুলভাৱে বব্যৱহাৰ কৰা হয়। পৰম্পৰাগতভাৱে প্ৰতি নতুন প্ৰজন্মই এই কলা শিকি পৰিয়ালৰ পৰম্পৰা অক্ষুণ্ণ ৰাখে। ৰঙলীত ব্যৱহৃত কিছুমান মুখ্য চিহ্ন হৈছে পদুম ফুল আৰু ইয়াৰ পাত, আম, ফুলদানি, মাছ, বিভিন্ন প্ৰকাৰৰ চৰাই যেনে ভাটৌ, হংস, ময়ূৰ, মানুহৰ চিত্ৰ, পাত আৰু ফুল। প্ৰায়ে আল্পনাক দেৱালীৰ দৰে বিশেষ অনুষ্ঠানত তৈয়াৰ কৰা হয়। দেৱালী আৰু লক্ষ্মী পূজাৰ আল্পনাৰ বাবে কিছুমান বিশেষ আৰ্হি হৈছে দীপ, গণেশ, লক্ষ্মী, ফুল, চৰাই, ধানৰ শিৰ, লক্ষ্মীৰ পদচিহ্ন ইত্যাদি। হিন্দু দেৱতাসকলৰ মুখ, জ্যামিতিক আকৃতিৰ ময়ূৰ আৰু ঘূৰণীয়া ফুলৰ ডিজাইন আল্পনাৰ মুখ্য আধাৰ হিচাপে লোৱা হয়। এই আধাৰ সুখ পৰম্পৰাগত আৰু আগৰ প্ৰজন্মৰ দ্বাৰা নতুন প্ৰজন্মলৈ হস্তান্তৰ কৰা হয়।

সামগ্ৰীসমূহ

[সম্পাদনা কৰক]

আল্পনা তৈয়াৰ কৰিবলৈ ব্যৱহৃত সামগ্ৰীবোৰ সকলো ঠাইতে সহজে পোৱা যায়। সেয়েহে এই কলা ধনী-দুখীয়া সকলোৰে ঘৰত প্ৰচলিত। সাধাৰণতে ইয়াক তৈয়াৰ কৰিবলৈ ব্যৱহৃত মুখ্য উপাদানবোৰ হৈছে: পিঠাগুৰি, পাত, ৰং, কয়লা, পোৰামাটি, কাঠৰ গুৰি আৰু একে ধৰণৰ পদাৰ্থৰ পৰা তৈয়াৰ কৰা শুকান গুৰি। ৰঙীন পাউডাৰ কোৱাৰ্টজ, চাউল, শুকান ময়দা, ফুলৰ পাহি, হালধি, সিন্দূৰ, আবিৰ, আৰু ৰঙীন বালি ব্যৱহাৰ কৰিও ইয়াক সৃষ্টি কৰা হয়।

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

আল্পনাৰ পৃষ্ঠভূমি হিচাপে মজিয়া বা বেৰ ব্যৱহাৰ কৰা। ইয়াক শুকানকৈ বা তিতা অৱস্থাত লেপি প্ৰস্তুত কৰা হয়। মজিয়াৰ মাজত, কোণত বা কোনো বিশেষ বস্তুৰ চাৰিওফালে তৈয়াৰ কৰিব পাৰি। প্ৰৱেশদ্বাৰৰ সন্মুখত আল্পনা তৈয়াৰ কৰাৰ আন এটা পৰম্পৰা। বেদীৰ ওপৰত চাকি, উপাসনা আৰু বলিৰ ওপৰত নিৰ্ভৰ কৰি ঈশ্বৰৰ আসন আল্পনাৰে সজোৱা এক পৰম্পৰা।

আল্পনা শুকান আৰু তিতা দুই প্ৰকাৰৰে প্ৰস্তুতকৰণ পদ্ধতিৰে ভিন ভিন। প্ৰাথমিক অৱস্থাত ৰং বা আন কোনো পদ্ধতিৰে আল্পনাৰ নক্সা আৰু বাহিৰৰ ফাল বনাই লোৱা হয় আৰু পিছলৈ ৰঙেৰে পূৰ্ণ কৰি সম্পূৰ্ণ কৰা হয়। চক, বালি, ৰং বা ময়দাৰ দৰে বগা সামগ্ৰী ব্যৱহাৰ কৰি শিল্পীজনে মাটিত এটা কেন্দ্ৰ বিন্দু আৰু ইয়াৰ চাৰিওফালে অন্যান্য বিন্দু চিহ্নিত কৰে। সাধাৰণতে অঞ্চলভেদে আৰু ব্যক্তিগত পছন্দৰ ওপৰত নিৰ্ভৰ কৰি আল্পনা বৰ্গ, ষড়ভূজ বা বৃত্ত বা আন কোনো আকৃতিৰ হব পাৰে। প্ৰথমতে সৰল আৰ্হিৰ দ্বাৰা প্ৰায়ে এক জটিল আৰু সুন্দৰ ডিজাইন সৃষ্টি কৰা হয়। প্ৰকৃতিক উপাদান যেনে পাত, পাহি, চৰাই আৰু জ্যামিতিক প্ৰকাৰ সচৰাচৰ আধাৰ হিচাপে ব্যৱহাৰ হয়। আজিকালি বনাই বিক্ৰিকৰা ষ্টিকাৰ হিচাপে আল্পনায়ো উপলব্ধ হৈছে। তদুপৰি কিছুমান সাঁচ আৰু সঁজুলি ব্যৱহাৰ কৰিও সহজতে জটিল আল্পনা বনাব পাৰি।

আউটলাইন সম্পূৰ্ণ হোৱাৰ পিছত শিল্পীজনে ইয়াক ৰঙেৰে আলোকিত কৰিবলৈ বাছনি কৰিব পাৰে। বিভিন্ন ৰং, ৰঙীন চাউল-পানী, জিপচাম পাউডাৰ, ৰঙীন বাৰু বা শুষ্ক ৰঞ্জক যেনে ভিজা বা শুকান উপাদান ব্যৱহাৰ কৰি আল্পনা প্ৰস্তুত কৰা হয়। জৈৱিক ৰং সমূহ বীজ, শস্য, মচলা, পাত বা ফুলৰ পাহি ইত্যাদিৰে প্ৰস্তুত কৰা হয়। বৰ্তমান সময়ত আধুনিক সামগ্ৰী যেনে ক্ৰিয়ন, ৰং বা ৰং কৰা কাপোৰ, এক্ৰিলিক পেইণ্ট আৰু কৃত্ৰিম ৰং আৰু সংশ্লেষিত ৰঞ্জক আদিৰ প্ৰচলন বাঢ়িছে।

বিশ্বাস

[সম্পাদনা কৰক]
পোংগলৰ উপলক্ষে প্ৰৱেশদ্বাৰত বনোৱা আল্পনা

দক্ষিণ ভাৰতত প্ৰচলিত কাহিনী অনুসৰি বাৰটা আঝাৱাৰৰ ভিতৰত আন্দালে ভগৱান কৃষ্ণৰ পূজা কৰিছিল আৰু মাৰ্গাঝি মাহত তেওঁৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। এই মাহত অবিবাহিত ছোৱালীসকলে ৰাতিপুৱাৰ আগতে উঠি কৃষ্ণ ঈশ্বৰক স্বাগতম জনাবলৈ আল্পনা আঁকে। হিন্দু পুৰাণত আল্পনা সৃষ্টিৰ উল্লেখও পোৱা যায়। সীতাৰ বিবাহৰ অনুষ্ঠানত ইয়াৰ বিষয়ে আলোচনাৰ কথা উল্লেখ আছে। দক্ষিণত ৰঙ্গোলীৰ সাংস্কৃতিক বিকাশ চোল শাসকসকলৰ যুগত উদ্ভৱ হৈছিল। পূব ভাৰতত লক্ষ্মী পূজা আৰু আল্পনাৰ সম্পৰ্ক আছে। জনবিশ্বাস মতে লক্ষ্মী পূজাৰ দিনা তেওঁক আল্পনাৰে পদূলিমুখত স্বাগতম জনোৱা হয় আৰু তেওঁৰ পদচিহ্নয়ে লক্ষ্মীয়ে ঘৰৰ ভিতৰত সোমোৱা বাটক দৰ্শায়। আধুনিক আৰু পৰম্পৰাগত আল্পনাৰ বহুতো ডিজাইন আছে। ডিজাইনবোৰ সাধাৰণতে প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত হয় কিন্তু সেইবোৰ বিমূৰ্ত কলাৰ ৰূপতো হব পাৰে।

চিত্ৰমালা

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "আল্পনা". xobdo.org. http://xobdo.org/dic/আল্পনা। আহৰণ কৰা হৈছে: ১৩ ফেব্ৰুৱাৰী ২০২১. 
  2. Macnabb Cambell, James (1884). Gazetteer of the Bombay Presidency: Dháwár. Government Central Press. পৃষ্ঠা. 821. https://books.google.com/books?id=wxlBAQAAMAAJ&q=powdered+quartz+rangoli&pg=PA821. 
  3. "The Tradition of Rangoli" (en ভাষাত) (html). diwalifestival.org. http://www.diwalifestival.org/the-tradition-of-rangoli.html। আহৰণ কৰা হৈছে: 5 June 2008. 
  4. "Kolams, chowkpurana, madana, aripana...". Rediff. http://www.rediff.com/news/2007/nov/06sld4.htm। আহৰণ কৰা হৈছে: 12 January 2012. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • Selin, Helaine (2008). Encyclopaedia of the History of Science, Technology, and Medicine in Non-Western Cultures, Volume 1. আই.এচ.বি.এন. 140204559X. pp.  1869–1870.
  • Selvamony, Nirmal (2006). "Kalam as Heterotopia". In Muthukumaraswamy, M. D.. Folklore as discourse. প্ৰকাশক Chennai, India: National Folklore Support Centre. ISBN 81-901481-6-8.